ফটাঢোল

অথ আনন-পুস্তক সংবাদ-পংকজ কুমাৰ নেওগ

ৰাতিপুৱা শুই উঠিয়েই শুদা চাহ একাপ হাতত লৈ ফেইচবুক একাউণ্টটো খুলিলোঁ আৰু লগে লগে মনটো ভাল লাগি গ’ল । কালি সন্ধিয়া চিঙ্গাপুৰ আৰু বালিলৈ ফুৰিবলৈ যোৱা প্ৰায় ২৫ খন মান ফটো আপলোড কৰিছিলোঁ – এতিয়া দেখিছোঁ ৯৫টা ‘লাইক’ আহিছে, হয়তো আৰু পাঁচ-দহ মিনিট মানৰ ভিতৰতে ‘লাইক’ৰ সংখ্যাই চেঞ্চুৰী অতিক্ৰম কৰিব । যোৱা বছৰ আমাৰ ওচৰ চুবুৰীয়া মণ্টুৱে সপৰিবাৰে ভূটান আৰু নেপাল ফুৰি আহি ফেইচবুকত বহুতো ফটো আপলোড কৰিছিল –পিছে ২৫ টাৰ বেছি ‘লাইক’ নাহিল হেনো ! সেয়েহে মণ্টুৰ বৰ দুখ ! মণ্টুক মই শান্তনা দিবলগীয়া হৈছিল গণিতৰ ‘অনুপাত’ আৰু ‘সম্ভাৱনা’ সংজ্ঞাৰ কিছু উদাহৰণ দি – তাক দিহা দিছিলোঁ ফেইচবুকত বন্ধু-বান্ধৱীৰ সংখ্যা আৰু বহুত বঢ়াবলৈ । তাক বুজাইছিলোঁ যে সি প’ষ্ট কৰা ফটোবোৰত হয়তো ‘লাইক’ পঠিয়াইছিল তাৰ বন্ধু-বান্ধৱীৰ মাত্ৰ ১০ বা ১৫ শতাংশইহে; এই অনুপাতৰ সংখ্যা হঠাতে যে ৫০ বা ৭৫ শতাংশলৈ বৃদ্ধি পাব (যদিহে মণ্টু একেৰাতিৰ ভিতৰতে হিন্দী চিনেমাৰ জনপ্ৰিয় অভিনেতা হৈ নপৰে) তাৰ আশা বৰ কম । সেয়েহে উপায় হ’ল ফেইচবুক একাউণ্টত বন্ধু-বান্ধৱীৰ সংখ্যা যেনে তেনে বৃদ্ধি কৰাটোহে ! মোৰ বুজনি আৰু বিজ্ঞানসন্মত ব্যাখ্যাতহে মণ্টু অলপ আশ্বস্ত হৈছিল !

ইছ, ৰাম ! ‘লাইক’ পাবলৈ আৰু দিবলৈ ফেইচবুকত কিমান যে হেতা-ওপৰা! কত কিছিমৰ যে ‘লাইক’ আছে ! বিদেশ ফুৰিবলৈ গৈ ফটো প’ষ্ট কৰিলে ‘লাইক’, লৰা-ছোৱালীয়ে পৰীক্ষা পাছ কৰিলে ‘লাইক’, বিবাহ-বাৰ্ষিকীৰ খবৰত ‘লাইক, গল্প,কবিতা,পদ্য, খুহুটীয়া ৰগৰত ‘লাইক’, সৰস্বতী পূজাৰ দিনা কলেজৰ ছোৱালী কেইজনীয়ে কেশ-সজ্জা সলনি কৰি পঠিওৱা ফটোত ‘লাইক’, ক’ৰবাত আন্দোলন হোৱা বা মৰা-কটা হোৱাৰ খবৰ আহিলে তাতো ‘লাইক’, নিৰ্বাচন বা নিৰ্বাচনী সভাৰ ফটোত ‘লাইক’, ৰাজনীতিবিদৰ ভাষণত ‘লাইক’, আনকি ‘লাইক’ৰ ওপৰত ‘লাইক’ দিয়া মানুহো বহুত দেখিছোঁ ।  নতুনকৈ খোলা কোম্পানী, দোকান, শ্বপিং মল, ইত্যাদিবোৰে নিজস্ব ৱেব-চাইট ‘লঞ্চ’ কৰাৰ পিছত খবৰ কাগজ বা ‘হোৰ্ডিং’বোৰত বিজ্ঞাপন দিয়া দেখিছেনে ? – “Please like us at https://xxx.yyy……..ইত্যাদিৰ” এটা দীঘল ইউনিভাৰ্চেল ৰিচ’ৰ্ছ ল’কেটৰ বা ‘ইউ, আৰ্, এল্’ ।

‘লাইক’ কৰা বা দিয়াৰ প্ৰতীকী চিহ্ণটো হ’ল ওপৰলৈ দাঙ্গি ধৰা এটা বুঢ়া আঙুলি! আমি সৰু থাকোঁতে বুঢ়া আঙুলিটো তেনেকৈ দাঙ্গি দেখুওৱাৰ অৰ্থ আছিল ‘ঠেঙা’ বা ‘বেং’ দেখুওৱাহে!  পাঠশালা স্কুলত পঢ়ি থাকোঁতে শ্ৰেণীৰ কাৰোবাৰ সৈতে দবৰা-দবৰি কৰি তাক বা তাইক কন্দুৱালে পোনেই হুমকিয়াইছিল এইদৰে – “ৰ, তোৰ কথা হেড চাৰক কৈ দিম বা বৰ-বাইদেউক লগাই দিম” ! ভিতৰি ভিতৰি চাৰ বা বাইদেউৰ বেত খোৱাৰ ভয় থাকিলেও ডেম্-কেয়াৰ হৈ উত্তৰ দিছিলোঁ – “যা, যা কাক লগাৱ মোৰ কথা লগাই থাকিবি ! বেংডাল কৰিব” ! লগে লগে প্ৰতিপক্ষক সোঁ বা বাওঁহাতৰ বুঢ়া আঙুলিটো নচুৱাই দেখুৱাইছিলোঁ । কেঁচুৱা থাকোতে আমাক আইতা বা মাহঁতে নিচুকাবলৈ বা হহুঁৱাবলৈ “মাছ ধৰ, মাছ ধৰ, মাছ ধৰ –এই বেং” বুলি খেলা খেলটিনো কাৰ মনত নাই ? তৰ্জনী আঙুলিটো জোকাৰি জোকাৰি শিশুটোক মাছ ধৰিবলৈ প্ৰলোভন দি অৱশেষত হাত আগবঢ়োৱাৰ পাছত বেছেৰা/বেছেৰীয়ে সদায় ‘বেং’ বা বুঢ়া আঙুলিটোহে ধৰিবলৈ পাইছিল । শৈশৱ পাৰ হৈ কৈশোৰ অৱস্থাত আমি বুঢ়া আঙুলিটোৰ দ্বিতীয় অৱতাৰ দেখা পালোঁ ‘থাম্পছ আপ’ নামৰ শীতল পানীয় বিধৰ বিজ্ঞাপনত। ‘কোকাকোলা’ৰ দৰে দেখিবলৈ পানীয় বিধ সেই সময়ত ভাৰতবৰ্ষত সাংঘাটিক জনপ্ৰিয় হৈছিল । ভাৰতীয় ‘কোকাকোলা’ বুলি আমি খুব ‘থাম্পছ আপ’ খোৱা এতিয়াও মনত আছে । পানীয় বিধৰ সোৱাদটোও বৰ ভাল আছিল । চিনেমা হলবোৰত চিনেমা আৰম্ভ হোৱাৰ আগেয়ে দেখুওৱা বিজ্ঞাপনবোৰত ‘থাম্পছ আপৰ’ৰ বিজ্ঞাপন প্ৰায়েই দেখুওৱা হৈছিল । কেইবাগৰাকী প্ৰাণোচ্ছল ডেকা-গাভৰুৱে খোলা জীপ গাড়ী এখনত ‘থাম্পছ আপ’ পান কৰি গোৱা গীতটি মোৰ এতিয়াও মনত আছে – “ Everybody’s feeling great on Thumps-up! Thumps-up! Thumps up! ইত্যাদি ।

ইন্টাৰনেট আৰু ফেইচবুক যুগৰ আৰম্ভণিৰ লগে লগে এক নতুন সু-সভ্যতাৰ উদয় হয় আৰু এই সভ্যতাত বুঢ়া আঙুলিটো ধনাত্মক অৰ্থত ব্যৱহাৰ হ’বলৈ ধৰে । কোনো এটা ভাল কথা, ভাল কাম বা ভাল ফলাফল আদিৰ স্বীকৃতি বা অনুমতি দিবলৈ উৰ্ধমুখী বুঢ়া আঙুলিৰ চিহ্নটো ব্যৱহাৰ হ’বলৈ ধৰে; তাৰ বিপৰীতে অধোমুখী বুঢ়া আঙুলিটো ঋণাত্মক অৰ্থৰ প্ৰতিভূ হৈ পৰিল । জুকাৰবাৰ্গ চাহাবেও উৰ্ধমুখী বুঢ়া আঙুলিটোৰ মাহাত্ম্য হৃদয়ঙ্গম কৰি তেখেতৰ ফেইচবুকত এই চিহ্নটিক অতি উচ্চ আসনত বহুৱালে । মোৰ এজন অন্তৰঙ্গ বন্ধু আকৌ ফেইচবুকৰ ‘লাইক’ চিহ্নটিৰ ঘোৰ বিৰোধী ! তেখেতক বোলে এই চিহ্নটিয়ে মহাভাৰতত থকা একলব্যৰ গুৰু  দক্ষিণাৰ কৰুণ ঘটনাটো মনত পেলাই দিয়ে । পাষাণ হৃদয়ৰ দ্ৰোণাচাৰ্যই গুৰু দক্ষিণা হিচাবে একলব্যৰ পৰা কিয় সোঁ-হাঁতৰ বুঢ়া আঙুলিটো বিচাৰিছিল তাৰ কাৰণ আমি সকলোৱে জানোঁ। একলব্যই গুৰুৰ আদেশ শিৰোধাৰ্য কৰি বিনাদ্বিধাই সেই বুঢ়া আঙুলিটো ছেদ কৰি  গুৰুৰ চৰণত অৰ্পণ কৰিছিল । মোৰ বন্ধুজনে ফেইচবুকত যদি কাৰোবাৰ পৰা ‘লাইক’ এটাও পায় তেনেহলে সেই ‘লাইক’টোত একলব্যৰ কটাযোৱা  ৰক্তাক্ত বুঢ়া আঙুলিটোহে দেখা পায়; এই কটা আঙুলিটোৱে বন্ধুক নিশা শুবলৈ নিদিয়ে । তদুপৰি বন্ধুৱে মোক নিভৃতে সদৰি কৰামতে এই কটা বুঢ়া আঙুলিটোৱে তেওঁক ভাৰতবৰ্ষত প্ৰচলিত উচ্চ-নীচৰ জাতিভেদ, অশ্পৃশ্যতা, স্বজন-তোষণ, পক্ষপাতিত্ব, দুখীয়াৰ ওপৰত ধনী শ্ৰেণীৰ শোষণ আৰু উৎপীড়ন আদি বহু কথাই মনত পেলাই দিয়ে। বহুত দিনৰ মূৰত এবাৰ কোনোবা এজনৰ মুখত শুনা মতে সেই বন্ধুগৰাকীয়ে  তেওঁৰ ফেইচবুক একাউণ্টটো এসময়ত সম্পূৰ্ণ বন্ধ কৰি দিছিল !

এতিয়া আহোঁ ফেইচবুকৰ প্ৰধান গুণ আৰু উপকাৰিতাবোৰলৈ ! কৈয়ে থাকোঁ মানে ওৰকে নপৰে ফেইচবুকৰে কথা ! ফেইচবুকৰ মাধ্যমেৰেই ভূ-ভাৰস্তত নানা ধৰণৰ আমোদজনক ঘটনা ঘটি আছে । আজিৰ পৰা প্ৰায় কেইবা বছৰৰ আগেয়ে আমি বাতৰি কাকতত এটা আমোদজনক খবৰ পাইছিলোঁ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ধনীৰ দুলাড়ী এগৰাকীৰ বাংলাদেশৰ এজন দুখীয়া লৰাৰ সৈতে ফেইচবুকৰ জৰিয়তে প্ৰেমৰ সম্বন্ধ ঘটিছিল । সেই প্ৰেম ইমানেই গভীৰ হ’লগৈ যে অকস্মাতে এদিন মেমচাহাব সাত সাগৰ তেৰ নদী পাৰ হৈ বাংলাদেশ গৈ ওলাল আৰু চকুৰ পচাৰতে প্ৰেমিকক অপহৰণ কৰি পুনৰ আমেৰিকালৈ উভতি গ’ল । বেচেৰা বাংলাদেশী প্ৰেমিকজনে হেনো ঘৰত পিন্ধি থকা কাপোৰসাজো সলাবলৈ সময় নাপালে ! বাংলাদেশ বা অন্য দেশৰ কথা বাদ দিয়ক – খোদ অসমতে কেইবছৰ মান আগেয়ে এনে এটা ঘটনা হোৱা নাছিল জানো ? সেইয়াও আছিল ফেইচবুক প্ৰেমৰ পৰিণতি । সুদূৰ জাৰ্মানীৰ পৰা উৰি আহি শ্বেতাঙ্গী এগৰাকীয়ে আমাৰ গোলাঘাটীয়া ককাইটি এজনক বৰমালা পিন্ধাইছিল । তেওঁলোকৰ সংসাৰ সুখেৰেই চলি থাকক সেয়েই আমাৰ কামনা । তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী স্বৰূপে হৃষ্ট-পুষ্ট সন্তান এটা জন্ম হোৱাৰ খবৰ দূৰদৰ্শনৰ যোগেদি পোৱা মনত পৰে । গতিকে অন্তঃৰাষ্ট্ৰীয় সম্বন্ধ আৰু সৌহাৰ্দ স্থাপনত ফেইচবুকৰ ভূমিকা সহজে অনুমেয় ! ইয়াৰ বিপৰীতে আকৌ ফেইচবুক প্ৰেমিকাক হোটেললৈ মাতি নি অসৎ কামনাৰ চৰিতাৰ্থ কৰা, হত্যা কৰা বা ঠগাই অন্য প্ৰদেশৰ দালালৰ হাতত বিক্ৰী কৰা ইত্যাদি জঘন্য ঘটনাবোৰো ঘটিছে । নিজে সাৱধান হৈ নচলিলে ফেইচবুক বা অন্যান্য সামাজিক মাধ্যমবোৰৰ জৰিয়তে বহুতো বিঘিনি আহিব পাৰে । ফেইচবুকৰ জৰিয়তে বহুতো সৃষ্টিশীল গোটো গঢ়ি উঠা দেখিছোঁ । কোনোবা গোটে যদি অসমীয়া জঁতুৱা ঠাঁচৰ বিষয়ে আলোচনা কৰি ভাল পায় অইন এটা গোটে আকৌ অসমীয়া সাহিত্যিক বা কবিৰ সৃষ্টিৰাজি আলোচনা কৰে । সেইদৰে সাহিত্য, সঙ্গীত, চিনেমা বা চিনেমাৰ গান, কৌতুক, ৰগৰ আদি চৰ্চা কৰা বিভিন্ন গোট ফেইচবুকত স্বতঃফূৰ্তভাবে সৃষ্টি হৈছে । এনে ধৰণৰ চিন্তা-চৰ্চা সামাজিক মাধ্যমবোৰৰ নিশ্চয় এটা ধনাত্মক দিশ । সমাজৰ বৌদ্ধিক উত্তৰণত এনেবোৰ গোটৰ অৱদান উলাই কৰিব নোৱাৰি ।

মই নিজে ফেইচবুকত বিশেষ একো লিখা-মেলা নকৰোঁ । কোনোবা বন্ধু-বান্ধবীৰ জন্মদিন বা বিবাহ বাৰ্ষিকীত শুভেচ্ছা জনোৱাতেই মোৰ অৱদান সীমাবদ্ধ ! সুহৃদ এজনে এদিন পৰামৰ্শ দিলে যে ফেইচবুকৰ বন্ধু-বান্ধৱীবোৰৰ মাজত জনপ্ৰিয় হ’বলৈ কিবা-কিবি অলপ লিখা-মেলা বা কৌতুক আদি কৰি থকা অতি আৱশ্যক – অৰ্থাৎ মই অলপ ‘এগ্ৰেছিভ’ হ’ব লাগিব ! বন্ধুজনৰ মতে কি লিখোঁ সেইটো প্ৰধান কথা নহয় – কিন্তু সৰ্বক্ষণে সকলোৰে দৃষ্টি মাধ্যাকৰ্ষণ শক্তিৰ দৰে টানি ৰাখিব পৰাটোহে পৰম গুণ ! তেওঁ দুটামান উদাহৰণো দিলে – 

“দোস্ত, এই দুবছৰ মানৰ আগেয়ে ‘ফুলনি মানে বাগিছা, বাগিছা মানে ফুলনি’ এই ছটা শব্দৰ গান এটা ‘ইউ টিউবত’ত বিৰাট ‘ভাইৰেল’ হৈ গ’ল । সেই গানটোৰ কিবা অৰ্থ আছে নে?  আৰু চা, কেইদিনমানৰ আগেয়ে ফেইচবুক আৰু হুৱাটচ্ এপত এটা হাইকুলেখীয়া  পদ্যও বেছ চলিল – কি আছিল জানো পদ্যটো ? অ’, ৰ – মনত পৰিছে –

“শিলিখা গছৰ তলত এটা টিলিকা ঘৰ সাজি

আমি সুখেৰে থাকিম

আৰু দুটা গাহৰি পুহিম

এটা খাম আৰু আনটো বজাৰত বেছিম”

চা-ছোন, চা – এইটোও এটা ভাইৰেল হ’ব লগীয়া পদ্য নে ? তই এইবোৰতকৈ বহুত ভাল লিখিব পাৰিবি – মই সঁচাকৈয়ে কৈছোঁ” !

বন্ধুৱে দিয়া উৎসাহত বলীয়ান হৈ লাহে লাহে দুই-এটা কবিতা, ঘটনা, গল্প, খুহুটীয়া কথা ইত্যাদি ফেইচবুকত দিয়া আৰম্ভ কৰিলোঁ । কিছু বন্ধু-বান্ধৱৰ পৰা ‘লাইক’ আৰু কমেণ্ট অহা আৰম্ভ হ’ল । মোৰ প্ৰধান প্ৰশংসক বা ‘ফেন’ জন আছিল আমাৰ প্ৰতিবেশী শ্ৰী হৰেণ সোণোৱাল । সোণোৱাল হ’ল গুৱাহাটী পৌৰ নিগমৰ এজন উচ্চ বিষয়া । ওলাওঁতে, সোমাওঁতে লগ পালে হাঁহি এটা মাৰি যায় আৰু ফেইচবুকত মোৰ লিখাবোৰ সদায় পঢ়ে আৰু ভাল পায় বুলি মোক উৎসাহ দিয়ে । সম্ভবতঃ ফেইচবুকৰ মোৰ লেখাবোৰত সোণোৱালৰ ‘লাইক’ কমেণ্টেই আছিল সৰ্বাধিক । এনে সময়তে নহ’বলগীয়া ঘটনা এটা ঘটিল ! গুৱাহাটী মহানগৰীৰ ঘৰবোৰৰ কাষেৰে বৈ যোৱা গেলা নৰ্দমাবোৰৰ কথা পুনৰ দোহৰাৰ আৱশ্যক নাই । পৌৰনিগমে কেতিয়াবা মানুহ পঠিয়াই নলাবোৰ পৰিষ্কাৰ কৰায়, কিন্তু হ’লে নো কি হ’ব ? নলা চফা কৰাৰ পাছত পৰ্বত-প্ৰমাণ লেতেৰা গেদবোৰ নলাৰ পাৰতে থৈ সিহঁতবোৰ যায়গৈ । কস্মিনকালেও গেদবোৰ নিবলৈ পৌৰনিগমৰ কোনো ট্ৰাক বা ট্ৰেক্টৰ নাহে । ফলস্বৰূপে সেই লেতেৰা গেদবোৰৰ ওপৰেদিয়েই গাড়ী, বাছ, অট’ৰিক্সা, ৰিক্সা ইত্যাদি নিৰন্তৰে অহা-যোৱা কৰি গোটেই পথটো কদৰ্য আৰু পুতিগন্ধময় কৰি তোলে । 

আমাৰ ঘৰৰ সমুখতে এদিন এনে এটা ‘স্বচ্ছ ভাৰত’ অভিযান চলিল ! নলা চফা কৰি যোৱা পিছদিনাখনৰে পৰা থাকিব নোৱাৰা দুৰ্গন্ধ এটা নিৰ্গত হ’ল । মোৰ খঙে চুলিৰ আগ পালেগৈ । ওচৰতে পৌৰ নিগমৰ বিষয়া এজন থাকোঁতে কেনেকৈ এনে এটা দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি হ’ব পাৰে ? হৰেণ সোণোৱাল কিন্তু নিৰ্বিকাৰ হৈ  আনদিনাখনৰ দৰেই অফিচলৈ ওলাই যোৱা দেখা পালোঁ । মই ফেইচবুকত দিয়া প’ষ্টবোৰ সোণোৱালে সদায় ততালিকে আৰু নিয়মীয়াকৈ পঢ়ে যেতিয়া তেওঁক জব্দ কৰিবলৈ সেইবিধ মাধ্যমৰে আশ্ৰয় ল’বলৈ থিৰাং কৰিলোঁ । পোনতে ভাবিলোঁ যে ঘৰৰ সমুখৰ নলাৰ পৰা ওলোৱা দুৰ্গন্ধৰ কথা পোনপটীয়াকৈ জাহিৰ কৰোঁ; পিছ মুহূৰ্তত ভাবিলোঁ কথাফাঁকি অলপ ঘূৰাই-পকাইহে লিখোঁ যাতে সোণোৱালৰ গাত অলপ লাগে ! কথাখিনি কেনেকৈনো লিখোঁ ভাবি থাকোঁতে সৰুতে স্কুলত পঢ়া কবিতা এফাঁকি মনত পৰিল –“ধৰেনে জনম কেৱে এই মৰতত কৰি তাৰ শিলাময় হিয়া”। স্বৰ্গীয় পদ্মধৰ চলিহাই ৰচনা কৰা কবিতটোৰ নাম আছিল ‘জন্মভূমি’। কিয় জানোঁ, ক’ব নোৱাৰাকৈ এই কবিতাটিৰ ছাঁ লৈ এফাঁকি লিখি লগে লগে ফেইচবুকত প’ষ্ট কৰিলোঁ –

“আনৰ দেশৰ পৰা উলটি আঁহোতে ফুৰি-চাকি ঘৰমুৱা হৈ

নলাৰ ভেকেটা গোন্ধত ওকালি অহা নাই আছেনে কোনোবা এনে অ’ই ?

আছে যদি কৰ্ম বিমুখ এনে বিষয়া চিনি থবা তাক ভালকৈ

তাৰ বাবে মোৰ উচ্ছাস উথলি নুঠে তাৰ গুণ গাবলৈ”!

ঔষধ পালিয়ে কাম দিলে যেন লাগিল । মুনিচুনি বেলিকা এখন সৰু ট্ৰাক আহি আমাৰ পথটোৰ নলাবোৰৰ কাষত জমা হৈ থকা দুৰ্গন্ধময় গেদবোৰ উঠাই নিলে। ওস্, তেতিয়াহে আমাৰ কিছু শান্তি ! পিছদিনাখনৰ পৰা অৱশ্যে এটা কথা মন কৰিলোঁ – হৰেণ সোণোৱালে মোক আগৰ দৰে হাঁহি-মাতি মাতবোল নকৰা হ’ল । অফিচলৈ ওলাই যাওঁতেও মোক নেদেখাৰ ভাও জুৰি কেতিয়াবা তলমূৰকৈ বা কেতিয়াবা বেলেগ ফালে চোৱাৰ দৰে কৰি মোক এৰাই চলিবলৈ ধৰিলে ! হয়তো  ঘটনাটোৰ সেই সন্ধিয়াই মোৰ বিশ্বস্ত ফেইচবুক অনুগামী আৰু এজন মিত্ৰ পপীয়া তৰাৰ দৰে খহি পৰিছিল।

যি নহওঁক ফেইচবুক, টুইটাৰ, ইন্ষ্টাগ্ৰাম ইত্যাদি সামাজিক বৈদ্যুতিন মাধ্যমবোৰ সমাজৰ হিতৰ বাবেই সৃষ্টি হৈছে আৰু এই মাধ্যমবোৰ আমি কি ধৰণে ব্যৱহাৰ কৰিব খোজোঁ সেইয়া সম্পূৰ্ণ আমাৰ ওপৰতেই নিৰ্ভৰ কৰে । ভাল ধৰণে বা ভাল অৰ্থত ব্যৱহাৰ কৰিলে সকলো ভাল আৰু বেয়া উদ্দেশ্যত ব্যৱহাৰ কৰিলেই সকলো কাল ! সদৌ শেষত জুকাৰবাৰ্গ চাহাবক এটা দীঘল চালাম ঠুকি সদৌ বিশ্ব খাৰ-খোৱা জনগণলৈ ফেইচবুকৰ খাৰখোৱা নামাকৰণ “আনন-পুস্তক” বা “বদন-পুস্তক” কৰিবলৈ এটা সবিনয় প্ৰস্তাৱ আগবঢ়ালোঁ । ৰাইজে বা কোনটো নাম গ্ৰহণ কৰে মোক যেন কৃপা কৰি অনতিপলমে জানিবলৈ দিয়ে !

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *