ফটাঢোল

নিজাম চাহাবৰ ভূত (লিখক-হুমায়ূন‌ আহমেদ) : ভাৱানুবাদ—অঞ্জু মহন্ত

পলিথিনৰ বেগত পাঁচটা শিঙি মাছ লৈ নিজাম চাহাব ঘৰলৈ উভতিছে। মাছকেইটা যেন মৰি নাযায় তাৰ বাবে তেওঁ বুদ্ধি কৰি বেগৰ ভিতৰত অলপ পানী ভৰাই লৈছিল। এতিয়া ভাব হৈছে বেগত পানী ভৰাই লোৱাটো চুড়ান্ত মূৰ্খামি হে হৈছে। বেগ ফুটা হৈ পানী টুপটুপকৈ পৰিছে। তেওঁৰ পেণ্টটো পানী পৰি পৰি তিতি গৈছে। নিজাম চাহাবে লক্ষ্য কৰিছে, তেওঁৰ ৪১ বছৰীয়া জীৱনত তেওঁ বুদ্ধি কৰি যিকেইটা কাম কৰিছে সেই সকলোবোৰেই তেওঁৰ চুড়ান্ত নিবুৰ্দ্ধিতা বুলি পৰৱৰ্তী সময়ত প্ৰমাণিত হৈছে। আচলতে বুদ্ধি খটুৱাই তেওঁ একো কাম কৰায়েই উচিত নহয়।

পাঁচটা শিঙি মাছৰ দাম লৈছে চল্লিশ টকা। তেওঁ ঠগ খালে যেন লাগিছে। প্ৰতিটো শিঙি মাছৰ দাম আঠ টকাকৈ পৰিছে। শিঙি মাছ সস্তা ধৰণৰ মাছ—
সাপৰ দৰে কিলবিলকৈ থাকে। এনেকুৱা এটা মাছৰ দাম আঠ টকাকৈ! হ’বয়েই নোৱাৰে। ঘৰলৈ উভতি গ’লে ঘৈণীয়েকৰ গালি খাব লাগিব। নিজাম চাহাবৰ
পত্নী তামোল গছৰ দৰে ক্ষীণ। তাইৰ বুদ্ধিও মোটা। তেজ ভয়াবহ। ফৰিদাৰ মোটা বুদ্ধি আৰু ভয়াবহ তেজৰ ওচৰত নিজাম চাহাবে কেঁচুৰ দৰে হৈ থাকে।
মাজে মাজে ভাব হয় জোকৰ গাঁত পালে গাঁতত সোমাই গ’লহেঁতেন।

বজাৰ কৰি অনা বস্তুবোৰ দেখিলে ফৰিদাই কি ক’ব পাৰে সেয়া নিজাম চাহাবে কল্পনা কৰি কৰি গৈ আছে। প্ৰথমতেই ফৰিদাই হিম শীতল কণ্ঠেৰে
ক’ব—

“‘মাছ আৰু পাচলি বেলেগ বেলেগ কৈ আনিছা নে? সেইদিনাৰ দৰে মাছ, পাচলি, পাণ-তামোল সকলোবোৰ একেলগে আনিছা নেকি?”

নাই, সেই ভুল নিজাম চাহাবে কৰা নাই। মাছ বেলেগকৈ আনিছে।

“কেঁচা তামোল আনিবলৈ কৈছিলোঁ, আনিছানে? পাহৰি গৈছা? যিবোৰ কৈ পঠিয়াও সেয়াতো সদায় পাহৰিয়েই যোৱা।”

আজি মনত আছে। বজাৰত সোমাই প্ৰথমতেই কেঁচা তামোল কিনিছে।

“শিঙি মাছ আনিবলৈ কৈছিলোঁ, আনিছানে? নে ৰাক্ষসী মাগুৰৰ পোৱালি লৈ আহিছা? তুমিতো একেবাৰেই কুমলীয়া কেঁচুৱা, যিয়েই যি কয় তাকেই
বিশ্বাস কৰা। আচৰিত মানুহ! কিমান দাম ল’লে মাছত?”

“পঁচিছ টকা লৈছে। এটাত পাঁচ টকা।”
(নিজাম চাহাবে মিছা কথা ক’ব নোৱাৰে। মিছা কথা তেওঁৰ ডিঙিৰ ফুটাৰে বাহিৰ নহয়। তেওঁৰ ধাৰণা তেওঁৰ ডিঙিৰ ফুটা খুব সৰু, সেইবাবে এই সমস্যা হয়। অৱশ্যে আজি বাধ্য হৈ মিছা ক’ব লাগিব।)

“পাঁচটা মাছত পঁচিশ টকা ল’লে? ঘৰত টকাৰ গছ ৰুই থৈছা নেকি? নে তুমি বাংলাদেশৰ মন্ত্ৰী-এম.এল.এ? দাম ক’লেই তৎক্ষণাৎ দি দিবা? নে
মাছ বজাৰলৈ গৈ ডাঙৰ মানুহৰ ভাব দিয়া? দৰদাম কৰিবলৈ ভাল নালাগে নেকি? এটা শিঙি মাছত পাঁচ টকাকৈ দি কেনেকৈ কিনিলা? এই শিঙি মাছবোৰৰ
কাঁইট সোণেৰে বন্ধোৱা নেকি?”

ফৰিদাৰ এইবোৰ কথা তেওঁ তলমূৰকৈ শুনিব লগা হ’ব। উপায় নাই। তেওঁ যদি কয় মাছ পোন্ধৰ টকাৰে কিনিছে, এটাত তিনি টকাকৈ। তাৰ পিছতো কথা শুনিব লাগিব।

“শামুকৰ চূণ আনিবলৈ কৈছিলোঁ, আনিছা?”

নিজাম চাহাবে উচপ খাই উঠিল। শামুকৰ চূণ অনা নহ’ল। সৰ্বনাশ! ভাবি থৈছিল সকলো কিনা‌ হৈ যোৱাৰ পাছত শেষত চূণ কিনিব। এইটোৱেই ভুল হ’ল। কেঁচা তামোল কিনাৰ সময়তেই চূণো কিনিব লাগিছিল। চূণ নিকিনাকৈ ঘৰলৈ যাব নোৱাৰি। তেওঁ দীৰ্ঘ নিশ্বাস পেলালে। তেওঁৰ উচিত আছিল আহোঁতে যি ফালেৰে আহিছিল যাওঁতেও সেইফালেৰেই ঘূৰি যোৱাটো—- সেয়া নকৰি তেওঁ ঠিক কৰিলে ৰাস্তা পাৰ হৈ যাব। প্ৰাচীন কুসংস্কাৰ এটা আছে—যি ৰাস্তাৰে আহে সেই ৰাস্তাৰে ঘূৰি নোযোৱাটো।

ৰাস্তা সলনি কৰিবলৈ গৈয়েই দূৰ্ঘটনাটো ঘটিল। দহ টনৰ ট্ৰাক এখন তেওঁৰ গাৰ ওপৰত আহি পৰিল। তেওঁক খুন্দিয়াই পেলাই দি ট্ৰাকখন উল্কাৰ গতিৰে উধাও হৈ গ’ল। একচিডেণ্ট কৰাৰ পিছত ট্ৰাক ড্ৰাইভাৰবোৰ বৰ সাৱধানে থাকে। ট্ৰাক নৰখায়। ট্ৰাক ৰখালে পাব্লিকৰ হাতত ধৰা পৰি মাৰ খাব লাগিব। এয়া হ’বলৈ দিব নোৱাৰে।

দহ টন মাল ভৰ্তি এখন ট্ৰাক নিজাম চাহাবৰ শৰীৰৰ ওপৰেৰে পাৰহৈ গ’ল, তাৰ পিছতো তেওঁ খুব বিস্ময়েৰে লক্ষ্য কৰিলে, তেওঁ তেনেকৈ দুখ পোৱা নাই। ইনজেকচন দিলে যিটো অনুভৱ হয় ঠিক তেনেকুৱাই। ট্ৰাকে চেপিলে দুখ পোৱা নাযায়——এই সত্য আবিষ্কাৰৰ আনন্দ লৈ তেওঁ উঠি থিয় হ’ল। হাতৰ পাচলি আৰু মাছৰ বেগ ছিটিকি পৰি গৈছিল। বেগৰ পৰা মাছ ওলাই সিঁচৰতি হৈ পৰিছে। নৰ্দমাত পৰিলে ইহঁতক আৰু পোৱা নাযাব। নিজাম চাহাবে অতি ব্যস্ত হৈ মাছবোৰৰ ওচৰলৈ দৌৰি গ’ল।
ঘৰলৈ শিঙি মাছ লৈ যাব নোৱাৰিলে ভূমিকম্প হৈ যাব। তেওঁক ট্ৰাকে মহটিয়াই নিছে এই কথা শুনিলেও ফৰিদাই ৰেহাই নিদিব।

নিজাম চাহাবে উবুৰি হৈ বহিল, মাছকেইটা ধৰিবলৈ চেষ্টা কৰিলে, ধৰিব নোৱাৰিলে। আঙুলিৰ ফাকেৰে অদ্ভুত ধৰণেৰে মাছবোৰ ওলাই গৈছে।
কি আচৰিত ঘটনা। হ’ল কি? হুলস্থূল আৰম্ভ হৈ গৈছে। ৰাস্তাৰ ওপৰত শ শ মানুহ জমা হৈছে। ভাব হৈছে ভয়ঙ্কৰ কিবা এটা হৈছে। নিজাম চাহাব উঠি থিয় হ’ল। কৌতুহলী হৈ উকি মাৰি দেখিলে—-তেজেৰে ৰাস্তা ভাঁহি গৈছে। সেই তেজত লুতুৰি-পুতুৰি হৈ যিজন পৰি আছে সেইজন আন কোনো নহয়, তেওঁ নিজেই।

এই দৃশ্য দেখাৰ পিছতো তেওঁৰ যে সঁচাকৈয়ে মৃত্যু হৈছে এইটো বুজিবলৈ তেওঁৰ অলপ সময় লাগিল। অপঘাত মৃত্যুৰ পিছত মানুহ ভূত হয়। তেঁৱো সেয়ে হৈছে। ভূত হৈছে বাবেই কোনেও তেওঁক
দেখা পোৱা নাই।—-অৱশ্যে তেওঁ নিজে নিজকে ভালকৈ দেখা পাইছে। যদিও তেওঁৰ শৰীৰৰ কিছু পৰিবৰ্তন হৈছে। তেওঁ শিঙি মাছ ধৰিব পৰা নাই। মাছবোৰ হাতৰ আঙুলি ভেদ কৰি ওলাই গৈছে।

মৃত্যুৰ আগেয়ে তেওঁৰ গাত যি পোচাক আছিল, ভূত হিচাপেও তেওঁৰ‌ গাত একেই পোচাক। আনকি শিঙি মাছৰ পানী পৰি তেওঁৰ পেণ্টটো যে তিতি গৈছিল—-এতিয়াও পেণ্টটো তিতা। তিতা পেণ্টটোৰ পৰা মাছৰ বেয়া গোন্ধ এটা ওলাইছে। তাৰমানে ভূতবোৰে গোন্ধ পায়? এই ৰহস্যময় ঘটনাটোৰ মানে কি কোনে জানে? অৱশ্যে কোনো ৰহস্যময় ঘটনা লৈ আপাতত তেওঁৰ মূৰ ঘমাবলৈ ইচ্ছা যোৱা নাই। মূৰটো ভোঁ ভোঁ কৈ ঘূৰিছে। প্ৰকৃতিস্থ হ’বলৈ সময়
লাগিব। চিগাৰেট এটা খাবলৈ পালে ভাল আছিল। ভূত বিলাকে চিগাৰেট খাই নে নাখায় তেওঁ নাজানে।

একচিডেণ্ট হোৱা ঠাইখিনিত প্ৰচণ্ড ভিৰ। পুলিছ আহিছে। ট্ৰেফিক পুলিছে পোঁ পোঁ কৈ হুইচেল বজাইছে। কি হৈছে সকলোৱে এবাৰ চাবলৈ বিচাৰিছে। তেঁৱো উকি মাৰিলে। এনেকুৱা ভিৰ যে
একো দেখাৰ উপায় নাই। নিজৰ ডেডবডি অথচ তেওঁ নিজেই চাবলৈ পৰা নাই। ইয়াতকৈ ডাঙৰ ট্ৰেজেডি আৰুনো‌ কি হ’ব পাৰে! তেওঁ মানুহৰ ভিৰৰ মাজেৰে সোমাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। এই সময়তে তেওঁৰ পিঠিত কোনে জানো হাত থৈ ক’লে,

“ছাৰ, আপোনাৰেই মৃত্যু হৈছে?”

নিজাম চাহাবে বিনীত ভাবেৰে ক’লে,

“হয়।”

নিজৰ মৃত্যুৰ কথা নিজৰ মুখেৰে ক’বলৈ লাজ লাগিল।

“খুব আফচোচৰ কথা। ভেৰি চ্যেড।”

লোকজনৰ কথাত নিজাম চাহাব অভিভূত হ’ল। যেতিয়া মানুহ আছিল তেতিয়া ইমান সহানুভূতিৰে কোনেও তেওঁৰ লগত কথা কোৱা নাছিল। ভূত হোৱাৰ পিছত মানুহৰ সহানুভূতি পাইছে, এইটো সামান্য কথা নহয়।

“ছাৰ, আপোনাৰ নাম কি?”

“নিজাম। নিজামুদ্দিন।”

“মোৰ নাম মোতালেব। ময়ো আপোনাৰ দৰে ভূত। সেই যে টাইলচৰ এখন দোকান দেখিছে—ইউৰেকা
টাইলচ, মই সেই দোকানখনৰ মেনেজাৰ আছিলোঁ।”

“ওম।”

“দোকানৰ‌ ভিতৰতেই ভৰি পিচলি বৰ বেয়াকৈ পৰি গৈছিলোঁ। লগে লগে মৃত্যু। হস্পিটেললৈ নিবলৈয়ো সময় নাছিল।”

“ওম।”

“তাৰ পিছৰ পৰাই ইয়াতেই আছোঁ। ৰাতি দোকানত শুই থাকোঁ।”

নিজাম চাহাবে আকৌ ক’লে,
“ওম।”

“মেইন ৰোডৰ কাষৰ দোকান। গোটেই ৰাতি ট্ৰাক চলে, টোপনি ভাল নহয়।”

ভূতৰ টোপনিৰ প্ৰয়োজন হয় সেয়া তেওঁ জনা নাছিল। ভূতৰ জগত সম্বন্ধে তেওঁ একোৱেই নাজানে। লাহে লাহে সকলো জনা হ’ব। মোতালেব চাহাবক লগ পোৱাৰ বাবে তেওঁৰ লাভ হৈছে। সাধাৰণ কথাবোৰ তেওঁৰ পৰা জানি ল’ব পাৰিব।

মোতালেবে ক’লে,

“ইয়াত এনেয়ে থিয় হৈ থাকি সময় নষ্ট কৰি কি কৰিব ছাৰ, গুচি যাওক।”

নিজাম চাহাবে ক’লে,

“কলৈ যাম?”

“বৌৰ ওচৰলৈ যাওক। ইমান ডাঙৰ এটা দূৰ্ঘটনা ঘটিছে, বৌৰ আশে-পাশে থাকিলেও এটা সান্ত্বনা।”

“যাওঁ কেনেকৈ?”

“ৰিক্সাত যাওক। আপোনাৰতো আৰু ৰিক্সা ভাড়া নালাগে। চলি থকা ৰিক্সা এখনত জঁপিয়াই চিটত বহি পৰক। আপোনাৰ ঘৰ ক’ত?”

“কলবাগানত।”

“সেই পিনে যোৱা এখন ৰিক্সাত উঠি দিয়ক। মই অৱশ্যে ক’ৰবালৈ যাব লগা হ’লে গাড়ীতেই যাওঁ। অৱশ্যে ৰিক্সাত এটা বেলেগ মজা আছে।”

নিজাম চাহাবে মনে আছে। ইমান দিনে ভাবিছিল ভূতবোৰে বতাহত ঘূৰি ফুৰে—এতিয়া দেখা গৈছে কথাবোৰ তেনেকুৱা নহয়। ঘূৰা-ফুৰাৰ বাবে সিহঁতকো ৰিক্সা, বেবীটেক্সী লাগে।

মোতালেবে ক’লে,

“ছাৰৰ মনটো ইমান বেয়া কিয়?”

নিজাম চাহাবে ক’লে,

“নাই, নাই মন বেয়া নহয়। মানে কিবা আচৰিত আচৰিত লাগিছে। কথা নাই বাৰ্তা নাই হঠাৎ ভূত হৈ গ’লোঁ।”

মোতালেবে ক’লে,

“অলপ আচৰিততো লাগিবই। অলপ নহয় বহুতেই আচৰিত লাগিব। আধাঘণ্টা আগতে মানুহ আছিল, এতিয়া হৈছে ভূত। মই যেতিয়া প্ৰথম ভূত হৈছিলোঁ কি অভিজ্ঞতা! কি কৰিম কি নকৰিম একোৱেই নাজানো। তেতিয়া আছিল ঘোৰ বাৰিষা, বুজিলে ভাইচাহাব। মই বুৰ্বকৰ দৰে গোটেই ৰাতি বৰষুণত তিতিলোঁ। যিটোৰ একো প্ৰয়োজন নাছিল। ইচ্ছা কৰিলেই যিকোনো ঘৰত সোমাই যাব পাৰোঁ। আমি হ’লোঁ ভূত—-দুৱাৰ বন্ধ থাকিলেও, আমি যিকোনো ফুটাৰে সোমাব পাৰোঁ,
নহয়নে?

একো বুজি নোপোৱাকৈয়েই নিজাম চাহাবে ক’লে,
“হয়।”

“বুজিছেনে ভাই চাহাব, যিহেতু একো নাজানো— গোটেই ৰাতি বৰষুণত তিতি মোৰ চৰ্দি লাগি গ’ল। বুকুত কফ বহি গ’ল—কুহুৰ্-কুহুৰ্ কাহ।”

নিজাম চাহাবে ক্ষীণ কণ্ঠেৰে ক’লে,

“ভূতৰ চৰ্দি হয়?”

মোতালিবে বিৰক্ত হৈ ক’লে,

“ভেকুলীৰ যদি চৰ্দি হ’ব পাৰে, ভূতৰ নহ’ব কিয়? আমি ভেকুলীতকৈও অধম নেকি?”

নিজাম চাহাবে একো নক’লে। তেওঁৰ মূৰে কাম নকৰা হৈ গ’ল। মোতালেবে ক’লে,

“এনেয়ে দেৰী কৰি আছে কিয় ছাৰ? গুচি যাওক। বৌৰ কাষত বহি থাকক। আপোনাৰ মৃত্যু সংবাদ পোৱাৰ পাছত বৌয়ে বাগৰি-বাগৰি কান্দিব। দৃশ্যটো দেখি বৰ মজা পাব। এখন ৰিক্সা লৈ গুচি যাওক। অৱশ্যে চকু-কাণ খুলি ৰাখিব— অলপ সাবধানে থাকিব।”

“সাবধানে থাকিম কিয়?”

“কিছুমান সন্ত্ৰাসী ভূত আছে। বদমাছ, অত্যাচাৰী। ভদ্ৰতা নাজানে। মানুহ থাকোঁতে যেনেকুৱা বদমাছ আছিল,
মৰাৰ পাছত আৰু বেছি বদমাছ হৈছে। অকাৰণে মাৰধৰ কৰে।”

নিজাম চাহাব আতঙ্কিত হ’ল।

“পৰহিৰ কথা—এখন পাজেৰো গাড়ী ৰাস্তাৰে গৈ আছিল। নতুন গাড়ী দেখি লোভ লাগিল। গাড়ীৰ প্ৰতি মোৰ আকৌ এটা দূৰ্বলতা আছে। আবেলি সময়ত গাড়ীত উঠি ঘূৰি ফুৰিবলৈ ভাল লাগে। পাজেৰো দেখা পাই লোভ সামৰিব নোৱাৰিলোঁ। জাঁপ মাৰি গাড়ীত সোমাই গ’লোঁ। গাড়ী গৈছিল গুলচন এৰিয়ালৈ। ফাৰ্মগেটত ৰেড লাইট। গাড়ী ৰ’ল। মই বুৰ্বকৰ দৰে মূৰটো বাহিৰলৈ উলিয়ালোঁ।
মোক দেখি চাৰিটা-পাঁচটা মান সন্ত্ৰাসী-ভূতে হৈচৈ কৰি দৌৰি আহিল। মই বুজি পোৱাৰ আগতেই খিড়িকীৰে টানি বাহিৰলৈ উলিয়াই আনিলে। ঠিকছে
ধুলাই দিলে। এতিয়াও হাত-ভৰিত বিষ।”

নিজাম চাহাবে শুকান কণ্ঠেৰে ক’লে,

“সৰ্বনাশ!”

“অপঘাতত যিবোৰ মৰে সিহঁতেইতো ভূত হয়—“

“অপঘাতত মৃত্যু হয় কাৰ?”

“সন্ত্ৰাসী-খুনী, অত্যাচাৰী এইবোৰৰ। আমি যিবোৰ সাধাৰণ ভূত সেইবোৰ সিহঁতৰ হাতত বন্দী। কাওৱান বজাৰত এটা খুনী ভূত আছে–হাতত ৰাম দা লৈ বহি থাকে। কোনোবাক দেখিলেই হুঁ হুঁ, শব্দ কৰি দৌৰি আহে। ভাই চাহাব, কাওৱান বজাৰ এলেকাৰ ফালে ভুলতো নাযাব।”

“ঠিক আছে।”

“মিৰপুৰ চাৰি নম্বৰলৈও নাযাব।”

“তাত আকৌ কি?”

“মিৰপুৰত আছে দুজন ভায়েক—- ছদৰুল-বদৰুল। দুয়ো ভায়েকেই ভয়ঙ্কৰ। মোৰ ফেমিলি থাকে মিৰপুৰত। দুবছৰ পাৰ হৈ গৈছে সিহঁতক চাবলৈ যাব পৰা নাই। মনে নামানে, যাবলৈ বৰ ইচ্ছা যায়—-! বুৰ্বকৰ দৰে এবাৰ মনে মনে গৈছিলোঁ, ঘৰত সোমোৱাৰ আগেয়েই দুয়োৰে হাতত ধৰা পৰিলোঁ। তৰোৱালৰ এক ঘাপত মোৰ সোঁ ভৰিখন আঁঠুৰ তলতে কাটি পেলালে—-তাৰপিছত সেই কটা ভৰিখন লৈ কি ফূৰ্তি! ফুটবলৰ দৰে দলিয়া-দলি। সিহঁতে ভৰিখন লৈ জঁপিয়া-জঁপি কৰি থাকোঁতে সেই ফাঁকতে কোনোমতে পলাই আহিছোঁ। দু’মাহ ভুগিলোঁ——এই দুই মাহত নতুন ভৰি গজিল।”

“ভৰি গজে?”

“অঁ, গজে। নেজৰ দৰে গজে—ভূত হোৱাৰ এয়েই সুবিধা। যেতিয়া ভৰিখন কটা গ’ল তেতিয়া নাজানিছিলোঁ ভৰি যে আকৌ গজে। বৰ মনোকষ্টত
আছিলোঁ, তাৰপিছত এদিন দেখিলোঁ ভৰিখন গজিছে। চাওকচোন।”

ভদ্ৰলোকজনে পাইজামা পিন্ধি আছিল। পাইজামা কোঁচাই গজি উঠা ভৰিখন দেখুৱালে। আৰু নিশ্বাস পেলাই ক’লে,

“নতুনকৈ গজা ভৰি আচল ভৰিৰ দৰে নহয়। দূৰ্বল হয়—জোৰ পোৱা নাযায়। তথাপিও ভৰি যে গজে সেইটো কম কথা নহয়। ভূত-জীৱনত দূৰ্ঘটনা হৈয়েই থাকে। হাত-ভৰি গজা চিষ্টেমটো নাথাকিলে বৰ বিপদেই আছিল।”

“মূৰ গজে নে?”

“মূৰ কটা গ’লে মূৰো গজে। সেই মূৰটো চাইজত সৰু হয়।”

নিজাম চাহাবে ক্ষীণ কণ্ঠেৰে ক’লে,

“ভাই চাহাব, আপুনি মোৰ লগত অলপ আহিবনে? অকলে যাবলৈ ভয় ভয় লাগিছে।”

মোতালেবে লগে লগে ক’লে,

“বলক। আপোনালৈ মৰম সোমাই গৈছে। আপোনাক অকলে এৰি দিবলৈয়ো ইচ্ছা যোৱা নাই। ভূতে যদি ভূতক সহায় নকৰে, তেনেহ’লে কোনে কৰিব? এটা গান আছে যে—-ভূত ভূতৰ বাবে…..”

মোতালেবে গান গাবলৈ আৰম্ভ কৰিলে। কণ্ঠস্বৰ ভাল। অলপ নাকী-সুৰ হ’লেও শুনিবলৈ বেয়া লগা নাই। কেইশাৰীমান গাই ক’লে,

“ছাৰৰ গান-বাজনাৰ চৰ্চা আছে?”

“নাই।”

“চৰ্চা থাকিলে ভাল আছিল। আমি সময়বোৰ পাৰ ‌কৰিবলৈ গান-বাজনা কৰোঁ। এনেদৰে সময় পাৰ হৈ
যায়। বলক যাওঁগৈ—-ৰিক্সাত যাব, নে গাড়ীত? ৰিক্সাত যোৱা ভাল। আপোনাৰ নিশ্চয় চলন্ত গাড়ীত জাঁপ মাৰি উঠাৰ অভ্যাস নাই। শিকি যাব। বাচি থাকিবলৈ সকলো শিকিব লাগিব। সংগ্ৰাম কৰিব লাগিব। ভূতবোৰৰ জীৱন হ’ল সংগ্ৰামী জীৱন।”

নিজাম চাহাব চমকি উঠিল। ভূতবোৰৰ জীৱন সংগ্ৰামী জীৱন—-তাৰ মানে কি? বাচি থাকোঁতে সংগ্ৰাম, মৰাৰ পিছতো সংগ্ৰাম? কি ধৰণৰ সংগ্ৰাম মোতালেবক সুধি জানি লোৱা ভাল হ’ব।

মোতালেবক সোধা নহ’ল। তাৰ আগেয়ে সি গান গাবলৈ আৰম্ভ কৰিলে—

“আইজ পাঁশা খেঁলবৰে ভূতনী
ও ভূতনী তোমাৰ সঁনে।
এঁকেলা পাইয়াছিৰে ভূতনী
এই নিঘোৰ বঁনেঁ…..”

নিজাম চাহাবৰ ভাল লাগিল। মোতালেবৰ কণ্ঠ সঁচাকৈয়ে ভাল। তালজ্ঞানো ঠিকে আছে। নিজাম চাহাবে তাল দিবলৈ ধৰিলে। মোতালেবে গান গোৱা বন্ধ কৰিলে—-

“ছাৰ।”

“হয়।”

“এখন খালি ৰিক্সা আহিছে, বলক উঠি দিওঁ। মোৰ হাতত ধৰি জঁপিয়াই দিয়ক। হাইজাম্প। সৰুতে হাইজাম্প কৰিছিল নে?”

“নাই কৰা।”

সৰুতে হাইজাম্প নকৰিলেও নিজাম চাহাবে ভালেই জঁপিয়ালে। ৰিক্সাৰ ভৰি থোৱা ঠাইখিনিত তেওঁ বাগৰি পৰিল। মোতালেবে তেওঁক টানি চিটত
তুলিলে। নিজাম চাহাবে ক’লে,

“ৰিক্সাত পেচেঞ্জাৰ উঠিলে আমি কি কৰিম?”

মোতালেবে হামি মাৰি ক’লে,

“একো সমস্যা নাই। তেতিয়া আমি পেচেঞ্জাৰৰ কোলাত বহি যাম। ভূত হোৱাৰ এইটোও এটা মজা। মানুহৰ কোলাত বহি বহি জীৱন কটাই দিব পাৰি।”

মানুহৰ কোলাত বহি জীৱন কটোৱা কথাটো নাজিম চাহাবৰ বৰ ৰুচিকৰ যেন ভাব নহ’ল। তেওঁ একো নক’লে। ৰিক্সাৰ হুদত ধৰি বহি থাকিল। হঠাৎ তেওঁৰ ভাব হ’ল, তেওঁ পিঠিত এটা বিষ অনুভৱ কৰিছে। অস্বস্তিকৰ বিষ। যেন মেৰুদণ্ডত ধৰি কোনোবা এজনে তেওঁক লাহে লাহে পিছফাললৈ টানিছে। বিষটো আৰম্ভণিত কম যেন লাগিলেও ৰিক্সা যিমানেই আগুৱাইছে বিষ সিমানেই বাঢ়ি গৈছে। মোতালেবক কথাটো ক’ব নে নকয়, তেওঁ বুজিব পৰা নাই। ভৌতিক বিষয় সম্বন্ধে সি ভালকৈয়েই জানে। ৰিক্সাত উঠিলে হয়তো সকলো ভূতৰেই পিঠিত বিষ উঠে। এইটোৱেই নিয়ম। বিষটো বাঢ়িছে, একেবাৰেই এৰা দিয়া নাই। বিষটো কমাবলৈ নিজাম চাহাবে খুকখুককৈ কাহিলে। মোতালেবে মূৰটো ঘূৰাই বিস্মিত কণ্ঠেৰে ক’লে,

“কাহিছে কিয়?”

“কাহ উঠিছে বাবে কাহিলোঁ। কাহ মৰাটো ভূতবোৰৰ বাবে নিষেধ নেকি?”

“কাহ নিষেধ নহয়। আপোনাৰ কাহৰ ধৰণতো ভাল নহয়। পিঠিত বিষ আছে?”

নিজাম চাহাবে বিস্মিত হৈ ক’লে,

“হয় আছে।”

“মেৰুদণ্ডত?”

“হয়।”

“সৰ্বনাশ! ৰিক্সাৰ পৰা জাঁপ মাৰি নামি দিয়ক।”

নিজাম চাহাবে ৰিক্সাৰ পৰা জাঁপ মাৰি নামিলে। ভয়ে ভয়ে ক’লে,

“কি হৈছে?”

“সৰ্বনাশ হৈ গৈছে। পিছফালে চাওক।”

নিজাম চাহাবে পিছলৈ ঘূৰি চাই দেখা পালে—তেওঁৰ পিছফালে এডাল ৰঙীন ফিতা—ফিতাৰ এটা মূৰ তেওঁৰ পিঠিত লাগি আছে, আনটো মূৰ বহুদূৰত।

মোতালেবে বিৰক্ত হৈ ক’লে,

“কিবা বুজি পাইছেনে?”

“নাই পোৱা।”

“আৰে ভাই, আপুনিতো এতিয়াও মৰা নাই। ভাব হৈছে ডাক্তৰে আপোনাৰ জীৱন বচাবলৈ চেষ্টা কৰি আছে। কিছুমান নিৰ্বোধ ডাক্তৰ আছে নহয়, ৰোগীক বচাবলৈ উঠিপৰি লাগে। এজনে মৰিব বিচাৰিছে মৰিব দিয়া— নাই, নিদিয়ে। বচাইহে এৰিব। বচাই লাভটো কি হ’ব?”

নিজামে ক’লে,

“ফিতাৰ কথাটো বুজিব পৰা নাই।”

“আপোনাৰ ৰক্তমাংসৰ শৰীৰৰ লগত এই ফিতা লগোৱা আছে। ফিতাত টান পৰিছে, তাৰ মানে হ’ল আপুনি সেই শৰীৰত সোমাব লাগিব। বিষ, যন্ত্ৰণা, চিকিৎসা চলিব—-সেই শৰীৰত সোমাবলৈ বিচাৰে?”

“বুজিব পৰা নাই।”

“একো দৰকাৰ নাই। যেনেকৈ আছে ভালে আছে। চাওঁ চেষ্টা কৰোঁ ফিতা ছিঙিব পাৰোঁনে নাই। আপুনিও হাত লগাওক। আৰু কেইজন মান ভূত পালে ভাল আছিল—–আটায়ে টনাটনি কৰি ছিঙি পেলাম। আপুনি থিয় হৈ থাকক—- মই কেইজন মানক লৈ আহোঁ। খবৰদাৰ, গুচি নাযাব। এই টেলিফোনৰ খুঁটাটোত ধৰি থিয় হৈ থাকক। দুহাতেৰে জোৰকৈ খুঁটাত ধৰি থাকক, নহ’লে ফিতাৰ টানত গুচি যাব লাগিব। ছেঃ মহাবিপদত পৰিলোঁ।”

নিজাম চাহাবে টেলিফোনৰ খুঁটাত ধৰি থিয় হৈ ৰ’ল। পিঠিৰ টান বাঢ়িছে। তেওঁৰ এবাৰ ভাব হ’ল খুঁটাৰে সৈতে তেওঁক উৰাই লৈ যাব নেকি, এনেকুৱা টান। ইতিমধ্যে মোতালেবে তিনি-চাৰিজনমান ভূত লৈ উপস্থিত হৈছে। সিহঁতে ফিতা ছিঙিবলৈ চেষ্টা কৰিছে। লাভ একো হোৱা নাই। এটা সময়ত টান প্ৰবল হ’ল—-নিজাম চাহাবে টেলিফোনৰ খুঁটা এৰি দিলে। তেওঁৰ ভাব হ’ল তেওঁ ধুমুহাৰ গতিৰে দৌৰি গৈছে। ভয়াবহ অৱস্থা! মানুহ (নে ভূত?) এনেকুৱা বিপদত পৰে!

নিজাম চাহাবৰ মূৰৰ অপাৰেশ্যন শেষ হৈছে। নিউৰোলজিৰ চাৰ্জেণ্ট প্ৰফেছাৰ ইফতেখাৰুল ইসলামে হাতৰ গ্লভচ্ খুলি খুলি ক’লে,

“অপাৰেশ্যন চাকচেছফুল হৈছে বুলিয়েই মোৰ ধাৰণা। ৰোগী বাচিব লাগে। অৱশ্যে চব্বিশ ঘণ্টা পাৰ নোহোৱালৈকে একো ক’ব পৰা নাযায়—-তাৰ পিছতো আমি আশা কৰিছোঁ। চকুৰ মণিত পোহৰ পেলাই চাওকচোন ৰিফ্লেক্স একচন কেনেকুৱা?”

এজন ডাক্তৰে নিজাম চাহাবৰ চকুৰ মণিত পোহৰ পেলালে। চকুৰ মণি ডাঙৰ হৈ আছে। নিজাম চাহাবৰ ভূত তেওঁৰ শৰীৰৰ কাষতে বহি আছে। তেওঁ
শৰীৰৰ ভিতৰত সোমাবলৈ তীব্ৰ আকৰ্ষণ বোধ কৰিছে—-কোন ফালেৰে সোমাব বুজিব পৰা নাই।

“ছাৰ।”

নিজাম চাহাবে চমকি উঠিল, চাই দেখিলে মোতালেব আহিছে। বোধহয় দৌৰি আহিছে। ফোঁপাইছে।

নিজাম চাহাবে মোতালিবৰ ফালে চালে। মোতালেবে ক’লে, এনেয়ে আকৌ বহি আছে কিয়? ভাব হৈছে ইহঁতে আপোনাক বচাবয়েই—-শৰীৰত সোমাই যাওক।”

“কোন ফালেৰে সোমাওঁ?”

“চকুৰ মণিৰে সোমাই যাওক। চকুৰ মণিৰে সোমাবলৈ সহজ হ’ব।”

“ভয় লাগিছে যে।”

“সৰু ল’ৰা নেকি, ভয় লাগিছে! বৌক দেখা পাইছে?”

“নাই।”

“অহ্ হয় নেকি! হস্পিটেলৰ বাৰান্দাত দীঘল দি পৰি আছে। বৌৰ লগত আপোনাৰ সৰু ছোৱালীজনীও আছে। বেচেৰী বোধহয় বাপেকৰ বৰ ভক্ত।
ইমানকৈ কান্দিছে।”

“খুব কান্দিছে?”

“আ-হা, কথাকৈ সময় নষ্ট কৰিছে কিয়? সোমাই যাওকচোন।”

নিজাম চাহাবে তেওঁৰ চকুৰ মণিৰ ভিতৰেৰে নিজৰ শৰীৰত সোমালে।
যিজন ডাক্তৰে চকুৰ মণিৰ ওপৰত পোহৰ পেলাইছিল তেওঁ আনন্দিত কণ্ঠেৰে ক’লে,

“ৰিফ্লেক্স একচন ভাল। চকুৰ মণি সৰু হৈছে। এইবাৰলৈ বাচি গ’ল। ট্ৰাকৰ তলত পৰিও বাচি যোৱা—— এই প্ৰথম
দেখিলোঁ। ইয়াকে কয় ভাগ্য।”

*****

Leave a Reply

Your email address will not be published. Required fields are marked *