পুৰুষাণুক্ৰমে ব্যাসৰ ওজাপালি চৰ্চা কৰা এটা পৰিয়াল – পূৰ্ণানন্দ শৰ্মা
১৯৯৩ চনৰ মাঘ মাহৰ এটা শীতাৰ্ত দিন। সেই সময়ৰ দৰঙৰ বিখ্যাত ওজা শৰৎ শৰ্মাৰ ওচৰলৈ নিকটৱৰ্তী গাওঁখনৰ যুৱক এজন আহি ক’লে যে তেওঁ ওজাপালি কৃষ্টিটো শিকিবলৈ বিচাৰে। কিন্তু দীৰ্ঘ দিনৰ অভিজ্ঞতাৰে পুষ্ট ওজাই যুৱকজনৰ সেই প্ৰস্তাৱ পোনচাতেই না কৰিলে। কিয়নো তেনে চেঙেলীয়া বহুত যুৱক তেওঁৰ ওচৰলৈ ওজাপালি শিকিবলৈ আহে। পিচে কেইদিনমানৰ পিছতে নহা হয়। গন্ধৰ্ব বিদ্যা আয়ত্ব কৰাতো কি ইমান সহজ? তাৰ বাবে কৰিবলগীয়া কৃচ্ছ সাধনা কি সকলোৱেই কৰিব পাৰিব? নহয়। নোৱাৰে। গতিকে যুৱকজনৰ সেই আবেদনক ওজাগৰাকীয়ে অকণো গুৰুত্ব নিদিলে।
কিন্তু যুৱকজনো নাচোৰবান্দা! তেওঁ ওজাপালি শিকিবই। তালত ধৰি শপত খোৱাত অৱশেষত ওজা মান্তি হ’ল। যুৱকজন আৰু ওজাৰ আবেদন-প্ৰতিবাদ , বাক-বিতণ্ডা , কথা-বতৰাবোৰ শুনি আছিল শৰৎ শৰ্মাৰ ঊনত্ৰিশ বছৰীয়া সদ্য বিবাহিত কনিষ্ঠ পুত্ৰই। বিখ্যাত ওজাৰ পুত্ৰ। পিচে ওজাপালি বাদেই পুথি পঢ়া-শুনাৰো ধৈৰ্য নাই। ওজাপালিৰ কাষে-পাজৰেও নাযায়! কিন্তু পুৰুষানুক্ৰমে যাৰ তেজত ওজাপালি সোমাই আছে, তেওঁ ওজাপালিক উপেক্ষা কৰি কিমান দিন থাকিব!
পিতৃৰ ওচৰলৈ ওজাপালি শিকিবলৈ অহা যুৱকজনক ওজা শৰৎ শৰ্মাৰ কনিষ্ঠ পুত্ৰই ক’লে,
: মই চোতালখন আৰু চাকিৰ পোহৰখিনি দিম। কাইলৈৰ পৰা আহ। ময়ো পালি হিচাপে থাকিম।
২৯ বছৰ আগৰ সেই শীতাৰ্ত সন্ধিয়াটোৱে, পুৰুষানুক্ৰমে চৰ্চা কৰি অহা আপুৰুগীয়া কৃষ্টিটোৰ ইতিমধ্যে চিঙি যাব খোজা জৰীডালত এটা মজবুত গাঁঠি দি থৈ গ’ল। আতা-পিতাৰ ধৰ্ম ৰাখি ব্যাসৰ বিখ্যাত ওজা শৰৎ শৰ্মাৰ কনিষ্ঠ পুত্ৰই বৰুণ ওজাৰ ৰূপত ‘ব্যাহৰ মুদুৰা’ হাততলৈ মালচী, জাগৰৰ সাৰঙ্গ ৰাগেৰে প্ৰতি সন্ধিয়া মুখৰ কৰি তুলিলে –
কহিয়োক গুৰু তুমি কল্পতৰু দুৰ্গা পূজাৰ ভাও
ইন্দ্ৰৰ সম্বন্ধে ৰাজ সমাজত দেৱী ভৈলা উগ্ৰ ভাও
কোন বা তিথিত কি পূজা হয়
কহিয়ো ঋষি বুজাই
হেন শুনি ঋষি কহিলা হৰিষি
মাৰ্কণ্ডেয় পুৰাণ চাই
ষষ্ঠি তিথিত বেলক পাৰিবা উত্তম জাগৰ কৰি
গন্ধৰ্বসকলে গাইবো গুণ গীত
হাতে তাল মুদ্ৰা ধৰি ।
হয় , দৰং জিলাৰ ঐতিহাসিক ব্যাসপাৰা গাঁৱত ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰাই ওজাপালি কৃষ্টিটোৰ চৰ্চা অব্যাহত আছিল। ব্যাসপাৰা গাওঁখন ব্যাসৰ ওজাপালি বা সভাগোৱা ওজাপালি আৰু শুকনানি বা ৰং গোৱা ওজাপালি দুয়োবিধৰে ৰাজধানী আছিল বুলি ক’লেও বঢ়াই কোৱা নহয়। দৰঙী কোঁচ ৰজাৰ দিনত ব্যাসপাৰা গাঁৱৰ এঘাৰটা ব্যাসৰ ওজাপালি দলক এঘাৰটা জাগৰ গীত গোৱাৰ সময়ত ওজাগৰাকীয়ে হাতত লৈ নৃত্য কৰা ‘মুদ্ৰা’ প্ৰদান কৰিছিল। আৰু ৰজাঘৰীয়া নিৰ্দেশ মৰ্মে মাথো ব্যাসপাৰাৰ সেই এঘাৰটা দলেহে দেৱী পূজাত জাগৰ গীত আৰু মালচী গাব পাৰে। তেনে এটি ব্যাসৰ মুদ্ৰা বা স্থানীয় ভাষাত ‘বিয়াহৰ মুদুৰা’ পুৰুষানুক্ৰমে বৰুণ শৰ্মা ওজাৰ ঘৰতো আছে। উল্লেখযোগ্য যে, বৰুণ শৰ্মাৰ পূৰ্বজ ওজাসকল আছিল ক্ৰমে শৰৎ চন্দ্ৰ শৰ্মা, পানী ৰাম শৰ্মা আৰু দেৱেই দেৱ শৰ্মা। দেৱেই দেৱ শৰ্মাৰ পূৰ্বজগৰাকীৰ নামোল্লেখ থকা ওজাগৰাকীৰ নথি প্ৰাকৃতিক দুৰ্যোগত নষ্ট হৈ যোৱা হেতু পৰিয়ালে নাম দিব নোৱাৰিলে।
পাঁচ পুৰুষ ধৰি পুৰাতন কৃষ্টি ব্যাসৰ ওজাপালিৰ চৰ্চা কৰাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ হকে সাধনা কৰি অহা পৰিয়ালটোৰ বৰ্তমান প্ৰতিনিধি বৰুণ শৰ্মাই বৃহত্তৰ ছিপাঝাৰৰ বাহিৰেও নগাঁও, যোৰহাট, কামৰূপ গ্ৰাম্য আৰু কামৰূপ মহানগৰ, ওদালগুৰি, বাক্সাকে ধৰি বিভিন্ন জিলাত ওজাপালি পৰিবেশন কৰি প্ৰশংসা বুটলি আনিছে। একেদৰে প্ৰতিযোগিতাৰ নামত য’তেই গৈছে তাতেই প্ৰথম স্থান আজুৰি আনিছে। ২০০১ চনত অনুষ্ঠিত দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ ৰূপালী জয়ন্তীত মালচী গীত প্ৰতিযোগিতাত প্ৰথম স্থান, ২০১৯ চনত দৰং জিলা নাগৰিক সন্থাৰ উদ্যোগত অনুষ্ঠিত সাংস্কৃতিক সমাৰোহত ব্যাসৰ ওজাপালি শাখাত শ্ৰেষ্ঠ দলৰ সন্মানৰ লগতে গুৱাহাটীবাসী দৰঙী সমাজৰ উদ্যোগত ২০২০ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত ওজাপালি সমাৰোহত শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰি ব্যাসপাৰালৈ সুনাম কঢ়িয়াই আনিছিল । কিন্তু সুদীৰ্ঘ তিনিটা দশক লোক-কৃষ্টি ওজাপালিক আপোন সাধনাৰে মহীয়ান কৰা শিল্পী গৰাকীয়ে বিগত লকডাউনত চৰকাৰে আগবঢ়োৱা ছয় হাজাৰ টকা সাহাৰ্য লাভ কৰাৰ বাহিৰে আজিলৈকে একো পোৱা নাই। অৱশ্যে য’তেই ওজাপালি পৰিবেশন কৰিছে তাতেই দৰ্শক ৰাইজৰ হৃদয় কাঢ়ি আনিছে বৰুণ শৰ্মা ওজাই।
পিতৃ, পিতামহৰ দিনৰ পৰা এটা কৃষ্টিৰ সাধনা কৰি অহা পৰিয়াল অসমৰ ক’ৰবাত আছেনে নাই নাজানোঁ। কিন্তু অসমীয়া লোক-কৃষ্টিৰ ৰাজধানী স্বৰূপ দৰং জিলাৰ ব্যাসপাৰা গাঁৱৰ বৰুণ শৰ্মা ওজাৰ পৰিয়ালতো তেনে এক বিৰল সুনাম কঢ়িয়াই অনাৰ গৌৰৱেৰে গৌৰৱান্বিত। জয়তু ব্যাসৰ ওজাপালি!
*****
6:03 pm
শিল্পীগৰাকীলৈ সশ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। সময়ৰ অত্যাধুনিকতাত সমাজৰ পৰা ক্ৰমান্বয়ে হেৰাই যাব খোজা লোক সংস্কৃতি “ওজাপালি” জীয়াই ৰখাৰ উদ্দেশ্যে তেখেতে যি প্ৰচেষ্টা কৰিছে, সেয়া প্ৰশংসনীয়। কুশলে ৰাখক ঈশ্বৰে ।