ফটাঢোল

দ্য পাচৱৰ্ড চাগা – উজ্জ্বল দীপলু গগৈ

ইণ্টাৰনেটৰ বস্তুবিলাক নতুনকৈ শিকিবলৈ লোৱা চখে পোৱা বয়সৰ কথা সেয়া৷ হোষ্টেলৰ লগৰ দুটামান সদায় চাইবাৰ কেফেলৈ যায়৷ আধাঘণ্টা দহ টকা, এঘণ্টা বিছ টকা দি সিহঁতকেইটাই ইণ্টাৰনেট ব্যৱহাৰ কৰে৷ প্ৰযুক্তিবিদ্যাৰ কাৰবাৰবিলাকত মই তেতিয়া সিহঁততকৈ বহুত পাছপৰা৷ পাছপৰা মানে মই কেতিয়াবা কেফেলৈ গ’লেও পেইণ্টটো খুলি লৈ বৃত্ত, ৰেখাবোৰেৰে আঁকবাকবোৰ কৰি তাত ৰঙা, নীলা ৰঙ ঢালিব পৰা সমান এক্সপাৰ্ট৷ ইণ্টাৰনেটত বাকীবোৰে কাম কৰা দেখি মনটো যায় ব্যৱহাৰ কৰিবলৈ কিন্তু হঠাৎ কম্পিউটাৰ বেয়া হৈ গ’লে পইচা দিব লাগিব বুলি ভয়তে নুচুও৷ এদিনাখনৰ কথা, লগৰ এটাই Yahoo-ত বিদেশী বান্ধৱী পাতিছে বুলি ক’লে৷ খুউব কথা পাতে হেনো ছোৱালীজনীয়ে৷ ঘৰ তাইৰ লণ্ডনত, নামটো নাটালিয়ানে তেনেকুৱাই কিবা আছিল৷ মই বহুপৰ ভাবিলোঁ এই য়াহুটো কি বস্তু! শেষত লাজ-মান কাটি কৰি তাক সুধিলোঁ, “বস্তুটো কি?”
বন্ধুৱে মোলৈ পুতৌৰ দৃষ্টিৰে চাই ক’লে বোলে তই য়াহু কি নাজাননে? ময়ো বোলো ওহো নাজানো৷

মোৰ অজ্ঞতা দেখি বন্ধুৱে আশ্বাস দিলে বোলে সি হেনো মোক শিকাই দিব৷ শিকোৱাৰ আগতে সি মোক চমু আভাস এটাও দিলে, “ম’বাইলত যেনেকে মেচেজ কৰিব পাৰি তেনেকৈ এইটো কামত কম্পিউটাৰেদি মেচেজ কৰিব পাৰি৷ তাৰোপৰি হেনো ডাঙৰ সুবিধাটো যে দেশ বিদেশৰ বিভিন্ন ল’ৰা-ছোৱালীৰ লগত কথা পাতিব পাৰি৷”

মই শুনি গ’লোঁ তাৰ কথা৷ মোক কথাবোৰ বুজাবলৈ আৰু সহজ কৰিবলৈ গৈ সি এপাকত সেইদিনা হোষ্টেলত হকাৰে দি যোৱা বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা ‘ইণ্টাৰনেটৰ যোগেদি চিনাকি হৈ অসমৰ যুৱকেৰে বিবাহত বহিল জাৰ্মানীৰ যুৱতী’ টাইপৰ নিউজ এটাও আনি দেখুৱাই ক’লে, “চা এইবোৰ চব য়াহুৰ কামাল৷” কথাবোৰ মোৰ মনত আকৰ্ষণীয় হৈ বহিল৷ তাৰ লগত কথা পাতি পাছৰদিনাখন ওলালোঁ চাইবাৰ কেফেলৈ৷ ট্ৰেইনাৰৰূপী বন্ধুৱে চাইকেলৰ ফ্ৰেমত বহুৱাই মোক কৈ গ’ল, “নাটালিয়াই কালি মোক U r very2 cute, I luv to talk wth u বুলি ক’লে৷ বিদেশী ছোৱালী এজনীয়ে মোৰ মাজত কি দেখিছে নাজানো দেই, কিন্তু মোৰ প্ৰেমত চাগৈ তাই হাবুডুবু খাইছে৷” মই শলাগিলোঁ তাৰ কথাটো৷ সি আকৌ ক’লে বোলে য়াহুত প্ৰথমে একাউণ্ট খুলিব লাগিব, তাতে তোৰ পাচৱৰ্ড এটা দিব লাগিব যাতে বেলেগে তোৰ একাউণ্টৰ বস্তুবোৰ চাব নোৱাৰে৷ মই আকৌ শলাগিলোঁ৷ প্ৰথমবাৰৰ বাবে য়াহুত একাউণ্ট খুলিম, গতিকে এক্সপাৰ্ট বন্ধুৰ কথা শুনিবই লাগিব৷

যথাসময়ত কেফে পাইছিলোঁগৈ৷ কেবিন এটাত দুয়োটা বহিলোঁ৷ বন্ধুৱে প্ৰথমে তাৰ য়াহু মেচেঞ্জাৰ খুলি নাটালিয়া, কাটালিয়া, ইটালিয়া সকলোকে একেকোবে পাতালিয়া টাইপেৰে মেচেজ দি গ’ল৷ মই চাই থাকিলোঁ কাণ্ডবোৰ৷ হেঁপাহ পলুৱাই মেচেজ কৰাৰ পাছত বন্ধুৱে মোক য়াহুত মেইল আইডি খুলি দিলে৷ আনফালৰ পৰা য়াহুৱে পাচৱৰ্ড ৰাখিবলৈ সংকেত দিলে৷ পাচৱৰ্ড লিখিলো Ujjwal@123৷ বন্ধুৱে চাই আছিল মই লিখি থাকোঁতে, সি ক’লে হেনো পাচৱৰ্ড বস্তুটো এনেকে নিলিখিবি যাতে সকলোৱে গম পাই যায়৷ অলপ বেলেগ ধৰণে দে৷ কিছুসময় চিন্তা কৰিলোঁ, একো মনলৈ নাহেহে নাহে; হঠাৎ ইউনিক কিবা এটা খেলোৱাত টাইপ কৰি গ’লোঁ ‘Godadhor@420’৷

বন্ধুৱে মূৰে-কপালে হাত দিছিল পাচৱৰ্ডৰ অৱস্থা দেখি৷ মোৰ জীৱনৰ প্ৰথমটো পাচৱৰ্ডৰ কাৰনামা সেইদৰে বহুত দিন চলিছিল ফ’ৰ টুৱেণ্টি গদাধৰৰ নামত৷

*****

One comment

  • ৰাজশ্ৰী শৰ্মা

    য়াহু মেচেঞ্জাৰ মোৰো আছিল?… ভাল মনত পেলাই দিলা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *