সুখ -ৰঞ্জন বৰুৱা
এসময়ত এজন বৰ ন্যায়প্ৰিয় ৰজা আছিল। এদিন পৰুৱাৰ এক বৃহৎ দল অভিযোগ পত্ৰ লৈ তেওঁৰ ৰাজসভাত উপস্থিত হ’ল।
“মহাৰাজ, ন্যায় কৰক। আমাৰ প্ৰজাতি লুপ্তপ্ৰায় হৈ আহিছে। লাখৰ সংখ্যাত দৈনিক মৃত্যুৰ মুখলৈ গতি কৰিছে। মানুহে আজিকালি ‘পৰুৱা মোহৰাদি মোহাৰি পেলাম’ বুলি আমাৰ প্ৰজাতিৰ সন্মান ধূলিৰ লগত মিলাই দিছে। আমাৰ প্ৰতি ন্যায় কৰক মহাৰাজ।”
ৰজা বিবুধিত পৰিল। সমস্যা সমাধানৰ বাবে লগে লগে মন্ত্ৰীসকলৰ মাজত এক উচ্চস্তৰীয় সমিতি গঠন হ’ল। এসপ্তাহৰ ভিতৰত সমাধানৰ ৰাস্তা উলিয়াবলৈ ৰজাই নিৰ্দেশ দিলে।
এসপ্তাহৰ পাছত ৰাজসভা পুনৰ বহিল।
ৰজাই আদেশ দিলে “আজিৰ পৰা গোটেই ৰাজ্যতে পৰুৱাক পৰুৱাৰ সলনি হাতী আৰু হাতীক হাতীৰ সলনি পৰুৱা বুলি কোৱা হ’ব”।
ঘোষণা শুনি সুখী হৈ ৰজাৰ জয়জয়কাৰ কৰি পৰুৱাবোৰ ঘৰাঘৰি গ’ল।
পৰুৱা এতিয়াও মৰি আছে। কিন্তু খবৰ কাকতত হাতী মৰি আছে। গতিকে পৰুৱা নিচিন্ত হৈ আছে।
☆ ★ ☆ ★ ☆