ফটাঢোল

অহেতুক : ৰাজীৱ শৰ্মা

: হেৰা, মোক প্ৰেচাৰৰ টেবলেট এটা দিয়াহিচোন। মূৰটো ঘূৰাই আছে হে!

: হ’লেও প্ৰেচাৰৰ দৰৱ ডাক্তৰে পুৱাহে খাবলৈ কৈছে, গধুলি নহয় নহয়! আৰু এই ডাক্তৰে যি টি চিন্তাবোৰ কমকৈ কৰিবলৈ কোৱা নাছিলনে!

: এৰা হে, কিন্তু এইটো চিন্তাই দেখোন খাই মাৰিছে মোক। নকৰোঁ বুলিলেও পাক ঘূৰণি খাই খাই মনৰ মাজত লুকা- ভাকু খেলিছে।

: বুজিছোঁ, তথাপিও নিজৰ দেহালৈ মন দিয়াটো ভাল। নামাতিলেই জানিবা আমাক বিয়ালৈ, তাতে ইমান চিন্তা কৰেনে?

: নহয়হে, তুমি বুজা নাই অ’! সিদিনা তুমি কি কৈছিলা, তোমালোকৰ ঘৰত বোলে বিয়াৰ নিমন্ত্ৰণ দিলেহি। এটা কাম কৰা বুজিছা, তোমালোকৰ ঘৰত নিমন্ত্ৰণ দিয়া মানে তোমাকো নিমন্ত্ৰণ দিয়া। গতিকে তুমি একো নাভাবি ইহঁতক লৈ বিয়ালৈ যাবা। একো নহয়।

: আৰু তুমি? মই অকলে বিয়া খাম এনে চিন্তাই বা কৰিলা কেনেকৈ?

: মইতো যামেই। থিৰাং কৰিয়েই থৈছোঁ।

: কি? এতিয়াও হোষ্টেলত থকা ল’ৰাৰ দৰে নমতা বিয়া খাবলৈ যাবা!

: আপত্তি ক’ত? ভালহে হ’ব, পুৰণা দিনৰ কথাবোৰো মনত পৰিব। সেই দিনবোৰেই ভাল আছিল জানানে, একো চিন্তাই নকৰিছিলোঁ, ছয়-সাতজন ল’ৰা গপছত বিয়া ঘৰত সোমাই উদৰ পূৰাই খাই দিছিলোঁ।

: হৰি হৰি, এনে চিন্তা তোমাৰ। সেয়ে অসময়ত প্ৰেচাৰৰ টেবলেট বিচাৰিছা?খবৰদাৰ কিন্তু। এনে চিন্তা মনৰ পৰা উলিয়াই দিয়া।

: তুমি বুজা নাই হে! বিয়াৰ যা-যোগাৰত ব্যস্ত হৈ থাকোঁতেই হয়তো আমাক পাহৰিছে, সেইবুলিয়েই আমিও পাহৰিম নেকি? বিয়াৰ পাছত আমি তেখেতসকলৰ আগত কেনেকৈ ওলাম!অসহজ নালাগিব? তাতকৈ বিয়া ঘৰত পাক এটা মাৰি অহাই ভাল হ’ব।

: ৰ’বাছোন ৰ’বা, ইমান দাৰ্শনিকৰ দৰে কথা নক’বা। মোৰো বেয়া লাগিছে, লাজো।

: তোমাৰ আকৌ কি হ’ল। বেয়া, লাজ?

: যত দোষ তোমাৰেই। আজে-বাজে কথাবোৰ ফেচবুকত লিখি লিখি নিজকে বহুৱা সজালা। মই কিমান কওঁ, এইবোৰ লিখি লিখি নিজকে ফটুৱা নসজাবা।শুনিলেহে মোৰ কথা। এতিয়া সবেই ভাবিবলৈ ল’লে এই ফটুৱাটো আহিলে ৰভাতলিৰ সৌন্দৰ্য্যয়েই ম্লান পৰিব। খা এতিয়া, বাপ্পেকে বিয়া।

: ধেই, কি কথাবোৰ যে কৈছা। লাজ লগাৰ কাৰণটো বাৰু বুজিলোঁ, বেয়া লগাৰ কাৰণটো কি বা!

: তোমাক কৈ কিবা লাভ আছে জানো!কালিলৈ ৰৌটোকে ঢৌটো কৰি ফেচবুকতহে লিখিবা। নকওঁ তোমাক।

: আওঁ, নিলিখো দিয়া, তিনি শইত খাই কৈছোঁ।

: তোমালোকে আমাৰ মাইকী মানুহবোৰৰ কথা জানাই নহয়। কাপোৰ বুলিলেই আমি পাগল। বিয়াখন খাবলৈ বুলি মই সেই কাপোৰযোৰৰ লগত পিন্ধিবলৈ ব্লাউজ এটা চিলাবলৈ দিছিলোঁ। এতিয়া মোৰ বেয়া নালাগিব?

: অ’ আচল কথা সেইটোহে। বাদ দিয়া এইবোৰ। মুঠতে ওলাবা বিয়ালৈ।বহুদিনৰ পাছত নমতা বিয়া এখন খাম বুলিছোঁ খামেই।

: তুমি যি কৰা কৰি থাকিবা, মাথোঁ মাজত মোক নুসুমুৱাবা। মই মাৰ লগত যাম। মা -দেউতাক মাতিছে যেতিয়া মোকো মাতিছে বুজিলাতো? এতিয়া যাওঁ মই ভাত ৰান্ধোঁগৈ। তোমাক দৰৱ লাগিবনে?

এনেতে কলিংবে’লৰ শব্দ। কোন হ’ব পাৰে এই সময়ত? বৰষুণীয়া বতৰ, তাতে এই সেঙেতা লগা ঠাণ্ডাত? দুৱাৰ খুলি মই চিঞৰি উঠিলোঁ। ‘চোৱাহিচোন কোন আহিছে’। এওঁ পাকঘৰৰ পৰা উধাতু খাই আহিল মোৰ চিঞৰত। কিবা অথন্তৰেই ঘটিল নেকি বুলি। পিচে আগন্তুকক দেখি এওঁৰো মুখখন উজ্জ্বল হৈ পৰিল। ঔ ফুলীয়া হাঁহিৰে আলহীক ‘আহ আহ’ বুলি ভিতৰত বহুৱালেহি। নাহাঁহিবনো কিয়? দুৱাৰ মুখত যে আমি অথনিৰে পৰা পাতি থকা বিয়াখনৰ স্বয়ং দৰা আহি উপস্থিত।

মই দৰাই নুশুনাকৈ এওঁক ক’লোঁ,

: প্ৰেচাৰৰ টেবলেটটো নাখাওঁ দিয়া, ভাল লাগিছে দেখোন গাতো।

*****

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *