ফটা কবিতা-মিলন চন্দ্ৰ দাস
লকডাউনত খালোঁ চুলাই,
পালো পুলিচৰ ধুলাই।
জ্বলাই ল’লো এটা বিড়ি,
কাষৰ মানুহে গালি দিলে, যা হতচিৰি।
পান খাই পেলালোঁ ৱালত পিক,
এজনে গতিয়াই কৰিব দিলে
স্বভাৱ মোৰ ঠিক।
মোৰ নাই কোনো চাকৰি,
ধৰা পৰিলোঁ মই চুৰ কৰি।
ৰাইজে ভাঙিলে কোবাই মোৰ হাত ভৰি।
পুলিচে কোনোমতে লৈ গ’ল মোক ধৰি।
হস্পিটালত চলিল মোৰ ৰোগৰ চিকিৎসা,
পুলিচ, ডাক্তৰে সুধিলে মোৰ শেষ ইচ্ছা।
পাপী জীৱ মই অনাহুত মোৰ প্ৰাণ
শৰীৰটো মই দিব খোজোঁ আপোনাসৱক দান।
☆ ★ ☆ ★ ☆