ফটাঢোল

ক্লোৰোফৰ্ম নে কৰ্ণফ্লৰ : ৰঞ্জু হালৈ মুনি

কেতিয়াবা আমাক কিছুমান শব্দই বিশ্বাসঘাটকতা কৰে। বস্তু কিনিবলৈ গৈ মনত নপৰে আচলতে আমি কিনিবলৈ গৈছোঁ কি? তাতে যদি শব্দবোৰ টান হয় আৰু উচ্চাৰণ বেলেগ হয় তেতিয়া সেই শব্দটোৱে বেলেগ অৰ্থ প্ৰকাশ কৰে।দোকানলৈ গৈ প্ৰায়েই এটা সমস্যাত পৰোঁ। দোকানত সজাই থোৱা বস্তুবোৰ এফালৰ পৰা চাই ভাবি থাকোঁ কিনিম কি? গোটেই বস্তুবোৰেই ভাল লগা।ষ্টেচনাৰী দোকানত সকলোতকৈ বেছি সময় লাগে বস্তু কিনোতে।

: অমুকটো দিয়ক।

দহ মিনিট মান ভাবি ভাবি কওঁ।

: আৰু কি দিম।

দোকানীজনে মুখলৈ বৰ মৰমেৰে চাই থাকে। বোধহয় ভাবে এইজনী খুব নিমাখিত প্ৰাণী।

: ৰ’ব ভাবি আছোঁ।

গহীন-গম্ভীৰ উত্তৰ দেখি সিফালেও আচৰিত হয় কি আচৰিত জিনিচ বুলি।

বহুদিনৰ পৰা এবিধ বস্তু কিনাৰ হেঁপাহ আছিল। মই যিটো বস্তু কিনিম বুলি ভাবিছিলোঁ সেইটো খাদ্যত ব্যৱহাৰ কৰিব লগীয়া বস্তু। বিভিন্ন ধৰণৰ খাদ্যৰ ৰেচিপিৰ এটা চিনাকি নাম “কৰ্ণফ্ল’ৰ”।বস্তুটোৰ নামটোহে শুনি আছোঁ ব্যৱহাৰ কিন্তু কৰি পোৱা নাই। ইচ্ছা আছে বস্তুটো কিনি আনি ব্যৱহাৰ কৰি চোৱাৰ। আমি সকলো বস্তুৰে ব্যৱহাৰ প্ৰক্ৰিয়া জানি ল’ব লাগে। শিকাও হ’ল খোৱাও হ’ল।

সেইদিনা দুপৰীয়া বিৰাট ভোক লগাত দোকান এখনলৈ গৈছিলোঁ। চহৰখনৰ মাজ মজিয়াত অৱস্থিত দোকানখনত যথেষ্ট ভিৰ লাগি আছিল। দোকানখনৰ সন্মুখভাগ ৰেষ্টুৰেণ্টৰ দৰে। বিভিন্ন সুস্বাদু ব্যঞ্জনেৰে ভৰ্তি। যথেষ্ট গৰম আছিল সেইদিনা। চিকেন পোলাও অৰ্ডাৰ দি দেখিলোঁ এজন মানুহে পিজ্জা অৰ্ডাৰ কৰিছে। আজিলৈকে পিজ্জা খাই পোৱা নাই। আগৰে পৰা মোৰ এটা স্বভাৱ আছে যে দোকানত গৈ কি কিনিম, কি খাম সেইটো ধাৰণা নাই। কোনোবাই নিজৰ পচন্দৰ কিবা খালে সেই বস্তুটো যেনেকুৱাই নালাগক কিয় ময়ো সেইটো অৰ্ডাৰ দিওঁ। বহুত বাৰ বেলেগৰ পচন্দৰ বস্তু অৰ্ডাৰ কৰি খাব নোৱাৰি পেলাই দিয়াৰ অভিজ্ঞতাও আছে। যি কি নহওক এটা পিজ্জাৰ অৰ্ডাৰ ময়ো দিলোঁ। চিকেন পোলাও খাই এইবাৰ এটা ঠাণ্ডাৰ অৰ্ডাৰ দিলোঁ। আচলতে শীতল পানীয়ৰ প্ৰতি মোৰ দুৰ্বলতা নাই। দুৰ্বলতা আছে বটলটোৰ প্ৰতি। কৰবালৈ গ’লে সেই বটলটোত পানী ভৰাই লৈ যাব পাৰিম।খাই-বৈ উঠি মনত পৰিল যে কৰ্ণফ্ল’ৰ এটা নিব লাগিব। আহিছোঁ যেতিয়া ইয়াৰ পৰাই লৈ যোৱা ভাল হ’ব। বিশ্বাস কৰক বস্তুটোৰ নাম মই ঘৰৰ পৰা ওলাওঁতেই মনত আওৰাই গৈছিলোঁ। তাত গৈয়ো আওৰাইছিলোঁ। শেষত দোকানীৰ সন্মুখতহে হাহাকাৰ লাগিল।

: দাদা ক্লোৰোফৰ্ম এটা দিবচোন।

বেছ গহীনত কৈছোঁ। দোকানীজনে কিছু সময় তভক মাৰি ৰৈ চিন্তা কৰিলে।

: ক্লো, ৰো, ফ, ৰ্ম।

: হয়, সেই খাদ্যত যে দিয়ে।

: সেইটো ইয়াত নাপাব নহয়।

দোকানীজনৰ কথাখিনিয়ে মোক ভাবিবলৈ বাধ্য কৰিলে যে মই কিবা বেলেগ বস্তুহে বিচাৰিছোঁ। নামটো নিজৰ মনতে দুবাৰমান আওৰাই চালোঁ।তেতিয়ালৈ মই গম পোৱা নাই মই কি কৈ আছোঁ। দোকানীজনে ভাবিছে মই কি বিচাৰিছোঁ। হঠাৎ, মনত পৰিল শুদ্ধ নামটো। ইচ্ ৰাম। ক’ব লাগিছিল কি, কৈ আছোঁ কি!

: মোৰ ভুল হৈছে দিয়ক মোক কৰ্ণফ্ল’ৰ এটা দিয়ক।

সেমেনা সেমেনিকৈ দোকানীজনে দিয়া পেকেটটো লৈ সুৰ সুৰকৈ গুচি আহিলোঁ। মনত নাথাকিলে শব্দবোৰ লিখি ল’ব লাগে বুলি সেইদিনাই থিৰাং কৰিলোঁ।

*****

Leave a Reply

Your email address will not be published. Required fields are marked *