ফটাঢোল

ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে’ – জিমণি গগৈ

কান্ধৰ গামোচাখন ঠিকঠাক্ কৰি ভায়’লীনা বৰুৱাই হাইলাইট্ কৰা চুলিখিনি দুভাগ কৰি এটা ভাগ একাষে আগলৈ আনি বুকুৰ ওপৰত পেলাই ল’লে। তাৰপাছত বহি থকা আসনৰ পৰা উঠি গৈ মাইক্ৰ’ফ’নৰ সমুখত থিয় হৈ সমুখত বহি থকা মানুহখিনিলৈ চাই ধুনীয়াকৈ হাঁহিলে। চেৰী ৰঙৰ নেইলপলিছ্ লগোৱা বাওঁহাতৰ আঙুলিকেইটাৰে মাইক্ৰ’ফ’নটো আলফুলকৈ ধৰি ভাষণ আৰম্ভ কৰিলে-

ৰেছপেক্টেড চেয়াৰপাৰ্চন প্ৰমুখ্যে উপস্থিত ৰাইজ। প্ৰথমে মই সকলোকে মোৰ ফালৰ পৰা ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে’ৰ শুভেচ্ছা জনাইছোঁ। আমি জানো যে আমাৰ মাতৃভাষাটোৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে এৱাৰনেছ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ২১ ফেব্ৰুৱাৰী দিনটো ইণ্টাৰনেচনেল মাদাৰ লেংগুৱেজ ডে’ হিচাপে চেলিব্ৰেট কৰা হয়। একচুৱেলি আমি বহুত লাকী হয় যে আমাৰ ইমান ধুনীয়া ভাষা এটা আছে। চ’ আমাৰ ভাষাটো যাতে হেৰাই নাযায়, আমি যাতে আমাৰ ভাষাটো সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে ট্ৰাই কৰা উচিত। চ’ আমি সদায় শুদ্ধ অসমীয়াত কথা ক’বলৈ ট্ৰাই কৰিব লাগে। লিখোঁতেও যাতে আমি শুদ্ধকৈ ভাষাটো লিখিব পাৰোঁ তাৰ প্ৰতি আমি ‘নজৰ’ দিব লাগে। আমি যদি গ্ৰেমেটিকেল নিয়মবোৰ ভালকৈ জানি লওঁ তেনেহ’লে লিখোঁতে আমাৰ স্পেলিং মিচ্টেক নিশ্চয় নহ’ব।

এই ক্ষেত্ৰত আৰু এটা ম’ষ্ট ইম্পৰটেণ্ট কথা হৈছে যে আমি প্ৰত্যেকেই আমাৰ ল’ৰা-ছোৱালী বিলাকক ইংলিছ মিডিয়ামৰ পৰিৱৰ্তে এচামিজ মিডিয়ামত পঢ়ুওঁৱাৰ কথাটোত গুৰুত্ব দিব লাগে। তেতিয়া অট’মেটিকেলি আমাৰ ভাষাটো ষ্ট্ৰং হৈ আহিব। মোৰ ল’ৰাটো আমেৰিকাত পঢ়ি আছে, মই তাৰ লগতো কালি ফোনত কথা পাতিছোঁ এই সম্পৰ্কে যে আমাৰ ভাষাটোৰ ৰক্ষাৰ বাবে আমাৰ প্ৰত্যেকৰে ডিউটী কি হ’ব লাগে।

…ওৱান্ টাইম জিনা য়াৰা

লাইফ্ না মিলে দুবাৰা…

ভাষণ দি থকাৰ মাজতে ভায়’লীনা বৰুৱাৰ মোবাইলৰ ৰিংটন্ বাজি উঠিল। সমুখৰ মানুহখিনিলৈ চাই ‘sorry’ বুলি কৈ ফোনটো কাটি থৈ তেওঁ পুনৰ ভাষণ আৰম্ভ কৰিলে-

অঁ মই কৈ আছিলোঁ মিডিয়ামৰ কথাটো। মই বিভিন্ন অ’কেজনত বেলেগ বেলেগ ফিল্ডৰ মানুহৰ টাচ্চত আহিব লগা হয়। বেলেগ বেলেগ প্ৰফেচনৰ মানুহৰ লগত কথা পাতি মই গম পাইছোঁ যে তেওঁলোকৰ ল’ৰা-ছোৱালীবিলাকৰ এটাই প্ৰব্লেম, তেওঁলোকে এচামিজ চাবজেক্টটো খুব টান পায়। পঢ়িব নোখোঁজে। গতিকে আমাৰ নেক্সট জেনেৰেশ্যনৰ মাজত আমাৰ অসমীয়া ভাষাটো ৰক্ষাৰ বাবে এৱাৰনেছ সৃষ্টিৰ বাবে এনেকুৱা মাদাৰ লেংগুৱেজ ডে’বিলাক আমি চেলিব্ৰেট কৰিবই লাগিব।

ওৱান্ টাইম জিনা য়াৰা…লাইফ্ না..

পুনৰ মোবাইলটো বাজি উঠিল। ভায়’লীনা বৰুৱাই এইবাৰ সমুখৰ মানুহখিনিলৈ ‘excuse me’ বুলি মূৰটো সামান্য হাওলাই বাওঁহাতখন ওঁঠযোৰ ঢাকি ধৰাৰ নিচিনাকৈ ৰাখি সোঁহাতেৰে ফোনটো ৰিচিভ্ কৰি কাণত ল’লে-

ৰকি, মই মীটিং এখনত বিজি আছোঁ। অলপ পাছত তোমাক কল কৰি আছোঁ ৰ’বা। এইবাৰ ফোনটো ছাইলেন্ট্ মুদত থৈ ভায়’লীনা বৰুৱাই পুনৰ ভাষণলৈ ঘূৰি গ’ল।

এটা কথা ঠিক যে বৰ্তমান যুগটো হৈছে কম্পিটিশ্যনৰ যুগ। যিকোনো ক্ষেত্ৰত ইংলিছটো আমাক লাগিবই। বিভিন্ন এক্সামবোৰ দিবলৈ আমি ইংলিছ ভালকৈ শিকিব লাগিবই। জব এটা এপ্লাই কৰিবলৈ হ’লেও আমাক ইংলিছ দৰকাৰ হয়েই। গতিকে ইংলিছটো নাজানিলে আমি বহুত প্ৰব্লেম ফে’চ কৰিব লগা হয়। কিন্তু সেইবুলিয়ে আমি ডেইলি লাইফত কথা-বতৰা পাতোঁতেও এনিটাইম কিবা নহয় কিবা ইংলিছ ৱৰ্ড ইউজ কৰিহে কথা কোৱাৰ হেবিটটো এৰিব লাগে। অসমীয়াত কথা পাতিলে শুদ্ধ অসমীয়া ৱৰ্ড ইউজ কৰিবলৈ ট্ৰাই কৰিব লাগে। আমাৰ নিজৰ মাতৃভাষাটোক খিছিৰি কৰিব নালাগে।

সোঁহাতৰ মণিবন্ধনত জিলিকি থকা সোণালী ৰঙৰ বৃত্তাকাৰ ধুনীয়া ঘড়ীটোত এক মুহূৰ্তৰ বাবে দৃষ্টি থৈ পিছমুহূৰ্ততে ভায়’লীনা বৰুৱাই ক’লে-

গতিকে আৰু বিশেষ নকওঁ। এইখিনিয়ে মোৰ আজিৰ ক’বলগা। একচুৱেলি আজি মোৰ ছোৱালীজনীৰ স্কুলত PTM আছে। মোৰ অলৰেডি লে’টে হৈছে। কিন্তু অৰ্গেনাইজাৰসকলৰ ৰিকুৱেষ্ট পেলাব নোৱাৰি মই আজিৰ এই প্ৰগ্ৰেমটো এটেণ্ড কৰিলোঁ। ভালো লাগিল আপোনালোকক দুৱাষাৰ ক’বলৈ পায়। আজিলৈ এৰিছোঁ। Thank you.

ধুনীয়া হাঁহিটোৰে ভায়’লীনা বৰুৱাই ভাষণ সামৰাৰ পাছত মোহমুগ্ধ শ্ৰোতা-দৰ্শকৰ হাত-চাপৰি বাজিয়ে থাকিল বহু পৰলৈ…।

*****

2 Comments

  • ডলী

    হা হা। ভাল লাগিল।

    Reply
  • কৰবী দেৱী

    হাঃ হাঃ হাঃ, নিজেই সৱ খিচিৰি বনালে ইফালে।
    বৰ সুন্দৰ উপস্থাপন, সুন্দৰ প্ৰকাশ। এনেকুৱাই কৰে এচামে ভাষা ৰক্ষাৰ বক্তৃতাৰ নামত।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *