ফটাঢোল

ফুলৰ সাধু : মঞ্জিত

: ককাই তোৰ তিৰিয়ে ছোৱালী পাইছে পাৰ্টি খাবলৈ কিবা এটা দে।

হস্পিতালৰ হাউচকিপিঙত থকা আদবয়সীয়া বাইজনীৰ ডিমাণ্ড।
ময়ো দেউতাক হোৱাৰ আনন্দতে খাউচ কৈ টকা ৫০ টা উলিয়াই দি দিলোঁ। বাকীবোৰক মিঠাই খুৱাইছোঁ যদিও বাইজনীক কিবা এটা ভাবি দি দিলোঁ আৰু!

তাই এবাৰ ৫০ টকাটোৰ ফালে চাই আকৌ মোৰ ফালে চালে। মই বোলো,

: কি হ’ল, ল আকৌ!

: ধুইৎ ৫০ টকা মাত্ৰ। কি পাম ৫০ টকাত?

: কি পাম মানে? চাহ খাবি মিঠাই খাবি আৰু কি লাগে আৰু!

: ধুইৎ চাহনো খাই নে কোনোবাই।

: তেনেহ’লে কি খাৱনো তই?

: মই দেইলি মস্তি নহ’লে ৰাইন’ এক বটল মাৰোঁ। নহ’লে ডিউতি কৰিবি কেনেকৈ হে! কিন্তু তোৰ ছোৱালী হৈছে সেয়ে মোৰ আজি মস্তি খাবলৈ মন নাই। লাল খাম লাল।

: বাপৰে বাই, তই খাটৰনাক জিনিচ আছ ঔ। কিমান লাগিব এতিয়া তেনেহ’লে।

: দে আৰু ফুল এটাৰ দাম। ফিটিং হৈ যাম আজি বাপ্পেকে..

: যদি নিদিওঁ,

: যদি নিদিয় মোৰ কি পইছা নাই বুলি ভাবিছ নেকি? এক ফুল মস্তি মাৰি আহি তোক গুৱাল গালি দিম গোটেই ৰাতি, কৰাইচ বাপেকি বুলি। আৰু যদি দিয় তেন্তে হস্পিতালত থকা কেইদিন তোৰ মাইকী আৰু বাচ্ছাৰ যিমান কাপোৰ আছে সৱ কিলিয়েৰ কৰি দিম তই টেনচনেই ল’ব নালাগে।

তাইৰ কথা কোৱাৰ ষ্টাইলটো বৰ মজ্জা লগা খাৰাংখাচ একদম। মই বিশেষ নাভাবি তাই বিছৰাটো দি দিলোঁ।
তাই গণ্টি কৰি মোক ৫০ টকা এটা ঘূৰাই দিলে।

: ঘূৰাই দিলি যে?

: আৰে তোক মই ফুলৰ দাম খুজিছোঁ আৰু তই ৫০ টকা বেছি দিলি। মোক যিমান লাগে সিমানহে লওঁ তাতকে বেছি ল’লে নিয়ত খাৰাব হৈ যাব বুইছ!

ময়ো তভক মাৰি চিন্তা কৰিলোঁ বৰ বেলেগ টাইপৰ জিনিচ হে এই।

গ’ল কথা গুচিল।

পুৱা দুৱাৰত টোকৰ শুনি দুৱাৰ খুলি দেখোঁ কালি ৰাতিৰ বাইজনী
হাতত ফুলৰ পুলি এটা। পুলিটো আগবঢ়াই ক’লে,

: তোৰ ঘৰত লক্ষ্মী আহিছে তাইলৈ এইটো মোৰ ফালৰ পৰা গিফ্ট। ভালকে ৰুই দিবি একেলগে দুই পাহ ফুল ডাঙৰ হ’ব।

মই ৰৈ গ’লোঁ, তাইৰ ফালে চাই ৰ’লোঁ অলপ সময়। তাই দুৱাৰ খুলি যাবলৈ লওঁতেই পিছ ফালৰ পৰা মাত দি সুধিলোঁ,

: অ’ বাই তোৰ কি নাম ঔ। ইমান যে ফুল ভাল পাৱ? ৰাতিও ফুল দিনতো ফুল..

: হেঃ হেঃ ফুল ভাল পাওঁ সেয়ে পিতায়ে নাম থ’লে ‘ফুলমাই বাচফৰ’। চাগে দিনতো ফুল ছিঙো ৰাতিও ফুল ছিঙি দিং আৰ’.. বেয়া-চেয়া নাপাবি ৰে…

এইবুলি কৈ মোৰ মানুহজনীৰ সৱ লেতেৰা কাপোৰ মই নোকোৱাকে গোটাই চপাই লৈ গ’ল আৰু দূৰৰ পৰা চিঞৰি চিঞৰি কৈ গ’ল,

: তোৰ ঘৰলৈ ফুল এপাহ আহিছে ভালকৈ ৰাখিবি মই আৰ্শীবাদ কৰিছোঁ ..!

*****

Leave a Reply

Your email address will not be published. Required fields are marked *