ফটাঢোল

সাক্ষাৎকাৰ

সাহিত্য সমাজৰ দাপোণ স্বৰূপ৷ সমাজৰ প্ৰতিটো সৰু বৰ ঘটনাই সাহিত্যিকৰ কলমত নৱ ৰূপেৰে উদ্ভাসিত হৈ উঠে৷ সততে এটা প্ৰশ্ন ইয়াৰ মাজতো আহে বা আহিব পাৰে, সেয়া হ’ল লেখকৰ সামাজিক দায়বদ্ধতা৷ দেশ সমাজৰ দুৰ্ভোগৰ সময়ত সাহিত্যিকেই বহু সময়ত পথদ্ৰষ্টাৰ ভূমিকা গ্ৰহণ কৰে৷ নিজৰ কলমৰ নিৰ্মোহ বিশ্লেষণেৰে ভুল শুদ্ধ তথা উত্তৰপুৰুষৰ বাবে নতুন সমাজৰ ভেঁটি নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ ফটাঢোলৰ এই সংখ্যাৰ সাক্ষাৎকাৰৰ বাবে আমি কাষ চাপিছিলোঁ অসমৰ এজন স্বনামধন্য উপন্যাসিক, গল্পকাৰ, কবি বিশ্বজ্যোতি শৰ্মাৰ, যাৰ লেখাৰ পটভূমি নিৰ্বাচন, তেখেতৰ সামাজিক দায়বদ্ধতাৰ স্পষ্ট প্ৰতিফলন৷ 

ফটাঢোলঃ– নমস্কাৰ মহাশয়৷ ফেচবুকৰ হাস্যব্যংগ গোট  ফটাঢোলৰ তৰফৰপৰা আপোনাক আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ৷ 

বিশ্বজ্যোতি শৰ্মাঃ– নমস্কাৰ৷ আমাৰ তৰফৰ পৰাও আপোনাক তথা  ফটাঢোলৰ প্ৰতিজন সদস্যল ধন্যবাদ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ৷  

ফটাঢোলঃ- আমি প্ৰথমেই জানিব বিচাৰিছোঁ আপোনাৰ শৈশৱৰ বিষয়ে৷  আপোনাৰ জন্ম ক’ত হৈছিল আৰু কেনেকৈ আপোনাৰ শৈশৱ তথা স্কুলীয়া দিনেবোৰ অতিবাহিত  হৈছিল সেই বিষয়ে প্ৰথমে কওকচোন৷ 

বিশ্বজ্যোতি শৰ্মাঃ- আমাৰ প্ৰজন্মৰ দৃষ্টিকোণৰ পৰা চালে মোৰ শৈশৱটো একেবাৰেই সাধাৰণ, কিন্তু আজিৰ প্ৰজন্মৰ চকুৰে চালে অতি অসাধাৰণ আৰু ঘটনাবহুল৷ মোৰ জন্ম তিতাবৰৰ  বিবিজান গাঁৱত ৷ দেউতা আৰু মা শিক্ষক৷ শিক্ষক দম্পত্তিৰ চাৰিটা সন্তানৰ  ভিতৰত মই কনিষ্ঠ। দেউতাৰ ৰঙা চকু আৰু আইৰ সদা-সতৰ্ক শাসনৰ মাজত  কেতিয়াবা অতি বাধ্য আৰু কেতিয়াবা অবাধ্য হৈ ডাঙৰ দীঘল হ’লোঁ৷ ‘বিবিজান চৰকাৰী বুনিয়াদী বিদ্যালয়’ত পঢ়া-শুনা  আৰম্ভ কৰি আনৰ চকুত পঢ়াই শুনাই ভাল ছাত্ৰ এজন হিচাপে আগবাঢ়িলোঁ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা ‘মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়’ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ‘নন্দনাথ শইকীয়া মহাবিদ্যালয়’ৰ পৰা প্ৰথম বিভাগতে উত্তীৰ্ণ হৈছিলোঁ৷ ইঞ্জিনিয়াৰিং, এগ্ৰিকালচাৰ আদিত পঢ়াৰ সুবিধা থকাৰ স্বত্বেও ৰসায়ন বিজ্ঞানত অধ্যয়ন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত এম. ফিল আৰু বি.এইড. ডিগ্ৰী লাভ কৰিলোঁ৷ 

ফটাঢোল:- আপুনি লেখামেলাৰ সৈতে কেনেকৈ জড়িত  হ’ল? আৰু এই দিশত  কোনে আপোনাক বেছিকৈ উৎসাহ যোগালে? আপোনাৰ সাহিত্য জীৱনৰ বিষয়ে  অলপ জনাওকচোন। 

বিশ্বজ্যোতি শৰ্মাঃ- মোৰ মায়ে লিখিছিল৷ দাদা শুভ্ৰজ্যোতি শমাৰ্ই সৰুতে লেখা – মেলা কৰিছিল৷ সেই পৰিবেশটোৱে সহায় কৰিছিল। স্কুল আৰু কলেজত পঢ়োঁতে বিভিন্ন সাহিত্য প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সফলতা লাভ কৰিছিলোঁ৷ সেই লেখাসমূহ স্থানীয় আলোচনী আদিত  প্ৰকাশো পাইছিল৷ কিন্তু সৃষ্টিশীলতাৰ প্ৰতি ‘চিৰিয়াচ’ হ’লো ইং ২০১৪ চনৰপৰা৷ ইং ২০১৫ চনত মোৰ প্ৰথমখন শিশু উপন্যাস ‘উলটি আহ ল’ৰালিৰ ধেমালি’ প্ৰকাশ পালে৷ একে সময়তেই ডিব্ৰুগড বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাপটত ৰচিত  উপন্যাস ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৃষ্ণচূড়াৰ ৰং’ প্ৰকাশ কৰিলে ‘বনফুল’ প্ৰকাশনে৷ তাৰ পিছত  অসম লোকসেৱা আয়োগৰ দূনীৰ্তি কেলেংকাৰী উদঙাই ‘তেজপিয়া’ প্ৰকাশ কৰিলে বনলতাই৷ চাহ জনগোষ্ঠীৰ প্ৰেক্ষাপটত ‘আংৰা’ আৰু আনন্দ বৰমুদৈ ছাৰ আৰু পূৰৱী  বাইদেউৰ ব্যতিক্ৰমী প্ৰেম কাহিনীৰ আধাৰত ৰচিত  উপন্যাস ‘নীলকণ্ঠী’ প্ৰকাশ কৰিলে এম. আৰ পাব্লিকেচনে৷  শেহতীয়াকৈ কাৰাগাৰৰ প্ৰেক্ষাপটত  ‘আড়াল’ প্ৰকাশ কৰি উলিয়াইছে আঁক – বাঁক প্ৰকাশনে৷ তাৰে ‘নীলকণ্ঠী’ৰ  বাবে ২০১৯ ইং চনত ‘অসম সাহিত্য সভা’ৰ ‘সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা যুৱ সাহিত্য বঁটা’ আৰু ২০১৭ ইং চনত  ‘তেজপিয়া’ উপন্যাসৰ বাবে ‘বিন্দু সাহিত্য  বঁটা (শ্ৰেষ্ঠ উপন্যাস)’ লাভ কৰোঁ৷ তাৰ মাজে মাজে গল্প, প্ৰৱন্ধ, কবিতা আদিৰ কামো আগবাঢ়ি গ’ল৷ 

সাহিত্যৰ ক্ষেত্ৰত  প্ৰেৰণাৰ কথা ক’বলৈ গ’লে মই মোৰ জীৱনসংগী মণিৰাণী কলিতাকে ধৰি বহুজনৰ কথা ক’ব লাগিব৷ কিন্তু মোৰ দৃষ্টিৰে নিৰ্মোহভাৱে ক’বলৈ গ’লে সৃষ্টিৰ প্ৰেৰণা স্ৰষ্টাৰ  অন্তৰভাগৰ পৰাই আহে৷ মোৰ ক্ষেত্ৰতো  ব্যতিক্ৰম নহয়৷ 

ফটাঢোল:- আপোনাৰ জীৱনৰ প্ৰথম লেখা ক’ত প্ৰকাশ পাইছিল? 

বিশ্বজ্যোতি শৰ্মাঃ- বিদ্যালয়ৰ আলোচনীত। তাৰ আগতে যদি ক’ৰবাত  প্ৰকাশ পাইছিল মনত নাই পৰা৷ 

ফটাঢোলঃ- আপুনি বহুকেইখন উপন্যাস লিখিছে আৰু লগতে বিভিন্ন বাতৰি কাকত , আলোচনীত নিয়মীয়াকৈ লিখে৷ আমি লক্ষ্য  কৰিছোঁ আপোনাৰ প্ৰতিখন উপন্যাসৰ বিষয়বস্তু কিছু ব্যতিক্ৰমী আৰু  সামাজিক দায়বদ্ধতাৰে পূৰ্ণ৷ উপন্যাস এখনৰ বিষয়বস্তু এটা বাচি লোৱাৰ ক্ষেত্ৰত কি ধৰণৰ কাৰকে আপোনাক প্ৰভাৱান্বিত কৰে? 

বিশ্বজ্যোতি শৰ্মাঃ- আপোনাৰ প্ৰশ্নটোতেই  মোৰ উত্তৰ লুকাই আছে৷ মই স্পষ্টবাদী হৈ ভাল পাওঁ৷ প্ৰথম অৱস্থাত  নিজকে এজন লেখক হিচাপে প্ৰতিষ্ঠা কৰাৰ ভাবটোৱে  ক’ৰবাত ক্ৰিয়া কৰিছিল৷ তাৰ পিছৰ  পৰ্যায়ত মাতৃভাষাটোৰ প্ৰতি, জাতিটোৰ প্ৰতি  মোৰ দায়বদ্ধতাই সেই স্থান অধিকাৰ কৰিলে৷ গতিকে মই উপন্যাস এখনৰ বিষয় বাচনিৰ ক্ষেত্ৰত  সৰ্বপ্ৰথমেই সামাজিক দায়বদ্ধতাৰ দিশটোক গুৰুত্ব দিওঁ৷ যিসমূহ আমাৰ  সমাজৰ গুৰুত্বপূৰ্ণ বিষয়, কিন্তু সাহিত্যই  বৰকৈ চুব পৰা নাই, সেই বিষয়সমূহত  দৃষ্টিপাত কৰি ভাল পাওঁ৷ সমাজৰ দলিত, নিষ্পেষিত, শোষিত শ্ৰেণীটোৰ প্ৰতি   মোৰ দায়বদ্ধতাক কাৰ্য্যত ৰূপায়িত  

কৰি সুখবোধত আছন্ন হওঁ৷ কিয় জানো  বাৰে বাৰে তেনে বিষয়বস্তুসমূহে মোক বেছিকৈ আকৰ্ষিত কৰিছে! 

ফটাঢোলঃ- আপুনি শিক্ষা জীৱন, কৰ্মজীৱনত লেখক তথা উপন্যাসিক হিচাপেও বহু সফলতা লাভ কৰিছে৷ আপোনাৰ জীৱনৰ সফলতাৰ ক্ষেত্ৰত  কাৰ প্ৰভাৱবেছিকৈ পৰা বুলি আপুনি অনুভৱ কৰে? 

বিশ্বজ্যোতি শৰ্মাঃ- প্ৰথমেই  মোৰ নিজৰ৷ যিকোনো এটা কামত নিজকে নিয়োজিত  কৰিবলৈ নিজৰ মাজতেই সাংঘাতিক তাড়নাৰ সৃষ্টি হ’ব লাগিব৷ অন্যথা আন কোনোবাই ধৰি বান্ধি আপোনাক উন্নতিৰ উচ্চ শিখৰ আৰোহণ কৰাব নোৱাৰে৷ সেয়া মোৰ বিশ্বাস৷ মোৰ অন্তৰত অহৰহ একুৰা জুই জ্বলি থাকে৷ জাতিটোৰ প্ৰতি, মাতৃভাষাটোৰ প্ৰতি কিবা এটা কৰাৰ৷ অৱশ্যে এইক্ষেত্ৰত মোৰ পত্নীৰ সহযোগিতা আছে৷ নগেন শইকীয়া ছাৰ, ধ্ৰুৱজ্যোতি বৰা ছাৰ, আনন্দ বৰমূদৈ ছাৰ,  ফণীন্দ্ৰ দেৱচৌধাৰী ছাৰ, পিকুমণি দত্ত দাদা আদিৰ দৰে বহু শুভাকাংক্ষীৰ উৎসাহ উদ্দীপনা নথকা নহয়৷ লগতে  দেশী বিদেশী গ্ৰন্থসমূহৰ অধ্যয়নেও সহায়  কৰিছে৷  

 

ফটাঢোল:- আপুনি লেখক হিচাপে যুৱ প্ৰজন্মক একেবাৰে  কাষৰ পৰাই পাইছে৷ সাহিত্য চৰ্চা বা সাহিত্যৰ অনুৰাগৰ ক্ষেত্ৰত  এই যুৱ প্ৰজন্মটোক আপুনি কেনেকৈ পাইছে? তেওঁলোকৰ ভূমিকা আশাব্যঞ্জক নে? 

বিশ্বজ্যোতি শৰ্মাঃ- এক কথাত মিশ্ৰিত   বুলি ক’ব লাগিব৷ কাৰণ সৰ্বাধিক সংখ্যক ছাত্ৰ-ছাত্ৰী আজি সাহিত্যৰ পৰা আঁতৰি, মোবাইল ফোন আৰু টেলিভিচনতে ব্যস্ত। তাৰ মাজতেই অৱশ্যে এচাম ছাত্ৰ-ছাত্ৰী  সাহিত্যৰ প্ৰতি উৎসাহী৷ তেওঁলোকক সঠিক দিশত  আগবঢ়াই নিয়াত  শিক্ষকসকলৰ দায়বদ্ধতাৰ  প্ৰয়োজন আছে৷ অন্যথা অদূৰ ভৱিষ্যতে ভাষাটো বিপদত পৰিব৷    

ফটাঢোলঃ- নতুন প্ৰজন্মৰ কাৰ লেখাই  আপোনাক প্ৰভাৱিত কৰে? 

বিশ্বজ্যোতি শৰ্মাঃ- নতুন প্ৰজন্ম সংজ্ঞাটো মোৰ  বাবে অলপ খেলিমেলি৷ যদি আমাৰ প্ৰজন্মৰ কথা কৈছে তেনেহ’লে মৌচুমী কণ্ডলী, অতনু ভট্টাচাৰ্য্য, অপু ভৰদ্বাজ, বিপাশা বৰা, জুৰী  বৰুৱা, পঞ্চানন হাজৰিকা আদিৰ লেখাসমূহ ভাল লাগে। আৰু  বহুতো আছে যদিও সকলোৰে নামসমূহ ল’বলৈ অসুবিধা হৈছে৷ 

ফটাঢোলঃ- আপুনি  পূৰৱী বৰমূদৈ আৰু আনন্দ বৰমূদৈৰ জীৱনকলৈয়ো এখন উপন্যাস লিখিছে৷ এই বিশেষ ব্যক্তি দুগৰাকীৰ জীৱনক বিষয়বস্তু হিচাপে  বাচি লোৱাৰ বিশেষ কাৰণ কি? 

বিশ্বজ্যোতি শৰ্মাঃ- মই ‘কৃষ্ণচূড়াৰ ৰং’ উপন্যাসখন প্ৰকাশ কৰাৰ পিছতেই আনন্দ বৰমূদৈ ছাৰৰ ঘৰলৈ গৈছিলোঁ৷ সেইদিনটোত বৰমূদৈ ছাৰ আৰু পূৰবী  বাইদেউৰ জীৱনৰ যি সত্য মই লক্ষ্য  কৰিলোঁ, সি মোৰ অন্তৰাত্মাৰ কোনোবা এখিনিত বৰ কৰুণভাৱে আঘাত কৰিলে৷ সমান্তৰালকৈ দুয়োজন  ব্যক্তিৰ  ব্যক্তিত্বৰ প্ৰতি সাংঘাতিক শ্ৰদ্ধা জাগ্ৰত হ’ল৷ ক্ৰমাৎ সেই ব্যতিক্ৰমী প্ৰেমিক যুগলৰ সৈতে   ঘনিষ্ঠতা বৃদ্ধি হ’ল৷ ফলত মোৰ চাৰিওফালে এক অমৰ প্ৰেমৰ পৰিমণ্ডল সৃষ্টি হ’ল৷ সেই  পৰিমণ্ডলতেই ‘নীলকণ্ঠী’ৰ সৃষ্টি৷ 

ফটাঢোলঃ- আপোনাৰ নৱতম উপন্যাস ‘আড়াল’ৰ প্ৰেক্ষাপটো ব্যতিক্ৰমী৷ কাৰাগাৰৰ প্ৰেক্ষাপটত উপন্যাস ৰচনা অসমীয়া সাহিত্যত বিৰল৷ সেই বিষয়ে অলপ ক’ব নেকি? 

বিশ্বজ্যোতি শৰ্মাঃ- এবাৰ কাৰাগাৰলৈ গৈছিলোঁ এটি অনুষ্ঠানত নিমন্ত্ৰিত হৈ৷  কাৰাগাৰৰ  পৃথিবীখনৰ এক ওভোটা ছবি প্ৰত্যক্ষ কৰি ৰোমাঞ্চিত হৈ পৰিলোঁ৷ পিছত বাৰে  বাৰে কাৰাগাৰলৈ যাবলৈ ধৰিলোঁ৷ কয়ডী, হাজোতীসকলৰ সৈতে সাক্ষাত কৰিবলৈ ল’লো৷ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা কেইবাজনো ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিলোঁ৷ মুঠতে প্ৰায় তিনিবছৰীয়া এটি পৰিক্ৰমা, তাৰ পিছতেই ‘আড়াল’ৰ সৃষ্টি৷ 

ফটাঢোলঃ- আমি যিহেতু ফেচবুকৰ এটা গোটৰ উদ্যোগত আলোচনীখন প্ৰকাশ কৰি আহিছোঁ, গতিকে আপোনাক সুধিব খুজিছোঁ ফেচবুক বা ডিজিটেল মাধ্যমৰ সাহিত্য সম্পৰ্কে আপুনি কি ক’ব? 

বিশ্বজ্যোতি শৰ্মাঃ- পৰিবৰ্তন বোলা কথাটো মানি ল’বলৈ টান পোৱাটো আমাৰ এটা প্ৰচলিত স্বভাৱ৷ এসময়ত  সাঁচিপতীয়া পুথি প্ৰচলিত আছিল৷ তাৰপাছত কাগজৰ ব্যৱহাৰ হ’ল৷ এতিয়া  ছপা মাধ্যমৰ সন্মুখত ডিজিটেল মাধ্যম প্ৰত্যাহ্বানৰূপে থিয় দিছে৷ এইবোৰ অৱধাৰিত কথা৷ ফেচবুকত ভাল সাহিত্য হ’ব পাৰে আৰু হৈছে৷ কিন্তু তাতো এটা সমস্যা আছে, সম্পাদনাৰ  সমস্যা৷  উপযুক্তভাৱে সম্পাদনা নহ’লে পাঠকে অখাদ্য খাবলগীয়া হয়৷ চিনাকি লেখকজনে বেয়া পোৱাৰ আশংকাত  লাইক, কমেণ্টৰ  পয়োভৰ ঘটে৷ তেনেবোৰ কথাৰ পৰা পৰিত্ৰাণ পাব লাগিব৷ 

ফটাঢোলঃ- আপুনি অসমীয়া সাহিত্যৰ জগতখনৰ লগত  বহু বছৰ ধৰি জড়িত  হৈ আছে৷ আপোনাৰ এনেকুৱা অনুভৱ নহয়নে সাহিত্যৰ হাস্যব্যংগ শাখাটোত  যেন বহুত কম চৰ্চা হৈছে?

বিশ্বজ্যোতি শৰ্মাঃ- একেবাৰে সত্য৷ এই ধাৰাটো মৃতপ্ৰায় অৱস্থালৈ ধাবিত হৈছে৷ এনে এক সন্ধিক্ষণত আপোনাসৱৰ  পদক্ষেপ শলাগ ল’বলগীয়া৷ এইক্ষেত্ৰত   মই সৌমিত যোগীৰ নাম ল’ব লাগিব৷ তেখেতৰ দৰে মুষ্টিমেয় কেইজনমান লেখকে ছপা মাধ্যমত সাহিত্যৰ এই অতি  উৎকৃষ্ট ধাৰাটোক বৰ্তাই ৰাখিছে৷ এই ধাৰাটো অনতি পলমে গা – কৰি নুঠিলে  হয়তো ৰসৰাজ লক্ষীনাথ বেজবৰুৱা দেৱৰ আত্মাই আটাইতকৈ বেছি কষ্ট  পাব৷    

ফটাঢোলঃ- এই ডিজিটেল মাধ্যমে গ্ৰন্থ  বা ছপা মাধ্যমলৈ প্ৰত্যাহ্বান আনিছে নেকি? গ্ৰন্থৰ ভবিষ্যতৰ ক্ষেত্ৰত  ই বাধা হৈ উঠিব পাৰে নেকি? 

বিশ্বজ্যোতি শৰ্মাঃ- ডিজিটেল মাধ্যমটো  ছপা মাধ্যমৰ বাবে প্ৰত্যাহ্বান হৈ ইতিমধ্যে থিয় দিছে৷ নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলে মোবাইল বা লেপটপ লৈ স্ক্ৰীণত পঢ়ি বেছি ভাল পায়৷ কিন্তু গ্ৰন্থৰ কেতিয়াও মৃত্যু নঘটে।  এক অঘোষিত প্ৰতিদ্বন্দিতা হৈ থাকিব৷ হয়তো ৰূপৰ ৰূপান্তৰ ঘটিব৷ কিন্তু অভিবুক, ই-বুক আদিৰ ধৰণত গ্ৰন্থ চলি থাকিলে ছপা মাধ্যমটো জীয়াই থাকিবলৈ এসময়ত  কষ্ট কৰিব লাগিব৷ 

ফটাঢোলঃ- গ্ৰন্থ পঢ়ুৱৈৰ সংখ্যা বাঢ়িছে জানো? অসমৰ প্ৰকাশন প্ৰতিষ্ঠান সমূহে প্ৰায়েই এইটো অভিযোগ কৰে যে অসমীয়া কিতাপৰ বিক্ৰী সন্তোষজনক নহয়৷ 

বিশ্বজ্যোতি শৰ্মাঃ- পঢ়ুৱৈৰ  সংখ্যা হ্ৰাস পোৱাটো এটা দৃঢ় বাস্তব৷ কিন্তু এইক্ষেত্ৰত  শিক্ষক সমাজ, লেখক আৰু প্ৰকাশকৰ দোষ নথকা নহয়৷ শিক্ষক সমাজে শ্ৰেণীকোঠাত  ছাত্ৰ-ছাত্ৰীক গ্ৰন্থ অধ্যয়ণৰ  প্ৰতি আকৃষ্ট কৰিবলৈ যত্নপৰ হ’ব লাগিব৷ লেখকসকলে সাতামপুৰুষীয়া  কথাখিনিকেই চৰ্বিতচৰ্বন নকৰি বিষয়ত  নতুনত্ব আনিব পাৰিব লাগিব৷ গ্ৰন্থ এখনৰ বিষয়ে পাঠকক অৱগত কৰিব লাগিব৷ তেতিয়া পাঠকৰ সংখ্যা বৃদ্ধি পাব৷ 

ফটাঢোলঃ- আমি ইতিমধ্যে আপোনাক ফটাঢোল ই-আলোচনীখনৰ কথা জনাইছোঁ যে এইবাৰ আলোচনীখনৰ  ‘পঞ্চম বৰ্ষৰ সপ্তম সংখ্যা’ প্ৰকাশ পাব৷ আমি কিমানদূৰ সফল হৈছোঁ সেয়া সময়ে ক’ব৷ তথাপি ব্যংগজগতৰ এনেধৰণৰ  পদক্ষেপক লৈ আপুনি আশাবাদীনে? 

বিশ্বজ্যোতি শৰ্মাঃ- মোৰ দৃষ্টিত  আপোনালোক ইতিমধ্যেই সফল৷ কাৰণ ফটাঢোলৰ মাধ্যমেৰে এচাম সমৃদ্ধ লেখকে  ব্যংগ সাহিত্যৰ বাবে এখন মঞ্চও লাভ কৰিছে ৷ ফলত ব্যংগৰ ধাৰাটোৱে  বাট বুলিবলৈ লৈছে৷ 

ফটাঢোলঃ- বিশ্বৰ অন্যতম সন্মানীয় বঁটা  বুকাৰ বা আনবিলাকলৈ নাযাওঁ বাৰু, কিন্তু ভাৰতবৰ্ষৰ  শ্ৰেষ্ঠ জ্ঞানপীঠ বঁটাৰ যোগ্য হ’ব পৰাকৈ অসমৰ সাহিত্য আছেনে? অসমীয়া সাহিত্য কোনটো  পৰ্যায়ত আছে? 

বিশ্বজ্যোতি শৰ্মাঃ– মই এজন সৃষ্টিশীল অতি সাধাৰণ লেখক৷ এই প্ৰশ্নটোৰ  উত্তৰ মই দিয়াত কৈ এজন প্ৰৱন্ধ সমালোচকে দিলে বেছি ভাল হ’ব৷ মই চমুকৈ দুটা কথা ক’ব বিচাৰিছোঁ৷ প্ৰথম, অসমীয়া সাহিত্যত প্ৰতিভা আছে৷ কিন্তু নিজকে প্ৰতিষ্ঠা কৰাৰ ঋণাত্মক প্ৰৱণতাই এক বিৰূপ পৰিবেশ সৃষ্টি কৰিছে৷ তাৰ মাজতে একাংশই বৰ আন্তৰিকতাৰে কৰ্ম কৰি গৈছে৷ সেইসকলৰ হাতত অসমীয়া সাহিত্য সুৰক্ষিত৷ 

ফটাঢোলঃ- সাহিত্যৰ কোনটো শাখাই আপোনাক বেছি আকৃষ্ট কৰে? কোনটো কাম কৰি আপুনি বেছি ভাল পায়?

বিশ্বজ্যোতি শৰ্মাঃ- উপন্যাস, গল্প, কবিতা তিনিওটাই আকৰ্ষণ কৰে যদিও উপন্যাসৰ প্ৰতি টানটো অলপ বেছি৷ 

ফটাঢোলঃ- আপোনাৰ প্ৰিয় সাহিত্যিক কোন? বিশেষকৈ কাৰ লেখাই আপোনাক প্ৰভাৱিত কৰে? 

বিশ্বজ্যোতি শৰ্মাঃ- অসমীয়া সাহিত্যত  সৌৰভ কুমাৰ চলিহা, হোমেন  বৰগোহাঞি, ড° ধ্ৰুৱজ্যোতি বৰা, ড° ভৱেন্দ্ৰ নাথ শইকীয়া, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, পূৰৱী বৰমূদৈ আদি মোৰ প্ৰিয়৷ 

আনভাষাৰ সাহিত্যৰ ক্ষেত্ৰত মুৰাকামী, কাফকা, ফ্ৰ’য়েড, বাৰ্ট্ৰাণ্ড ৰাচেল, বেৰিদা, অৰুন্ধতি ৰয়, হুমায়ুন আহমেদ, শংকৰ, জৰাসন্ধ, তচলিমা নাছৰিন আদি৷   

ফটাঢোলঃ- আমি সাহিত্য সমাজৰ  বহুখিনি কথাই পাতিলোঁ৷ এতিয়া অলপ  ঘৰুৱা কথা পাতোঁ৷ আপোনাৰ বৈবাহিক জীৱন, পৰিয়ালৰ কথা কওকচোন।

বিশ্বজ্যোতি শৰ্মাঃ-মোৰ মা-দেউতা দুয়ো শিক্ষকতা কৰিছিল৷ দেউতা বৰ্তমান জীৱিত অৱস্থাত নাই৷ মাৰ ৮৩ বছৰ বয়স৷ চাৰিজন ককাই ভাইৰ মাজত মই কনিষ্ঠ৷ আমাৰ  পৰিয়ালত মই, মোৰ সহধৰ্মিনী আৰু এহাল ল’ৰা-ছোৱালী আছে৷ ল’ৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ আৰু ছোৱালীজনী সপ্তম শ্ৰেণীৰ ছাত্ৰী৷ 

ফটাঢোলঃ- বৰ ভাল লাগিল মহাশয়৷ আপুনি ব্যস্ততাৰ মাজতো আমাক ইমানখিনি কথা জনালে৷ সাহিত্য সমাজ সংস্কৃতিৰ ইমানবোৰ কথা পাতিলোঁ৷  আপুনি আমাৰ সময়খিনি সমৃদ্ধ কৰি তুলিলে৷ ফটাঢোল হাস্যবংগ গোটৰ তৰফৰ পৰা আপোনালৈ পুনৰ অলেখ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলোঁ আৰু লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীঘাৰ্য়ু কামনা কৰিলোঁ৷ 

বিশ্বজ্যোতি শৰ্মাঃ- আপোনালৈয়ো অশেষ ধন্যবাদ৷ লগতে ফটাঢোললৈ মোৰ শুভ কামনা থাকিল৷ অনাগত দিনত অসমীয়া  ব্যংগ সাহিত্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত  ফটাঢোলে এক বলিষ্ঠ ভূমিকা পালন কৰক৷   

(সাক্ষাৎকাৰটো যুগুত কৰিলে ৰূপম ঠাকুৰীয়াই।)

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *