টপুৰ বাৰ্থ্ডে – বিকি দাস
ৰাতিপুৱা হ’ল কি নহ’ল, ক্যেলেণ্ডাৰ ৰিমাইণ্ডাৰ, ফেচবুক ৰিমাইণ্ডাৰ আৰু এলাৰ্ম ক্লক্টো একেলগে বাজি ইমান ধুনীয়া সপোনটো ভাঙি দিলে৷ অমিতাভ বচ্ছনে ৫ কোটি টকীয়া চেকখন আগবঢ়াই দি ক’ব পাইছিলহে “য়ে ৰহা আপকে লিয়ে পূৰে ৫ কড়ৌৰ কা চেক (হায়)৷” আপদীয়া মোবাইলটোৱে সকলোখিনি পানী কৰিলে৷ বাৰু যি কি নহওক, এটা চকু মেলিয়েই ম’বাইলটোলৈ চাই পঠিয়ালোঁ৷ উৱা! আজিচোন টপুৰ বাৰ্থ্ডেই৷ বাৰ্থ্ডেই মানে পাৰ্টি আৰু পাৰ্টি৷ মানেই শইকীয়া ধাবা জিন্দাবাদ৷
টপু মানে মোৰ ক্লাছ চিক্সত লিখা বেষ্ট ফ্ৰেণ্ড ৰচনাখনৰ পৰা ধৰি শইকীয়া ধাবাত ৰঙা পানীয়কণ গলাধঃকৰণ কৰালৈকে মোৰ বেষ্ট্ ফ্ৰেণ্ড৷ শইকীয়া ধাবাত যে কিমান কিমানটা সন্ধিয়া মাদকতাৰ টেবুলখনত পাৰ কৰিলোঁ, সেয়া আমিহে জানো৷ টপুৰ বিয়াৰ পিছৰ পৰা অলপ মিটিংবোৰ সেৰেঙা হ’ল৷ আজি তিনিমাহ হ’ল, শইকীয়াদাৰ তাত টপুক লগ নোপোৱা৷
ভাবিলোঁ তালৈ ফোন এটা লাগাওঁ৷ কিন্তু তাৰ স্বভাৱটো জনা আছিল৷ এতিয়া ফোন কৰিলে ই মোক অফিচলৈ যোৱা লেট্ কৰাব৷ অফিচৰ পৰা ওলাই ফোন কৰাটোহে ঠিক হ’ব৷
সিদ্ধান্ত মতেই কাম৷ অফিচৰ পৰা ওলায়েই লগালোঁ ফোন টপুলৈ৷
: মেজৰ কহা প্যে হ্যে তুম?
: কামাণ্ডাৰ অভি অফিচৰ পৰা নিকলা হ্যে৷
: শইকীয়াদা ধাবা পে আউ, জল্দি৷
সি বোলে
: যি কামাণ্ডাৰ৷
মই বোলো, আহ আজি তোৰ মাণীবেগক শ্বহীদ কৰিছোঁ৷ পিছে বাৰ্থ্ডেই বুলি কিবা এটা ল’ব লাগিছিলে৷ কি লোৱা হ’ব ভাবি ভাবি টপুলৈ বুলি কেক এটা ল’লোঁ৷ বেষ্ট্ ফ্ৰেণ্ডৰ বাৰ্থ্ডেই, অলপ দামীতো ল’বই লাগিব! পূৰা ২৫ টকা দি ব্ৰিটানিয়াৰ কেকৰ পেকেট এটা ল’লোঁ৷
বাইক ষ্টাৰ্ট দি একেছাটেই পালোঁ শইকীয়া দা ধাবা৷ কেকৰ পেকেটটো খুলি লৈ মমবাতিডাল গুঁজি দিলোঁ৷ ‘বাৰ্থ্ডেই বয়’ কেতিয়া উলাইহি কি ঠিক…!
খন্তেক পিছতে পালেহি আজিৰ পাৰ্টিৰ ফাইনেঞ্চাৰ টপু ভাই৷
: হেপ্পী বাৰ্থ্ডেই টপু৷ আজি পাৰ্টি জমিব ন?
: অ’হ! মানে ইয়ালৈ মতাৰ কাৰণ এইটোহে?
ইতিমধ্যে পোৱালিটোৱে কেক লৈ হাজিৰ, কেক মানে মম গলিল গোটেই কেকত৷ নাই মোমাইতকৈ কণা মোমাই ভাল৷
: ঐ দেৰি নকৰ, কেক কাট..৷ পাচলি কটা কটাৰীখনেৰেই যেনিবা কেকৰ চুক এটা কাটি নিয়মটো কৰিলোঁ.. এতিয়াহে আচল পাৰ্টি!
: টপু মালটো কি কৰ?
: নাই দেই সিদিনা খোৱাটোৰ পিঠিৰ বিষ যোৱাই নাই বুজিছ!
: মানে মাল খাই ক’ৰবাত পৰিলি নেকি?
: নাই শ্ৰীমতীয়ে গম পালে খোৱাৰ কথা৷
: তাৰ পিছত?
: তাৰ পিছত কি আৰু! ফুলৰ টাব্টো উৰি আহি পিঠিত…..৷ ৰাতিটো বাৰাণ্ডাত৷ আকৌ ৰিস্ক্ নলওঁ দেই৷
মই বোলো টপু শুন : তই ঘৰত গৈ ডাইৰেক্ট বাথৰুমলৈ সোমাবি, ফ্ৰেচ হৈ আহিয়েই বচৰ ফোন আহিছে বুলি বাহিৰলৈ ওলাই আহিবি৷ শ্ৰীমতী শোৱাৰ পিছত গৈ শুই দিবি, চিম্পল৷
মোৰ আইডিয়াত টপু যথেষ্ট ইম্প্ৰেছ্ড৷
: শইকীয়া দা পোৱালি এটা দি দিয়ক৷
এটা এটা কৰি তিনিটামান পোৱালিয়ে শেষ হ’ল৷ টপুৰ লগতে মোৰ অৱস্থাও ঢলং-পলং৷ টপুক অট’ত বহুৱাই ময়ো ঘৰ পালোঁহি৷
দুফালে দুটা যাব খোজা ভৰি দুয়োটাক কঠোৰ অনুশাসনেৰে পোনাই টপু ঘৰলৈ সোমাল৷ মই কোৱা মতেই শ্ৰীমতীৰ লগত মুখামুখি নোহোৱাকৈ টপু বাথৰুমত ভালকৈ ফ্ৰেচ হৈ মাউথ ফ্ৰেচনাৰ মাৰি, গামোচাখন মেৰিয়াই বাথৰুমৰ পৰা ওলাল৷
ম’বাইলটো লৈ বাহিৰলৈ ওলাওঁতেই শ্ৰীমতীয়ে মাত লগালে : এই ৰাতিখন ক’লৈ যায়?
: তুমি শোৱা৷ মোৰ বচৰ লগত অলপ অফিচৰ কথা আছে৷
১০ মিনিটমান বাহিৰত থাকি শ্ৰীমতী শোৱা যেন অনুমান কৰি টপু ভিতৰলৈ সোমাব খুজিলে৷ কিন্তু এইয়া কি! শ্ৰীমতী দেখোন দুৱাৰ-ডলিত! এখন হাতত বেল্না মাৰি, এখন হাত পিছফালে৷ টপুক দেখিয়ে সুধিলে : বচে কিহত ফোন কৰিছিলে?
: ম’বাইলত আকৌ৷
: তেন্তে এইটো কি?
শ্ৰীমতীৰ হাতত দেখোন টপুৰ ম’বাইল! তেন্তে টপুৰ হাতত সেইটো কি?
ভাবিবলৈ নাপাওঁতেই শ্ৰীমতীয়ে ক’লে
: টি ভি ৰিম’টত বচে ফোন কৰিছিল নে?
আমাৰ টপুও অলপ বস্তু নে! টপৰাই সিও উত্তৰ দিলে : দেখিলা? মই কৈছিলোঁ নহয়, আমাৰ বচ বৰ ডেঞ্জাৰ জিনিচ! দেখিলা? ৰিম’টতে ফোন কৰি দিলে৷
★★★★