মোৰ ‘বালপক্ৰম’ যাত্ৰা-দিগন্ত তালুকদাৰ
২০১২ চনৰ জানুৱাৰী মাহৰ ১০ তাৰিখ। কলেজৰ ক্লাছ পাতিও সেৰেঙা বাবে হৰিণা গিলা অজগৰডালৰ নিচিনাকৈ বিছনাতে কুণ্ডলী পকাই পৰি আছোঁ অলসভাৱে। মোবাইলৰ স্ক্ৰীণত বিজিতদাৰ নামটো দেখি অনিচ্ছা স্বত্বেও উঠালোঁ। ফোন নধৰিলে কাণেৰে গালিৰ গৰম লাভা সুমুৱাই দিয়াটো খাটাং।
: হেল্ল’ কাইকে? এই ৰাতিপুৱাই?
: তই ইথেনো ঘূমে আছা?
: দাদা… বেচ্ছেলৰ মানুহ। আমাৰ আৰু কি দিন কি ৰাতি? শুয়েই আছোঁ।
: কলেজ আইভি না আজি?
: যাম। বাৰমান বজাত!
: দে আইহলি লগ কৰবি।
: কিয়হে কাইকে?
: বিহুৰ বন্ধত ট্ৰেকিং কৰবা যাওঁ ব’ল।
: ট্ৰেকিং? এই গাঁৱৰ ‘গাৱাৰ’ক ক’ত ট্ৰেকিং কৰাবলৈ নিয়ে?
: তুৰাত এখেন ভাল নেশ্যনেল পাৰ্ক আছে? যাওঁ ব’ল; ঘৰত যাই নু কি ক’ৰবি? তিৰি চ’লিও নাই।
: যাব পাৰি। পিচে পাৰ্কখনৰ নামটোনো কি?
: ‘বালপক্ৰম’!
: ব্বাল…..পক্ৰম? বেলেগ ঠাই নাছিল নেকি? নামটোৱেই কিবা পচন্দ হোৱা নাই দেখোন!
: বেছি বৰপেইটা বুদ্ধি লগবা নাল্গে। কলেজত আহি লগ কৰ।
বিজিতদাই হুকুম দি ফোনটো কাটি দিলে।
গা-পা ধুই কলেজ পাওঁ মানে একমান বাজিল। ঠাণ্ডাকালি ৰ’দপুৱাই থকা চেঙেলী মাছটোৰ দৰেই বিজিতদা মোৰ অপেক্ষাত কলেজৰ গেটতে ৰৈ আছিল। মোৰ আৰু না কোৱাৰ অৱকাশ নাই। তেওঁ মোক গোটেই প্লেন-প্ৰ’গ্ৰাম বুজাই দিলে। গুৱাহাটীৰ কেইজনমান অভিজ্ঞ পৰ্বতাৰোহী তেওঁৰ বন্ধু। তেওঁলোকৰ লগতেই বিজিতদাৰ ‘বালপক্ৰম’ ট্ৰেকিঙৰ প্লেন। কি কাৰণে জানো তেওঁলোকৰ এই যাত্ৰাৰ অংশ হ’বলৈ ওলাইছোঁ, মই নাজানিলোঁ। আগ-পিছ নুগুণি মই হয়ভৰ দিলোঁ। অৱশ্যে মনত নতুন এক শিহৰণো উপজিল।
দুদিন পিছতেই আমাৰ বালপক্ৰম যাত্ৰাৰ সময় সমাগত হ’ল। পূৰ্বনিৰ্ধাৰিতভাৱে ৰাতিপুৱা ৯ মান বজাত শান্তিপুৰ বাছষ্টেণ্ডত ৰৈ আছোঁ। ক’লা ৰঙৰ ‘স্কৰপিও’ এখন চেৰেককৈ ওচৰতে ৰ’ল। বিজিতদাৰ লগতে আৰু তিনিজন মানুহ নামি আহিল। চা-চিনাকি পৰ্বত গম পালোঁ যে নীপুদা আৰু নৱদা হ’ল অভিজ্ঞ পৰ্বতাৰোহী, লগতে ডাঃ হিৰণদা পৰ্বতাৰোহণৰ কিছু অভিজ্ঞতা থকা। ড্ৰাইভাৰে গাড়ী আগবঢ়ালে তুৰা অভিমুখে। আমাৰ কথোপকথন আৰম্ভ হ’ল। মই ন-কইনাৰ নিচিনাকৈ চুচুক-চামাক কৰি থকা দেখি নৱদাই কিবাকিবি কথা আৰম্ভ কৰি মোক সহজ কৰি পেলালে। হঠাতেই আগৰ ছীটত বহি থকা নীপুদাই মোক সুধিলে যে মই ট্ৰেকিঙৰ বাবে দৰকাৰী জোতা আৰু কাপোৰ আনিছোঁ নে নাই। মই হেবাঙৰ নিচিনাকৈ এইবোৰ কথা চিন্তাই কৰা নাছিলোঁ এই কেইদিনত।
: ‘কনভাৰ্ছৰ অল ষ্টাৰ’ এযোৰ পিন্ধি আহিছোঁ।
ট্ৰেকিংৰ বাবে ‘অল ষ্টাৰ’…..’কনভাৰ্ছ’.…ঠিকেই! নীপুদাৰ কথাত বাকীবোৰ হাঁহিত ফাটি পৰিল।
‘পাইকান’ত ভাতে-গাহৰিয়ে মাৰি, পেটবোৰ গুৰি কঁঠালৰ লেখীয়া নোদোকা কৰি আবেলি পৰত আমি তুৰা চহৰ পালোঁগৈ। তাতেই আমাৰ বাবে অপেক্ষা কৰি থকা ‘মেঘালয় গাৰ্ডিয়ান’ৰ সেই সময়ৰ ষ্টাফ ৰিপোৰ্টাৰ আৰু আমাৰ এই বালপক্ৰম যাত্ৰাৰ আঁৰৰ মূল মানুহ ৰাতুলদা আমাৰ সংগী হ’ল। তুৰাৰ পৰা বালপক্ৰম মোটামুটি আৰু ৬০-৭০ কিলোমিটাৰ বাট। ৰণুৱা ঘোঁৰাৰ দৰে আমাৰ ‘স্কৰপিও’ আগুৱাই থাকিল মনোমোহা গাৰো পাহাৰৰ সেউজ বুকু ভেদি। মানুহ, কোলাহল আৰু মডাৰ্ণ যান্ত্ৰিকতাৰ পৰা কেইবাযোজন আঁতৰত। বালপক্ৰম পাওঁ মানে সন্ধ্যা লাগিল।
নিজান-নিতাল পৰিবেশ এটা। চৰাই-চিৰিকতি আৰু ওচৰতে ক’ৰবাত বৈ থকা নৈ এখনৰ কুলুকুলু ধ্বনি কেৱল। ১৯৮৭ চনতে সাধাৰণ মানুহৰ বাবে মুকলি কৰি দিয়া নেশ্যনেল পাৰ্কখন যেন এতিয়াও ৰহস্যাবৃত্ত। ৰাতুলদাই লোকেল লিংক লগাই ঠিক কৰি থোৱা ভগা-চিগা চৰকাৰী অতিথিশালাতেই আমাৰ নিশাটোৰ ব্যৱস্থা ইতিমধ্যে কৰি থোৱা আছিল। অৱশ্যে ৰিজ’ৰ্ট, হোটেল সদৃশ কিবা বস্তু যে সেইখন দুনীয়াত আছে, সেই কথা ভাবোতাই বাৰাণসীত গৈ গংগাত সাত ডুব লগালেহে সেই মহাপাপ খণ্ডন হ’ব। সোমায়েই আমাৰ বিছনাকেইখন দেখি চকু কপালত উঠিল। হিন্দী চিনেমাৰ ‘ভূতীয়া বাংলো’ৰ দাৰোৱানে লোৱা কম্বল, দাগ লগা বেডশ্বিট, মোটামুটি উঁৱলি যোৱা গাৰুৰ গিলিপ আদি দেখি কিবা ‘হাওঁ-মাওঁ-খাওঁ’ টাইপ ফিলিং এটাও নহা নহয় সকলোৰে। হাত-মুখ ধুই ফ্ৰেছ হোৱাৰ পিছতে অতিথিশালাৰ ৰান্ধনিজনে আমাক ৰঙা চাহ আৰু বিস্কুটেৰে আপ্যায়ন কৰিলে।
: আপলোগ টেনশ্যন মত লিজিয়ে হুজুৰ, ৰাত মেই লাইট নেহী ৰেহতা হ্যায় ইধৰমে। লেম্প চে হী কাম চলানা পৰতা হ্যায়!
ৰান্ধনিজনে ভগা-ভগা হিন্দীতেই ক’লে কথাখিনি। লাইট নোহোৱা আৰু লেম্পৰ কথাটো ভাবি মোৰ বুকুত ভয়ৰ চিপৰাং এডাল পথালিকৈ সোমাই প্ৰাণবায়ু যোৱাৰ উপক্ৰম হৈছিলেই। বিজিতদাই পিঠিত চাপৰ মাৰি ‘কিয়ে ভয় খাইছা নাকি এ দিগ’ন্ত?’- বুলি কোৱাত প্ৰকৃতিস্থ হ’লোঁ। ‘নাই কাইকে.…গাঁৱৰ ল’ৰা, আমাৰ আৰু ভয়-ভীত ক’ত’- বুলি লেবেল মাৰি দিলোঁ আৰু সহজ হোৱাৰ মিছা অভিনয় আৰম্ভ কৰিলোঁ।
অতিথিশালাৰ সম্মুখতে খৰি কেইডালমান যোগাৰ কৰি আমাৰ বাৰে-বাংকৰা আড্ডা জমিল। মূৰ্গী পোৰা আৰু গাহৰি পোৰাৰো ব্যৱস্থা কৰা হ’ল। পুহমহীয়া জাৰ, ইফালে পাহাৰৰ মাজত আমাৰ অৱস্থান। ঠাণ্ডাৰ লগতে সকলোৰে মনে-মনে ভয় অকণো উদ্ৰেক হৈছিল চাগে। অশৰীৰি কিহবাই যেন আমাৰ গতিবিধি মন কৰি আছে। গতিকে ‘জংগল ম্যে মংগল’ কৰিবৰ নিমিত্তে ৰাছিয়ান সোমৰস ‘মিখাইল’ আৰু ‘ভ্লাডিমিৰ’ উলিয়াই আনিলে ডাঃহিৰণদা আৰু নীপুদাই। গোলাপীটোৰ লেখীয়াকৈ ৰাতি ন মান বজাত ভাত খাই আমি গোটেইমখা ঢলং-পলং প্ৰমথেশ বৰুৱা হৈ বিছনাত উঠিলোঁ। ‘ভূতীয়া কম্বল’খন মেলি দিয়া মাত্ৰকে দুটা পাহোৱাল পঁইতাচোৰা ভোঁ-ভোঁৱাই উৰি গ’ল। মই বোলো- ‘ছেঃ! মিছাতে বেচেৰাকেইটাৰ সংসাৰত জুই দিলোঁ!’ দুঘণ্টামানৰ পিছত গাৰ খজুৱটিত সাৰ পাই দেখোঁ যে সকলোবোৰ সাৰ পাই কাক জানো ‘আলে-কালে’ গালি পাৰি আছে। মোৰ গা-ভৰি ফুলি ডবলা-ডবল। উৰহ ভণ্টীয়ে বিহু বুলি চুমা দিছে উতনুৱা হৈ। হীৰণদাই খঙতেই নে নিচাতেই নাজানো কিন্তু ক’লে যে, ‘শোৱা আজি নহ’ব, গতিকে বাঘ চাবলৈ যাওঁ।’ এক কিলোমিটাৰমান তলত হেনো নদী এখন আছে আৰু পুৱতি নিশা নদীলৈ বাঘ আহে পানী খাবলৈ। মই বোলো কি পাল্লাত পৰিলোঁ। দেখিলোঁ বাকীকেইটাই বান্দৰ টুপী আৰু শ্বল মেৰিয়াই ‘ৰামুকাকা’ সদৃশ হৈ ৰেডী। মোলৈ বাট নাচাই বাহিৰলৈ গৈ মৰমৰকৈ শব্দ কৰি কিবাকিবি ভঙাত লাগি গ’ল। কঁপি কঁপি বাহিৰ ওলাই দেখোঁ যে গোটেইকেইজনে এটা দুই বেটেৰী ‘এভাৰেডী’ টৰ্চ মাৰি লাঠি একোডাল তৈয়াৰ কৰিছে। বৈ থকা গংগাত হাত তিয়াই ময়ো এডাল লাঠি গোটালোঁ। লাঠিডাল কিয় লাগে ঠিক ধৰিব পৰা নাই। মই অজলাৰ কথা গম পাই নীপুদাই ক’লে যে, বাঘে ওচৰলৈ চোঁচা ল’লেই লাঠিৰে কোবাই মাৰিম। বাকীবোৰে হাঁহিলে কেৱল। অতি সন্তৰ্পণে আমি সকলোৱে খুপি খুপি মোবাইলৰ লাইট আৰু টৰ্চটো জ্বলাই পাহাৰৰ ওখ গৰাটোৰ পৰা তলত বৈ থকা নদীলৈ নামিছোঁ। কোনো কোলাহল নাই। ওপৰত ৰূপালীম জোনাক। নদীৰ পানীবোৰ হীৰাৰ টুকুৰা হৈ উজ্বলি আছে। আস! কি এক অনন্য স্বৰ্গীয় অনুভূতি। নামি নামি এটা সময়ত পানীৰ ওচৰ পালোঁ। গ্ৰুপ লীডাৰ নৱদা আৰু নীপুদাই হাতেৰে ইংগিত দি আমাক বহিবলৈ ক’লে। ঠাণ্ডাত থৰথৰকৈ কঁপি ডেৰ ঘণ্টামান জুপুকা মাৰি বহি আছোঁ। সেইদিনা বনৰ ৰজাৰ মুড বেয়া আছিল চাগে। বাঘিনীৰ লগত দন-খৰিয়াল লাগি থকা বাবেই বেচেৰাই পানীটুপি খাবলৈ নাহিল; নাহিল সিহঁতৰ সতি-সন্ততি। মই মনে মনে তেত্ৰিশ কৌটি দেৱতাৰ ভিতৰত এশ-ডেৰশমানৰ নাম বহুত কষ্ট কৰি মনত পেলাই পেলাই প্ৰাৰ্থনা কৰিছোঁ। প্ৰাণটো লৈ গুৱাহাটীলৈ ঘূৰাই আনিবলৈ কাকূতি কৰি আছোঁ। ভাবিছোঁ কি পাপৰ প্ৰায়চিত্ত কৰিবলৈ আহিলোঁ। অৱশেষত বাঘৰ ছাঁটোও বিচাৰি নাপাই আমি আহি ৰাতি তিনিমান বজাত পুনৰ শুই পৰিলোঁ। অলপ পিছত বিজিতদাই ভয়তে কঁপি কঁপি মোক মাতি থকাত সাৰ পালোঁ। তেওঁ ক’লে যে, ৰূমটোত কিবা এটা বস্তু আছে। দুয়ো বিছনাতে কুচি-মুচি বহি ৰ’লোঁ বহুপৰ। এনে লাগিল যেন কিহবাই আমাৰ গতিবিধি লক্ষ্য কৰি আছে।
ৰাতিপুৱা সাতমান বজাত দাঁত-মুখ ধুই একোকাপ ফিকা চাহৰ লগত চাৰিচকল পাওৰুটী, একোটা সিজোৱা কণী আৰু জাহাজী কল একোটা খাই আমি ট্ৰেকিঙৰ বাবে সাজু হ’লোঁ। প্ৰত্যেকৰে বেগত পানীৰ বটল, কল, কমলা আদি ভৰাই আমি অতিথিশালাৰ পৰা ওলালোঁ। জেমচ্ নামৰ লোকেল গাইড এজন আমাৰ সংগী হ’ল। লাহে লাহে আমি ওখ পাহাৰখনৰ পৰা তললৈ নামি গৈছোঁ। মনোমোহা নৈসৰ্গিক দৃশ্য চাৰিওফালে। চৰাই-চিৰিকতিৰ সংগীতৰ মূৰ্চনা আৰু বতাহৰ মৃদু ধ্বনি কেউফালে। তিনিঘণ্টামান খোজকাঢ়ি চাৰি-পাঁচ কিলোমিটাৰমান নামি ভাগৰত আধামৰা হৈ এডোখৰ ঠাইত বহি আমি ফল-মূল অলপ খাই শকতি অকণ গোটাইছোঁ। এনেতে জংগলৰ ভিতৰৰ পৰা মানুহ এজন আহি গাইড জেমচক অলপ আঁতৰলৈ মাতি নিলে। দুইজনৰে মাজত যেন কিবা বাক-বিতণ্ডা লাগিছে। মোৰ বুকুখন দুৰুদুৰুকৈ কঁপিছে। বাকীবোৰো উৎকণ্ঠিত হৈ ৰৈছে। অলপ পিছত জেমচ্ ঘূৰি আহিল আৰু মানুহজন গুচি গ’ল। ৰাতুলদাই ভগা ভগা খাচি ভাষাতেই জেমচৰ লগত কিবাকিবি কথা পাতিলে আৰু ক’লে যে সেইখিনি ঠাইতেই KNLF নে GNLF কোনোবা এটা উগ্ৰপন্থী সংগঠনৰ ঘাটি। ৰিপোৰ্টাৰ এজন অহা বাতৰিও তেওঁলোকৰ হাতত আছে। গতিকে এশ শতাংশ নিশ্চিত হ’বৰ বাবেই তেওঁলোকে ৰুটিন চেক কৰিছে। আমাৰ বালপক্ৰম যাত্ৰাৰ উদ্দেশ্য বুজি পোৱাৰ পিছত আমাক দিগদাৰি নকৰাৰ প্ৰতিশ্ৰুতি দিছে। জংগল ফালি আমি আৰু এক কিলোমিটাৰমান আগুৱাই গৈ নদী এখন পালোঁ। ডাঙৰ ডাঙৰ শিলৰ মাজেৰে নৈখন ফাটি সমতললৈ গতি কৰিছে। শিলৰ মাজত চাফা চকচকীয়া পানীবোৰ ৰ’দ পৰি তিৰবিৰাই আছে। চাৰিওফালে ওখ পাহাৰ। চৰাই-চিৰিকতি, জীৱ-জন্তুৰ কিৰীলি। কি যে এক অনিৰ্বচনীয় অনুভূতি! সকলোৰে ভাগৰ লগাত অকণমান দেৰি বহি ভাগৰ মাৰিলোঁ। পেটেও কলমলোৱাত বেগত ভৰাই লৈ যোৱা পাওৰুটী, কল, কমলা আদি উদৰস্থ কৰিলোঁ। আধাঘণ্টামান বহাৰ পিছত নৱদা আৰু নীপুদাৰ নিৰ্দেশমৰ্মে আমি ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। দুপৰীয়া একমান বাজিছে, বেলিও লাহে লাহে পৰিবলৈ আৰম্ভ কৰিছে। ঠাণ্ডাকালি আন্ধাৰ সোনকালে হয়; ইফালে আমি গুৱাহাটীলৈ উভতি আহিব লাগিব। গতিকে বালপক্ৰমৰ অতিথিশালা অভিমুখে আমাৰ খোজ খৰতকীয়া হ’ল।
মোটামুটি দুঘণ্টামান খোজকাঢ়ি ওপৰলৈ উঠিছোঁহে উঠিছোঁ। একো আঁতিগুৰি পোৱা নাই। গাইড জেমচ্ ককায়ে পিছফালে জুই লগা ৰকেটৰ দৰে ফোঁ-ফোঁৱাই খালি ভৰিৰেই উঠি যায়। মই পঁচিশবাৰমান হামখুৰি খাই ইতিমধ্যেই ছাল-বাকলি গৈ সভা শুৱনি হৈ পৰিছোঁ। বিজিতদা আকৌ দেখাত বিলাতী এন্দুৰটোৰ নিচিনা বগা। তেঁৱো তিনিবাৰমান জোটা-পোটা লাগি গাৰো পাহাৰ সমান কৰি ৰঙা মাটিৰে সনাপিঠা হৈ মঙল গ্ৰহৰ প্ৰাণীসদৃশ ৰূপ এটি লৈ মোৰ লগত মান-ইজ্জতৰ ডুবন্ত নাৱৰ আৰোহী। জেমচ্ বাপুৱে সুধিলেই কয় ‘অউৰ এক পাহাৰ বাকী হায় চাহাব!’ সেইখন পাহাৰ চুঁচৰি-বাগৰি পাৰ হওঁ কিবাকৈ। আৰু পাঁচখনমান পাহাৰ দৃশ্যমান হয়। মোৰ মন-মগজু ভাৰী হৈ পৰে। নৱদা, নীপুদা, ৰাতুলদাহঁতে ন-উদ্যম দিয়ে। আকৌ চাৰি-পাঁচখন পাহাৰ পাৰ হওঁ। ইফালে চাৰে তিনিমান বাজিছে। বেলিটোৱে লুকাভাকু আৰম্ভ কৰিছে। মোৰ হাত-ভৰি অচল হৈ আহিছে। ক্লাছ টেনত থাকোঁতে দ্ৰুতপাঠ্য হিচাপে পঢ়া বৰগোঁহাঞি ছাৰৰ ‘মানুহ হোৱাৰ গৌৰৱ’ নামৰ কিতাপখনৰ জীয়া কাহিনীটো মনত দোলা দিছে। এণ্টাৰ্কটিকা দখলৰ যুঁজত পৰাস্ত হৈ বৃটিছ চাহাব ৰবাৰ্ট ফেলকন স্কটে কৈছিল- “হায়! এই ওভতনি যাত্ৰা যে কিমান কষ্টকৰ হ’ব।” তাৰপিছত তেওঁৰ আৰু চাৰি সংগী ৱাওয়াৰ্চ, ইভাঞ্চ, ৱিলচন আৰু ওটচৰ কি দুৰ্দশা হৈছিল মনত পৰিছে। ‘ৰোৱাৰিং ফৰটিজ’ আৰু ‘ফিউৰিয়াচ ফিফটিজ’ৰ কথা মনলৈ আহিছে। নৰৱেৰ আমুণ্ডসেনে ৰবাৰ্ট ফেলকন স্কটক পৰাস্ত কৰিলেও গ্ৰেট বৃটেইনত স্কট চাহাবৰ গৰিমাৰ পূজাৰ্চনা হয়। পৃথিৱীৰ বাকীবোৰ প্ৰান্ততো ফেলকন স্কটৰ কাহিনীক অনুপ্ৰেৰণা হিচাপে লোৱা হয়। পিচে মই নৰাধমৰ বালপক্ৰম যাত্ৰাত হোৱা নগুৰ-নাগতি পৃথিৱীৰ মানুহে শুনিলে মুখৰ কাউৰী ফাটি যোৱাকৈ হঁহাটো খাটাং।
বাবু….অউৰ এক পাহাৰ….বচ! জেমচ্ গাইডক চুৰিকাঘাত কৰি হাফ-মাৰ্ডাৰ কৰিবৰ ইচ্ছা আছিল মোৰ। পিচে হাত-ভৰি টানি ধৰিছে। চকুৰে ধোঁৱা-কোৱা দেখিছোঁ। মূৰটো আচন্দ্ৰাই কৰিছে। মই নোৱাৰিছোঁ বুলি কৈ এঠাইত পৰি দিলোঁ। সকলো দৌৰি আহিল মোৰ ওচৰলৈ। তেতিয়ালৈ নদীৰ পৰা ভৰাই অনা পানী শেষ। বোধহয় খাবলৈও একো নাই কাৰো বেগত। মই চিন্তা কৰিছোঁ যে মোৰ জীৱনৰ এইটো শেষ দিন। মাৰ ক্ৰন্দনময় নিৰুপা ৰয়ৰ লগত মিলথকা মুখখন আৰু গাঁৱৰ ঘৰখনলৈ মনত পৰিছে। জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিবোৰ নিমিষতে চকুৰ আগত ভাঁহি উঠিছে। শৈশৱ, স্কুল, কলেজ, চাকৰি আদিবোৰ বিজুলীগতিত চকুৰ আগত ওপঙিছে। মিছা ক’লে কিডাল হ’ব; সৰলা, ৰমলা, পমিলাহঁতৰ সৰিয়হফুলীয়া হাঁহি, যৌৱনে অতপালি কৰি খলা-বমা কৰি থৈ যোৱা শৰীৰকেইটাও মনলৈ আহিছে। বন্ধু ৰঞ্জনৰ কথা মনলৈ আহিছে। চেন্নাইৰ কোনোবা পৰ্বতত ট্ৰেকিং কৰিবলৈ গৈ নদীত গা ধুবলৈ নামিছিল, বেচেৰা আৰু ঘূৰি নাহিল। নৱদাহঁতে সকলোৱে মিলি মোক পূৰা উৎসাহ যোগাইছে। নাই মোৰ মাতষাৰ দিবলৈও শকতি নাই। ভাবিছোঁ ইয়াতে পেলাই থৈ গ’লে মোক KNLF নে GNLF কেইটাই চাগে ৰাতি জুইত আহুতি দি নানান প্ৰকাৰৰ সুস্বাদু ব্যঞ্জন বনাব। সদায়নো আৰু কিমান গাহৰি-কুকুৰা খাব!
নীপুদা আৰু নৱদাৰ ট্ৰেকিঙৰ জ্ঞান থকা বুলি মই আগতেই উল্লেখ কৰিছিলোঁ। মোৰ নিচিনা অল্পধতুৱা, ভয়াতুৰ, মাইকী ছাগলীৰ কলিজা লগোৱা প্ৰাণী কিছুমানক ট্ৰেকিং কৰাবলৈ নি চাগে আগতেও এনেকুৱা কিবাকিবি দুৰ্ঘটনাৰ তেওঁলোকে মুখামুখি হৈছে। দুয়ো মোক পিঠিত ধৰি কিবাকৈ বহুৱাই দি কেইফুটামান কমলা খাবলৈ দিলে। ক’লে এতিয়া দীঘলকৈ উশাহ ল, বেছি চিন্তা নকৰিবি। পাঁচ মিনিটমান বহাৰ পিছত মোৰ শৰীৰত নতুন শক্তিৰ সঞ্চাৰ হ’ল। ন উদ্যম আহিল। সৰলা, ৰমলা আৰু পমিলাই বিহু মাৰিবলৈ হাতবাউল দি থকা যেন অনুভব হ’ল। জীয়াই থকাৰ বাসনা পুনৰাই জন্মিল। উঠি থিয় হৈ সদম্ভে ঘোষণা কৰিলোঁ যে মই পাৰিম।
: বাবু….য়ে জো টিলা হ্যায়, ইচকো পাৰ কৰনেছে হামলোগ পহুচ যায়েগা!
মই বোলো জেমচ্ গাইড জিন্দাবাদ, মিছা আৰু কিমান মাতিব! সম্মুখলৈ চাই দেখোঁ প্ৰায় ত্ৰিশ-পঁয়ত্ৰিশফুট ওখ টিলা এটা। চাৰিওফালে জংগল। ৰাস্তাসদৃশ দেখোন একো নাই, মানে সন্মুখতে থিয় প্ৰাচীৰ এখন। বগাই পাৰ হ’লে সিপাৰে জীৱন । সকলোৱে গছ, লতা , গছৰ শিপা যিহকে পায় তাকে সাৰথি কৰি চুঁচৰি-চুঁচৰি ওপৰলৈ উঠাত লাগিল। নীপুদা, নৱদা, ৰাতুলদাহঁত ওপৰ পালেই। বিজিতদা, হিৰণদাও আগবাঢ়িল। ভগবানে কি জানো দিব্যশক্তি প্ৰদান কৰিলে, ময়ো গছ-লতাত ওলমি, গাৰ ছালৰ একতৰপ উঠাই নেপালী কটা ছাগলীৰলেখীয়া হৈ ওপৰ পালোঁগৈ। এক-ডেৰ কিলোমিটাৰমান দূৰত পকী ৰাস্তা আৰু দুই এখন গাড়ী দেখি মোৰ বিকল হোৱা হৃদযন্ত্ৰটো চলিল পুনৰ। ইতিমধ্যে বেলি পৰি আহিল। অতিথিশালালৈ গৈ হাত-মুখ ধুই অলপ সতেজ হৈ আমি অহাৰ যো-জা কৰিলোঁ। জেমচ্ গাইডে আমাক বিদায় সম্ভাষণ জনাবলৈ আহিল।
: বাবু…আপ ঠিক হ্যায় না?
জেমচৰ প্ৰশ্নটো শুনি সকলোৱে হো-হোৱাই হাঁহিলে। মই বোলো বালপক্ৰমৰ পৰা গুৱাহাটীলৈ এই ছয়/সাত ঘণ্টা বাকীকেইটাই মোক ‘চেণ্টাৰ ফ্ৰেছ চুইঙ্গাম’ চোবোৱাদি আগদাঁত, গুৰিদাঁত আৰু দাঁতৰ আলু পৰ্য্যন্তৰে চোবাব। জেমচক তাৰ সেৱাৰ বাবে টকা এশ মনে মনে অতিৰিক্ত বকচিচ্ দি তাক অকণ কপাহ যোগাৰ কৰিবলৈ অনুৰোধ কৰিলোঁ। বেচেৰাই সাউতকৈ গৈ কপাহ অকণ আনি মোক দিলে। কপাহৰ ঠিলা দুটা সুন্দৰকৈ বনাই কাণৰ দুই ফুটাত সুমুৱাই বান্দৰ টুপিটোৰে ঢাকি লৈ ‘স্কৰপিও’ৰ পিছৰছীটত বহিয়েই ঘৰঘৰাই নাক বজোৱাৰ অভিনয় কৰি গুৱাহাটী পালোঁহি।
☆ ★ ☆ ★ ☆
2:30 pm
মজা লাগিল৷