ফটাঢোল

চিতল মাছ- জয়ন্ত কুমাৰ দাস

অফিচটোৰ বৰবাবু, একাউনটেণ্টকে আদি কৰি নতুনকৈ চাকৰিত যোগদান কৰা কনিষ্ঠ সহায়কজনো ভীষণ আলোচনাত ব্যস্ত৷ উজানবজাৰত কিনিব নে আজাৰাৰ গধূলি বজাৰত? ক’ত অলপ কম দামত ভাল মাছ পোৱা যাব? ক’ত একেবাৰে তাজা লোকেল মাছ পোৱা যাব?

 সিহঁতৰ আলোচনাৰ  শব্দবোৰ কাষৰ কোঠাটোতে কাম কৰি থকা পল্লৱৰো কাণত পৰিল৷ পল্লৱৰো কোনখন 

বজাৰতনো অলপ সস্তা জানিবৰ মন গ’ল৷ সিহঁতৰ ওচৰলৈকে আহি  সি বৰবাবুকে সুধিলে, 

: আপুনিচোন গুৱাহাটীৰ প্ৰায় প্ৰত্যেকখন বজাৰেই ঘূৰে, ক’ত সস্তা আপুনি জানিব লাগিছিল৷

: সেইটো হয়৷ কিন্তু এইবাৰ বজাৰৰ একো ধাৰণা কৰিব পৰা নাই৷ ক’ভিডৰ বাবে বজাৰলৈ মাছ কিমান আহে সেইটোৰ ওপৰতহে দামটো উঠা-নমা হ’ব চাৰ৷ 

জ্যে ষ্ঠ  শাখা অভিযন্তা পল্লৱৰ কথা শুনি বৰবাবুৱে ক’লে৷

: অৱশ্যে কথাটো হয়৷ তেতিয়াহ’লে এটা কাম কৰিলে ভাল হয়চোন৷

 পল্লৱৰ কথাশুনি সকলোৱে একেমুখে সুধিলে,

: কি কাম চাৰ?

: বৰবাবু ৰাতিপুৱাই উজানবজাৰৰ ঘাটলৈ যাব৷ কাকতি আজাৰাৰ বজাৰলৈ যাব৷ ভবেন বেলতলাৰ বজাৰলৈ যাব আৰু মই নিজেই আমিনগাঁৱৰ বজাৰলৈ যাম৷ য’তেই সস্তা হয়, তাতেই আমি গোটেইকেইজনে মিলি কিনিম৷

: ইমান কষ্ট কৰিব নালাগেহে চাৰ৷ – কাকতিয়ে মাত লগালে৷

 : আমাৰ আজাৰাৰ মাছক কোনেও পাত্তা নাপায়৷ একেবাৰে তাজা আৰু দামো কম৷ যোৱাবাৰ বিহুত মোৰ দক্ষিণ আফ্ৰিকাত থকা বন্ধু এজনে আমাৰ আজাৰাৰ মাছ খাবলৈ ইচ্ছা কৰিলে, লগে লগেই মই ৫ কেজিৰ চিতল এটা মানি অৰ্ডাৰ কৰি তেওঁলৈ পঠিয়াই দিলোঁ৷ আজিও মাছটোৰ সোৱাদৰ কথা কৈ তত নাপায় সি৷

: কি ক’লে? মানি অৰ্ডাৰ কৰি মাছ পঠিয়াই দিছে৷ বাপৰে, বৰ সাংঘাতিক কাম কৰিলেহে। পিছে আপুনি ভুল কাম কৰিলে৷ তাতকৈ মানি অৰ্ডাৰ কৰি গোটেই মাছ বজাৰখনেই দক্ষিণ আফ্ৰিকালৈ পঠাই দিব লাগিছিল৷ তাত তেওঁ নিজেই পছন্দৰ মাছ কিনিব পাৰিলেহেঁতেন৷ আৰু শুনক, আপুনি দক্ষিণ আফ্ৰিকা, চুইজাৰলেণ্ড য’লৈকে মাছ পঠিয়াই পঠাওক, আমাৰ আগত লেভেল নিদিব৷

 : এইয়া,  চাৰৰ বিশ্বাসেই হোৱা নাই৷ আৰে ২ বছৰ আগতে মই এই আজাৰাৰ বজাৰৰ পৰাই ৬০ কেজি ওজনৰ ভকুৱা মাছ এটা নি গাঁৱৰ গোটেই মানুহৰ লগত উৰুকা পাতিছিলোঁ৷

: এতিয়া কিয় নাপাতেহে? নে এতিয়া ইমান ডাঙৰ মাছ নোলায়?

: কেনেকৈ পাতিব চাৰ, চব ক’ভিড আৰু SOPয়ে শেষ কৰি দিলে৷ মনটো বৰ বেয়া লাগি আছে চাৰ৷

: হ’বহে ধপ দিব নালাগে৷ ইমান ধপ দিয়া মানুহ মোৰ জীৱনত এতিয়ালৈকে দ্বিতীয়জন লগ পোৱা নাই৷ বাৰু বাদ দিয়ক এইবোৰ৷ এতিয়া সকলোৱেই অফিচৰ কামবোৰ নিয়াৰিকৈ কৰি কালিলৈৰ বাবে যাক যি দ্বায়িত্ব দিয়া হৈছে, পালন কৰিলেই হ’ল৷ 

-কথাখিনি কৈ পল্লৱো নিজৰ কোঠালৈ সোমাই আহিল৷

 ইমান সোনকালেই আলোচনাৰ পৰিসমাপ্তি হোৱাটো বৰবাবুহঁতে বিচৰা নাছিল৷ বিহু বুলি যদি অলপ কথাৰ মহলাই মৰা নহয়, তেতিয়া হ’লে কিহৰ অসমীয়া সিহঁত! পিছে অনিচ্ছাস্বত্বেও সিহঁত নিজৰ নিজৰ কামলৈ আগবাঢ়িল৷

হঠাতে পল্লৱৰ ডিঙিটোত যেন কিহবাই খামোচ মাৰি ধৰাৰ দৰে অনুভৱ হ’ল৷ ঢোক মাৰিলেও ডিঙিটোত অলপ অলপ বিষোৱা যেন পালে৷ লাহে লাহে শৰীৰটোও অলপ দুৰ্বল দুৰ্বল লাগিবলৈ ধৰিলে৷

 সি বৰ ভয় খালে৷ ভয় খোৱাৰ কথাও৷ সময়টোৱেই যে এনেকুৱা৷ কোনোবাই কাহ বা হাঁচি মাৰিলেও তেওঁক সন্দেহৰ চকুৰে চোৱা যায়৷ লগে লগেই সি অফিচৰ কাম সামৰি ঘৰলৈ উভতিবলৈ মন মেলিলে৷

: বৰবাবু, মই ঘৰলৈ যাওঁ৷ হঠাতেচোন মোৰ শৰীৰটো অলপ বেয়া লাগিব ধৰিছে৷ আপুনি অফিচত থাকিব৷

: বাৰু চাৰ, কিন্তু হঠাতে কি হ’ল আপোনাৰ? 

-বৰবাবুই প্ৰশ্ন কৰিলে৷

: ক’ব নোৱাৰোঁহে৷ ডিঙিটোচোন হঠাতে বিষাব ধৰিলে আৰু শৰীৰটোও কিবা অৱশ অৱশ লাগিছে৷

– কথাখিনি কৈয়েই পল্লৱ তাৰ গাড়ীখনৰ ফালে আগবাঢ়ি গ’ল৷

ঘৰলৈ আহি থাকোঁতে বাটতে পোৱা সমূহীয়া স্বাস্থ্যকেন্দ্ৰটোৰ ওচৰত গাড়ীখন ৰখালেহি পল্লৱে৷ ক’ভিড টেষ্টটো কৰাই লোৱাই ভাল হ’ব বুলি ভাবি সি কেন্দ্ৰটোলৈ সোমাই আহিল৷  স্বাস্থ্যকৰ্মীজনে স্বাব সংগ্ৰহ কৰি তেওঁক অলপ সময় বহিবলৈ দিলে৷ ভয় আৰু শংকাৰে অপেক্ষা কৰি আছে পল্লৱে৷ খন্তেক সময়ৰ পিছতে হাতত এখন প্ৰেচক্ৰিপশ্যেন লৈ পি পি ই কিট পিন্ধা মানুহ এজন তেওঁৰ ওচৰলৈ আহিল৷

“চʼৰী, আপোনাৰ ক’ভিড টেষ্ট পজিটিভ আহিছে৷ ভয় নাখাব৷ আপোনাক হোম কোৱাৰেণ্টাইনত ৰখা হ’ব৷ আমাৰ স্বাস্থ্যকৰ্মীসকলে সদায় আপোনাৰ খবৰ ল’বই৷  কেইটামান ঔষধ দিছোঁ। ঔষধকেইটা খাব৷ এসপ্তাহমান পিছত ঠিক হৈ যাব৷ কিবা অসুবিধা পালে আপুনি তলৰ হেল্পলাইন নম্বৰত ফোন কৰিব৷”

প্ৰেচক্ৰিপশ্যান আৰু ঔষধকেইটা লৈ পল্লৱ আকৌ গাড়ীখনত বহিল৷ গাড়ীখন ষ্টাৰ্ট নিদি অকমাণ সময় এনেই বহি থাকিল৷

ৰাজশ্ৰীক কি বুলি ক’ব সি ভাবিবলৈ ধৰিলে৷ তাই চাগে খুব ভয় খাব৷ পল্লৱে ম’বাইলটো হাতত লৈ ফোন কৰিব খুজিও নকৰিলে৷

 “নাই নাই ফোনত ক’লে বেছি নাৰ্ভাছ হ’ব৷ বেছিহে ভয় খাব৷”

গাড়ীখন ঘৰ অভিমুখে আগবাঢ়িল৷

টিং টং

 কলিং বেলৰ শব্দটো শুনি ৰাজশ্ৰীয়ে দৰ্জাখন খুলি দি গিৰিয়েকক দেখি আচৰিত হ’ল৷

: আৰে আপুনি ! মই আকৌ বেলেগ কোনোবা বুলি ভাবিছিলোঁ৷ 

: চাওঁ, তুমি অলপ দূৰলৈ যোৱাচোন৷ ওচৰলৈ নাহিবা৷

: কিয়? কি হ’ল? 

আচৰিত হৈ সুধিলে ৰাজশ্ৰীয়ে৷

: হঠাতে অফিচত ডিঙিটো বিষাবলৈ ধৰিলে আৰু শৰীৰটোও কিবা অৱশ অৱশ লাগিল৷ মাজে মাজে দুই-এটা কাহো আহিবলৈ ধৰিলে৷ সেয়ে অফিচৰ পৰা গুচি আহিলোঁ৷ আহোঁতে ওচৰৰে স্বাস্থ্যকেন্দ্ৰটোত কʼভিড টেষ্ট কৰি আহিলোঁ৷ পজিটিভ আহিল৷ অকল কাহটোৰ বাদে মই অৱশ্যে একো অসুবিধা পোৱা নাই এতিয়া৷ 

-পল্লৱে যিমান পাৰে সাধাৰণভাৱে পত্নী ৰাজশ্ৰীক কথাখিনি বুজাই ক’লে যাতে তাই অকণো ভয় নাখায়৷

: হে প্ৰভু, কিয়নো এনেখন কৰিলা? মোৰ বৰ ভয় লাগিছে দেই৷ তৰোপৰি এই বিহুৰ সময়তনো কিয় হ’ব লাগে এইবোৰ৷ ইমানবোৰ যা- যোগাৰ কৰিছোঁ, সকলোবোৰ এনেই যাব এতিয়া৷

: তুমি ঠিক কথাই কৈছা হে৷ যেনেদৰে নিৰ্বাচনী সভাবোৰত, দূৰ্গাপূজাৰ সময়ত কৰ’ণা ছুটিত থাকে, তেনেকৈ আমাৰ বিহুৰ সময়তো সিবিধ ছুটিত থাকিব লাগে৷ বাৰু বাদ দিয়া এইবোৰ৷ তুমি বাথৰুমত মোৰ কাপোৰ এযোৰ দিয়া, সোনকালেই গাটো ধুই লওঁ আৰু আমাৰ আলহী শোৱা কোঠাটোতেই মই আছুতীয়াকৈ থাকিম৷ তাত মোৰ প্ৰয়োজনীয় কিছু সামগ্ৰী সাজু কৰি থ’বা৷

গা ধুই উঠিয়েই পোনে পোনে পল্লৱ তাৰ বাবে সাজু কৰা কোঠাটোত সোমাল৷ টিভিটো অন কৰি ল’লে৷ ভাৰত আৰু ইংলেণ্ডৰ মাজত খেল চলি আছে৷ ইতিমধ্যে তাৰ কাহটো অলপ অলপ বাঢ়িব ধৰিলে৷ 

 টেষ্ট মেট্চ খন জমি উঠিছে৷ কোন জিকিব কোন হাৰিব ক’ব নোৱাৰি৷ ইংলেণ্ডৰ খেলবোৰ এনেকুৱাই হয়৷ পল্লৱে ৰামানুজ গোস্বামীৰ “অপাৰেচন ব্লু ষ্টাৰ …” কিতাপখন উলিয়াই লʼলে৷ খেল চোৱাৰ ফাঁকে ফাঁকে কিতাপখনো পঢ়ি গৈ আছে৷ কিতাপ আৰু খেল দুয়োখনতে উৎকণ্ঠা আৰু উত্তেজনা৷ কিন্তু মাজে মাজে আহি থকা কাহটোৱেহে আমনি কৰি আছে পল্লৱক৷

হঠাতে দৰ্জাখনৰ ওচৰৰ পৰা ৰাজশ্ৰীয়ে মাত লগালে৷ 

:শুনিছেনে, মোৰ বান্ধৱী নিলাক্ষী আমাৰ ঘৰলৈকে আহি আছে৷ তাই এইমাত্ৰ ফোন কৰি মোক ক’লে।

: হাৰে,  ঘৰত এজন কʼভিড ৰোগী থকা অৱস্থাত তুমি তাইক কিয় আহিবলৈ দিলা? মানা কৰিব লাগিছিল৷

 পল্লৱে অলপ খঙেৰেই ক’লে৷

: প্লিজ খং নকৰিবচোন৷ আচলতে তাই সিহঁতৰ গাঁৱৰ ঘৰলৈকে আহিছিল৷ গাঁৱৰ সিহঁতৰ ফিছাৰিটোৰ মাছ মাৰিছিল৷ আমাৰ বাবে হেনো ডাঙৰ চিতল মাছ এটা  লৈছে৷ এই বিহুৰ বতৰত চিতলটো জানো এৰিব পাৰি ? 

: এহ যি কৰা কৰিবা, কিন্তু মোৰ কথা সুধিলে ঘৰত নাই বুলি ক’বা৷

: হ’ব দিয়ক আপুনি নাই বুলিয়েই ক’ম৷ কিন্তু খুক-খুক কৈ কাহি নাথাকিব৷

-দৰ্জাখন জপাই ৰাজশ্ৰী ওলাই আহিল৷ তাই ড্ৰয়িং ৰুমটো অলপ চাফ-চিকুণ কৰিবলৈ ধৰিলে৷ মাজতে পাকঘৰলৈ গৈ চাহৰ যোগাৰখিনিও ঠিকঠাক কৰি আহিল৷ 

টিং টিং

 কলিং বেলৰ শব্দ শুনিয়েই ৰাজশ্ৰীয়ে দৰ্জা খুলিবলৈ দৌৰ মাৰি গ’ল৷

“আয়ু নিলাক্ষী, কিমান দিনৰ পিছত যে দেখা পালোঁ৷ আহ আহ ভিতৰলৈ সোমাই আহ৷” 

 কথাখিনি কৈছে যদিও নিলাক্ষীৰ হাতৰ মোনাখনলৈহে তাইৰ চকু গৈছে৷

নিলাক্ষী ভিতৰলৈ সোমাই আহি ৰাজশ্ৰীৰ হাতত মাছৰ মোনাখন দিলে৷ মোনাখন লৈয়েই প্ৰায় ৪-৫ কেজি ওজনৰ মাছটো দেখি ৰাজশ্ৰীয়ে চিঞৰি উঠিল৷

: ইমান ডাঙৰ মাছ! ধন্যবাদ নীলা৷ ইমান ডাঙৰ মাছ বহুদিন খায়ে পোৱা নাই৷ আচলতে ইমান ডাঙৰ মাছ আমাৰ দুজনক দৰকাৰো নাই৷

: উম হয় কথাটো৷ দুজনে নো কিমান খাবা৷ ৰ’বা পল্লৱ ক’ত? কি খবৰ তেওঁৰ?

: ভালেই আছে৷ অফিচতে আছে৷ আহোঁতে অলপ পলম হয়৷

খুক-খুক- খুক খু…উ… ক, .গ …ঘু…ক..

: কোনোবাই কাহি থকাৰ দৰে শুনিলোঁ ৰাজশ্ৰী৷ ঠিক কাহো নহয় কাৰোবাৰ যেন  গেঙনি শুনাৰ দৰে লাগিল৷ তুমিও শুনিছা নে?

: নাইচোন, মই শুনা নাই। বাহিৰৰো শব্দ হ’ব পাৰে৷ উৰুকাৰ বাবে হয়তো কোনোবাই ছাগলী-তাগলীৰ ব্যৱস্থা কৰিছে, তাৰেই শব্দ শুনিছা চাগে৷

 বাৰু তই বহচোন, মই ফটকৈ চাহ একাপ আনো ৷ 

-ৰাজশ্ৰী চাহ বনাবলৈ গৈ চিধাই পল্লৱৰ কোঠাত সোমাল৷

: আপোনাক কৈছিলোঁনে নাকাহিবলৈ? কিয় খুক-খুকাই আছে?

: কি ফাল্টু কথা কোৱাহে? মইহে জানো কিমান কষ্ট কৰি সোপা- ঢোপা দি ওলাই আহিব খোজা কাহো চেপি ৰাখিছোঁ৷ কাহটো আহিব খুজিলেই গাৰুটোত মুখখন গুজি কোনোমতে ৰখাবলৈ চেষ্টা কৰি আছোঁ৷ তথাপিও এটা দুটা ওলাই যায়েই৷ তোমাৰ মাছৰ লোভত এতিয়া কলিজা ফাটি নমৰিলেই হ’ল৷

: হ’ব৷ ইমান লেকচাৰ দিব নালাগে৷ কিতাপখন এৰক আৰু টিভিটো বন্ধ কৰি কম্বলখন মূৰলৈকে জাপি সোমাই থাকক৷

 পল্লৱৰ প্ৰচণ্ড খং উঠিল ৰাজশ্ৰীৰ ওপৰত৷ তথাপিও সি একো নক’লে৷ তাই কোৱাৰ দৰেই কৰি গ’ল সি৷ এই মুহূৰ্তত তায়েই তাৰ একমাত্ৰ সম্বল৷

ৰাজশ্ৰীয়ে লৰালৰিকৈ চাহকাপ লৈ আহিল৷ যিমান সোনকালে নিলাক্ষীক বিদায় দিব পাৰে সিমানেই মংগল৷

:নীলা, চাহ খোৱা৷

: বাপৰে ইমানবোৰ বস্তু নাখাওঁ দেই৷

 -চাহকাপৰ লগতে নিলাক্ষীয়ে অকল তিলৰ লাড়ু এটাহে হাতত লৈ ৰাজশ্ৰীক ক’লে৷

: অই, বʼলচোন তোৰ ফ্লেটটোৰ কোঠাকেইটা চাওঁ৷ মই দেখাই নাই নহয়৷

নিলাক্ষীৰ কথাত ৰাজশ্ৰীয়ে বাধা দি উঠিল৷

: নালাগে দে অ’ নীলা৷ কোঠাবোৰ বৰ লেতেৰা হৈ আছে৷

: ধেই, তয়ো যে কথা কৱ আৰু৷ মনত নপৰে নে ঠাণ্ডাৰ দিনত যে আমি বাল্টিঙৰ পানী গাধোৱা ৰুমৰ বেৰত মাৰি মাৰি শেষ কৰি মূৰৰ সন্মুখৰ চুলি কেইডালমান তিয়াই আহি গাধোৱা বুলি আসৈ মাতিছিলোঁ ঘৰত৷ তই পাহৰিলি? ব’ল ব’ল একো নহয়৷ 

নিলাক্ষীয়েই ৰাজশ্ৰীক হাতত ধৰি উঠাই আনি এফালৰপৰা কোঠাবোৰ চোৱাত লাগিল৷

: বৰ সুন্দৰ হৈছে৷ বেছ আহল-বহল । ঠাইখিনিও ভাল৷ তই বৰ ভাল ঠাইত ফ্লেটটো ল’লি দেই৷

:উম৷

ৰাজশ্ৰীয়ে শলাগিলে৷

একেবাৰে শেষৰ কোঠাটোৰ দুৱাৰখন বন্ধ দেখি নিলাক্ষীয়েই ঠেলি খুলি দিলে৷ ৰাজশ্ৰীয়ে কিবা ক’বলৈ খুজিছিল যদিও তাৰ আগতেই তাই কোঠাটোত সোমাই গ’ল৷

পল্লৱে দৰ্জা খোলাৰ শব্দত ৰাজশ্ৰী আহিছে বুলি ভাবি মূৰৰ পৰা কম্বলখন আতঁৰাই নিলাক্ষীক দেখি থতমত খালে। কিন্তু নেদেখাৰ ভাঁজ কৰি আকৌ মূৰৰ ওপৰলৈকে কম্বলখন গুজি ল’লে৷

: হাৰে সেইটো পল্লৱ নহয় নে? সি আকৌ কিয় তেনেকুৱা কৰিছে? তইচোন সি অফিচৰ পৰা অহাই নাই বুলি কৈছিলি?

 নিলাক্ষীয়ে উপৰ্যুপৰি প্ৰশ্ন কৰিলে ৰাজশ্ৰীক৷

: পল্লৱ নহয় অ’ সেইটো৷ মোৰ সম্পৰ্কীয় দাদা এজন৷ আজি যোৰহাটৰ পৰা আহি পাইছে৷ 

ৰাজশ্ৰীয়ে কোনোমতে কথাকেইটা কৈ নিলাক্ষীক কোঠাটোৰ পৰা উলিয়াই লৈ আহিল৷

: দাদাজন তোৰ হাবিৰ লগত সাইলাখ একেচোন ৰাজশ্ৰী৷

সিহঁতৰ কথা শুনি পল্লৱে কোনোমতে ওলাই আহিব খোজা কাহটো গাৰুত মুখখন গুজি দি বাধা দি ৰাখিলে৷ সি ভাবিব ধৰিলে সকলো মহিলাই ইমান লোভী নে অকল  ৰাজশ্ৰী হে!


☆ ★ ☆ ★ ☆

3 Comments

  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰি। কভিদৰো যে লীলা।

    Reply
  • ৰাজু কুমাৰ নাথ।

    তামামহে বুলিলো আৰু!

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    মজা লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *