ছ’ৰী-জয়ন্ত কুমাৰ ডেকা
“আধুনিক শিক্ষাই ভাৰতবৰ্ষৰ সমাজক দিয়া সবাতোকৈ ক্ষতিকাৰক অস্ত্ৰবিধ এয়ে যে যিকোনো বিষয়তে মানুহে এতিয়া জানি বা অজানিতে ভুল কৰি ক্ষমা প্ৰাৰ্থনা কৰাতকৈ বা ভুলটো মানি লোৱাতকৈ আত্মৰক্ষাৰ বাবে নাভূত-নাশ্ৰুত যুক্তিৰ আশ্ৰয় বেছিকৈ গ্ৰহণ কৰে।”
উপৰিউক্ত কথাখিনি মোক জীৱনৰ যাত্ৰাই শিকাইছে। সেয়ে ডায়েৰীত ডাঙৰ ডাঙৰ আখৰেৰে কথাখিনি লিখি ৰাখিছোঁ। এই জ্ঞান কেতিয়া কেনেদৰে পালোঁ নিজেই নাজানো। কিন্তু এটা কথা ঠিক, এদিনতে পোৱাও নাছিলোঁ আৰু প্ৰথমবাৰলৈ সংঘটিত হোৱা ঘটনাৰেই কথাটো সত্য বুলি মনাও নাছিলোঁ। বাৰে বাৰে একেধৰণৰ ঘটনাৰ সন্মুখীন হৈহে অনুভৱ কৰিছিলোঁ কথাখিনি। আপুনিয়ে কওকচোন বাৰু ডায়েৰীত লিখা কথাখিনি ভুল নেকি?
এনেই মন কৰিবচোন, আপুনি লগৰটোক বা লগৰজনীক ফোন কৰি আবেলি ৪ বজাত অমুক ঠাইত লগ কৰাৰ কথা ক’লে। লগৰজন বা জনী আহি পালে ৫ মানত। অৰ্থাৎ এঘণ্টা পলমকৈ। সি বা তাই আৰু এতিয়া আপোনাক একো কোৱাৰ সুযোগে নিদিয়ে। একেলেথাৰিয়ে গাই যাব ‘এ অমুক হ’ল’.., ‘এ অমুকত ট্ৰেফিক জাম’.., ‘ এ ৰাস্তাৰে হিমু মামাৰ গাড়ী পাৰ হ’ল’…, ‘এ ঘৰত কোনো নাছিল’.… ইত্যাদি ইত্যাদি বাহানাবোৰ। আৰে মানুহ ৰূপী জীৱ, এটা ‘ছ’ৰী’ ক’লেই হৈ যায়। কিন্তু নাই, বাহানা সৃষ্টি কৰিহে আসুৰিক তৃপ্তি লাভ কৰে। ‘ছ’ৰী’ শব্দটো বৃটিছসকলৰ দান হ’লেও ভুল কৰি স্পষ্ট হৃদয়ৰে ক্ষমা নিবিচাৰি নাভূত-নাশ্ৰুত যুক্তি দি থকাটো কিন্তু আমাৰে জাতীয় চৰিত্ৰ।
২০২১ চনৰ কʼৰোণাৰ দ্বিতীয়টো লহৰ। দুপৰীয়াৰ ১২ বজাত সকলো দোকান-পোহৰ বন্ধ হৈ ১ বজাত ঘৰ পোৱাৰ SOP চলি আছে। অৱশ্যে ৰেস্তোৰা, হোটেল আদিৰ ওপৰত সেইবাৰ বেছি কঠোৰ নাছিল প্ৰশাসন। Swiggy , zomatoৰ সহায়েৰে সেৱা অব্যাহত ৰখাৰ সুযোগ পাইছিল ৰেস্তোৰা, হোটেলে। তেনে এক দিনতে বিশেষ কাম এটাত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ কাৰ্যালয়লৈ যাবলগীয়া হ’ল। কাম শেষ কৰি ঘড়ীলৈ চাই দেখিলোঁ ১২ বাজিবলৈ তেতিয়াও ১০ মিনিট আছে। ভোক লাগি আছিল বাবে লগে লগেই চান্দমাৰীস্থিত Street zaলৈ গ’লো। গ্ৰাহক বুলিবলৈ মাথোঁ মোৰ সৈতে আৰু তিনিগৰাকী। চাৰিটা পনীৰৰ ৰোল অৰ্ডাৰ কৰি বিলিং কৰাজনক ক’লোঁ বোলো তিনিটা পেকিং হ’ব আৰু এটা ইয়াতে খাম। তেখেতে বিলটো ৰাখি Food truckখনৰ ভিতৰত থকা ল’ৰাজনক মোকে কথাটো ক’বলৈ দিলে। ময়ো ল’ৰাজনক কথাটো কৈ অলপ আঁতৰলৈ গৈ থিয় দি থাকিলোঁ।
প্ৰায় দহ মিনিটৰ অন্তত Food truck খনৰ ভিতৰৰ পৰা ল’ৰাজনে মোক ইংগিতেৰে মাতিলে।
: দাদা, এইটো আপোনাৰ ইয়াৰে। আৰু বাকী তিনিটা পেকিং কৰি আছোঁ ।
“হ’ব” বুলি কৈ অলপ আঁতৰলৈ গ’লোঁ। খাবলৈ দিয়া ৰোলটো মুখৰ মাস্কখন খুলি মুখলৈ নিলোঁ। কিন্তু এয়া কি…! পনীৰৰ স্থানত মাংসৰ সোৱাদহে লাগিলচোন। অলপো দেৰী নকৰি food truck ৰ কাষলৈ গৈ ল’ৰাজনক ক’লোঁ,
– আপুনি ভুলতে মোক চিকেন ৰোল দিলে। মোৰ পনীৰৰ ৰোলহে অৰ্ডাৰ আছিল। বাৰু, যি হ’ল হ’ল…, পেকিং কৰিবলৈ দিয়াকেইটা পনীৰৰ কৰি দিব।
কথাখিনি বিলিং কৰা জনেও শুনি আছিল। তেখেতেও লগে লগে উঠি আহি মোৰ কথাৰ সমৰ্থন দি ল’ৰাজনক অলপ গালি দিলে। মই তেখেতক গালি দিবলৈ বাধা দি পেকিং কৰিবলৈ দিয়াকেইটা যাতে ভুল নহয়, সেই দিশটোৰ কথাহে ক’লোঁ। কিন্তু ল’ৰাজন মান্তি নহ’ল। তেওঁৰ মতে মই চিকেন ৰোলৰ কথাহে কৈছিলোঁ । মই বোলো মই কি খাম বা কি নাখাম সেয়াও নাজানিম নেকি বাৰু…! তথাপিও সি নাৰাজ…; নামানে তাৰ ভুল। এইবোৰ সাধাৰণ বিষয়ত যুঁজ দি থাকিবলৈ বৰ অশান্তি পাওঁ। সেয়ে শেষত মই নিজেই বিষয়টোক এটা মীমাংসালৈ আনিবলৈ নিজে সৰু হৈ ক’লোঁ যে মাস্কখন পিন্ধি কথা কোৱাৰ বাবে চাগে ল’ৰাজনে ভুল শুনিলে। আৰু এতিয়া যিহেতু মোৰো আপত্তি নাই খাবলৈ দিয়া চিকেন ৰোলটোৰ বাবে, তেতিয়া হ’লে মই এইটো খাই শেষ কৰোঁ আৰু আপোনালোকে বাকীকেইটা পনীৰৰ বনাই পেকিং কৰি দিয়ক। বিলিং কৰাজনেও কথাটোত সন্মতি দি নিজৰ স্থানলৈ গুচি গ’ল। ময়ো স্বস্তিৰ নিশ্বাস এৰি অলপ আঁতৰলৈ গৈ ৰোলত দ্বিতীয়টো কামোৰ দিলোঁ। ৰোলৰ সেই অংশ মুখগহ্বৰত সোমাইছিলহে, দেখিলোঁ আকৌ ল’ৰাজন food truckৰ পৰা নামি মোৰ ওচৰলৈ আহিছে। কাষলৈ আহি আকৌ তাৰ মোলৈ বাক্যবাণ,
– আপুনি চিকেন ৰোলৰ কথাই কৈছিল। এটা চিকেন কৈছিল আৰু বাকী তিনিটা পনীৰৰ….।
এইবাৰ আৰু মোৰ সহ্য নহ’ল। সম্বোধনৰ সামাজিক শৈলীক ৰাস্তালৈ দলিয়াই সকলোৰে সম্মুখতে এইবাৰ মই উচ্চস্বৰত ক’লোঁ,
– “আৰে চন , মোৰে ভুল দে অ’…। কেইবাৰনো একেটা কথাকে বকি থাক! মৰাৰ আগতে যমক WhatsAppত মেচেজটো দি দিম…, তোক যাতে মোক চিকেন ৰোল দিয়াৰ বাবে নৰকলৈ পঠিওৱাৰ শাস্তি নিদি সৰগলৈ পঠিয়ায়। তাতে তই অপ্সৰাৰ সৈতে ‘ডিস্কʼ ভন্টি’ গানত নাচিবলৈ পাবি। খুচ…! এতিয়াতো শান্তিৰে খাবলৈ দে….।”
সেইদিনা মই ভুল কৰিছিলোঁ নেকি বাৰু!
☆ ★ ☆ ★ ☆
11:59 pm
কামোৰ টো ৰ’লত আপুনি দিলে, আৰু আপোনাক ল’ৰাজনে কামুৰিলে মানে।