ফটাঢোল

প্ৰেমত ঘূৰিছে ভূ-মণ্ডল- অৰ্চন শৰ্মা

কাহিনী চিত্ৰনাট্য সংলাপ — অৰ্চন শৰ্মা

প্ৰযোজনা — দিম্পল কলিতা

মুৱা আৰু সাজ-সজ্জা — নিতাশ্ৰী নেওগ

পোহৰ — ভূপালী দেৱী

চৰিত্ৰসমূহ —

অভিসাৰ কলিতা ( দিব্যজ্যোতি ), 

 কেণ্টিন বাইদেউ ( শ্ৰুতিমালা ), 

অনুভৱ ( অজান ),  

প্ৰতিম কেমেস্ত্ৰী প্ৰফেছৰ ( পাৰ্থ শৰ্মা ), 

মোহিনী ( ধীৰাশ্ৰী বৰ্মন ),  

দীক্ষা ( দীক্ষিতা বৰা ),  

ৰূপালী শৰ্মা( ৰাজশ্ৰী শৰ্মা ) 

বিজিত (দেৱজিত শৰ্মা),

 পুষ্পৰাজ( তবিবৰ ৰহমান) ( ৰেগিং কৰা চিনিয়ৰ)


প্ৰথম দৃশ্য

কলেজৰ গেটখনেৰে অনুভৱে ভয়ে ভয়ে প্ৰৱেশ কৰে। বেচেৰাৰ মুখত ভয়ৰ এক্সপ্ৰেছন, পিঠিৰ পৰা খুলি বেগটো বুকুত সাবটি লাহে লাহে খোজ দিয়ে সি। ভয়ে ভয়ে খোজ দিয়া অনুভৱ চকুত পৰে বিজিত আৰু পুষ্পৰ, বিজিতে বিভৎস হাঁহি এটাৰে পুষ্পক ইংগিত দিয়ে। পুষ্পই অনুভৱক ইঙ্গিতেৰে কাষলৈ মাতে, অনুভৱে নেদেখাৰ ভাও ধৰি আঁতৰি যাব খোজে।

বিজিত :ঐ, পোৱালীয়ে ইগন’ৰ কৰিছে বে!

পুষ্প: অ বে, যা ধৰি আন তাক, তাক ভালকৈ বুজাই দিওঁ আমি কোন ।

বিজিতে অনুভৱৰ কলাৰত ধৰি টানি লৈ আহে, পুষ্পই অনুভৱক ওপৰৰ পৰা তললৈকে এবাৰ চাই লয়।

পুষ্প : ঐ পোৱালী, তোৰ দেখোন বৰ সাহস, আমাক দেখিও নেদেখাৰ ভাও জুৰিছ। আমি কোন জান নে নাই ?

অনুভৱ (ভয়ে ভয়ে) : মা… মানে দাদা…

বিজিত : এতিয়া মুখৰ মাত নোলোৱা হ’ল দেখোন, নকৱ কিয় আমাক দেখি পলাইছিলি কিয়। ভয় হা, ভয় কৰিছ আমালৈ?

অনুভৱ : দাদা ভয় নহয়, লাজ হে।

পুষ্প : কিইই? লাজ? তোৰ আকৌ কি লাজ লাগিল?

অনুভৱ : ইস, আপোনালোকে মোৰ ফালে যেনেকৈহে চালে মই যেন…, তাতে আপোনালোক দুয়ো ছিংগোল, মোৰ লাজেই লাগিল পায়।

(পুষ্প আৰু বিজিত লাজত ৰঙা চিঙা পৰে)

পুষ্প ( ফুচফুচাই ) : ঐ, ই কেনেকৈ গম পালে বে আমি ছিংগোল বুলি?

:ক’ব লাগিছে নেকি বেলেগকৈ, গোটেই কলেজে জানে তহঁতৰ স্বভাৱৰ কথা।

(পিছফালৰ পৰা ভাঁহি অহা দীক্ষাৰ মাতষাৰ শুনি দুয়োটাই কোব খোৱা সাপৰ দৰে ঘূৰি চায়, অনুভৱে দৌৰি গৈ ছোৱালীজনীৰ পিছফালে লুকাই।)

দীক্ষা: হ’ব পিতৌ, ইহঁতৰ মুখখনহে চলে, ইহঁত কাকো মাৰিব পৰা মানুহ নহয়।

বিজিত : ঐ দীক্ষা, তই এইবোৰৰ মাজত সোমাবলৈ নাহিবি কৈ দিছোঁ।

দীক্ষা: তহঁতৰ দৰে লেতেৰা দুটাৰ মাজত কোন সোমাবলৈ আহিব? মই মোৰ ভাইটিক নিবলৈহে আহিছোঁ। আকৌ যদি তহঁতে কাৰোবাক ৰেগিং কৰা দেখোঁ, তেন্তে চাই ল’বি, তহঁতৰ বেল্ট খুলি তহঁতকে কোবাম, ব’লা পিতৌ।

(দীক্ষাই অনুভৱক টানি টানি লৈ যায়, পুষ্প আৰু বিজিতে লাজত তলমূৰ কৰে।)


দ্বিতীয় দৃশ্য

(ৰূপালী মেডামে ক্লাছ কৰি থাকে, বিজিত আৰু পুষ্পৰ চকু মেডামৰ ওপৰত, অভিসাৰ দৌৰাদৌৰিকৈ আহি ক্লাছত সোমাব খুজি থমকি ৰয়।)

অভিসাৰ : মেডাম এ মেডাম, আইহবা পাৰিম না?

(মেডামে ঘূৰি চায়, অভিসাৰে জেপত হাতখন ভৰাই লয়।)

ৰূপালী : অভিসাৰ, হোৱাই আৰ য়ু লেট এগেইন?

অভিসাৰ : ছৰী মেডাম, বাছত  মান্নাই মৰতী এজনীয়ে পকেট মাৰবা লৈছিল মোৰ।

ৰূপালী : ঔ মাই দগছ, তাৰ পিছত কি হ’ল?

অভিসাৰ : একো নাই এ মেদাম, আপীটোই মোৰ জেপত হাত ভৰেই দিছিল, মোৰ জেপটো ফটা আছিল তাই হাত ভৰাই দি নিজেই লাজ পালে, আহোঁতে কৈয়ো আহিছোঁ তাইক “মাই কিবা পালিনা ?”

(গোটেই ক্লাছটোৱে গিৰ্জনী মাৰি হাঁহি দিয়ে, মোহিনীয়ে অভিসাৰৰ ফালে একেথৰে চাই থকা ৰূপালীৰ চকুত পৰে।)

ৰূপালী: মোহিনী, তুমি কি চাই আছা সেইফালে?

মোহিনী: মেডাম আপোনাৰ সদায় মোৰ ওপৰতে চকু পৰে যে, অথনিৰে পৰাই যে বিজিত আৰু পুষ্পই ক্লাছ কৰিব এৰি আপোনাক চাই আছে সিহঁতক একো নকয় কিয়?

ৰূপালী: হুহ, কিতাপত চোৱাৰ সলনি সকলোৱে যদি ঘূৰি ঘূৰি মোকে চাই থাকে তেন্তে সেইটো মোৰ প্ৰব্লেম নহয়, গট ইট!

মোহিনী : গট! মানে ছাগলী? মেডাম এতিয়া ক্লাছৰ মাজত মই ক’ত ছাগলী বিচাৰি যাম? আপোনাক লাগে যদি আগতেই ক’ব লাগিছিল।

(মোহিনীৰ উত্তৰ শুনি ৰূপালীয়ে মূৰে কপালে হাত দিয়ে, ক্লাছৰ সকলোৱে বাগৰি বাগৰি হাঁহে, অভিসাৰে কি কৰোঁ কি নকৰোঁকৈ হাতখন পকেটত ভালকৈয়ে গুজি লয়)


তৃতীয় দৃশ্য 

(কেণ্টিনত ল’ৰা ছোৱালীবোৰে আড্ডা দি থাকে। কেণ্টিন বাইদেৱে মাজে মাজে ভোৰভোৰাই কিবা এটা কয়, আকৌ চাহ বনোৱাত লাগে। অভিসাৰ আৰু মোহিনী সোমাই আহে, সিহঁতক দেখিয়ে বাইদেউৰ ফিচিককৈ হাঁহি উঠে।)

অভিসাৰ: বাই চাহ আছেনা ?

কেণ্টিন বাইদেউ: হ’বু দ্যা, নাওমান ৰখা হা, আৰু কি দিম?

অভিসাৰ: আৰু একো নালাগে বাইদেউ, ঘৰৰ পে ক’ল আনচু দ’ক, চাহৰ লগত খাবাক লেগী।

কেণ্টিন বাইদেউ: চাহ আৰু কলা, সোণাই তুমি দেখোন চাহৰ ভচ্ছু উঠে দিছা।

মোহিনী: কিইই? চাহ আৰু কল, মই নাখাও দেই তোমাৰ কল, বাইদেউ মোক আলুচপ এটা দিব দেই।

অভিসাৰ: ক্যা এনে কৰা হা, কল এটা খোৱাচোন, বৰ মিঠা।

দীক্ষা: অভি এই নাখাই যদি কল এটা মোকেই দি দিবা।

(পিছফালৰ পৰা দীক্ষাই মাত দিয়ে, অভিসাৰ আৰু মোহিনীয়ে ঘূৰি চায়, দীক্ষাৰ লগত থকা অনুভৱে ৰুমালেৰে মুখখন ঢাকে।)

অভিসাৰ: হাও কি এ দীক্ষা কি খবৰ? তোমাৰ লগত কুনি এ এটু?

দীক্ষা : অ’ এইটো মোৰ ভাইটি, নতুনকৈ এডমিশ্যন লৈছে।

(অনুভৱৰ ফালে চাই) পিতৌ, আহা সকলোৰে লগত চিনাকী হ’বা।

অনুভৱ: ইস, ইমানবোৰ মানুহ, মোৰ বৰ লাজ লাগিছে দেই।

(মুখখন ভালকৈ ঢাকি ল’বলৈ চেষ্টা কৰে )

কেণ্টিন বাইদেউ : তোমাৰ নাম হ’বলা পিতৌ, হাও বৰ ঠৌগা চলি এ, ইমান লাজ কৰিলে নহ’ব দেই, দাদা বাইদেউৰ লগত চিনাকী হ’বা লাগে। 

মোহিনী : হয়তো, কলেজত নতুনকৈ আহিলে চিনাকী হ’বহে লাগে।

অনুভৱ: আপোনাক চিনি পাইছোঁ  বা, দুদিনমান আগতে আমাৰ ঘৰৰ আগত যে স্কুতিৰ পৰা বাগৰি পৰিছিল আপুনি, মই তেতিয়াই চিনি থৈছোঁ আপোনাক।

মোহিনী: অ… অ… সেই হাতী এটা ৰৈ থকা ঘৰটো তোমালোকৰ নি? কুকুৰ এটা স্কুতিৰ আগত পৰি গৈছিল জানা, তাক বচাবলৈ গৈহে এনেকুৱা হ’ল।

অনুভৱ(খঙত একো নাই হৈ ): বা প্ৰথম কথা সেইটো হাতী নহয় মইহে কম্বল লৈ বহি আছিলোঁ। আৰু দ্বিতীয়তে আপুনি নীলা চাৰ্ট পিন্ধা ল’ৰাটোক ফ্লাইং কিছ দিবলৈ গৈহে বেলেঞ্চ ৰাখিব নোৱাৰি পিছল খাই পৰিছিল। এতিয়া মিছাকৈ কিয় কৈছে?

মোহিনী (মনে মনে) : এইটোৰ মুখখন লাওপাত কচুপাত দেখোন, এইপাতৰ লগত চিনাকী নোহোৱাই ভাল।

(কেমেৰাত অভিসাৰৰ মুখখন জুম কৰি দেখুৱা হয়, মুখত ভৰাবলৈ লোৱা কলটো অভিসাৰৰ হাতৰ পৰা সৰি পৰে, বেক গ্ৰাউণ্ডত হৃদয় ভঙাৰ মিউজিক বাজি উঠে, পেণ্টত হাতখন ভৰাই অভিসাৰে দৌৰ দিয়ে।)

মোহিনী: শুনাচোন, অভি… মই দেখাত ধুনীয়া, নীলা চাৰ্ট পিন্ধা, চুলিত ষ্টাইল কৰা, আইফোন, কেটিএম লৈ ফুৰা ল’ৰাক ফ্লাইং কিছ দিয়া নাছিলোঁ অ’। শুনাচোন অভিসাৰ, তেনেকৈ নাযাবা, মই চিৰজীৱন তোমাৰ কলবাৰীৰ কল খাবলৈ সাজু… অভি…।

(মোহিনীয়ে অভিসাৰৰ পিছে পিছে দৌৰ দিয়ে। মোহিনীৰ পিছে পিছে দীক্ষা আৰু অনুভৱো ওলাই যায়।)

কেণ্টিন বাইদেউ : ঐ আপা, চাহ হৈ গ’ল তোমাৰ, এতিয়া এই চাহ কাপ কুনি খাব ?

(ইফালে সিফালে চাই)

এহ কোনোৱে চাহ বিচৰা নাই, এনেই যোৱাতকৈ ময়ে খাই থওঁ!

(চাহ খায়।)


চতুৰ্থ দৃশ্য

অভিসাৰৰ পিছে পিছে দৌৰি দৌৰি যোৱা মোহিনীয়ে সুন্দৰ যুৱক এজনক খুন্দিয়াই দিয়ে। যুৱকজন চাৰিহাত দূৰত চিটিকি পৰেগৈ। যুৱকৰ ছশমাযোৰ উফৰি আহি মোহিনীৰ চকুত খাপ খাই পৰে। বেকগ্ৰাউণ্ডত ৰোমাণ্টিক মিউজিক বাজে, মোহিনী যুৱকজনৰ ফালে আগুৱাই যায়, যুৱকজনে কোনোমতে পৰাৰ পৰা উঠিবলৈ চেষ্টা কৰে।)

মোহিনী: আই এম ছৰী, বৰ দুখ পালে নেকি?

(যুৱকজনৰ ফালে হাত এখন আগুৱাই দিয়ে, যুৱকে মোহিনীৰ হাতত ধৰি উঠিব খোজোঁতেই দুয়ো বাগৰি পৰে। যুৱকৰ নাকত মোহিনীৰ মূৰটো জোৰেৰে লগাত যুৱকৰ নাকৰ পৰা তেজ ওলাই মোহিনীৰ শিৰত পৰে, দুয়ো কোনোমতে থিয় হয়)

মোহিনী: উসঃ, উসঃ, বৰ দুখ পালে ন!

(ৰঙা ফুটুকীয়া দুপত্তাখনেৰে নাকেৰে বৈ অহা তেজবোৰ মচি দিয়ে মোহিনীয়ে)

প্ৰতীম: নাই নাই মোৰ কথা চিন্তা কৰিব নালাগে, মিছামিছি তোমাৰ দুপত্তাখন লেতেৰা হ’ল, বাই দ্য ৱে মই প্ৰতীম শৰ্মা নিউ কেমেস্ত্ৰী প্ৰফেছৰ, আৰু তুমি?

মোহিনী : মই চিংগোল… (পলকতে নিজৰ ভুল বুজিব পাৰি জিভা কামুৰি ধৰে), মানে মই মোহিনী ।

(সিহঁতক দেখি দূৰত পুষ্প আৰু বিজিতে কথা পাতে)

পুষ্প : ঐ সৌৱা চা, মোহিনীয়ে শিৱ এটা পতাইছে।

বিজিত: কি ক’বি আৰু, আমাৰ কপালত নাই, বেলেগকে চাওঁ আৰু।

পুষ্প: পতাও বুলিলে মই এজনী কি দহজনী পতাব পাৰোঁ, মোক কি বুলি ভাবিছ।

বিজিত : তেনে পতাই  নলৱ কিয়?

পুষ্প : চা ভাই, এজনী পতাবলৈ হ’লে মই তাইক আঁঠুকাঢ়ি প্র’পজ কৰিব লাগিব। আৰু তইতো জানই “মই পুষ্প হয় পুষ্প, মে ঝুকেগা নেহী চাল্লা”।

বিজিত: আবে ঐ, চেহেৰা বেয়া বুলি ডাইৰেক্ট ক না, এইবোৰ নৌতংকি কিয় ?

পুষ্প : (খঙেৰে ) ঐ কথা চাই চিতি ক’বি, তোৰ দৰে কবিতা লিখি ছোৱালীক পতাবলৈ যোৱা নাই মই।

বিজিত(দুগুণ খঙেৰে ): ঐ মোক যি কৱ কৈ থাক, মোৰ কবিতাক লৈ ঠাট্টা নকৰিবি কৈ দিছোঁ।

পুষ্প : কৰিমেই যা, কি কৰিবি তই?

বিজিত :এয়া চা মই কি কৰোঁ।  

(দুয়ো দবৰা – দবৰি লাগে, বাকী ছাত্ৰ- ছাত্ৰীবোৰ লগ হৈ ভিডিঅ’ কৰে, প্ৰায় বিশ মিনিটৰ পাছত দুয়ো ভাগৰি পৰে।)

 বিজিত: ঐ বহুত হ’ল, বাকী কাজিয়া পিছত কৰিম, কিবা এটা খাই লওঁগৈ ব’ল।

পুষ্প: অ’ বে,,ভোক লাগিছে তামাম, কিবা এটা খাই লওঁগৈ আহ।

(লেকেছিয়াই, লেকেছিয়াই দুয়ো আঁতৰি যায়।)


পঞ্চম দৃশ্য

(দীক্ষাৰ পাছে পাছে অনুভৱ মনে মনে আহি থাকে)

দীক্ষা: কিহে পিতৌ, আজি কাৰোবাৰ কাৰণে কিবা আনিছা নে? 

অনুভৱ: বা বেগত এটা জলকীয়া স্প্ৰে, এটা হাতুৰী, এটা শিল লৈয়ে আহিছোঁ। বেগটো ইমানেই গধুৰ যে দাঙিব পৰাই নাই ঔ।

দীক্ষা: কি? ভেলেণ্টাইন ডে’ত গোলাপ হে আনে ছোৱালীক দিবলৈ। তুমি কাৰ মূৰটো আনিছা?

অনুভৱ: বা দুদিনমান আগতে এজনীয়ে ভাল পাওঁ বুলি কৈছিল, মই লাজতে উত্তৰ নিদিলোঁ। আজি ধমকি দিছে মোক উঠাই দিব হেনো। লগতে বিজিত আৰু পুষ্প নামৰ গুণ্ডা দুটায়ো দম দি থৈছে মোক। সেইকাৰণে মই ৰেডী হৈয়ে আহিছোঁ, মোৰ সুৰক্ষা মোৰ অধিকাৰ! 

(সিহঁতৰ মুখৰ আগেৰে ৰূপালী মেডাম পাৰ হৈ যায়, পিন্ধনত ছিল্কৰ শাৰী, ৰঙাকৈ লিপষ্টিক, কাণত ডিজাইনৰ ইয়েৰ ৰিং, বেকগ্ৰাউণ্ডত গীত বাজে “তুমি দুচকুতে কাজল ল’লে…”, দূৰৈৰ পৰাই পুষ্প আৰু বিজিতে মেডামক দেখা পায়। দীক্ষাৰ অমনোযোগিতাৰ সুযোগতে পিছফালৰ পৰা অনুভৱক কোনোবাই মুখত সোপা দি লৈ যায়।)

বিজিত: ঐ জুই লাগিছে বে।

পুষ্প:ক’ত জুই লাগিছে ঐ? ব’ল হাতখন সেকি লওঁ।

বিজিত: মোৰ বুকুত লাগিছে জুই।

পুষ্প: হয়নে, চাওঁ ক’ত লাগিছে।

(বিজিতৰ চাৰ্টত হাতখন ভৰাই দিয়ে )

বিজিত: হেই, ফালটু নেকি তই ? ক’ত হাত দিছ ঐ।

পুষ্প: তয়ে কৈছিলি বুকুত জুই লাগিছে, সেয়েহে হাতখন গৰম কৰি লও বুলিহে..।

বিজিত:হেই মহা ফালটু তই, নাথাকোঁ দেই মই তোৰ লগত।

(উচাৎ মাৰি যাব খোজোঁতেই আনফালৰ পৰা অহা অভিসাৰৰ লগত খুন্দা মাৰে)

অভিসাৰ: ঐ, মান্নাই মৰা, তুহুন দেখা নাপাৱ নেকি হা? মোৰ কলা চেপেটা কৰি দিলাক ঐ।

বিজিত: কি কৰিলোঁ মই?

অভিসাৰ : তোহাৰ মুৰা, দেখা নাপাৱ হা, কলা চেপেটা হৈ গেছি।

(পকেটৰ পৰা পকা জাহাজী কল এটা উলিয়াই আনে।)

পুষ্প: ঐ, তই পকেটত কল লৈ ফুৰিছ কিয় ? পগলা হ’লি নি ?

অভিসাৰ: কিয় তহঁতে নাজানা? আজি ভেলেণ্টাইন ডে, মোৰ ফিউচ্চাৰ তিৰি মোহিনীক লেগি এইটো কলা আনচু। তহঁতে দেখছা না, ক’ত গেছি তাই?

(সেইফালৰ পৰা পাৰ হৈ যাব খোজা প্ৰফেছৰ প্ৰতীম থমকি ৰয়)

প্ৰতীম: এক্সমিউজ কি মানে এস্কিউজ মি, তোমালোকে কোনোবাই মোহিনীৰ নাম কৈছিলা নি? ময়ো তাইক বিচাৰি ফুৰিছোঁ

অভিসাৰ : আপুনি ক্যা বিচাৰি আছে তাইক?

প্ৰতীম : নাই মানে এনেই আৰু।

(প্ৰতীমৰ মুখত লাজৰ এক্সপ্ৰেছন)

(দীক্ষাক খঙেৰে সিহঁতৰ ফালে আহি থকা দেখা যায়)

পুষ্প: ঐ, সেইজনী চা ডাকুৰাণী আহিছে, বৰ উতলি আছে ঐ বিজিত পলোৱাই ভাল। এনেও তাই আমাক মাৰোঁ-কাটোঁ কৰিয়ে থাকে।

(চেগ চাই আতঁৰিব খোজা পুষ্পক আগভেটি ধৰে দীক্ষাই )

দীক্ষা: বিজিত, পুষ্প, পোৱালি ক’ত?

বিজিত: কি পোৱালি ক’ৰ পোৱালি ঐ ?

দীক্ষা: পোৱালি মানে অনুভৱ, মোৰ লগতে আছিল সি, এতিয়া নাই। তহঁতেহে তাক অশান্তি দি থাক। ভালে ভালে ক সি ক’ত আছে, নহ’লে তহঁতৰ বেল্ট খুলি তহঁতকে কোবাম।

পুষ্প: প্ৰথম কথা আমি তোলৈ ভয় নকৰোঁ। আৰু দ্বিতীয়তে আমি বেল্ট পিন্ধাই নাই, কৰ এতিয়া যি  কৰ!

(দীক্ষাই ইফালে সিফালে চাই, আগ পিছ নুগুণি প্ৰতীমৰ বেল্টডাল একেটানে আঁজুৰি আনে, বেল্ট ছিঙি প্ৰতিমৰ পেণ্টটো সুলকি পৰে। দীক্ষাৰ ৰুদ্ৰমূৰ্তি দেখি পুষ্প বিজিত পলাই পত্ৰং দিয়ে। অভিসাৰে হাতত থকা কলটো পিটিকি পেলাই, প্ৰতীমে লাজ লাজকৈ খহি যোৱা পেণ্টটো পিন্ধি লয়।)

ষষ্ঠ দৃশ্য

(দহ বছৰৰ পিছৰ দৃশ্য। মোহিনীয়ে ড্ৰেছিং টেবুলৰ কাষত চুলি আঁচুৰি থাকিব, কাষৰ বিছনাত অনুভৱ বাগৰি থাকিব।)

অনুভৱ: হেৰা, আৰু কিমান দেৰি লাগিব?

(মোহিনী নিমাত )

অনুভৱ: ইস বৰ লাজ তাইৰ।

মোহিনী: উঃ কথা চোৱা তাৰ, দহ বছৰ আগতে লাজ কোনে কৰিছিল?

অনুভৱ : কথা নক’বা, দীক্ষা বাক ফাঁকি দি বেগত বিয়াৰ কাপোৰ, সেন্দুৰ লৈ কলেজলৈ গৈছিলোঁ বুজিছা। এনেই মই মস্ত নিলাজ, থাকোঁহে এনেকৈ।

মোহিনী: হ’ব হ’ব, পাঁচ বছৰত বুজিছোঁ কিমান নিলাজ তুমি। বাকী সেই কল বেপাৰি আৰু প্ৰফেছৰলৈ মনত পৰিলে বেয়াও লাগে জানা, সিহঁতে ক’ত কি কৰি আছে বাৰু?

অনুভৱ: অ… অভিসাৰ, সি এতিয়াও ছিংগোল, প্ৰফেছৰো ছিংগোল। বাকীকেইটা বিজিত পুষ্প এতিয়াও বৰলা হেনো। বিজিত বোলাটো এতিয়া ডাঙৰ কবি।

মোহিনী: আৰু তোমাৰ বায়েৰা, তাইৰ কি খবৰ?

অনুভৱ: তাই এতিয়া এখন আলোচনীৰ সম্পাদক, মানুহক লেখা বিচাৰি ফুৰে। মোকো বিচাৰিছিল, কিন্তু মই নিদিলোঁ।

মোহিনী: নিদিলা কিয় ?

অনুভৱ: এলাহ!

(অনুভৱে মোহিনীক হাতত ধৰি লাহেকৈ টানি নিয়ে। দুয়োৰে চকুত ৰোমান্টিক চাৱনি। দুয়ো একেথিৰে ইটোৱে সিটোলৈ চাই থাকোঁতে দৃশ্যটো ক্ৰমে ব্লাৰ হৈ আহে।)

  সমাপ্ত

☆ ★ ☆ ★ ☆

4 Comments

  • চুমি কলিতা

    ভালেই লাগিল৷ কিন্তু ছবি বা বেনাৰ নথকা বাবে চিনেমাখন চোৱা নহৈ শুনাৰ দৰে লাগিল৷

    Reply
  • ঝুকেগা নেহী

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল৷ চুপাৰ হিট৷

    Reply
  • দীক্ষিতা

    কাহিনী, সংলাপ, অভিনয় আদিৰে এইখন একেবাৰে সদায় উজ্বলি থাকিব লগীয়া চিনেমা দেই, ঝুকেগা নহী।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *