ফটাঢোল

উৰুকাৰ লেবেল-সদানন্দ ভূঞা

মাঘৰ বিহুৰ উৰুকা। অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ উৰুকাৰ দিনাখন কোনোবাই লগে ভাগে এসাঁজ খোৱাৰ মন। কোনোবাই আকৌ ঘৰতে মাছে-মঙহে  সপৰিয়ালে উৰুকা পালন কৰাৰ আয়োজন চলাইছে। অসমৰ চৌদিশে এক উখল-মাখল পৰিবেশ। অমুকায়ো বিহু বুলি ভালদৰে এসাঁজ খাওঁ বুলি বজাৰ-সমাৰ কৰি পোনেই গৃহপ্ৰবেশ কৰিছোঁহে, শ্ৰীমতীয়ে যতনাই থোৱা চাহ-জলপান খাবলৈ ৰিঙিয়ালেই। উৰুকা বুলি মনত ভালদৰে উচাহ এটাও আনিব পৰা নাই। বৰ ভয় এটাই দেখোন মোক দিনে-নিশাই খেদি ফুৰিছে। আপোনালোকে হয়তো সুধিব… এইহেন ভোগালী বিহুৰ উৰুকাত আপোনাৰ বুকুত কিহৰ ভয়দালে থিতাপি ল’লে। হেৰি, বোলো মোৰ বুকুত উৰুকাৰ ভয় সোমোৱা নাই হে। এইবেলিৰ ফটাঢোল ই-আলোচনীখনৰ চম্পাজনীৰ ভয় সোমাই বুকুখন ধমধমাই আছে। লেখা দিলেও বোলে ঘৰৰ মূধচত গ্ৰেনেড ফুটাব, নিদিলেও বোলে গ্ৰেনেড ফুটাব। হে হৰি, ক’তে মৰে মৰক এতিয়া। ৰঙা সেউজীয়া হ’লে কিদাল হ’ল, গ্ৰেনেডেইতো হয়। দিলেও আওমৰণে মৰা, নিদিলেও আওমৰণে মৰা। এহ যি দেখিছোঁ এলাই জাবৰি হ’লেও লেখা এটা দি দিয়াই ভাল। দি দিলে হয়তো ৰঙাই দলিয়াওক বা সেউজীয়াই দলিয়াওক, কম প্ৰাবল্যৰ দলিয়াব। ঘৰৰ মূধচ উৰি গ’লেও আমাৰ ঘৰৰ চাৰিওটা জীৱৰ মূৰকেইটা বাচিব। পিচে লেখানো কি দিম? প্লট বিচাৰি বিচাৰি ঘৰে-বাহিৰে নেপাওঁতো নেপাওঁৱেই, হাটে-বজাৰে খেপিয়াই ফুৰিলেও নাপাওঁ। আৰে বাবা ফটাঢোলৰ ই-আলোচনীৰ বাবে লেখা দিব লাগিব। পঢ়ুৱৈয়ে লেখা পঢ়ি মুখ বিকটাই দিলেও কমচে কম ‘বৰ সুন্দৰ লিখিলে, পঢ়ি বহুত ভাল লাগিল, আপোনাৰ লেখা পঢ়ি বাগৰি বাগৰি হাঁহিলো দেই’- বুলিওতো ক’ব লাগিব ন।

ধেৎ, উৰুকাৰ দিনাখন পুৱাতেই কি যে কথাবোৰ ভাবি আছোঁ। লৰালৰিকৈ ভৰি – হাত ধুই চাহ জলপান খাওঁ বুলি বহি ল’লোঁ। শ্ৰীমতীয়ে বাহিৰৰ জুহালৰ পৰা মাত দিলে… অলপমান বহকচোন। মই কাঠআলু, মোৱা আলু, মিঠা আলু পুৰিবলৈ লৈছোঁ। ময়ো বোলো ঠিকেই আছে তেন্তে, বিহু বুলি দুজনমানক ফোন এটাকে কৰোঁ। ভবামতেই কাম। সৰ্বপ্ৰথমে বিজয় মহন্তকে ফোন কৰিলোঁ। 

মই : হেল্লো, আপুনি বিজয় মহন্ত নহয় জানো?

বিজয় : হ্যা আজ্ঞে বটে, আমি বিজয় মহন্ত। আপনি কে বলছেন মশায়?

মই : (চক খাই গ’লোঁ। মহন্তইতো বাংলা ভাষাত কথা নকয়। তেন্তে কোন এইজন বিজয় মহন্ত? কোনোবা বাংলাভাষী বিজয় মহন্ত নহয়তো? দোধোৰ-মোধোৰ অৱস্থাত ভয়ে ভয়ে) হেৰি মহন্ত ডাঙৰীয়া, আপুনি ফটাঢোলৰ এডমিন বিজয় মহন্ত নহয় জানো?

বিজয় : হ্যা আজ্ঞে বটে, আমি ফাটঢোলেৰ এডমিন বিজয় মহন্ত। আপনি কে বলছেন মশায়?

মই : হেৰি মহন্ত, মই ভূঞা দা’ই কৈছোঁ।

বিজয় : কে ভূঞা দা ?

মই : ধেৎতেৰি, মই সদানন্দ ভূঞাই কৈছোঁ।

বিজয় : অ’ অ’ সদানন্দ ভূঞা দাদাহে। মই মানে অলপ- চলপ বাংলা ভাষা প্ৰেকটিচ কৰি আছোঁ। মানে মই কেইদিনমান পিছত বিশেষ কাম এটাত কলিকতালৈ গৈ থাকিব লাগিবতো, সেয়েহে সকলোৰে ফোন আহিলে অলপ-চলপ বাংলা মাৰি দিওঁ আৰু। পিচে কওকচোন, কিয় বা আজি মোক মনত পেলালে?

মই : হেৰি মহন্ত, মই আপোনাক প্ৰতিটো বিহুতেই মনত পেলাওঁ। আপুনিহে… এহ বাদ দিয়ক এইবোৰ। আজি ভোগালী বিহুৰ উৰুকা নহয় জানো। শুভেচ্ছা জনাবলৈ ফোন এটা কৰিলোঁ আকৌ।

বিজয় :- ধন্যবাদ দাদা, আপোনাকো ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। মানে দাদা মই ব্যস্ত মানুহতো, সেয়ে কাকো শুভেচ্ছা জনাবলৈ সময়েই নহয়।

মই :- (লেবেল চোৱা) এহ একো কথা নাই , পিছে আজি উৰুকাৰ আয়োজন কেনেকুৱা?

বিজয় :- আমাৰ উৰুকা ফাটাফাটি দাদা।  ফটোত দেখিছেই দেখোন, দুটাকৈ মস্ত মস্ত বৰালি মাছ কেকোঁ-জেকোঁকৈ ডাঙি আনিছোঁ।

মই :- ফটোখনতো দেখিছোঁ, পিছে বছৰে বছৰে একেখন ফটোকে দেখি ৰাইজৰ লগতে মোৰো অলপ সন্দেহ হৈছেহে।

বিজয় :- কি ক’লে দাদা, সন্দেহ হৈছে? আপোনাৰ লগতে আৰু কাৰ কাৰ সন্দেহ হৈছে কওকচোন? ফালি থৈ আহোঁগৈ।

মই :- হেৰি মহন্ত, ফালি থৈ আহোঁগৈ মানে?

বিজয় :- নহয় মানে দাদা, আপোনাৰ লগতে সেইসকলৰ ঘৰলৈ মেজিৰ কাৰণে খৰি ফালি থৈ আহোঁগৈ বুলি কৈছোঁ। পিছে আপোনাৰনো কিয় সন্দেহ হ’ল সেইটো কথা কওকচোন।

মই :- নহয় মানে, একে চাইজৰ মাছ , একে দিশৰ হাত?

বিজয় :- অ’ সেইটো কথা। মানে দাদা মাছ বেপাৰীটোক প্ৰত্যেক বছৰৰ বিহু , পিকনিক আদিত একে চাইজৰ বৰালি মাছেই দিবলৈ কওঁ। সোঁহাতখনৰে ডাঙৰ মাছটো দাঙি লওঁ আৰু সৰু মাছটো বাওঁহাতখনেৰে দাঙি লওঁ।

মই :- কাপোৰ সাজো একেই…

বিজয় :- মাছ বেপাৰীয়ে মাছ আনিলে মই সেইযোৰ কাপোৰকে পিন্ধি লওঁ।

মই:- ঠাই টুকুৰাও একে, পৰিবেশটোও একে…

বিজয় :- আপুনি বৰ সন্দেহবাদী মানুহ হে দাদা। মই একে ঠাইতে একে পৰিবেশতেই মাছ লওঁ। পিছে আজি আপোনালোকৰ আয়োজন কি?

মই :- আয়োজন বুলিবলৈ বৰ বিশেষ একো নাই। বজাৰৰ পৰা অলপ শাক-পাচলি, দুই কেজি ওজনৰ বাহু মাছ এটা আৰু খাহী মাংস দুই কেজি আনিলোঁ। হাঁহৰ কাৰণে চিন্তা নাই। ঘৰতে আছে যেতিয়া তাৰে এটাৰে চলাই দিব পৰা যাব।

বিজয় :- দাদা, কথা এটা কওঁ বেয়া নাপাব। এইবেলি আমাৰ ঘৰত হাঁহেই নাই। আপোনাৰ ঘৰত সৰহকৈ আছে যদি মোক দুটামান দিবচোন। 

মই :- (আও কথাটো ক’বলৈহে পালোঁ সুযোগ ল’লেই) হ’ব হ’ব, নিব বাৰু। এতিয়া ৰাখোঁ দেই। (আৰু বা কি কি বিচাৰে বুলি ফোনটো কাটি দিলোঁ।)

ছেঃ এওঁ এতিয়ালৈকে চাহ কাপকে দিয়া নাই নহয়।

: হেৰা কি কৰি আছা হে? এতিয়াও চাহ একাপ দিয়া নাই যে?

: ৰ’ব, আৰু অকণমান ৰ’ব। অলপ পিছতে গৈ আছোঁ।

ঠিকেই আছে, তেতিয়ালৈকে আৰু এজনক ফোন এটা কৰোঁ। পিছে কাক ফোন কৰোঁ! আমাৰ অৰবিন্দ গোঁসাইকে ফোন এটা কৰোঁ। এনেয়েও প্ৰভুৱে মোৰ চুটকেচটোৰ বেজাৰতে মৰে। বিহুৰ দিনত খবৰ এটা নল’লে বহুত বেয়া পাব। 

মই :- হেল্লো, আপুনি অৰবিন্দ গোস্বামী নহয় জানো?

গোঁসাই :- হয় হয় , নিশ্চয়কৈ হয়। হান্দ্ৰেদ পাৰচেণ্ট হয়, এশ শতাংশ হয়। পিছে আপুনিনো কোন সেইটোহে ওৱান পাৰ্চেণ্ট মানে এক শতাংশও নাজানিলোঁ। 

মই :- (মনতে বোলো হান্দ্ৰেদ পাৰচেণ্ট, এশ শতাংশ, এইটো আকৌ কেনেকুৱা অংক? তেখেত অংক মাষ্টৰ যে, হ’বও পাৰে) হেৰি নহয় প্ৰভু , মই আপোনাৰ ভূঞা দা’ই কৈছোঁ।

গোঁসাই :- ভূঞা দা? কোনজন ভূঞা দাই বা ক’লে?

মই :- মই সদানন্দ ভূঞা দাই কৈছোঁ।

গোঁসাই :- অ’ অ’ গৰু ডাক্তৰ ভূঞা দা। এতিয়াহে ধৰিব পাৰিছোঁ। 

মই:- (শেষেই, মই চেটেপ। গোঁসাই প্ৰভুৱে মোৰ ইজ্জত একেবাৰে ধোঁৱাচাঙতে তুলি দিলে) হয় হয় প্ৰভু , সেইজনাই হয়।  আপোনাৰ খা-খবৰ ভাল নে?

গোঁসাই :- আছোঁ আছোঁ দাদা, নাইণ্টি নাইন পাৰচেণ্ট, নিৰান্নব্বৈ শতাংশ ভাল বুলি ক’ব পাৰি। পিছে আপোনাৰ খবৰ কওক।

মই :- (বেলেগ অংক মাষ্টৰ দেই) মোৰো ভাল বুলিয়েই ক’ব পাৰি। বয়স হ’ল নহয়, বেমাৰ-আজাৰে অলপ আমনি কৰে আৰু। আপুনি এতিয়া কি কৰি আছে?

গোঁসাই :- আজি ভোগালী বিহুৰ উৰুকা যে, মেজি বনাই আছোঁ। 

মই :- মেজিটো খেৰেৰে বনাইছে নে কাঠখৰিৰে বনাইছে?

গোঁসাই :- দাদা মই মেজি খেৰেৰে নবনাওঁ নহয়, প্ৰত্যেক বছৰে কাঠখৰিৰে বনাওঁ। তাকো চন্দন কাঠৰ খৰিৰেহে বনাওঁ। আগৰ দৰে এইবাৰো পাঁচশ ফুট ওখ মেজি বনাইছোঁ।

মই :- (আও থিয়ৈ থিয়ৈ লেবেল এটা দি দিলে দেখিলা। কাঠো কাঠ একেবাৰে চন্দন কাঠ। ওখ পাঁচফুট হয় বা নহয়, একেবাৰে পাঁচশ ফুট পালেগৈ। ভাগ্যে চন্দ্ৰলৈকে বনাই আছোঁ বুলি নক’লে) ভাল ভাল, আপোনাৰেই দিন আৰু!  চন্দন কাঠখৰিৰ মেজি যেতিয়া ভালদৰে মেজিৰ জুইৰ উম লওক আৰু। আমি ইমান ডাঙৰ মেজি জ্বলাবলৈ খৰি-খেৰ পাবলৈয়ে নাই নহয়। বাৰীৰে সৰু ঘোঁৰানীম এজোপা কাটি দহফুটমান ওখকৈ নিয়মটো কৰিবলৈ মেজি এটা সাজি থৈছোঁ আৰু।

গোঁসাই :- কি ক’লে ভূঞা দা? মাত্ৰ দহফুট ওখ মেজি? এই কথাটো মোকেই যি ক’লে আৰু, আনক নক’ব দেই। হাঁহিব। মাঘৰ বিহুৰ মেজি বুলি ক’লে অতি কমেও পঞ্চাছ ফুট হ’ব লাগে। এ এ শেষেই , সৰ্বনাশেই হ’ল। আপোনাৰ লগত কথা পাতি থাকোঁতে খৰি জাপি জাপি বাঁহ কেইডালত গাঁঠি দিবলৈ পাহৰি থাকিলোঁ। এতিয়া খৰিবোৰ হুৰহুৰকৈ তলত খহি পৰিল। আকৌ মোৰ কাম বাঢ়িল। আপুনিনো এইটো সময়ত মোক ফোন কৰিব লাগে নে? আপুনি এইটো সময়ত ফোন কৰিয়েই মোৰ সৰ্বনাশ কৰি দিলে। থওক থওক, ফোন থওক এতিয়া।

আও দেখিলা, কেনেকৈ দমটো দি দিলে। গোঁসাই প্ৰভুৱে মেজিয়ে বনাই আছে নে , নাৰিকলেই ৰুকি আছে নে, খুন্দনাত পিঠাগুড়িয়েই খুন্দি আছে মইনো কেনেকৈ জানো বাৰু? অৱশ্যে আনকনো কি ক’ম, নিজৰো দেখোন একেই গতি। বিবাহিত পুৰুষবোৰৰ ভমককৈ খংটো জ্বলি উঠা স্বভাৱেই নেকি বাৰু? চাওকচোন বাৰু, অথনিৰে পৰা চাহ দিব দিব বুলি ডাইনিং টেবুলৰ কাষত বহি আছোঁ , শ্ৰীমতীও নাই চাহো নাই। এনেকৈনো সংসাৰ চলেনে! ইফালে মোৰ মূৰটোৱে চাহ চাহ বুলি টিংটাই যে কামুৰি আছে এওঁৰ খবৰেই নাই। খং কৰাতো দূৰৰে কথা, একো এটা ক’বও নোৱাৰোঁ।  মই যদি এষাৰ কওঁ, এওঁ এশ এঘাৰষাৰ ফৰফৰকৈ বকি দিব। এহ্ যেতিয়া দি থাকে দি থাকিব, সেইখিনি সময়লৈকে আৰু এজনক ফোন কৰোঁ। মূৰ খজুৱাই খজুৱাই কাক ফোন কৰোঁ বুলি ভাবি থাকোঁতেই পতককৈ ফটাঢোলৰ বৰলা সন্থাৰ সম্পাদকলৈ মনত পৰিল। ঠিক ঠিক, তেওঁকেই ফোন এটা কৰা যাওক। বেচেৰাই যোৱা মাহত যেনেকৈহে কষ্ট কৰি মৰো মৰো কৈ কেলঢেপ কেলঢেপ কৰি থকা মোৰ স্কুটীখনৰ নৱ জীৱন দান কৰিলে সেইজনাক পাহৰি থাকিলে মোক বাৰু মহাপাপে নুচুব নে। 

অৰ্চন :- হে_ল্লো_উ ……

মই :- (আস কি কোমল মাত, কি মিঠা সুৰ। এয়াহে ভাল ল’ৰাৰ লক্ষণ) বোলো তুমি অৰ্চন বোপা নহয় নে?

অৰ্চন :- হোৱাততো অৰ্চনেই হয়, পিছে আপুনি কোন অৰ্চনৰ কথা ক’লে বা? আপুনি বা কোন সেইটোও নাজানিলোঁ?

মই :- হেৰা অৰ্চন বোপা, মই ফটাঢোলৰ গৰু ডাক্তৰ ভূঞা খুৰা। তুমি বাৰু ফটাঢোল বৰলা সন্থাৰ সম্পাদক অৰ্চন শৰ্মা বোপা নোহোৱা জানো?

অৰ্চন :- অ’ সেইজন ভূঞা খুৰা, যিজনে মোৰ গেৰেজত স্কুটীখন ভাল কৰোৱাই আজিলৈকে ধনখিনি দিয়া নাই। এটা কথা নহয় খুৰা, গেলাত টেঙানো কিয় দিয়ে বাৰু। নিজে বিয়া-বাৰু কৰাই ল’ৰা-ছোৱালী দুটি জন্ম দি ডাঙৰ-দীঘল কৰি গজগজীয়া হৈ আছে। এই দুৰ্ভগীয়াৰ কথা এবাৰো নাভাবিলেতো নাভাবিলেই, এতিয়া আকৌ কটা ঘাঁত চেঙা তেল ঢালিবলৈ অকণমানো দয়া-মৰম নুপজিল নে?

মই :- ছেঃ কি যে কোৱা নহয় অৰ্চন বোপা।  বাৰু সেইবোৰ এতিয়া বাদ দিয়া।  ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।

অৰ্চন :- আপোনাকো ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। মই কাজিৰঙাৰ কাষৰ বিললৈ আজি মাছ ধৰিবলৈ গৈছিলোঁ। এইমাত্ৰ ঘৰলৈ আহি গাটো তিয়াই কাপোৰ সলাই থাকোঁতেই আপুনি ফোন কৰিলে ।

মই :- কেলেই , প্ৰশাসনে আজি তাত বাধা দিয়া নাছিল জানো?

অৰ্চন :- কি কয় হে খুড়া, মই থাকোঁতে প্ৰশাসনে বাধা দিব! 

মই :- পিছে নিউজত তোমাক নেদেখিলোঁ যে?

অৰ্চন :- ক’ত দেখিব খুৰা, মই কেমেৰা মেনৰ সন্মুখত থিয় দি থকা নাছিলোঁ নহয়।

মই :- যদি প্ৰশাসনৰ নিৰ্দেশমৰ্মে পুলিচ মিলিটেৰীয়ে লাঠি চাৰ্জ, কন্দুৱা গেছ প্ৰয়োগ কৰিলেহেঁতেন? যদি গুলিচালনা কৰিলেহেঁতেন?

অৰ্চন :- আপুনিও যে কি কয় নহয় খুৰা, মই পুলিচ মিলিটেৰীৰ পিছফালে থিয় হৈ আছিলোঁ আকৌ।

মই :- (আও এইজন কম নোম টেঙৰ নহয় দেই) বাৰু মাছ-পুঠি কিবা পালানে নাই? নে এনেই বোকা পানী খেদালি আহিলা?

অৰ্চন :- আও খুৰা, মাছ-পুঠি নাপাম। এই অৰ্চনে বিললৈ গ’লে মাছ নোপোৱাৰ উদাহৰণ আজিলৈকে হোৱা নাই। বিৰাট ডাঙৰ শ’ল মাছ এটা পালোঁ। বিলত এবাৰ মাত্ৰ হাতখন সুমুৱাইছোঁহে, লাগিল নহয় মাছৰ মূৰটো মোৰ হাত দুখনত। গবা মাৰি ধৰিলোঁ। মাছটোৱে মোক চোঁচৰাই  দ পানীলৈ নিব বিচাৰি আছে। এনেতে আমাৰ দিম্পল বৰলা কাই আৰু তবিবৰ বৰলা কায়ে দেখি লৰ মাৰি আহিল। তিনিওটাই গবা মাৰি ধৰি কেকোঁ-জেকোঁকৈ পাৰত উঠালোঁ।

মই :- মাছটোৰ ওজন কিমানমান হ’ব বাৰু?

অৰ্চন :- কি ক’ম খুৰা, আপোনাক ক’লেতো বিশ্বাসেই নকৰিব। মাছটো যেনে-তেনে দাঙি আনি খৰি জোখা পাল্লা এখনত এফালে মাছটো থৈ আনফালে মই বহি দিলোঁ, মাছৰ ওজন মোৰ ওজন সমান। একেবাৰে সাতাৱন্ন। 

মই :- (সাতাৱন্ন মানে সাতাৱন্ন গ্ৰাম নেকি বাৰু? মাছটো বাৰু সাতাৱন্ন গ্ৰাম মানি ল’ব পাৰি। কিন্তু অৰ্চন…… ? নাই , তেওঁকেই ভালদৰে সোধা যাওক) বোলো এটা কথা নহয় , মাছটো সাতাৱন্ন গ্ৰাম নেকি হে?

অৰ্চন :- অ খুৰা, কিনো কথাবোৰ কয় হে।  এই অৰ্চনে সাতাৱন্ন গ্ৰাম মাছ ধৰিব।  তাকো বিলৰ পৰা। পুৰাপুৰি সাতাৱন্ন কিলোগ্ৰাম।

মই :- (সাতাৱন্ন কিলোগ্ৰামৰ শ’ল মাছ? থাকিবও পাৰে, অৰ্চন বোপাৰ ভাগ্যত আছিল। পালে আৰু) হেৰি নহয় অৰ্চন বোপা, দিম্পল আৰু তবিবৰক ভাগ দিলা নে নাই ?

অৰ্চন :- দিবতো লাগিছিল খুড়া, পিছে দিওঁনো কেনেকৈ আপুনিয়েই কওকচোন।  মাছটো মোলৈকে নুজুৰিব।

মই :- (বাপৰে বাপ, এইজন দেখোন মৰখকুৱা মনুষ্য। সাতাৱন্ন কিলোগ্ৰামৰ মাছটো বোলে তেওঁকেই নোজোৰে। অৰ্চন বোপাই কোৱামতে মাছটোৰ ওজন আৰু অৰ্চন বোপাৰ ওজন সমান সমান। যদি অৰ্চন বোপাৰ ওজন সাতাৱন্ন কিলোগ্ৰাম হয় তেন্তে সাতাৱন্ন কিলোগ্ৰামৰ মাছটো ক’ত লুকাব আৰু যদি মাছটোৰ ওজন সাতাৱন্ন কিলোগ্ৰাম হয় তেন্তে একে সমান ওজনৰ অৰ্চন বোপা হয় তেন্তে অৰ্চন বোপা ক’ত হেৰাব? মই মনে মনে থকা দেখি… )

অৰ্চন :- কি হ’ল খুৰা, মনে মনে থাকিল যে? আপোনালোকৰ বিহুৰ আয়োজন কেনে?

মই :- হেহ্ , অঁ অঁ আমাৰ বিহুৰ আয়োজন? বৰ বিশেষ তেনেকৈ আয়োজন কৰা নাই। অলপ আগতে বজাৰৰ পৰা দুই কিলো খাহী মাংস, দুই কিলো ওজনৰ বাহু মাছ এটা আৰু শাক-পাচলি অলপ আনিলোঁ আৰু। ঘৰতে হাঁহ আছেই , তাৰে এটা বধিব লাগিব।

অৰ্চন :- কি ক’লে খুৰা, দুই কিলো খাহী , দুই কিলো মাছ আৰু এটা মাত্ৰ পাতিহাঁহ।  আপুনি বৰ চিকটা, এহ্ নহয় নহয় গুচিকটা মানুহ হে। আজি ভোগালী বিহুৰ উৰুকাৰ দিনাখনো আপুনি ইমান চিকটাকে বজাৰ কৰিব বুলি সপোনতো ভবা নাছিলোঁ। থওক থওক, ফোন থওক।  আপোনাৰ লগত কথা পাতি মোকো নিজকে কিবা চিকটা চিকটা যেন লাগি গৈছে ।

কৃষ্ণ কৃষ্ণ, মই চেটেপ। এইজনাই দেখোন একেবাৰে এই অভাজনৰ ছালে-মঙহে বখলিয়াই পেলালে। আৰু কাৰোবালৈ ফোন কৰোঁ জানো? সেইজনাই যদি কেনেবাকৈ বুকুৰ ভিতৰত ধপ ধপ কৰি থকা হাওঁফাওঁ আৰু কলিজাটোও বখলিয়াই পেলাই তেন্তে এই দুৰ্ভগীয়া ফটাঢোল বাদেই দিয়ক, এই বিনন্দীয়া ধৰাৰ পৰাই চেটেপ হ’ব লাগিব। হেন সময়তে শ্ৰীমতীয়ে কাটা নিমকিৰ লগত চাহকাপ দি গ’লহি। নাই, এইবাৰ দেৱজিত শৰ্মাক ফোন কৰোঁ। তেওঁ তেনেকুৱা নকৰে বুলি মোৰ পুৰা বিশ্বাস আছে । ফটাঢোলৰ মীটত লগ পাইছিলোঁ।  যিহে আদৰ-সাদৰ, যিহে আতৌ-পিতৌ সম্ভাষণ। মৰমেই লাগি যায়। ফিকা চাহৰ লগত কাটা নিমকিৰ সোৱাদো লোৱা যাওক আৰু তেওঁকো ফোন কৰা হওক। 

 আই ঐ , মৰিলোঁ ঐ, কাটা নিমকি বুলি কাষতে কাটি থোৱা ভোট জলকীয়াৰ পৰা এটুকুৰা ভোট জলকীয়াকে চোবাই পালোঁ ঐ। উ…হু…হু… পানী পানী। আই ঔ, এইবেলি মই শেষেই আৰু। কাষতে থকা উতলা পানীৰ কেটলিটোৰ পৰা তৎভৎ হেৰুৱাই গিলাচত পানী ঢালি গিলি দিলোঁ ঐ। শেষ শেষ… মোৰ ডিঙিৰ ভিতৰৰ ফেৰিঞ্চ, লেৰিঞ্চ , টনচিল সকলোবোৰ আধা সিজা হ’ল যেন পাইছোঁ। নাকৰ পানী, চকুৰ পানী সোঁত সোঁতকৈ বৈ গৈ গোটেইখন বানপানী হ’ব এতিয়া। এই চম্পাজনীয়ে সঁচাসঁচিকৈ মোৰ ঘৰৰ মূধচত ৰঙা গ্ৰেনেড দলিয়ালে যেন পাইছোঁ ঐ। চকু, কাণ, নাক, মুখৰ পৰা ফচফচকৈ ধোঁৱা উৰিব ধৰিছে। নেপাই অ’ চম্পা আইটি নেপায়, এনেহেন নিৰীহ নিমাখিত জীৱবোৰৰ ওপৰত এনে অত্যাচাৰ কৰিব নাপায়।

☆ ★ ☆ ★ ☆

3 Comments

  • ৰাজশ্ৰী শৰ্মা

    বাপৰে খুড়া, একেবাৰে হোল চেলত বজালে পাই।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া দাদা৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *