যা চিমৰণ, যা জী’লে অপনি জিন্দেগী… : ৰিমঝিম বৰঠাকুৰ
হঠাৎ খবৰটো বনজুইৰ দৰে বিয়পি পৰিল। নিউজ পৰ্টেল, নিউজ চেনেলকো বাদ দি খবৰটো ফোনা-ফোনি কৰি বিয়পাই পেলালে আমাৰ জনতায়ো। মুঠতে কাৰো গাত তৰণি নাই।
“ঐ জাননে কথাটো?” বুলি আৰম্ভ কৰোঁতেই সিফালৰ পৰা “এইমাত্ৰ গম পালোঁ অ’।”টো আহিয়েই যায়। হুৱাটছএপৰ গ্ৰুপবিলাকতো ইটোৰ পিছত সিটোৰ “‘ছেড ইম’জি’ৰে ভৰ্তি হৈ গৈছে।
খবৰটো পাই একেবাৰে ভাঙি পৰিছে পিনাকীৰ ঘৰখনহে। বিশেষকৈ পিনাকী। অহা মাহৰ এক তাৰিখে বিয়া তাইৰ। তাৰ এসপ্তাহমান আগৰে পৰাই ঘৰত কেইবাটাও কাৰ্যসূচী। সংগীত, মেহেন্দীৰ পৰা ককটেইল পাৰ্টিলৈকে। দেউতাক বিমান ডেকাই কৈ চাইছিল বোলে সংগীত এবাৰ হ’লেই হ’ল। আকৌনো সংগীত এবাৰ, ককটেইল পাৰ্টি এবাৰ কিহলে লাগে। সেইটো কথাতে পিনাকী নাৰাজ। বোলে বিয়া হ’ম এবাৰেই, এবাৰেই ফটো উঠিম। তাতো ইমান এৰা-ধৰা কৰিব লাগেনে?
কথাটো পিচে নোহোৱাও নহয়। এজনীয়ে মাত্ৰ ছোৱালী। তেওঁৰ কিবা টকাৰেই আকাল আছে, নে এইবোৰ পাতিবলৈ ঠাইৰে অভাৱ আছে! হওক যা কৰক স্ফূৰ্তি। মানে অমৰীশ পুৰীৰ ভাষাত “যা চিমৰণ যা, জী লে অপনি জিন্দেগী।” এনেই কথাই কথাই পিনাকীৰ দেউতাকে সুধি চাইছিল ককটেইল পাৰ্টিত তেওঁলোকৰ এণ্ট্ৰী হ’বনে নাই। পিনাকীয়ে ডাইৰেক্ট ‘না’ কৈ দিলে।
: তোমালোকৰ এণ্ট্ৰী নাই কাৰণেইতো সংগীতৰ ব্যৱস্থা কৰা হৈছে। তাত তোমালোকে নাচা, গান গোৱা যি কৰা কৰিবা। কিন্তু ককটেইল পাৰ্টিত তোমালোক সোমাব নোৱাৰিবা।
: বাৰু দে। হ’লেও যে তই আমাৰ স্ফূৰ্তিৰ কথা চিন্তা কৰিয়েই সংগীতৰ কাৰ্যসূচী ৰাখিছ।
সেইবুলি পিনাকীৰ গায়ে মূৰে হাত ফুৰাই এইবাৰ দেউতাকে বহী কলম উলিয়াই হিচাপ-নিকাচত লাগিল।
সেইবোৰ কাৰ্যসূচীতো আছেই, কিন্তু তাৰ আগতে আকৌ প্ৰি-ৱেডিং ফটোশ্বুটভাগিও আছে নহয়। সেইটোৰ কাৰণে আকৌ দৰা-কইনাই নিজেই লোকেশ্যন ঠিক কৰিছে। তাৰ কাৰণে দৰকাৰী কষ্টিউমৰ কাৰণে লগা খৰছৰ তালিকাখন দেখি বিমান ডেকা কোনোমতে প্ৰেছাৰ ষ্ট্ৰ’ক হোৱাৰ পৰা বাছিল। লিষ্টখন হাতত লৈয়ে ঘামি যোৱা মানুহটোক আকৌ তেওঁৰ অৰ্ধাংগিনী নিৰ্মলাই লক্ষ্য কৰি আছিল। লাহে লাহে মুখখন বেঁকা বেঁকি হৈ অহা মানুহটোক দেখি তেওঁ দৌৰি আহিল,
: হেৰি হেৰি… চকীখনতে বহি দিয়কচোন। কিয় এনেকুৱা কৰিছে? আগত ইমান এটা ডাঙৰ কাম আহি আছে। সদায় কওঁ শুই উঠিয়েই প্ৰেছাৰৰ টেবলেটটোহে খাব। কিন্তু নাই, মানুহটোৰ মোৰ কথালৈ কাণ নাই।
দৌৰি আহোঁতেই বকি বকি অহা ডেকাৰ পৰিবাৰে ডেকাক গাত ধৰি জোৰ জবৰদস্তি চকীখনত বহুৱাবলৈ লাগি থাকোঁতেই সিফালৰ পৰা মাত দিলে,
: ৰ’বাহে মোৰ একো প্ৰেছাৰ ছেছাৰ উঠা নাই। জীয়েৰাই মোক শেষ কৰিহে যাব।
– এই বুলি হাতৰপৰা খৰছৰ তালিকাখন তেওঁলৈ দলিয়াই দি দিলে। সেইখন হাতত লৈ চকু ফুৰাই শ্ৰীমতীয়ে কৈ গ’ল,
: চাৰিদিনৰ কাপোৰ মিলাই একলাখ টকাহে। কিনো ইমান মূৰ ঘূৰাবলগীয়া এমাউণ্ট। দি দিয়কহে, এজনীয়ে…
: এজনীয়ে ছোৱালী, এবাৰেই বিয়া হ’ব…
শ্ৰীমতীৰ পৰা বাক্যটো থপিয়াই আনি ডেকাই সম্পূৰ্ণ কৰিলে। মাক-দেউতাকৰ কথা শুনি থকা পিনাকীয়ে আহি মাজতে মাত দিলে,
: দেউতা, তোমাকতো অকল কষ্টিউমৰ খৰছাটোহে দিছোঁ। বাকী মেক-আপ আৰু কেমেৰা খৰছাটো আমি দুটাই কৰিছোঁ।
জীয়েক পিনাকীৰ লেনিওৱা মাতটো শুনি মনতে ডেকাই আকৌ এবাৰ আওৰালে “যা চিমৰণ যা, জী লে অপনী জিন্দেগী।”
এই আটাইসোপা মিলাই বিয়াখনত কিমান খৰছ হ’ব ডেকাৰ ভাবিবলৈকে ভয় লাগিছে। আৰু বা ক’ত কি ওলায় উপৰুৱাকৈ! উপৰুৱাকৈ বুলি কথাটো মনলৈ আহোঁতেই ডেকাৰ এইটো কথাও মনলৈ আহিল প্ৰি-ৱেডিং ফটোশ্বুটৰ পৰা ককটেইল পাৰ্টিলৈকে এইসোপা কম দৰকাৰী অনুষ্ঠাননে! তথাপিও এজনীয়ে তেখেতৰ চিমৰণ, সেইজনীকে জিন্দেগী জিয়াবলৈ নিদিলে দিবনো কাক ?
আজিকালি পিনাকী আহি লেনিওৱা মাতত ‘দেউতা’ বুলি মাতিলেই ডেকাৰ বুকুখনত কোনোবাই ঢেঁকীৰ চাব দিয়া যেনহে অনুভৱ হয়। আকৌ বা বিয়াখনৰ নামত কি বিচাৰে। এদিনতো তাই মাতোঁতেই তেওঁৰ মুখেৰে ওলাইছিলেই “হৈ গৈছে দেই, আৰু অযথা খৰছচব…”। কথাটো সম্পূৰ্ণ নহওঁতেই পিনাকীয়ে মাত লগালে “দেউতা পেণ্ডেলৰ মানুহহে আহিছে”। আহ, পেণ্ডেলে তেওঁক কম সাৰৌপ সাৰৌপকৈ কোবাইছেনে! আজিকালি বোলে অপেন এয়াৰতহে বিয়া হয় বোলে। ওপৰত টিংপাত বুলি একো নাথাকে। তাতে আকৌ লাখ টকা ভাড়া। কিন্তু কৰিব কি, এজনীয়ে আৰু…।
এইবোৰ সকলোৰে আয়োজন হৈ উঠাৰ পিছত হঠাৎ অহা খবৰটোৱে পিনাকীক কন্দুৱাই পেলালে। খবৰটো পায়ে উচুপিবলৈ ধৰা পিনাকীয়ে লাহে লাহে পাৰ ভাঙি অহা চকুলোৰ ধলক কোনোপধ্যেই ৰখাব নোৱাৰিলে। উচুপনি গৈ ৰাউচি জোৰা শব্দলৈ পৰিৱৰ্তন হ’ল। তাইৰ গগণ ফলা চিঞৰ শুনি মাক-দেউতাক উধাতু খাই তাইৰ ৰূম পালেহি। দেউতাকক দেখি তাইৰ কান্দোন কমক চাৰি বাঢ়িবলৈহে ধৰিলে।
: দেউতা চব এডভাঞ্চ লৈ আনা। নালাগে মই নাপাতোঁ বিয়া।
হঠাৎ তাই এইবোৰ বলকা দেখি মাক-দেউতাক সকলোৱে বিচূৰ্তি খালে। মাকে লৰালৰিকৈ অহা বাটে উভতি গ’ল। জীয়েকৰ অৱস্থা দেখি নৱৰত্ন তেলৰ বটলটো আনিবলৈকে যোৱা যেন লাগিল ডেকাৰ। কেনেবাকৈ ৰাজনীশ অৰ্থাৎ তাইৰ হ’বলগীয়া স্বামীয়ে কিবা কোৱা নাইতো?
: ৰাজনীশে তোক…
মনৰ ভাব ৰখাব নোৱাৰি দেউতাকে সোধা কথাটো আধাতে ৰখাই পিনাকীয়ে কান্দি কান্দিয়ে ক’লে,
: না দেউতা, ৰাজনীশে একো কোৱা নাই। কিন্তু ফেচবুকেই যদি নাথাকে এই বিয়া কাক দেখুৱাবলৈ দেউতা? কাইলৈ ৰাতি বাৰটাৰ পৰা ফেচবুকৰ দ্যা এণ্ড।
: মানে?
: মানে খবৰ পাইছোঁ ফেচবুক বোলে কাইলৈৰ পৰা বন্ধ হৈ যাব। মোৰ কি হ’ব দেউতা?
হিকটিয়াই হিকটিয়াই কান্দি পিনাকীয়ে উত্তৰ দিলে। পিনাকীৰ কথাটো শুনি বিমান ডেকাই যেন আনন্দতে সাত জাঁপ মাৰিব। কি যে মজা হ’ব অ’। যতচব সেই ফেচবুক নে চেছবুক সেইডালৰ কাৰণেইতো। যদি ফেচবুক বন্ধ হৈ মোৰ মূৰত পৰা মাধমাৰটোৰ পৰা মোক ৰক্ষা কৰিব পাৰে, তাতকৈ আৰু কি লাগে। কিন্তু পিনাকীক সেইখিনি আনন্দ নেদেখুৱাই আঙুলি মূৰত তেওঁ গণ্টি কৰাত লাগিল,
“যদি সঁচাকৈয়ে ফেচবুক বন্ধ হৈ যায় মোৰ একলাখ… দুই…চাৰে তিনি…। ধেই নোৱাৰি এনেকৈ। হৌৰা ফটাফট কেলকুলেটৰটো লৈ আহাচোন। ইমান মোটা হিচাপ আঙুলি মূৰত নোৱাৰিহে কৰিব।”
ঘৈণীয়েকে শুনাকৈ চিঞৰটো মাৰি এইবাৰ জীয়েক পিনাকীলৈ চাই কৃত্ৰিম দুখ প্ৰকাশ কৰি ক’লে,
: কি ক’বি অ’ আই। সৱ চিমৰণে নিজে ভবাৰ নিচিনাকৈ জিন্দেগী জী ল’ব নোৱাৰে। এতিয়া কচোন এডভাঞ্চৰ পইচাবোৰ ঘূৰাই আনিবলৈ ক’ৰ পৰা আৰম্ভ কৰোঁ?
“দেউতা, মেহেন্দী আৰ্টিষ্টক দিবলগীয়া এডভাঞ্চটো দিয়া”
হঠাৎ পিনাকীৰ লেনিওৱা মাতত দুপৰীয়া ভাত খাই উঠি চোফাখনতে বাগৰ দিওঁতেই চিলমিলকৈ টোপনি অহা বিমান ডেকা উচপ খাই উঠিল।
☆ ★ ☆ ★ ☆
10:42 pm
বিৰাট ভাল লাগিল। আজিকালি বিয়াবোৰৰ এখন ফটফটিয়া ছবি।
12:06 am
বঢ়িয়া৷