সংখ্যাটোৰ আঁৰৰ কথা
হোষ্টেলৰ সেমেকা গধূলি এটাত ফটাঢোল পৰিয়ালৰ সদস্য হৈ পৰিছিলোঁ হঠাতে, কেৱল ব্যতিক্ৰমী নামটোৰ আকৰ্ষণতে। তাৰ পিছৰপৰাই হঠাতে হঠাতেই গোটটোৱে যেন অনেক কিবাকিবি দিলে, আজীৱন সামৰি ৰাখিব পৰাকৈ। ফটাঢোল কেৱল দায়বদ্ধতাই সামৰি ৰখা এক জনসমষ্টি নহয়, ই হ’ল আন্তৰিকতাৰে বান্ধ খাই থকা এক পৰিয়াল। এই পৰিয়ালৰ অংশ হ’বলৈ পাই মই সুখী আৰু গৰ্বিত।
ডিচেম্বৰ মাহৰ শেষৰ ফালে ৰিণ্টুমণি দত্ত দাদা আৰু দেৱজিত শৰ্মা দাই মেছেজ কৰিছিল, সম্পাদনাৰ দায়িত্বভাৰ লোৱাৰ সম্পৰ্কে কথা পাতিবলৈ। আনন্দ লাগিছিল যদিও কিছু চিন্তাও হৈছিল,কিজানি কামটোৰ আশাব্যঞ্জক ৰূপায়ণ নহয়, তেতিয়া? এনেকুৱা মুহূৰ্তত কোনে সাহস দিব জানিছিলোঁ। যিকোনো সুখ দুখৰ মুহূৰ্তত প্ৰথমেই মনত পৰা ব্যক্তিকেইজন — শ্ৰুতিবা, নিতাবা আৰু অৰ্চন। “চিন্তা নকৰিবা, আমি আছোঁৱেই দেখোন”, “কামটো তোমাৰ বাবে যিমান গুৰুত্বপূৰ্ণ, আমাৰ বাবেও সিমান গুৰুত্বপূৰ্ণ”–সেই সময়ত এইদৰে কৈ আগবাঢ়িবলৈ সাহস দিয়া এই আটাইকেইজনৰ লগত ফটাঢোলৰ মজিয়াতে চিনাকি। সেই সাহস আৰু ফটাঢোলৰ প্ৰশাসকবৰ্গই মোৰ প্ৰতি দেখুওৱা আস্থাৰ ওপৰতে ভৰসা ৰাখি মই কৈছিলোঁ, “হ’ব, ফেব্ৰুৱাৰী সংখ্যাৰ সম্পাদনাৰ ভাৰ ল’বলৈ মই প্ৰস্তুত”।
দেৱজিত দাই কৈছিল, “অকণো চিন্তা নকৰিবা, সকলো ধুনীয়াকৈ হৈ যাব।” উত্তৰত মোৰ ক’বলগীয়া মাত্ৰ ইমানেই আছিল, “আপুনি আছে কাৰণেই অকণো চিন্তা কৰা নাই”। দিম্পল দায়ো কৈছিল, “চিন্তা নকৰিবা, কিবা থাকিলে বিন্দাছ সুধিবা”। এইদৰেই সংখ্যালটোৰ বাবে কথা বতৰা আৰম্ভ হৈছিল। তাৰপিছত ‘ফেব্ৰুৱাৰী সংখ্যা’ৰ বাবে ৱাটচএপত গ্ৰুপ খোলা হ’ল, আলোচনীখনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা হ’ল। বহুদিনৰ পৰা ভাবি থকা প্ৰক্ৰিয়াটো এইদৰেই বাস্তৱত আৰম্ভ হ’ল, লাহে লাহে।
ফটাঢোল ই-আলোচনীৰ সফলতাপূৰ্ণ এই পাঁচ বৰ্ষীয় যাত্ৰাৰ আঁৰত ইয়াৰ স্থায়ী সম্পাদনা সমিতিৰ অৱদান অপৰিসীম। প্ৰতিজন নতুন সম্পাদকক শিকাই বুজাই লোৱাৰ পৰা আলোচনীখন পৰিপূৰ্ণ ৰূপত প্ৰকাশ কৰি উলিওৱালৈকে, বৰ্ণশুদ্ধিৰ পৰা সাক্ষাৎকাৰ গ্ৰহণ সম্পৰ্কে চিন্তা কৰালৈকে, প্ৰতিমাহেই অক্লান্তভাৱে কাম কৰি থকা এইসকল ব্যক্তি হ’ল — হেমন্ত কাকতি দা, ৰিণ্টুমণি দত্ত দা, বিজয় মহন্ত দা, দেৱজিত শৰ্মা দা, দিম্পল কলিতা দা, অভিজিত কলিতা দা, প্ৰণীতা গোস্বামী বৰঠাকুৰ বা, ৰিমঝিম বৰঠাকুৰ বা, যোগেশ ভট্টাচাৰ্য দা, নীলাক্ষি কাকতি বা, ৰাজশ্ৰী শৰ্মা বা, ডলী তালুকদাৰ বা, সঞ্জীৱ ভট্টাচাৰ্য দা৷ প্ৰথম গোহাৰিখন বনোৱাৰ পৰা লেখাসমূহৰ প্ৰম’, প’ষ্টাৰ বনোৱালৈকে, সুন্দৰ অলংকৰণেৰে সজাই তোলা কুশলীজন চন্দন বড়ী। অনেক ব্যস্ততাৰ মাজতো লেখাসমূহৰ বৰ্ণশুদ্ধি কৰি সহায় কৰি দিয়া ব্যুক্তি দুগৰাকী আছিল প্ৰণীতা গোস্বামী বৰঠাকুৰ আৰু ৰিমঝিম বৰঠাকুৰ। ধুনীয়া ক’ভাৰেৰে সুন্দৰকৈ সজাই আলোচনীখন পাঠকৰ মাজলৈ উলিয়াই দিছে আৰাধনা বৰুৱা আৰু দিগন্ত ভট্টাচাৰ্যই। এই সকলো সদাশয় ব্যয়ক্তিকে মোৰ ফালৰপৰা কৃতজ্ঞতা জনালোঁ। ব্যক্তিগত ব্যস্ততাৰ মাজতো সময় উলিয়াই সাহিত্যিক বিশ্বজ্যোতি শৰ্মাদেৱৰ সাক্ষাৎকাৰ যুগুতাই দিয়াৰ বাবে বিশেষ ধন্যবাদ জনালোঁ ৰূপম ঠাকুৰীয়া দাদাক।
আলোচনী এখন পূৰ্ণাংগ হয় লেখকসকলৰ কলমৰ সৃষ্টিৰে। লেখকৰ সৃষ্টিৰাজিৰ অবিহনে সম্পাদকৰেই জানো কিবা পূৰ্ণতা আছে! পঞ্চমবৰ্ষ সপ্তম সংখ্যা ফটাঢোল ই-আলোচনীৰ বাবে লেখা পঠিওৱা প্ৰতিজন লেখকৰ ওচৰত মই চিৰকৃতজ্ঞ। পৰিচিত অথবা ব্যক্তিগতভাৱে অপৰিচিত সেই প্ৰত্যেকজন ব্যক্তি যিয়ে আলোচনীখনৰ বাবে লেখা পঠিয়াই এই প্ৰকল্পৰ সফল ৰূপায়ণত মোক সহায় আগবঢ়ালে, তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
সৰ্বশেষত, বিশেষভাৱে উল্লেখনীয় হ’ল ফটাঢোলৰ পাঠক সমাজ। লেখকৰ সৃষ্টিশীলতাক স্বীকৃতি দিয়ে পাঠকে। পাঠকৰ আশিসেৰেই কাৰোবাৰ কলমৰ সৃষ্টি কালজয়ী হৈ পৰিব পাৰে। আলোচনীখনৰ এই সংখ্যাৰ লেখকসকলৰ সৃষ্টিৰাজি পঢ়ি পাঠকে মানসিক তৃপ্তি পাব বুলি আশা কৰি যথাসাধ্যে আলোচনীখন সজাই তোলা হৈছে। আশা কৰোঁ সকলো পঢ়ুৱৈয়ে মতামত ব্যক্ত কৰি সংখ্যাটোৰ আঁৰত থকা ব্যেক্তিসকলক অনুপ্ৰাণিত কৰিব।
ফটাঢোলৰ এই বিশেষ দায়িত্বই, এমাহজোৰা এই কামে মোক ব্যক্তিগতভাৱে অনেক কথাই শিকালে। শিকিবলৈ যে কিমান কথা আছে! নিজৰ সৈতে আকৌ এবাৰ নতুন ধৰণেৰে মুখামুখি কৰালে। এই সুযোগৰ বাবে ফটাঢোল পৰিয়ালৰ ওচৰত মই চিৰকৃতজ্ঞ। এই ই-আলোচনীখন চিৰপ্ৰবাহমান হৈ ৰওক সকলোৰে মনত, সাহিত্য জগতৰ চেতনাত, সেয়াই কামনা।
দীক্ষিতা বৰা
সম্পাদক,ফটাঢোল ই-আলোচনী
পঞ্চম বৰ্ষ,সপ্তম সংখ্যা
☆ ★ ☆ ★ ☆
5:33 pm
বৰ সুন্দৰকৈ প্ৰকাশ কৰিলা। ফটাঢোল আলোচনী খনৰ প্ৰতিটো খণ্ডৰ দৰে এইবাৰো এটা আকৰ্ষণীয় খণ্ড পাঠকৰ হাতলৈ আগবঢ়াই দিলা। সুন্দৰ সম্পাদনা। আন্তৰিক অভিনন্দন জনালোঁ। লগতে আলোচনীখন সফলমণ্ডিত কৰাত তোমাক সহায় কৰা প্ৰত্যেকগৰাকী ব্যক্তিলৈ ধন্যবাদ আৰু শুভকামনা থাকিল। এনেদৰেই ফটাঢোলৰ জয়যাত্ৰা অব্যাহত থাকক।
9:23 pm
অভিনন্দন। আলোচনীখনৰ আঁৰৰ ব্যক্তি সকলৰ বিষয়েও জানিলো। আলোচনীখন পাঠকে আঁকোৱালি লৈ টীমটোৰ কষ্ট সাৰ্থক কৰিব বুলি আশা কৰিলো।
বাই দি ৱে তুমি সম্পাদক হওতে বহু দিনলৈ মোৰ টেনচন হৈ আছিল। বিৰাট ভয় খাই আছিলোঁ। সাক্ষাৎকাৰ তো যদি মোৰ লোৱা মই কি কম, তুমি বা কি হোৱা। তাৰ পিছত হঠাতে এদিন মনত পৰিল মই তিনিখন কিতাপ উলিয়াম বুলি ভাবিহে আছোঁ উলিওৱাটো নাই। মোৰ আকৌ সাক্ষাৎকাৰ কিয় লৱ।
তাৰ পিছতহে টোপনি মাৰিব পাৰিছোঁ।
10:00 pm
অভিনন্দন।’সংখ্যাটোৰ আঁৰৰ কথা’ মই যোৱা কেইটামান সংখ্যাৰপৰা নিয়মিত পঢ়ি আছোঁ।কিবা এটা ভাল লাগে।সঁচাই অনন্য অভিজ্ঞতা।
12:02 am
অভিনন্দন৷ আঁৰৰ কথাবোৰ বৰ ভাল লাগিল৷
6:34 pm
অভিনন্দন জনালোঁ দীক্ষিতা তোমালৈ । বৰ সুন্দৰ সংখ্যা এটা তুমি উপহাৰ দিলা ❤️
9:09 pm
ভাল লাগিল আঁৰৰ কথা জানি।আলোচনী ভাল হৈছে।