ফটাঢোল

Scientific অন্ধবিশ্বাস – নাজিফ হাজৰিকা

১৭০৭ চন ।

 চেইণ্ট লুকাছ, প্ৰশান্ত মহাসাগৰৰ মাজৰ এটা  দ্বীপ। 

সুখে সন্তোষেৰে বসবাস কৰি আছিল  দ্বীপটোৰ বাসিন্দাসকলে। গণতান্ত্ৰিক শাসন চলিছিল তাত। পিছে তেওঁলোকৰ  জীৱনলৈ এদিন  হঠাৎ কালনিশা নামি আহিল। 

কিবা বোলে প্ৰেতাত্মা ওলাইছে দ্বীপত । প্ৰেতাত্মাটোৱে যাৰ গাতেই লম্ভি যায়, তাৰেই জ্বৰ হয়, কাহ চৰ্দি হয়, অথবা মৃত্যুও হ’ব পাৰে। প্ৰেতাত্মাৰ ভয়ত এতিয়া বাসিন্দাসকলে দুশ্চিন্তাৰে জীৱন পাৰ কৰিবলৈ ধৰিলে। 

ৰাজ্যপালজনে প্ৰচাৰ কৰিলে যে কোনো মানুহ যেন ঘৰৰপৰা বিনাকাৰণত নোলায়, নহলে প্ৰেতাত্মা লম্ভি যাব। মানুহবোৰো ভয়তে দিনতে ঘৰ দুৱাৰ মাৰি সোমাই থকা হ’ল।

ৰাজ্যপালে প্ৰেতাত্মা খেদিবলৈ দুজনমান বেজ আনি গাঁওবোৰলৈ পঠিয়াই দিলে। বেজে তাবিজ দিয়ে, জৰা ফুঁকা পানী দিয়ে, আঙুঠি দিয়ে… পিছে দামহে বহুত। 

ভয়াতুৰ জনতাই নিজৰ মাটি সম্পত্তি বিক্ৰী কৰি হ’লেও বেজৰ পৰা তাবিজ, আঙুঠি ল’বলৈ ধৰিলে। দৰিদ্ৰতা আৰু দুৰ্ভিক্ষৰ দিশে আগবাঢ়ি গ’ল চেইণ্ট লুকাছ নামৰ দ্বীপটো। 

তাৰ মাজতে দুই চাৰিজনমান মানুহে ৰাইজক বুজাব খুজিলে যে এইবোৰ প্ৰেতাত্মা-শ্রেতাত্মা একো নাই, মস্ত ফাঁকি , ধাপ্পাবাজি এইবোৰ। পিছে ভয়াতুৰ জনতাৰ সংখ্যাই বেছি। তাৰে মাজৰ দুটামান নদাই, ভদাই আৰু ফদাই ওলাই যি ৰাজ্যপাল আৰু প্ৰেতাত্মাক ডিফেন্স দিয়ে এনেকৈ – 

নদায়ে কয়  – “ই, তই বিশ্বাস নকৰিলেও নাই। ইমানবোৰ মানুহ কি এনেই মৰিছে নেকি? এনেই আক্ৰান্ত হৈছে নেকি?” 

ভদায়ে কয়: – “এতিয়া তোৰ একো হোৱা নাইতো, যেতিয়া নিজৰ হ’ব গম পাবি। যাৰ হৈছে, সিহে অনুভৱ কৰিব পাৰে।” 

ফদায়ে কয়:  -“প্ৰেতাত্মাক neglect নকৰিবি, তোৰ গাতো লম্ভি যাব।”

চাওঁতে চাওঁতে পাঁচটা বছৰ পাৰ হৈ গ’ল। প্ৰেতাত্মাৰ ভয়ত দ্বীপটোলৈ দুৰ্ভিক্ষ নামি আহিল। শিক্ষা ব্যৱস্থা ধ্বংস হৈ পৰিল। ফলস্বৰূপে উঠি অহা ল’ৰা ছোৱালীবোৰ শ্ৰমিকলৈ পৰিৱৰ্তন হ’ল। এটা শ্ৰেণীৰ হাতত শাসন থাকিল, আনটো শ্ৰেণী শোষিত হৈ পৰিল। 

গণতান্ত্ৰিক দ্বীপটো এতিয়া একনায়কত্ববাদৰ শাসনলৈ পৰিৱৰ্তন হ’ল। 

                               *    *    * 

৩০১৭ চন। 

এতিয়া আৰু আগৰ দিন নাই। অন্ধবিশ্বাস, প্ৰেতাত্মা এইবোৰ কোনেও বিশ্বাস নকৰে, পাত্তাও নিদিয়ে। দ্বীপটোলৈ আকৌ সোণালী দিন ঘূৰি আহিল। মানুহবোৰ আকৌ শিক্ষিত হ’ল। আকৌ গণতন্ত্ৰ প্ৰতিষ্ঠা হ’ল। 

পিছে এটা লবি সদায়েই থাকে, যি Dictatorship ৰ ধান্দাতে থাকে। নতুন লবিটোৱে এটা কথা ধুনীয়াকৈ বুজিলে যে – “মানুহে অন্ধবিশ্বাসহে বিশ্বাস নকৰে। কিন্তু Scientific অন্ধবিশ্বাস নিশ্চয় বিশ্বাস কৰিব।” 

এইবাৰ আৰম্ভ হ’ল এটা Scientific অন্ধবিশ্বাস। 

এটা কাল্পনিক বেমাৰ সৃষ্টি হ’ল। যিটোত কিছুমান মেডিকেল term সংযোগ কৰি দিয়া হ’ল। যেনে: ভাইৰাছ, IEAT টেষ্ট (inhale exhale ability test) , 

Mutation of Virus, immune system scanning….ইত্যাদি ইত্যাদি। 

এনেকুৱা কিছুমান মেডিকেল term লগাই দিলে কাল্পনিক বেমাৰ এটাকো সঁচা নিচিনাই লাগে। 

হোলাৰ ভাই মোলা মানুহবোৰেও আকৌ সঁচা বুলি ভাবিবলৈ ল’লে। আকৌ লাহে লাহে শিক্ষা ব্যৱস্থা ধ্বংস হ’বলৈ ল’লে। আকৌ সৃষ্টি হ’ল দুটামান ডিফেন্স দিয়া নদাই , ভদাই, ফদাই…।

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    সুন্দৰ ব্যংগ। বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *