ভূতৰ সৈতে মাৰাথান দৌৰ-বন্দিতা জৈন
চনটো পাহৰিলোঁ, ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰী আছিলোঁ চাগৈ। ঘৰৰ সকলোতকৈ সৰু, নাড়ীমচা বুলি কয় দেউতাই। বলত আছিলোঁ পৰাক্ৰমী (মানে ঘৰৰ মানুহখিনিৰ ওপৰত) মুখচতুৰী বুলি বদনাম এটাও সৰুকৈ আছিল বাৰু। আৰু সাহসৰ ওপৰত কি কম, দুঃসাহসিক নাম দিলেও ভুল নহয়। কাৰণ, সৰুতে মই নহ’লে মা বা বাইদেৱে ৰাতি বাহিৰলৈ নাযায়ে। ৰাতি বাচন ধুবলৈ হ’লেও মাৰ লগত ৰখীয়া হৈ থাকিব লাগে। গতিকে ইয়াতকৈ ভাল উদাহৰণ দিবলৈ অভাৱ। নহয় নহয়, অভাৱ নহয়; আচলতে যিটো কথা লিখিবলৈ এইমখা পাতনি আৰম্ভ কৰিছোঁ, সেইটো দুঃসাহসিক কামৰ ভিতৰত এটা। কথা এটা মনত পৰিল দেই, বিহুৰ বতৰ বুলি। আমি সৰু থাকোঁতে বিহুৰ উৰুকাবোৰত মায়ে দেউতাৰ লগত পিঠাগুড়ি খুন্দে। দেউতাই ঢেঁকী দিয়ে, মায়ে চালি যায়। আমি ৰখীয়া। ৰাতিটো মায়ে পিঠা বনায়। দেউতা আধাৰাতিলৈ থাকি ভাগৰত টোপনি ধৰে, শুই যায়।আমি পাকঘৰতে বিছনা লগাই লওঁ । দেউতা জাগি থকালৈ মই শুই লওঁ। পিছত মই মাৰ লগত টোপনিয়াই হ’লেও ৰখীয়া থাকোঁ। নহ’লে যে মায়েও ভয় কৰে আকৌ।
এনে এবাৰ বিহুৰ বতৰৰ কথা। ব’হাগ বিহুৰ বতৰ। সকলোফালে ঢোল- দগৰৰ মাত। আমি ফটাঢুলীয়ানীকেইজনী নগʼলে বিহু নহয়েই ধৰি লওঁক। আমাৰ বৰগৰাকী আকৌ বিহুবলীয়া। মোৰ এইবোৰত ৰাপ নাই ইমান এটা। বিচনাত কিতাপ এখন লৈ আৰামত শুই শুই পঢ়ি থকা পছন্দ কৰোঁ। বৰগৰাকীৰ কুটকুটনীত থাকিব নোৱাৰি ব’হাগী বিদায় বিহুফাংচন চাবলৈ ওলালোঁ। ঘৰৰপৰা ওচৰতে সেইবাৰ। মানে আমাৰ ঘৰৰ পৰা কিছু দূৰৈত এখন জয়াল হাবি আৰু এডাল জয়াল আহঁত গছ পাৰ হৈ যাব লাগে। জয়াল মানে খামিডাঠ মানুহেও সন্ধ্যাৰ পাছত সেইকণ ঠাই অকলে পাৰ নহয়। মাইকী মানুহ নোলায়ে। সেইখিনি ঠাই পাৰ হোৱা সময়লৈ গান গাব নজনাজনেও হেনো জোৰ জোৰকৈ গান গাই চাইকেল বা বাইকৰ পিছৰ চিটত হাত থৈহে যায়। মানে পিছৰ চিটটো খালি থাকিলে কিজানি কোনোবা অশৰীৰী যদি থমথমকৈ বহি যায় ! খবৰ ওলায় যে সেই ঠাইখিনিত বুঢ়াডাঙৰীয়াও দেখা যায় মাজে মাজে।
এতিয়া এনে এখন জেগা পাৰ হʼবলৈ মোৰ বাইদেউৰ দৰে ভয়াতুৰ এজনীক মোৰ দৰে সাহসী এজনীৰ দৰকাৰ হয়। সমস্যা হ’ল মই বিহু চাবলৈ গৈ আধাৰাতিলৈকে এনেয়ে বহি থাকিব নোৱাৰোঁ। কিতাপ এখন নি পঢ়িবলৈ পৰিবেশটোৱে নকয়। এতিয়াৰ দৰে ম’বাইল নাছিল যে খুচৰি থাকিম। লাহে লাহে উচপিচবোৰ বেছি হ’বলৈ ধৰিলে। বাইদেৱে ভুলাই- মেলি ৰাখিলে মোক কিছুদেৰি। পাছত গাঁৱৰ বাকী আইসকলক লগ পালোঁ। তায়ো উভতি অহাৰ লগ পালে। মই বোলো বিহু আৰম্ভ হ’বলৈ বহুত বাকী, তই যাবি বাকীবোৰৰ লগত মই যাওঁ। তাই বোলে পাৰিবি জানো, ভয় নালাগিব? ময়ো বুকু ফিন্দাই কʼলোঁ, “তোৰ দৰে ভয়াতুৰ নহয়। পাৰিম যাব।” কোৱাৰ লগে লগেই ৰ’বলৈ সময় নাই। বিছনাখনে মাতি আছে। যাবই লাগিব।
মাইকত ভাঁহি অহা গান, মানুহৰ কোলাহল আৰু বাটৰুৱা কেইজনমান দেখি অকণো ভয় নকৰাকৈ আহি আছোঁ। লাহে লাহে সকলো কমি আহিছে। বাটৰুৱাৰ সংখ্যা শূণ্য। গাঁৱৰ ৰাস্তা, নিশা ন বজা মানে মাজৰাতি। তাতে সেই জয়াল ঠাইখিনি। লাহে লাহে আগবাঢ়িছোঁ আহঁতজোপাৰ ফালে। ঘিটমিটিয়া আন্ধাৰ। বুকুত কলিজাটো ধানমিলৰ গতিতকৈ বেছি জোৰে বাজিছ, বুকুৰ ধপধপনিবোৰ কাণলৈকে বাজিছে। জনশূণ্যআ ৰাস্তাটো অকলে দীঘল অজগৰ এডালৰ দৰে পৰি আছে। ভৰি আগবঢ়াই নিব পৰা নাই, উভতি যোৱাৰ ৰাস্তাও নাই। হঠাৎ… সেয়া কি? ৰাস্তাৰ দাঁতিত কিবা এটাই লৰচৰ কৰি উঠিল। ভালকৈ চাই দেখিলোঁ সৰুৰ পৰা ডাঙৰ হৈ অহা বগা কাপোৰ পিন্ধা সেয়া, সেয়া___বু_ঢ়া_ডা_ঙ_ৰী_য়া__!!
ময়ো সেইবাৰ শৰীৰত বিদ্যুৎশক্তি পালোঁ নে কি, চকুকেইটা মুদি সেইজনাৰ সন্মুখেদি দৌৰিছোঁ, কেৱল দৌৰিছোঁ। বুকুত কলিজাকণ জীৱিত আছে নে নাই হাত দি চাইছোঁ আৰু দৌৰিছোঁ। পিছলৈ এবাৰ ঘূৰি চাই দেখিলোঁ বস্তুটো মোৰ পাছে পাছে উৰি অহা দি আহিছে। কিবা শব্দও আহিছে। সেইবাৰ আৰু জোৰত দৌৰিছোঁ। ভৰিৰ চেণ্ডেল ক’ত পৰি ৰ’ল নাজানো। একে টানতে ঘৰৰ জপনা খুলি ঘৰৰ দৰ্জাত ভুকুৱাই কেৱল মাক মাতিছোঁ। উভতি চাই দেখিছোঁ ডাঙৰীয়া আমাৰ পদূলিতে নোহোৱা হ’ল। তাৰ পিছত কি হ’ল, ভিতৰলৈ কেনেকৈ সোমালোঁ একো নাজানো। পিছদিনা বিছনাত, ভীষণ জ্বৰ। স্কুল যাব পৰা নাই।
সকলোৰে কেৱল গালি, মৰসাহৰ বাবে। বীৰাংগনা নামেৰেও বিভূষিত হ’লোঁ।
পিছদিনা পুৱা ওলাল উৰহী গছৰ ওৰ। সেই বুঢ়াডাঙৰীয়াৰ ঠিকনা। আমাৰ অংকৰ ছাৰজনৰ ঘৰ সেই জয়াল ঠাইখনৰ ওচৰতে। ৰাতি বিহু চাবলৈ বুলি ভাত পানী খাই তেখেতে ওলাই আহিছিল।নঙলা মাৰিবলৈ লওঁতে ৰাতি মোক দেখা পালে। মই বুলি জনা নাছিল বাৰু। কিন্তু ভয় খাই দৌৰি ঘৰ সোমাওঁতে গমপালে আমাৰ ঘৰৰে এজনী হ’ব। ভয় নাখাবলৈ ছাৰে চিঞৰি কৈছিল যদিও শুনা নাছিলোঁ। কিবা অঘটন হ’ব পাৰে বুলি পিছে পিছে আহিছিল হেনো। এইবোৰ গম পালোঁ স্কুল নোযোৱা বাবে তেখেতে অনুমান এটা কৰি ঘৰলৈ খবৰ ল’বলৈ অহাত। সেই সময়ত আমাৰ গৰু আৰু হাঁহ আছিল। ছাৰে গাখীৰ আৰু হাঁহৰ কণী নিবলৈ আহি থাকে ঘৰলৈ।
তাৰপিছত উপসংহাৰ কি হ’ব পাৰে, বীৰত্বৰ বাবে গালি খালোঁৱেই। সেই ঘটনাৰ পিছত নিজৰ ওপৰত থকা দুঃসাহসিকতাৰ লেবেলখন আতঁৰাই ৰাখিলোঁ। কেতিয়াবা দিলেও বাইদেৱে ফালি পেলায়।
☆ ★ ☆ ★ ☆
8:21 pm
মজা