কেতিয়াবা বাটে ঘাটে-সঞ্জীৱ কুমাৰ মহন্ত
স্নেপ ১
২০১০ চন মানৰে কথা, আমি ৫ জন সহকৰ্মী বন্ধু কিবা কামত জিলাসদৰলৈ আহিছিলোঁ। কাম শেষ হোৱাৰ পিছত আটায়ে মিলি চাহ খোৱাৰ সিদ্ধান্ত হ’ল। এখন ভাল হোটেলত বহিলোঁ পাঁচোজন আৰু অৰ্ডাৰ দিয়া হ’ল চাহ আৰু দুটাকৈ মিঠাই । সময়ত চাহৰ লগত কাজু বৰফি আৰু খীৰকদম দিলেহি ।
চাহ কাপত চুমুক দিয়াৰ মাজতে আমাৰ মাজৰে কোনোবা এটাই বেছি জনা দেখুৱাই ক’লে, ” ঐ মিঠাইত লাগি থকা কাগজখন আকৌ খাই নিদিবি, হজম নহ’ব আৰু পাথৰজাতীয় কিবা হ’বগৈ পেট পায়গৈ যদি।”
লগৰে কোনোবা এটাই আকৌ তাক ওফৰাই ক’লে, “আমি জানো দে।”
সি কথাষাৰ কৈ শেষ হ’ল কি নহ’ল, আমাৰ মাজৰে প্ৰভাত দৌৰি গৈ বেচিনৰ ওচৰত খক্ খকায় খক্ খকায় থকা দেখিলোঁ।
ওচৰলৈ গৈ সুধিলোঁ, “কি হ’ল ঔ তোৰ?”
সি ক’লে, “মই মিঠাইটো কাগজৰ সৈতে খাই দিলোঁ, তালুত নে ডিঙিত গৈ লাগি ধৰিলে !”
তাৰ কথা শুনি উপস্থিত সকলোৱে সশব্দে হাঁহি উঠিল ।
স্নেপ ২
এবাৰ যোৰহাটৰ পৰা সন্ধিয়া ঘৰলৈ আহিবলৈ বাছত উঠিলোঁ। ছিট এটা খালী থকা দেখি হেন্দিমেনে মোক তাতে বহিবলৈ ক’লে। মই দেখিলোঁ তাত এজন হৃষ্ট -পুষ্ট ব্যক্তি বহি আছে (দুজনীয়া ছিটত)। মই তেখেতক অকণমান চাপি দিবলৈ কওঁতে তেওঁ যেন নলৰিবই তেনে কৰিহে দেখুৱালে, আকৌ এবাৰ মই অনুৰোধ কৰোঁতে অকণমান কাষ চাপি দিলে।
মোৰ বাবে তেওঁ খুব কম জেগাহে এৰি দিছিল বাবে মোৰ সেই ছিটটোত বহি অহা বৰ কষ্ট হৈছিল। ইফালে তেওঁক কিবা ক’বলৈ চালেও টোপনিৰ ভাও ধৰি অহা দেখিলোঁ।
মনতে তেওঁক এসেকা দিওঁ বুলি মনতে পাঙি লগৰ এটালৈ মেচেজ কৰিলোঁ আৰু সি মোক কল এটা কৰি কি কি সুধিব লাগিব সকলো ক’লোঁ।
অলপ পিছতেই তাৰ পৰা ফোন কলটো আহিল আৰু আমি কথাপতা আৰম্ভ কৰিলোঁ।( তেওঁ শুনক বুলি মই স্পীকাৰ অন কৰি কথা পাতিলোঁ, চাউণ্ড অলপ কম কৰি)।
বন্ধু: ঐ মহন্ত, কালি তোক মেডিকেল কলেজত ৰাতি দেখিছিলোঁ যে কিয়? কিবা হৈছিল নেকি?
মই: মোৰ একো নাই হোৱা…মোৰ ভাড়াৰূমৰ কাষৰ এজনৰহে গা ভাল নাছিল। তেওঁক লৈ গৈছিলোঁ।
বন্ধু: অ’হ কি হৈছিল তেখেতৰ?
মই: টি.বি হৈছে হেনো। কালি নিশাটো মই তাৰ ৱাৰ্ডতে থাকিব লগা হ’ল, এতিয়া নিজৰে বৰ কিবা কিবা লাগি আছে। কাপোৰখিনিও সলাবলৈ নহ’ল… সেইভাগেই ঘৰলৈ ঘূৰিছোঁ।
বন্ধু: বাৰু যা তেন্তে…।
(সি ফোন কাটিলে।)
মই ফোন কটাৰ পিছত মোৰ কাষত বহা মানুহজনে খিৰিকীৰফালে মুখ ঘূৰাই একাষৰীয়াকৈ যি বহিলে, আৰু মোৰফালে মুখ নুঘূৰালেই।
হাঁহচৰা পাওঁতে তেওঁ আগফালে চিট এটা খালী হোৱা দেখি মোৰ কাষৰ পৰা উঠি গুচি আহিল ।
মোৰ কথা শুনি থকা মোৰ সোঁহাতে ইটো পাৰৰ ছিটত বহাজনে মোৰ ফাঁকি হয়তো বুজি পালে, সেয়ে ক’লে তেওঁ, “আপুনি ভাল বুদ্ধি খটালে দেই “।
☆ ★ ☆ ★ ☆
6:35 pm
বঢ়িয়া দেই