ফটাঢোল

সম্পাদকীয়


নতুন বছৰটো আৰম্ভ হোৱাৰ সময়তে নতুন কাম এটাৰ দায়িত্ব পাইছিলোঁ, ফটাঢোল ই-আলোচনীৰ পঞ্চম বৰ্ষৰ সপ্তম সংখ্যাৰ সম্পাদনাৰ ভাৰ। বছৰটো সুন্দৰকৈ আৰম্ভণি কৰাৰ যেন এক অৱকাশ। সেইখিনি সময়তে, নতুন বছৰটো ভাল লগাকৈ আৰম্ভ কৰোঁ বুলি আলমাৰী খুচৰি প্ৰিয় লেখিকাৰ কিতাপ এখনো উলিয়াই লৈছিলোঁ পঢ়িবলৈ বুলি। অনুৰাধা শৰ্মা পূজাৰীৰ 'কেথেৰিনাৰ সৈতে এটি নিৰ্জন দুপৰীয়া'; বহুদিনৰ পিছত পঢ়াৰ বাবেই হয়তো কিতাপখনৰ বহুতো কথা নতুনকৈ পঢ়া যেন লাগিল, অনেক কথাই নতুন ধৰণে ভাবি চোৱাৰ অৱকাশ যোগালে।

কেথেৰিনাৰ জড়িয়তেই চিনাকি হ'ল গ‍্যেটেৰ সৈতে, জোহান ৱ'ল্ফগেং ভন গ্যেটে। তেখেত আছিল জাৰ্মানীৰ এজন স্বনামধন্য সাহিত্যিক। কেৱল সাহিত্যিাকেই নে! কবিতা, নাট্য-সাহিত্য, গদ্য সাহিত্য তথা ব'টানি এনাট'মি আৰু বৰণ সম্পৰ্কে লেখা মেলা কৰা তেখেত আছিল এজন বিৰল প্ৰতিভাসম্পন্ন ব্যক্তি। 'ফাউষ্ট' শীৰ্ষক গ্ৰন্থখনেৰে তেখেত সাহিত্য জগতত অমৰ হৈ ৰৈছে। কিন্তু কি আছিল তেখেতৰ এই বহুমুখী প্ৰতিভাৰ আঁৰৰ ৰহস্য? কেনে আছিল তেখেতৰ মাতৃ, যিয়ে পুত্ৰক এইদৰে গঢ়ি তুলিছিল? কুৰুকি কুৰুকি এই প্ৰশ্নৰ উত্তৰ বিচাৰি যেতিয়া পাইছিলোঁ, এনে লাগিছিল কিমান সহজ এই কথাবোৰ, অথচ ইমান জটিল! মাকে গ্যেটেৰ মনত সৰুৰে পৰাই ৰোপন কৰা বীজটো আছিল 'মুক্ত চিন্তা'‌। শিশুৰ মনৰ স্বাধীনতা অক্ষুণ্ণ ৰাখি সিহঁতক শৃংখলাবদ্ধ কৰোৱাত বিশ্বাসী আছিল গ্যেটেৰ মাক কেথেৰিনা। অত্যুধিক শৃংখলাবদ্ধতাই যাতে মানৱ মনৰ স্বকীয় চিন্তাধাৰাক ব্যাহত কৰিব নোৱাৰে, এইটোও এটা  মনত ৰাখিবলগীয়া কথা। কিন্তু আমি বাৰু এই কথাটোলৈ মন দিওঁনে? সমাজৰ বিভিন্নজনৰ ইচ্ছা, প্ৰশংসা, সমালোচনা আদিৰ ঠাচত নিজক গঢ় দিওঁতে দিওঁতে আমি দেখোন কেতিয়াবা এৰি পেলাওঁ স্বাধীনচিতীয়া মনবোৰ, চিন্তাবোৰ। কূপ-মণ্ডুক হৈ পৰা মনবোৰে মুক্তিৰ সোৱাদ নিচিনে, একেটা পৰিধিত আবদ্ধ হৈ ঘূৰ্ণায়মান হৈ থাকে। এই পৰিধি নেওচি আগুৱাই যাবলৈ আমাক লাগে সপোন দেখাৰ সাহস আৰু মুক্ত চিন্তা কৰিব পৰা এটা মন।

The greatest success comes from the freedom to fail.

পৰাজয়ৰ পৰা ভীতিগ্ৰস্ত হোৱা মানুহে দুৰ্জেয়ক জয় কৰাৰ সপোন নেদেখে। সফলতা আহে স্বাধীনতাৰ পৰা, চিন্তাৰ স্বাধীনতা, সপোনৰ স্বাধীনতা। পৰাজয়লৈ ভয় নকৰি এদিন এজন সাধাৰণ যুৱক আঁতৰি গৈছিল সাধাৰণ কক্ষত ঘূৰি থকা জীৱনটোৰ পৰা; তেওঁৰ চিন্তা আৰু চেতনা আছিল মুক্ত যিয়ে তেওঁৰ বাবে অসাধাৰণ হোৱাৰ বাট মোকলাইছিল। সেই মুক্ত চিন্তা আৰু পৰাজয়লৈ ভয় নকৰা সাহসৰ বাবেই সেই সাধাৰণ এজন যুৱক আজি সমগ্ৰ বিশ্বৰ এটা পৰিচিত নাম, মাৰ্ক জুকাৰবাৰ্গ। জুকাৰবাৰ্গৰ সফলতা লাভৰ কাহিনীবোৰ প্ৰায় সকলোৱে জানে। কিন্তু তেওঁৰ পৰা আমি শিকিবপৰা আন এক বিশেষ দিশ হ'ল তেওঁৰ স্বাধীনচিতীয়া আৰু নিৰ্ভীক চিন্তা। তেখেতে পোনতেই ফেচবুক সাজি উলিওৱা নাছিল। তেখেতে কেইবাটাও ভিন্ন প্ৰকল্পৰ কাম কৰিছিল, আংশিক সফল অথবা অসফল। কিন্তু সেই ফলাফলে তেওঁক আগবাঢ়ি যোৱাত বাধা দিয়া নাছিল। কাৰণ মুক্ত মনেৰে তেওঁ সেই ফলাফলক স্বীকাৰ কৰি লৈ আগবাঢ়ি গৈছিল; আৰু অৱশেষত সৃষ্টি হৈছিল ফেচবুকৰ সোণালী অধ্যায়। নতুন প্ৰজন্মৰ প্ৰতি এবাৰ এটা বাৰ্তাত তেওঁ কৈছিল, "পৰাজয়ক বৰণ কৰিব পৰাৰ স্বাধীনতাইহে সফলতা আনিব পাৰে"। 

Those who dare to imagine the impossible are the ones who break all the limitations.  

চাকি আৰু লেম্পৰ পোহৰত নিশা যাপন কৰা পৃথিৱীখনত এদিন এজন ব্যক্তিয়ে এটা আচৰিত সপোন দেখিছিল। ৰাতিটোকো দিন যেন পোহৰ কৰি তোলাৰ সপোন। কি যে আচৰিত, অসম্ভৱপ্ৰায় কথা! অথচ সেই সপোনৰ দৃঢ়তাই এদিন বাস্তৱত ৰূপ পালে। বিজুলী বাতিৰ উদ্ভাৱনেৰে যাউতিযুগীয়া হৈ ৰ'ল টমাচ আলভা এডিচন। জগত আৰু চিন্তাৰ সীমাবদ্ধতাক নেওচি আগবাঢ়ি যোৱাৰ সপোন দেখাৰ বাবেই এডিচনে এদিন সেই অসম্ভৱপ্ৰায় কামটোক বাস্তবায়িত কৰাত সফল হৈছিল। তেওঁৰ এই সফলতাৰ আঁৰত আছিল তেখেতৰ মুক্ত চিন্তা আৰু স্বাধীন সপোন দেখা এটা মন। লগতে কেতিয়াও কোনো পৰাজয়তে থমকি নোৰোৱা প্ৰৱল ইচ্ছাশক্তি। বিজুলী বাতিত ব্যৱহাৰৰ বাবে এডিচনে যেতিয়া ফিলামেণ্ট সাজিবলৈ চেষ্টা কৰি আছিল, ভিন ভিন ধাতুৰে অনেক পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতো তেওঁ অনেক দিনলৈ সঠিকভাৱে কাম কৰা ফিলামেণ্ট এডাল সাজি উলিয়াব পৰা নাছিল। তেওঁৰ এই অসফল পৰীক্ষণৰ বাবে তেওঁ প্ৰশ্নবাণৰো মুখামুখি হৈছিল। পৰম প্ৰত্যয়েৰে এডিচনে কৈছিল, "মই অসফল হোৱা নাই। মই মাত্ৰ ফিলামেণ্ট সাজিব নোৱৰা ১০০০বিধ সামগ্ৰীৰ আৱিষ্কাৰ কৰিলোঁ।" 

শিশু মনৰ কল্পনাবোৰ, অলেখ প্ৰশ্নৰে ভৰা কৌতূহলী মনবোৰ, এইবোৰেই মানৱ মনৰ প্ৰাৰম্ভিক 'মুক্ত চিন্তা'। সময়ৰ গতিত, জীৱনৰ কেঁকুৰিত আমি মুকলিমুৰীয়া চিন্তাবোৰ এৰি থৈ যাওঁ‌। আনৰ দৃষ্টিৰে নিজক জুখি আমি আনৰ দ্বাৰা প্ৰস্তাৱিত এক সত্তা হ'বলৈ চেষ্টা কৰি থাকোঁ অহৰহ, জানি-বুজি কিম্বা অজানিতে। কিন্তু ব্যক্তি এজনক পৃথক সত্তা এটিৰে জীৱন উদযাপন কৰি যোৱাৰ জীৱনীশক্তি দিব পাৰে স্বকীয় চিন্তা আৰু স্বাধীন সপোনবোৰে। সেই মুক্তিত সৰলতা বিৰাজমান। সেই মুক্তিত মনৰ সুস্থতা বিৰাজমান। পংকিলতাৰ আঁৰত মনৰ জটিলতাবোৰ আঁতৰাই আমিও পুনৰ সাবটি লওঁ আহকচোন শৈশৱৰ সেই মুকলি মনটো; নতুন প্ৰজন্মকো শিকাওঁ আহক মুক্ত চিন্তাৰ সোৱাদ।

শব্দবোৰ বগুৱা বাই আহে কলিজাৰ পৰা।

ৰংহীন হোৱাৰ আশংকা এটিয়ে

চেপি ৰাখে সপোনবোৰ।

পাতবোৰো ৰঙীণ কৰি তোলাৰ

কি যে এক সমদল!

ফুলবোৰ ৰঙীণ হৈ ফুলক,

পাতবোৰ ৰওক সেউজ হৈয়েই।

মুক্ত হৈ উৰক সিহঁত এই নীলিমাত।

নিজে নিজৰ ৰঙতেই খেলি

উজলি থাককচোন সপোনবোৰ।

সপোননো কি! নিজৰপৰা নিজলৈকে গঢ়া এটি সৰগীয় বাট।

মুক্তিৰ চেতনাই বসন্ত নমাওক তাত।

সম্পাদক,ফটাঢোল ই-আলোচনী
পঞ্চম বৰ্ষ,সপ্তম সংখ্যা

☆ ★ ☆ ★ ☆

23 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল দেই সম্পাদকীয় টো।

    Reply
  • ৰিণ্টুমনি

    খুব পজিটিভ লেখা। অত্যন্ত ভাল লাগিল সম্পাদকীয়

    Reply
    • দীক্ষিতা

      আপোনাৰ মন্তব্যই উৎসাহ যোগালে। অশেষ ধন্যবাদ থাকিল।

      Reply
  • চন্দন

    সুন্দৰ

    Reply
    • Anonymous

      ধন্যবাদ জনালোঁ চন্দনদা।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ইতিবাচক চিন্তাৰ ফচল এই সম্পাদকীয়৷ ভাল হৈছে৷ পঢ়ি ভাল পালোঁ৷

    Reply
    • দীক্ষিতা

      অশেষ ধন্যবাদ যাচিলোঁ আপোনালৈ। অলেখ চিন্তা দুশ্চিন্তাৰ মাজত ধনাত্মক চিন্তাবোৰ শিপাই যাওক সকলোৰে মনত, তাৰেই আশা ৰাখিছোঁ।

      Reply
  • Anonymous

    ধুনীয়া সম্পাদকীয়

    Reply
  • দিব্যজ্যোতি কলিতা

    সম্পাদকীয় অতি ভাল লগা হৈছে। বিশেষকৈ এডিচনে প্রথমে ফিলামেন্ট সাজি উলিয়াব নোৱাৰিও যে ভাগৰা নাছিল, সেই কথাখিনিৰ উপস্থাপনে অধিক ধনাত্মক কৰি তুলিছে এই সংখ্যাৰ সম্পাদকীয়।

    Reply
    • দীক্ষিতা

      সুন্দৰ মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ।

      Reply
  • হেমন্ত কাকতি

    ভাল পজিটিভ সম্পাদকীয় দীক্ষিতা৷ বঢ়িয়া লিখিছা

    Reply
    • দীক্ষিতা

      আপোনাৰ মন্তব‍্যৰ বাবে ধন্যবাদ যাচিলোঁ।

      Reply
  • মুকুট ভট্টাচাৰ্য্য

    সম্পাদকীয়ৰ বিষয়বস্তু বৰ ভাল লাগিল।

    Reply
    • Nitul kakoty

      ধনাত্মক চিন্তাৰ ফচল পঢ়ি ভাল লাগিল।

      Reply
    • দীক্ষিতা

      আপোনাৰ ইতিবাচক মন্তব্যৰ বাবে ধন্যবাদ থাকিল।

      Reply
  • Rimjhim Borthakur

    ভাল লাগিল সম্পাদকীয়

    Reply
    • দীক্ষিতা

      ধন্যবাদ যাচিলোঁ বা।

      Reply
  • মানসী

    খুব ভাল লাগিল দেই।যোগাত্মক চিন্তাৰে সুন্দৰকৈ লিখিলা।

    Reply
    • দীক্ষিতা

      আপোনাৰ উৎসাহজনক মন্তব্য পাই বৰ ভাল লাগিল। ধন্যবাদ বা।

      Reply
  • শ্ৰুতিমালা মিশ্ৰ

    অগতানুগতিক সম্পাদকীয় । বৰ ভাল লাগিল পঢ়ি ।

    Reply
    • দীক্ষিতা

      শ্ৰুতিবা, অশেষ ধন্যবাদ। দিহা পৰামৰ্শৰে সদায় লগত থাকিব দেই।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *