ফটাঢোল

আপদীয়া পদ্য -অনসূয়া বৰঠাকুৰ

                  (১)

পঢ়া-শুনা, খেলা-ধূলা একোতে নহ’ল।

সেই দুখ লৈয়ে মাক সিপুৰীলৈ গ’ল।

ৰাজনীতিত দি যোগ,

এতিয়া কৰিছে ভোগ,

ভাগ্যৰ বলত হেনো সঞ্চালকো হ’ল।

                (২)

ডাক্তৰ নহ’লেও কওঁ, এটা কথা ঠিক;

টেষ্ট কৰালে ‘অ’মিক্ৰণ’ পাবই সঠিক।

এই যে কয় ‘চৰ্দি জ্বৰ’,

খেল কিন্তু ভাইৰাছৰ,

ফটা মুখেৰে ইয়াতকৈ নকওঁ অধিক!

                 (৩)

কবি, সাহিত্যিক বোলে আছে ঘৰে-ঘৰে।

ফৰ্মূটি মাৰিলেও কবিৰ গাতে পৰে।

সকলোৱে লিখা দেখি,

মাজে-মাজে থাকোঁ লিখি,

জানো পাই কবিতাত পৰে নে নপৰে!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *