ভাড়াতীয়া-ভূপালী দেৱী
: মা, অ’ মা, কি হ’ল আজি বিচনা এৰিবৰ হোৱাই নাই যে? বেলি আহি মূৰৰ ওপৰ পালে। ইহ মোক দেৰিকৈ উঠাৰ বাবে গালি শপনি পৰা জনীৰ আজি সাৰসুৰেই নাই।
– মাকক শুই থকা দেখি ভোৰভোৰাই নয়নে বকি বকি নিজৰ কোঠাত সোমাল ৷
পুতেকৰ মাতত ধহমহাই উঠিল মাক।
: হে ভগৱান, আজি অন্ততঃ মোৰ মনৰ আশা পূৰণ কৰিবা। প্ৰায় দুবছৰেই হ’ল, মোৰ আৰু ধৈৰ্য্যৰ পৰীক্ষা নল’বা প্ৰভু।
– টোপনিৰ জালতে ঈশ্বৰক প্ৰাৰ্থনা এভাগি জনাই ল’লে তেওঁ। ৰাতিপুৱাৰ সপোন হেনো সঁচা হয়, সেয়ে যদি হয় তেন্তে তেওঁৰ সপোনটো ফলিওৱাটো এশ শতাংশই নিশ্চিত। এতিয়া মাথোঁ ঈশ্বৰেই ভৰসা আৰু।
গাটো তিয়াই, গোঁসাই ঘৰৰ চাকি-বন্তি জ্বলাই তেওঁ ঈশ্বৰক আকৌ এবাৰ খাটিলে “হে প্ৰভু, কিবা এটা কৰিবা আৰু, আজি দুবছৰেই হ’বৰ হ’ল”।
পুৱাৰ চাহকাপ লৈ বাহিৰলৈ ওলাই আহিল মাক,
: ঐ তোৰ পুৱাই পুৱাই টেটু ফালিবলৈ কিহে পাইছিল হা? ইমান ধুনীয়া সপোন এটা দেখি আছিলোঁ ৷
বেতৰ চকীখনত বহি ৰ’দ পুৱাই থকা পুতেকক মাকে ডবিয়াই উঠিল।
মাকৰ কথা শুনি নয়নে ঘোপাকৈ মাকৰ ফালে চাই মাকক জোকাবৰ মনেৰে ক’লে,
: আজি যে উৰুকা, খবৰ আছেনে নাই? পইচা দে মই বজাৰলৈ যাওঁ৷
পুতেকৰ কথা শুনি মাকৰ মূৰলৈ উজাই অহা খংটো কিবাকৈ হাতৰ মুঠিতে নিয়ন্ত্ৰণ কৰি ৫০০টকা এটা নয়নৰ হাতত গুজি দি গালিৰ বৰ্ষণ আৰম্ভ কৰিলে,
: আনৰ ল’ৰাই বুঢ়া বয়সত মাক দেউতাকক বিধে বিধে বস্তু আনি খুৱাই, ফুৰাবলৈ নিয়ে। আমাৰ কটানিধকটোৱে আকৌ মোৰ পৰাই পইচা নি উৰুকাৰ বজাৰ কৰি মোকেই খুৱাব।
মাকৰ গালিবোৰ নয়নৰ গাৰ পৰা এক মিটাৰ দূৰৈতে থাকিল। সি জানিছিল পইচা বিচৰাৰ লগে লগেই বুঢ়া বয়সতো টকা পইচাৰ মোহ এৰিব নোৱৰা মাকে যে তাক গালিৰে পুতি পেলাব। সেয়ে নয়নে কাণত হেডফোন লগাই গান শুনাত ব্যস্ত হৈ পৰিল৷ পুতেকৰ কাণ্ড দেখি মাকৰ খং দুগুণে চৰিল, পুতেকক আৰু গালি দুটামান দি লওঁ বুলি মুখ মেলোতেই নয়নে কাণৰ পৰা হেডফোনডাল আঁতৰাই ক’লে,
: গালিকে পাৰি থাকিবি নে চাহ একাপ দিবিহি? বোৱাৰীয়েৰে মোক নিদিলেই বুজিছ।
নয়নৰ কথাত মাকে থৰ লাগি মনত পেলালে। এৰাটো, বোৱাৰীয়েকে দুয়োজনৰ কাৰণেই চাহ বকিছিল, তাৰ চাহ কাপ অনিবলৈকে পাহৰিলে তেওঁ। তাৰ চাহ কাপ আনিবলৈ বুলি যাওঁতে নয়নে বাধা দিলে, সি নিজে উঠি গৈ চাহৰ কাপটো লৈ আহিল ।
নয়নে চাহৰ কাপটো হাতত লৈ মাকৰ কাষত বহি মাকক সপোনটোৰ কথা সুধিলত মাকে উশাহটো দীঘলকৈ ভিতৰলৈ টানি ক’লে,
: কি ক’ম বোপা তোক, বৰ ভাল লগা সপোন এটা দেখিছিলোঁ। এহাল নতুনকৈ বিয়া হোৱা দম্পতী আহিছিল ভাড়া ৰূম বিচাৰি। দুটা ৰূম লাগে হেনো৷ পইচাৰ কথাটো পাতি থাকোঁতে তই মাত লগালি নহয় আৰু পাঁচ মিনিটমান পিছত মাতিলে কিনো ক্ষতিটো হ’ল হয় তোৰ!
মাকৰ কথা শুনি ৫০০ টকাটো মাকক ওভতাই দি নয়নে ক’লে,
: তোৰ পৰা মোক পইচা নালাগে, মই ধেমালিহে কৰিছিলোঁ। এনেও ৫০০ টকাত কিনো বজাৰ কৰিলোঁ হয়। আৰু তই যে এই দুইবছৰে ভাড়া ৰূমৰ বাবে মানুহ বিচাৰি পাগলৰ দৰে যাকে তাকে ফোন কৰি আছ, ভগৱানকো শান্তিত থাকিবলৈ দিয়া নাই। এতিয়াতো সপোনতো ভাড়াৰূম বিচাৰি অহাই দেখিবলৈ ল’লি। তই খাবলৈ পোৱা নাইনে পিন্ধিবলৈ পোৱা নাই অ’ মা?
: হেৰৌ খাবলৈ, পিন্ধিবলৈ সকলো পাইছোঁ। এইবোৰৰ কাৰণে ৰূমবোৰ ভাড়া দিবলজ বিচৰা নাই নহয়। কথা পাতিবলৈয়ো মানুহ লাগেতো। বোৱাৰীৰ লগতনো কিমান কথা পাতিম, তাইৰো কাম থাকে৷
: কথা পাতিবলৈ নহয় দে, মই জানো নহয়। শইকীয়া খুড়াহঁতৰ ৰূমবোৰ ভাড়াতীয়াৰে ভৰি পৰা বাবে তই সহ্য কৰিব পৰা নাই। তোৰ তাতনো কিয় আহিব ভাড়াতীয়া। আজি বোলে পানী বেচিকৈ পেলালে, কালি বোলে আলহী বহুত আহিলে, এইটো মাহত বোলে লাইটৰ বিল বেছিকৈ আহিলে, আৰু যে কত কিমান তোৰ কমপ্লেইন।
নয়নে মাকৰ মুখতে ধৰি কৈ উঠিল।
: তোমালোকৰ কথা শেষ হ’ল যদি বজাৰলৈ যোৱা। নহ’লে উৰুকাৰ ৰাতি শুদা ভাত খাব লাগিব।
পাকঘৰৰ পৰা নয়নৰ পত্নী ৰিমাই চিঞৰিলে। ৰীমাৰ মাত শুনিহে নয়নৰ সম্বিত ঘূৰি আহিল। হাতত মোনাখন লৈ লৰালৰিকৈ নয়ন বজাৰলৈ ওলাই গ’ল, দেৰি কৰিলে বিহুৰ বজাৰত যথেষ্ট ভীৰ বাঢ়ে।
উৰুকাৰ ৰাতি মাছে মঙহে দকছি খাই পেট পেলাই শুই পুৱা সোনকালে উঠি গা পা ধুই তিনিও অগ্নিদেৱতাক সেৱা কৰি পুৱাৰ জলপান খাবলৈ লওঁতেই আহিল নহয় ৰূম বিচাৰি এহাল দম্পতী। মাকৰ যে কিমান আনন্দ৷ ভগৱানক ধন্যবাদ দি তৰণি পোৱা নাই৷
দুদিনমান মাক বেছ ফুৰ্তিতে থাকিল, পিছে তাৰপিছতহে খেলখন আৰম্ভ হ’ল। দুমাহ হৈ গ’ল ভাড়াতীয়াৰ ঘৰ লোৱা, কিন্তু ভাড়াৰ পইচা দিবলৈ মনত পৰা নাই৷ মাকে দুই তিনিবাৰ মনত পেলাই দিলে। নাই, তথাপিও ভাড়াতীয়াৰ গা লৰাই নাই৷
মাকৰ কথা শুনি শুনি উপায় নাপায় এইবাৰ নয়নে গৈ ভাড়াতীয়াক লগ কৰোঁতেহে আচল কথাটো ওলাই পৰিল৷
নয়নে উভতি আহি মাকক ক’লে,
: কাইলৈ তেওঁলোকে ৰূম খালি কৰিব আৰু এপইচাও তোক নিদিয়ে৷
নয়নৰ কথা শুনি মাকে খঙত ১০০ৱাটৰ বাল্ব জ্বলাদি জ্বলি উঠিল,
: পইচা নিদিব! মোক চিনি পোৱা নাই। একো বস্তু নিব নোৱাৰে সকলো ৰাখি থ’ম বাপ্পেকে৷
: কিয় দিব তোক তেওঁলোকে পইচা? দিনটোত কেৱল দুবাল্টি পানী দিবি, আলহী আহিলে সোনকালে যোৱাৰ কথা কৈ আহিবি। টিভি, ফেন চলালেও তোৰ আপত্তি। কিমান লাজ পাইছোঁ মই আজি তোৰ কাৰণে।
নয়নে খঙতে মাককে এজাউৰি দি তাৰ পৰা উঠি আহি টিভিটো লগাই বাতৰি চোৱাত লাগিল৷
তাৰ পিছদিনা পুৱাই মাক উঠাৰ আগতে নয়নহঁতৰ ভাড়াতীয়া অন্তৰ্ধান হ’ল। যোৱাৰ আগতে মাকলৈ বুলি এখন চিঠি লিখি বাৰান্দাতে থকা চকীখনত থৈ গ’ল। সেইখনত লিখা আছিল “ভাড়াতীয়াবোৰো মানুহেই, অলপ শান্তি আমাকো লাগে।” মাকে চিঠিখন পঢ়ি হুমুনিয়াহ কাঢ়ি নিজকে বুজালে, “মই নিজকে সলনি কৰিব লাগিব৷”
পিছদিনাৰ পৰাই মাকে আকৌ পুৱাই বিচনাতে ভগৱানক ভাড়াতীয়া বিচাৰি কাকুতি মিনতি কৰাত লাগিল৷
নয়নে হাঁহি হাঁহি ৰীমাক ক’লে, “বুজিছা ৰীমা, মা কেতিয়াও সলনি নহয়।’’
☆ ★ ☆ ★ ☆
11:35 pm
একেবাৰে ঠিক কথা কৈছ??
11:01 pm
ভাল লাগিল