নিমন্ত্ৰণ-নীলাক্ষি কাকতি
:থপ-আস! কাণৰ ওচৰত বাৰে বাৰে কুনকুনাই থকা মহটোক মাৰিবলৈ গৈ নিজৰে গালত চৰটো জোৰকৈ লগাত গালখন মোঁহাৰি মোঁহাৰি দীপে সিকাতি হৈ গাৰুটোৰে মুখখন ঢাকি ল’লে৷ মুখেৰে ভোৰভোৰাই সি মহটোৰ চৈধ্যগোষ্ঠীক দুটামান গালি দিলে৷ বোধকৰোঁ ৰাতি আঠুৱাখন খুচি লওতে ঠিক নহ’ল৷
: চাল্লা৷ এইচবক সৃষ্টি কৰোঁতে নিৰ্ঘাত ভগৱানৰ ঘৈণীয়েকৰ লগত কাজিয়া লাগিছিল৷ নিজে অশান্তি পাই আমাকো অশান্তি দিবলৈ ভগৱানৰো চাগে মন গৈছিল৷
মুখেৰে ভোৰভোৰাই থাকোঁতেই দীপৰ মোবাইলটো বাজি উঠিল৷ স্ক্ৰীণত নামটো চাই মোবাইলটো চাইলেণ্ট মুডত থৈ পৰম বিৰক্তিৰে সি আকৌ বাগৰ সলালে৷ মনতে ভাবিলে -আজি মোৰ টোপনি কপালত নাই৷ এই ৰাতিপুৱাই এই মহা কামোৰটোৱে কিয় বা ফোন কৰিছে! দুবাৰমান মোবাইলটো বাজি বাজি বন্ধ হৈ গ’ল৷ উফ্ ৰক্ষা৷ এতিয়া সি অলপ শুব পাৰিব৷
কিছু সময় পিছত-
: অই কুম্ভকৰ্ণ৷ মানুহে ফোন কৰি কৰি তোক নাপায় যে মোক ফোন কৰিবলগীয়া হৈছে গম পাৱনে? কি এনে চৰকাৰে তোক দেশৰ কাম দিছে যে ৰাতি দুপৰলৈ পহৰা দিবলগীয়া হৈছে তোৰ? ঘৰৰ কামৰ নামততো কূটা এগচো ইফাল-সিফাল নকৰ৷ এইটো ল৷ বিজিতে ফোন কৰিছে৷
– মাকে মোবাইলটো তালৈ দলিয়াই দি ৰূমৰ পৰা ওলাই গ’ল৷
: হেল্লো৷ অই, তোৰ কি এনে কাম ওলাইছে যে কাউৰী পুৱাতে মোৰ মূৰটো নষ্ট কৰি আছ হা? ইফালে মহে বিনা পইচাত গজল শুনাই আছে আৰু তই ফোনত অশান্তি দি আছ ।
: হে ৰ’হচোন৷ খং পিছতো কৰিবি৷ আগতে কথাটো শুনচোন৷
: কি কথা আছে শুনিবলৈ? আচলতে মহ আৰু তোৰ মাজত একো পাৰ্থক্য নাই৷ এটাই তেজ শুহে আৰু তই মাথাৰ ঘিঁউ শুহ৷ গমে পাইছ যে মই ফোন ধৰা নাই৷ মানে তোৰ লগত মোৰ এই ৰাতিপুৱাই কথা পতাৰ ইচ্ছা নাই৷ গম পায়ো তই মাক ফোন কৰিছ! কেনে কামোৰ বে তই? ইফালে মাদাৰে ইণ্ডিয়াই ভাষণ দিয়াৰ চাঞ্চতে থাকে৷ এতিয়া ক কি কৰিবলৈ তই মোক ফোন কৰিছ? ফাল্টু কথা ক’লে বিদ্যা তোৰ ঘৰত গৈ ফলা খৰিৰে তোক কোবাই থৈ আহিম৷
: ধেই৷ কি কৱ? কথাটো শুন৷ কালি ৰাতি বন্দিতাই মেচেঞ্জাৰত মোৰ লগত কথা পাতিছে৷ মই এনেই টুকুৰিয়াই চাম বুলি তাইক অনলাইন থকা দেখি ভাত খালেনে নাই সুধিছিলোঁ৷ তাই উত্তৰ দিলে৷ লগতে অলপ কথাও পাতিলোঁ৷ তাই এদিন মোক সিহঁতৰ ঘৰত চাহ খাবলৈ মাতিছে৷ মোৰ কপাল ফুলিল বে৷ মাছ জালত লাগিব যেন লাগিছে৷
: মা কচম! তই এই কথাটো ক’বৰ বাবেই এনেকৈ মোৰ কাণত কুনকুনাই আছ? আমাৰ আড্ডাত ক’লে নহ’লহেঁতেন নেকি? যা সিহঁতৰ ঘৰত৷ চাহ খাৱ ভাত খাৱ যি খাৱ খাই আহ৷ মোক কিয় অশান্তি দি আছ বে?
: ধেই ৰ’হচোন৷ মোৰ মনটো আজি গাৰ্ডেন গাৰ্ডেন হৈ আছে৷ জানো দে তই এনেই খং কৰি দেখাইছ৷ আচ্ছা শুন আচল কথাটো৷ আজি তোক আৰু ৰণক মই খানা খুৱাম৷ আহি যাবি মোৰ ৰূমত দুপৰীয়া৷
: কি—কি! তই আমাক খানা খুৱাবি? তোৰ দৰে মাখিৰ মূৰৰ ঘিঁউ শুহি খোৱা কৃপণে আমাক খুৱাবি? হৰি হৰি৷ মই চিকুটি চাওঁ ৰহ৷ সাৰে আছোঁনে নে টোপনিৰ জালতে আছোঁ ক’বই পৰা নাই৷ হেৰি নহয় আৰু এটা কথা৷ তোৰ দৰে ধদুৱা এটাই আমাক ভাত ৰান্ধি খুৱাবিনে? কুকাৰত ভাত এদিন ৰান্ধি তিনিদিনলৈ খোৱা তোৰ দৰে কৰ্মবীৰে আমাক কি ৰান্ধি খুৱাবি? আচল কেচটো ক? কিবা কাম আছে ন তোৰ?
: বাপৰে৷ তহঁতে মোৰ একো কথাই বিশ্বাস নকৰ৷ সচাকৈয়ে কৈছোঁ৷ আহি যাবি৷ মোৰ মনটো আজি বিৰাট ভাল৷
: চাবি কিন্তু৷ মাতিছ যেতিয়া যাম৷ পিছে যদি শুদা পেটে দুপৰীয়া থাকিবলগীয়া হয়, তেন্তে তোৰ নিস্তাৰ নাই৷
: হে হে৷ আহি যাবি৷ তহঁতে মোক ইমান কৰাইচ আৰু ধোদ বুলি নাভাবিবিচোন৷
***
দীপ, বিজিত আৰু ৰণ তিনিও ভাল বন্ধু৷ দীপ আৰু ৰণৰ ঘৰ যোৰহাটত৷ বিজিতৰ ঘৰ চহৰৰ পৰা অলপ নিলগত৷ সেয়ে সি চহৰতে ভাৰাঘৰ এটাত থাকে৷ দীপ আৰু বিজিতে কোম্পানীত কাম কৰে৷ ৰণৰ নিজৰ ব্যৱসায় আছে৷ দীপে বিচনাৰ পৰা উঠি ঘড়ীটোলৈ চালে৷ দহ বাজি গৈছে ইতিমধ্যে৷ সি উঠি ব্ৰাচ কৰি কৰিয়েই বাথৰুমলৈ গ’ল৷ অলপ সোনকালে কৰিব লাগিব কামবোৰ আজি৷ দেওবাৰ বুলিয়েই আজি তাৰ দেৰি হ’ল৷ বাপেকে আগদিনাই তাক ঘৰৰ অলপ কাম দি থৈছে৷ সেইখিনি নকৰিলে বাপেকে কেতিয়া ম’গেম্বোৰ ৰূপ ল’ব ঠিক নাই । ইফালে বিজিতে মাতিছে৷ তাৰবাবে তাৰ মনটো ভালো লাগিছে৷ সিহঁত তিনিও একে বয়সৰ৷ বিয়াৰ বয়সো হৈছে৷ তাৰো ঘৰত মাজে মাজে বিয়াৰ কথা ওলাই৷ মাকে কঁকালৰ বিষৰ কথা কৈ কৈ তাক পাকে প্ৰকাৰে বিয়াৰ কথা কাণ চোৱায়৷ পিছে ভালদৰে কিবা এটা নকৰালৈকে বিয়া পতাৰ কথা সি ভবা নাই৷ জীৱনটো কৰণ জোহৰৰ চিনেমা নহয় যে নিম্ন মধ্যবিত্ত নায়কজনে চুইজাৰলেণ্ডৰ পাহাৰত ব্ৰেণ্ডেড ড্ৰেচ পিন্ধি নায়িকাৰ লগত নাচি নাচি গান গাই থাকিব৷ সি মাকে বনাই থোৱা ৰুটি-ভাজি খাই দেউতাকে দিয়া কামটো কৰিবলৈ ওলাই গ’ল৷
দুপৰীয়া বাৰমান বজাত তাৰ মোবাইলটো বাজি উঠিল৷ বিজিতৰ ফোন৷ চেহ্! তাৰ খঙে উঠিছে চাগে৷ দেউতাকে দিয়া কামটো কৰোঁতে তাৰ দেৰিয়েই হ’ল৷ সি খপজপকৈ ফোনটো ৰিচিভ কৰিলে-
: হেল্লো বিজিত৷ গৈ আছোঁ ৰহ৷ মোৰ অলপ কাম ওলাল অ’৷
: অ’৷ ঠিক আছে দে৷ শুনচোন কথা এটা হ’ল৷ মানে আমাৰ ইয়াত ভাল হাঁহ নাপালোঁ৷ তই আহোঁতে ভাল চাই হাঁহ এটা লৈ আহিবিচোন৷
: কি! এতিয়ালৈকে তোৰ মাংস কিনিবলৈ আছেই! হ’ব দে মই ঘৰতেই ভাত খাম৷ এনেয়ো তোৰ দৰে কৃপণে যে খানা দিব নোৱাৰ মই ভালদৰেই জানো। কিহে যে পাইছিল মোক! মাক আকৌ ঘৰতে ভাত খাম বুলি ক’ব লাগিব৷ তই কিয় মিছাতে মাথা খাৱ অ’? মোক নামাতিবি আৰু তই৷
: ৰচোন৷ অনবৰতে দুৰ্বাসা মুনিৰ দৰে খঙতে কিয় থাক? ভাল হাঁহ পোৱা নাই কাৰণেহে কৈছোঁ৷ নহ’লে খাৰ দি সিজাব লাগিব৷ ৰিটায়াৰ লোৱা হাঁহ দুজনীমান আছে৷ সিহঁতক সিজাবলৈ কুকাৰটোক দৰ্খাস্ত দিব লাগিব৷ অলপ বুজিবিচোন কথাবোৰ৷
: মই জানোৱেই তোৰ বাহানাবোৰ৷ পিছে হাঁহ যে নিব দিছ টকা পিছত দিবিনে নাই?
: দিম৷ দিম৷ মোক ইমানো কৰাইচ বুলি নাভাবিবিচোন৷ আহ আহ৷ সোনকালে আহ৷ ৰণ আহি পালেই৷
দীপে দৌৰাদৌৰিকৈ বজাৰলৈ গ’ল৷ তাত তেলাল হাঁহৰ মাংস এককেজি কিনি সি বিজিতৰ ৰূম পোৱালৈ প্ৰায় এক বাজিলেই৷ সি গৈ দেখিলে ৰণে চকুপানী মচি মচি পিঁয়াজ কাটি আছে৷
: মানে তই নহৰু পিঁয়াজো কটা নাই? তই ইমান ধুৰন্ধৰ কিয় বাৰু? মানুহক খাবলৈ মাতি এজনক বজাৰ কৰিবলৈ কৈছ আৰু এজনক পিঁয়াজ-নহৰুৰ বাকলি গুচাবলৈ কৈছ৷ সঁচাকৈ তই এই দুনীয়াত এটাই পিচ আছ বে৷ কি খাই তোৰ মায়ে তোক পেইদা কৰিছিল বাৰু?
: দে দে৷ হ’ব দে৷ পিছতো বকিবি৷ বৌম ভোক লাগিছে বে৷ মই বৰুৱা চুইটচৰপৰা গজা আৰু চিঙৰা আনিছোঁ৷ আগতে খাই ল৷ অ’ শুনচোন৷ মাংস তয়ে বনাবি দেই৷ জানই মই বনালে আমাৰ কেম্পাচৰ ঢেকুৰাটোৱেও নাখাওঁ বুলি প্ৰতিবাদ কৰিব৷
: ৰণ৷ বাদ দে৷ তই কিহৰ আশাত বাকলি গুচাই আছ? ই আমাক ঢপ দি মাতি আনিছে৷ ব’ল শৰ্মা হোটেলতে পৰঠা-ঘুগুনি খাই লওঁ৷ যোৱাৰ আগতে ইয়াক দুটা লাঠ মাৰিবলৈ নাপাহৰিবি৷
: বাপৰে৷ তোৰ কথাই কথাই খং উঠে যে কিয়? ঠিক আছে ময়ে বনাম৷ পিছে পিছত নক’বি যে মই পাঁচফোৰণ দি মাংস বনাইছোঁ৷
: ৱাহ ! সি আমাক খাবও মাতিব আৰু ইমোশ্যনেল ব্লেকমেইলিঙো কৰিব । ধুৰ কিহৰ যে পাল্লাত পৰিলোঁ ! অই যা মাংসখিনি ভালদৰে চাফা কৰ৷ ৰণ সোনকালে পিঁয়াজখিনি কাট । পেটে আন্দোলন আৰম্ভ কৰিছে৷ অই ধদুৱা, আদা- নহৰু ক’ত পিচিম?
: ৰহ৷ আনি আছোঁ৷
বিজিতে এইবুলি কৈ হাতুৰি এটা আনিলে৷
: এইটো ল৷
: এইটোৰে মই কি কৰিম? তোৰ মূৰত মাৰিবলৈ দিছ নেকি?
: ৰচোন৷ ফটুৱামি বাদ দে৷ লোহাৰ খুন্দনাটোৰ মাৰিডাল পোৱা নাই৷ আঠুৱাৰ বাবে গজাল মাৰিবলৈ লৈ ক’ত বা থ’লোঁ! এতিয়া বিচাৰি থাকিবৰ সময় নাই৷ একো নহয় দে৷ পটাপট হৈ যাব৷
: কি যে কুক্ষণত মই তোৰ কথাত ভাত খাবলৈ আহিছিলোঁ! দে দে৷ উপায় নাই৷ উপায় নহ’লে শিয়ালকো বনৰ উপদেষ্টা বুলি চালাম কৰিবলগীয়া হয়৷
: অ’৷ ৰণ শুনচোন৷ কুকাৰটো বেয়া হৈ আছে৷ মই মানে চচত ভাত বনালে ভাত পেৰপেৰীয়া হ’ব৷ তয়ে বনাই দিবি৷ মই চাউলকেইটা ধুই আনোঁ ৰ৷
: অই দীপ, ইয়াক টিকাত কেইগোৰমান মাৰোঁ দে৷ আজি ঘৰত খাহী বনাইছিল৷ মোক ই তাৰ প্ৰেমৰ দোহাই দি দি মাতি আনিছে৷ চাল্লা!
পেট পেলাই পেলাই বিজিতে মোবাইল টিপি থকা দেখি দীপে ৰূমৰ ফেনখন চলাই দিলে৷
: হেই হেই কি কৰ? ইমান ঠাণ্ডাত কিয় ফেনখন চলাই দিছ?
: কুকুৰ! তই আমাক ভাত খাবলৈ মাতি গেবাৰি খটুৱাইছ আৰু নিজে মোবাইলত লিলিমাই কৰি আছ৷ ফেন নচলাই কি কৰিম? উঠ৷ ভাত হ’ল৷ ভাত বাঢ়৷
: অ’ অ’৷ দে দে৷ তিনি বাজিবৰ হ’ল৷ তহঁত কামত খৰ নহয় দেই৷ মই বনালেই ভাল আছিল৷ আধাঘণ্টাত কাম চাফা কৰি দিলোঁহেঁতেন৷
: মুখৰ পৰা বেয়া মাত নুলিয়াবি আৰু৷ ভাত বাঢ়৷ খাওঁ আৰু যাওঁ৷ তোৰ ফকটীয়া কথা শুনি শুনি সিজি গৈছোঁ৷ মোৰ আজি দিনটোৱেই বেয়া৷
: ধেই৷ তই ধেমালিও বুজি নাপাৱ৷ হ’ব বহ বহ৷ মই ভাত বাঢ়োঁ৷
ভাত -পানী খাই ৰণ আৰু দীপ দুয়ো দৌৰাদৌৰিকৈ যাবলৈ ওলাল৷ বিজিতে তামোলৰ টোপোলাটো উলিয়াই দিলে৷
: অই আমি যাওঁ৷ মাংসৰ টকা দে৷
: ধেই৷ দিম নহয়৷ মই ক’ৰবাত গুচি গৈছোঁ নেকি? অথনি এ টি এমৰ পৰা টকা উলিয়াব নোৱাৰিলোঁ৷ এ টি এম খালী৷ দি আছোঁ দে৷ কাইলৈ পাই যাবি৷ অ’ কথা এটা হ’ল৷
: আৰু কি হ’ল?
পৰম বিৰক্তিৰে দীপে তালৈ চালে৷
: মানে মোৰ কালি পাচলি কাটোঁতে হাত কাটিছিল৷ এয়া চা ৷ নহ’লে মই তহঁতক কথাটো নক’লোঁহেঁতেন৷ বেয়া নাপাৱ যদি বাচনকেইটা মাজি থৈ যাচোন৷ মই মানে—–
তাৰ কথাটো শেষ হ’বই নাপালে দীপৰ চেণ্ডেল এপাট তালৈ লক্ষ্য কৰি আগবাঢ়ি আহিল৷
☆ ★ ☆ ★ ☆
10:09 pm
হাঃ হাঃ। বন্ধু প্ৰেম
11:36 am
তামাম এইটো৷ নিজৰো এনেকুৱা অভিজ্ঞতা এভাগ হৈছিল৷
10:39 am
বঢ়িয়া
6:18 am
হাঃ হাঃ হাঃ…. হাঁহিলোঁ কিছু।
বৰ সুন্দৰ লিখনি ।