লিমাৰিক -স্বপ্নালী কলিতা
১//
মাঘে আহি জপনাত কৰে ঘট্ঘট
মই বোলো তহঁতেই হৱ যতচব
নোসোমাবি ভিতৰলে
বিহু-চিহু নাই হ’লে
লাং খাই পৰি আছোঁ পৰিয়ালৰ সৱ।
২//
পিঠাগুৰি নাৰিকল আৰু তিলৰ লাৰু।
সকলোৱে কান্দি কান্দি বহি আছে আৰু।
হায় বিধি হ’ল কি,
বিহু বুলি পিঠি দি,
গৃহস্থয়ে আমাক এৰি ল’লে কিয় গাৰু?
৩//
কেকনিতে মিউজিক গীত হ’লে নাই
চুবুৰীয়াই বোলে ইহঁত উঠিচেনে পাই
চুঁচৰি বাগৰি উঠি
পানীটুপি তপত কৰি
ডিঙি তিয়াবলৈ হৰি শক্তি দিয়া হায়!
৪//
ভয়তে বিতত হ’ল সকলোবোৰ দেই।
অমিক্ৰণে পালে বুলি লেই লেই চেই।
সেয়ে দুৱাৰ বন্ধ,
মাঘৰ বিহু পণ্ড,
মাঘ-মেজি একাকাৰ আমাৰ বিছনাতেই।
☆ ★ ☆ ★ ☆