ফটাঢোল

ফৰিং চিটিকা-বিবেকানন্দ চৌধুৰী

তলত লিখা কথাখিনি মোৰ এজন বন্ধুৱে মোক বহু বছৰ পাছত কৈছিল। ঘটনাটো সঠিককৈ ঘটিছিলনে নাই সত্যাসত্য বিচাৰ মই কৰা নাই। আপোনালোকে কল্পকাহিনী বুলিয়েই পঢ়কচোন- অলপ মনটো পাতল লাগিব।

১৯৭৯ চনৰ কথা। আমি তেতিয়া কটনৰ প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ। তেতিয়ালৈকে অসম আন্দোলনৰ ছাঁ আহি পৰা নাই। আৰু বৰ্তমান প্ৰজন্মৰ বাবে কওঁ, এতিয়াৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীটো তেতিয়াও আছিল- সেয়া অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত নামভৰ্তি কৰা বিদ্যাৰ্থীসকলে সেয়া পাঠ্যক্ৰমত পঢ়িছিল। মহাবিদ্যালয়ত নামভৰ্তি কৰা বিদ্যাৰ্থীসকলে প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীত পঢ়া বুলি কোৱা হৈছিল আৰু তেওঁলোকৰ পৰীক্ষা পাতিছিল সংশ্লিষ্ট বিশ্ববিদ্যালয়ে।

আজিকালিৰ দৰে তেতিয়া ইংৰাজী মাধ্যমৰ বিদ্যালয় অলিয়ে-গলিয়ে নাছিল। গুৱাহাটীত মোৰ যিমান দূৰ মনত পৰে, ল’ৰাৰ বাবে ডনবস্ক’ আৰু ছোৱালীৰ বাবে ছেইণ্ট মেৰীজ এই দুখনেই আছিল। আৰু হয়তো যোৰহাট, ডিব্ৰুগড়, শিলচৰ আদি ঠাইত দুই এখন আছিল। বেচৰকাৰী বিদ্যালয় বুলিলে এইকেইখনেই আছিল। এইকেইখনত পঢ়া ল’ৰা-ছোৱালীবোৰ সাধাৰণতে উচ্চপদস্থ বিষয়া বা বেচ ধনী ব্যৱসায়ীৰ সন্তান আছিল। তেওঁলোকৰ আৰ্থিক স্বচ্ছলতা আৰু পৰিয়ালৰ সামাজিক পদমৰ্যদাৰ লগতে কিছু ফুটনিও আছিল- তেওঁলোকে যে সলসলীয়াকৈ ইংৰাজী ক’ব পাৰে! আৰু তাৰেপৰা পাছ কৰি কটনত পোৱাকেইটাৰ স্বাভাৱিকভাৱে অলপ বেছি ‘লেভেল’ আছিল। তাতে সেইকেইখন বিদ্যালয়ৰ অনুষ্ঠানবোৰত গণ্য – মান্য লোকসকল আহিছিল, গতিকে সেই ল’ৰা-ছোৱালীখিনি মানুহৰ সৈতে কথা পতাত অতি সপ্ৰতিভ আছিল। তাৰে তুলনাত অসমৰ গাঁও-ভূঁইৰ পৰা যোৱা ল’ৰা-ছোৱালীবোৰৰ স্বাভাৱিকতে ভালেখিনি আড়ষ্টতা আছিল। আৰু তাৰে সুবিধা লৈ এচামে এইসকলক কিছু বিপাঙত পেলাই লৈ আমোদ পাইছিল।

প্ৰথম বাৰ্ষিকৰ নামভৰ্তিৰ সময়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিছে। কেইজনীমান ছোৱালীয়ে কিছু হেবাং যেন ল’ৰাক বাছি বাছি মতাই নিয়াই চিনাকি হোৱাৰ নামত নগুৰ-নাগতি কৰি কন্দুৱাই পঠিয়াইছে। আমাৰ লগৰকেইটামানে কথাটো মন কৰিলে। কৰ্তাকেইগৰাকী ছোৱালী, তাতে স্মাৰ্ট আৰু লগতে বেচ ধুনীয়া। লাগি ল’বলৈ কাৰো মন নাই। কিন্তু কাৰবাৰটোও বন্ধ কৰাটো প্ৰয়োজন। সেইখিনি সময়ত স্বাভাৱিকতে যিটো হয়, কোনে কৰিব, কাৰ দম আছে টাইপৰ অলপ কথা চলিল। লাহে লাহে, মানে কেইমিনিটমানতে, কথাটো বাজিৰ পৰ্যায়লৈ বাগৰিল। বাজী মানে কি হ’ব আৰু, সেইসময়ত যি সীমা, মাংস-পৰঠা! লগে লগে এজনে ক’লে, মই পাৰিম, কেৱল তহঁতে মই ইংগিত দিয়াৰ লগে লগে চাপি আহি মোক উদ্ধাৰ কৰি নিব লাগিব। ধৰি লওক, তাৰ নাম আফতাব (মানে মোক সাধুটো শুনোৱাজনে কোৱা নামটো মই সলোৱা নাই)। সি তেতিয়ালৈ দুই এটা অদ্ভুত কাম কৰাৰ নজিৰ আছে অৱশ্যে।

লগৰকেইটাই ক’লে,

: প্লেন কি?

সি ক’লে, 

: সাংঘাতিক একো নহয়, মই মাত্ৰ নতুনকৈ নামভৰ্তি কৰিবলৈ অহা ল’ৰাৰ ভাও ল’ম। আৰু সেইকেইজনী আৰ্টছৰ, গতিকে মোক চিনি নেপায়। আৰু মোৰ মুখখন তহঁতেইচোন কৈ থাক যে বিশেষত্ব নাই, গতিকে ফটকৈ বৰ্ণনাও কৰিব নোৱাৰি আৰু মনতো নাথাকে। সেইখিনিয়েই মোৰ মূলধন। বাকী মই সিহঁতৰ লগে লগে প্লে কৰি যাম আৰু। 

চব উত্তেজিত। মজাৰ কিবা এটা হ’ব। তাতে এবছৰ ধৰি হোষ্টেলত থকা দম আহি গৈছে।

সি কামত লাগিল। প্ৰথমে এজন চিনাকিৰ চিনাকি ল’ৰা বিচাৰি উলিয়ালে। তাৰ কাগজ-পত্ৰবোৰ চালে। নাম, দেউতাক-মাকৰ নাম, বিদ্যালয়ৰ নাম, ঠাইখনৰ নাম, বিষয়বোৰত নম্বৰ, পাৰ্চেণ্টেজ আদি কেইবাৰমান আওৰাই মুখস্থ কৰি ল’লে। তাৰপাছত মুখখন সেমেনাসেমেনি কৰি, ভয় ভয় ভাব এটা আনি, সিহঁতৰ চকুত পৰাকৈ অৱস্থান ল’লে। সি ইতিমধ্যে চাই থৈছিল, সেই গোটটোৱে কেনেধৰণৰ ল’ৰাক লক্ষ্য কৰি লৈছে- গতিকে সেইমতে সি কাম কৰিলে আৰু অলপ সময়ৰ ভিতৰতে সি সফল হ’ল।

প্ৰাথমিক কথা-বতৰাত পৰিচয়পৰ্ব চলিল। সি হাতযোৰকৈ, যেনেদৰে কয় তেনেদৰে অংগী-ভংগী কৰি, লগতে সি যে মস্ত এটা হেবাং সেয়া কথাই প্ৰতি প্ৰমাণ কৰি ‘সাক্ষাৎকাৰ’ আগবঢ়াই লৈ গৈছে। সিহঁতেও ক্ৰমাত ভাল চিকাৰ পাই উৎসাহিত হৈ পৰিছে। লাহে লাহে কথাবোৰ ‘লাইন’লৈ আহি গৈছে। 

: ঐ, তোৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই?

নিমাত।

: ঐ শুনিছনে কি কৈছোঁ?

: মানে বুজা নাই বাইদেউসকল।

: মানে তোৰ প্ৰেমিকা আছেনে নাই?

: নাই, বাইদেউ।

সি লগে লগে লাজত ৰঙা-চিঙা পৰিল।

: ছোৱালী চাৱনে নাই?

তলমূৰ।

: আৰে ছোৱালী চাই ভাল নালাগে নেকি, মানে ধুনীয়া ছোৱালী?

অলপ লাজ লাজকৈ,

: লাগে বাইদেউ।

: তোৰ অহা-যোৱা কৰা বাটত তেনে কোনো পোৱা নাই নেকি যাক দেখিলে মনটো ভাল লাগে, নেদেখিলে বেয়া লাগি থাকে?

: নাই মানে তেনেকৈ কাকো চোৱাই নহয়।

: আচ্ছা বাদ দে, আমাৰ লগত কথা পাতি কেনে লাগিছে?

: ভাল লাগিছে বাইদেউসকল।(ভাল আচলতে লাগিছিলেই, সিতো এনেই কথা পাতিব কেতিয়াও সুবিধা নাপায়, দূৰৰ পৰাই চায়হে)

: আমাৰ কাক বাৰু বেছি ভাল লাগিছে?

: (একেবাৰে নখে মাটি লেখি), ধেৎ বাইদেউসকলে কি যে কয়!

: নহয় কোৱাচোন সঁচাকৈয়ে কাক ভাল লাগিছে?

তাকতো এই সুযোগটোৱেই লাগে। লগে লগে সিহঁতৰ নেতৃত্ব দিয়া, আটাইতকৈ স্মাৰ্ট, ধুনীয়া, আত্মবিশ্বাসী ছোৱালীজনীলৈ আঙুলিয়াই ক’লে, 

: আপোনাক বাইদেউ।

: সঁচাকৈ ভাল লাগিছেনে?  লাজ নকৰিবা, কোৱা।

: লাগিছে বাইদেউ (মাতটো অলপ কঁপা)।

: অলপ মৰম কৰিবা ?

উত্তৰ নাই। প্ৰায় কন্দনামুৱা।

: অলপ মৰম কৰি দিয়া। বাদ দিয়া এটা চুমা খাই দিয়া।

এইবাৰ লগকেইজনী জাঙুৰ খাই পৰিল।

চকু চলচলীয়া। চকু দুটা মচিছে।

: ভাল লাগিছে বুলিছা নহয়, এতিয়া চুমা খোৱা, নহ’লে তোমাক নেৰিছোঁ।

: নোৱাৰিম। (চকু মচি মচি)

: দিয়া মই গালখন পাতি দিছোঁ, চুমা খোৱা।

হঠাৎ এটা ঝটকাত সি টপকৈ চুমা খাই সিহঁতে কিবা প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ আগতেই ‘হাঃ, হাঃ মই চেকেণ্ড ইয়েৰ’ বুলি তাৰ পৰিচয়-পত্ৰখন উলিয়াই জোকাৰি দিলে। লগে লগে উদ্ধাৰকাৰী দল কিৰীলি পাৰি আগুৱাই আহিল। ৰেগিং মাষ্টৰণীসকল ফৰিং চিটিকা দিলে।

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ !

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *