ফটাঢোল

ফটালিমাৰিক-ধনজিৎ বৰুৱা

(১) 

অ বাপু ৰচনা আকৌ আচঁনি  উলাব কৰিছে ঘোষণা

ধৰুৱায়ো ধাৰ পাব ,চাউল, ঔষধ, মদ, স্বৰ্গৰ সূচনা 

মৰিম মাত্র মাজত থকা 

দুয়োফালে দিব বাঘঢকা 

গুটি খাবলৈ নোপোৱা এনুৱা অৰ্থনীতিৰ  মৰণা


(২) 

কেটেৰেক্ট কাটি ককাই যেতিয়া পিন্ধিলে  চশমা কলা 

ডাক্তৰক সুধিলে বোপাই কাটি কুটি কি লগাই দিলা 

ককা সেয়া নতুন লেন্স 

দেখিব ধুনীয়া মাৰিব ডেন্স

ককাই বোলে আইতাৰৰ পুৰণি দিন মনত পেলোৱাই দিলা। 


(৩) 

দুটামান  বনিয়া বৰমুৰীয়া  হৈ পৰে যদি ক্ৰুদ্ধ

বাকী দেশৰ মন নহলেও হয় বিশ্ব যুদ্ধ 

পণ্ডিতৰ শকতি নাই 

সাধাৰণৰ  বিলাই হায় 

নোৱাৰি বুজাব মনুষ্যক হাঁহি মৰে  বুদ্ধ। 


☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *