ফটাঢোল

মূল : শিপা,অনুবাদ : সুস্মিতা দাস

(অকল যে মাক দেউতাকক বৃদ্ধাশ্ৰমত থয় বুলি ল’ৰা বা ছোৱালীজনীক বেয়া পাওঁ কিন্তু কিছুমান মাক দেউতাকৰ কাজিয়াত সন্তানৰ দুখ হয় তাৰেই কথা ফেচবুকত পোৱা এটা লেখা গল্প নে সত্য ঘটনা নাজানো বহুতে শ্বেয়াৰ কৰা দেখি অনুবাদ কৰিবলৈ মন গ’ল।)

সেই দিনটোৰ কথা ম‌ই কেতিয়াও নাপাহৰোঁ, যিদিনা কোর্টত মা-দেউতাক পৃথক কৰা সময়ত মাক সোধা হৈছিল,

“আপুনি কাক নিব, ল’ৰাক নে ছোৱালীজনীক?”

মায়ে তেতিয়া এক কথাত ভাইটিক ল’ম বুলি কৈছিল, হয়তো ভৱিষ্যতে ল’ৰাইহে তেওঁক চাব বুলি ভাবিছিল আৰু এবাৰো মোৰ ফালে চোৱা নাছিল। দেউতায়ো তেতিয়া মোৰ পৰা মুখখন ঘূৰাই বিপৰীত ফালে চাই আছিল। কাৰণ তেওঁ আকৌ এখন নতুন সংসাৰ কৰাৰ সপোন দেখিছিল, গতিকে মোক নি তেখেতৰ নতুন সংসাৰখনত আউল লগাতো হয়তো বিচৰা নাছিল।

কাঠৰ ব্ৰেঞ্চখনত বহি যেতিয়া হিয়া উজাৰি কান্দি আছিলোঁ, তেতিয়া বুকুত সাৱতি ল’বলৈ মোৰ মা অহা নাছিল কাষলৈ, আহিছিল এগৰাকী লেডি কনিষ্টবল। আশ্রয় দিছিল মোক তেওঁৰ ঘৰত। কিন্তু তেখেতৰ মাতাল স্বামীৰ কামনা লোলুপ দৃষ্টি পৰিছিল মোৰ ওপৰত। শিশু বয়সত ইমান একো বুজি নাপালেও কিবা এটা ভাল লগা নাছিল মোৰ। ৰাতি যেতিয়া আণ্টি ঘৰলৈ আহিছিল, মই তেখেতক সকলো কথা মুকলিকৈ কৈ দিছিলোঁ। আণ্টি দুঃচিন্তাত পৰি গৈছিল মোৰ কথা ভাবি। তাৰপিছত এদিন মোৰ নিৰাপত্তাৰ কথা ভাবি তেখেতে মোক অনিচ্ছা সত্ত্বেও এখন অনাথ আশ্রমত থৈ আহিছিল। তাত থৈ উভতি অহাৰ সময়ত মোক দুয়োখন হাতেৰে সাবতি ধৰি ইমানেই কান্দিছিল যে সিমান মোৰ মায়েও মোক এৰি যোৱা সময়ত কন্দা নাছিল।

এই অনাথ আশ্ৰমখনতেই জীৱন কটাবলগীয়া আছে মোৰ, এনেকৈয়ে আগুৱাই গৈ আছিল মোৰ জীৱন। নিজকে অসহায় যেন লাগিছিল সেই সময়ছোৱাত, মা দেউতা জীয়াই থাকোঁতে যি শিশু অনাথ আশ্রমত থাকিব লগীয়া হয় তেওঁতকৈ অসহায় চাগে আৰু কোনো হ’ব নোৱাৰে!

দুবছৰ মানৰ পিছৰ কথা। এক নিঃসন্তান ডাক্তৰ দম্পতিয়ে মোক তুলি লয় আৰু তেতিয়াৰ পৰা মোৰ জীৱনটো সলনি হৈ যায়। হাঁহি খেলি ৰাজকীয় ভাবে ডাঙৰ হ’বলৈ ধৰিলোঁ। মোৰ নতুন মা দেউতাই মোক তেওঁলোকৰ ইচ্ছা অনুসৰি ডাক্তৰ বনাবলৈ বিছাৰিছিল। কিন্তু মোৰ ইচ্ছা বা সপোন এটাই আছিল উকীল হোৱাৰ।
ঈশ্বৰৰ অশেষ কৃপাত আজি ম‌ই এজন ডিভৰ্চ উকীল। যিসকলে মোৰ ওচৰত ডিভৰ্চৰ কাৰণে আহে মই আগতীয়াকৈই ল’ৰা ছোৱালীৰ কাষ্টডিৰ কাৰণে তেওঁলোকৰ লগত কথা পাতি শিশুসকলৰ ভৱিষ্যত সুনিশ্চিত কৰি ল‌ওঁ। কাৰণ মাক দেউতাক অবিহনে এটা শিশু যে কিমান অসহায়, সেইটো মই ভালকৈ উপলব্ধি কৰিব পাৰোঁ।

এদিন চেম্বাৰত বহি বাতৰি-কাকত পঢ়ি আছিলোঁ। হঠাৎ এটা বাতৰিত মোৰ চকু পৰিল। এগৰাকী বৃদ্ধা মহিলাক তাৰ ল’ৰা আৰু বোৱাৰীয়ে ৰাতিৰ আন্ধাৰত বস্তাত ভৰাই ষ্টেচনত পেলাই থৈ গৈছে। পুলিচে উদ্ধাৰ কৰি বৃদ্ধা গৰাকীক হস্পিতালত ভর্তি কৰিছে। তলত বৃদ্ধা গৰাকীৰ ফটো দিয়া আছিল। মুখখন চিনাকি যেন লগাত ভালকৈ চাই দেখিলোঁ বহু বছৰ আগত মোক আদালত চৌহদত অকলে এৰি থৈ যোৱা সেই মহিলা গৰাকী অৰ্থাৎ মোৰ জন্মদাত্ৰী মা। বুকুখন বিষাবলৈ ধৰিলে। লগে লগে গাড়ীখন লৈ ওলাই গ’লোঁ হস্পিতাললৈ বুলি। মুখখন চিনি পোৱাৰ কোনো উপায় নাই। শৰীৰ ৰোগে শোকে জৰাজীর্ণ হৈ গৈছে। শুই থকা মুখখনৰ ফালে চাই অন্তৰখনে উচুপি উঠিছে। মনতে ভাবি আছিলোঁ সেইদিনা বাৰু তেওঁৰ অলপো বেয়া লগা নাছিলনে? যিদিনা তেওঁৰ গৰ্ভজাত সন্তানটিয়ে মা মা বুলি চিঞৰি চিঞৰি কান্দিছিল, দহবছৰ লালন-পালন কৰি এই ছোৱালীজনীক এনেকৈ এৰি যাবলৈ দুখ লগা নাছিলনে? হয়তো ছোৱালীহে ভৱিষ্যতে তেওঁৰ ওপৰত বোজা হৈ পৰিম বুলি ভাবি নিজৰ ভৱিষ্যতৰ লাখুটিডাল লগত লৈ পিছলৈ ঘূৰি চাবলৈও সময় নাছিল তেখেতৰ।

এবাৰ ভাবিছিলোঁ এনেকৈ মনে মনে চাই উভতি গুচি আহিম, হঠাৎ মন কৰিলোঁ তেওঁৰ টোপনি ভঙাত তেওঁ মোৰ ফালে ভেবালাগি চাই আছে। চোৱাৰ ধৰণ দেখি গম পোৱা যায় তেওঁ মোক চিনি পোৱা নাই। মই ৰৈ থাকিব নোৱাৰিলোঁ আৰু নিজৰ পৰিচয় দিলোঁ তেওঁক, পৰিচয় পোৱাৰ লগে লগে মোক সাৱটি ধৰি হুকহুকাই কান্দি উঠিল। আৰু নিজৰ ভুলৰ বাবে বাৰে বাৰে ক্ষমা বিচাৰিবলৈ ধৰিলে। মাক পোৱাৰ পিছত দেউতাৰ বাবে মনটোৱে চটফটাবলৈ ধৰিলে। মাৰ পৰা দেউতাৰ অফিচৰ ঠিকনা লৈ দেউতাৰ অফিচলৈ যোগাযোগ কৰি গম পালোঁ দেউতা অৱসৰ লোৱাৰ কেইবছৰমান হৈছে। ঘৰলৈ গৈ তেখেতৰ দ্বিতীয় পত্নী আৰু সন্তানৰ পৰা গম পালোঁ অৱসৰ লোৱা কিছুদিনৰ পিছত প্যাৰালাইছিছ হৈ বিছনাত থাকিব লগীয়া হয়। অযথা ঘৰখনৰ এটা কোঠা তেখেতৰ বাবে বন্ধ কৰি ৰখাৰ ওপৰিও পায়খানা প্ৰস্ৰাৱ কৰি লেতেৰা কৰি থাকে বাবে বিৰক্ত হৈ তেওঁলোকে তেখেতক এখন চৰকাৰী বৃদ্ধাশ্ৰমত থৈ দিছে। সিহঁতৰ পৰা ঠিকনা লৈ বৃদ্ধাশ্রমলৈ গ’লোঁ। চিনি পাবলৈ কষ্ট হৈছিল, এনে লাগিছিল যেন এটা মৰা শ পৰি আছে মোৰ সন্মুখৰ বিছনাখনত, ওচৰত বহি নিজৰ পৰিচয় দি হাতখন ধৰোঁতে মুখখন বেলেগ ফালে কৰি কান্ধিবলৈ ধৰিলে।

মা-দেউতা বৰ্তমান মোৰ লগত মোৰ ঘৰতেই আছে। এটা সময়ত তেওঁলোকে মোক এৰি গুচি গৈছিল যদিও মই নোৱাৰিলোঁ তেওঁলোকক নিজৰ ঠাইত এৰি থৈ আহিবলৈ, হাজাৰ হ’লেও তেওঁলোক মোৰ জন্মদাতা পিতৃ-মাতৃ …………!

 

*****

One comment

  • স্বপ্নালী কলিতা

    বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *