ফটাঢোল

এখন আলোচনীৰ সম্পাদকৰ কাহিনী – অৰবিন্দ গোস্বামী

: আলোচনী এখন প্ৰকাশ কৰাতো কি আপুনি মুখৰ কথা বুলি ভাবিছে নেকি? তাতে দুদিনত। এইবোৰ ওলোটা-পোলোটা কথা কৈ নাথাকিব দেই! বাদ দিয়ক।এইবাৰ মেগাজিন ফ্লপ। আচলতে ফ্লপো নহয়, মেগাজিন প্ৰকাশেই নহ’ল আৰু! আপুনি আমাৰ টিমৰ নাক-কাণ কাটি হাতত ল’ব লগা অৱস্থা কৰিলে।

: মইনো কি কৰিলোঁ‌। কোনেও লেখা নপঠালে মই কেনেকৈ মেগাজিন প্ৰকাশ কৰিম?

: আপুনি কি কৰিলে! যি কৰিলে আপুনিয়েইতো সব কৰিলে। আগৰ সম্পাদকসকলে লেখাৰ বাবে কন্দাৰ অভিনয় কৰিছিল, লেখা ভিক্ষা কৰি লেখকৰ দুৱাৰে দুৱাৰে ——“চম্পাক লেখা দিয়ক, ভগৱানে আপোনাৰ মঙ্গল কৰিব”—-বুলি খালী ভৰিৰে অসম ভ্ৰমণ কৰিছিল, কোনোবাজন সম্পাদকে আকৌ লেখকক সন্তোষ কৰিবলৈ ফটা এক্সপ্ৰেছ চলাবলৈকে আহিছিল।ইমানবোৰ ঠাই ঘূৰি,ট্ৰেইনৰ ড্ৰাইভাৰ হৈ আকৌ কত লেখকক অনুনয় বিনয় কৰি ইনবক্স গেলাইছিল,ফোন কৰি ‘দুখ ভৰী কাহানী’ কৈ লেখকৰ মন গলাবলৈ চেষ্টা কৰিছিল……আৰু আপুনি? আপুনি কি কৈছিল লেখকসকলক, মনত পেলাওক।

————পিচে আমুকা জানো কম? আমুকায়ো নতুন আইডিয়া এটা উলিয়াইছোঁ‌। আগৰ নিয়মীয়া ভাৱে লিখি থকাসকলৰ লিষ্ট এখন লৈছোঁ‌। ২৫ তাৰিখৰ ভিতৰত যদি নাপাওঁ সকলোৰে প্ৰফাইলৰ ফটো লৈ ইডিট কৰি গোটেই মেগাজিনখন ভৰাই পেলাম। কাৰোবাক বেটুপাটৰ মডেল কৰিম কাৰোবাক শেষপৃষ্ঠাৰ। মুঠতে মই মেগাজিন উলিয়ামেই। যদি নিজৰ খুব অদ্ভুত ফটো চাবলৈ মন নাই ভালে ভালে লিখা দিয়ক।——

: এনেকৈ কোনে লিখি প’ষ্ট দিছিল? এইবোৰ কি লেখা বিচৰাৰ ষ্টাইল নেকি?কোনে পঠিয়াব আপোনালৈ লেখা?আৰু এই দিনক দিনে বাঢ়ি অহা গাভিনী গাইগৰুৰ নিচিনা পেটটোলৈ কোনোবাই আপোনালৈ ভয় কৰে বুলি ভাবে নেকি?আপোনাৰ ফিগাৰ দেখিলে চাৰ্লি চাপলিনো হাঁহি হাঁহি বাগৰি পৰিব। কৈছিল নহয়, লেখকৰ ফটো ইডিট কৰি লেখকক মডেল বনাই সম্পাদকীয়টো লিখিয়েই আলোচনী উলিয়াম বুলি…উলিয়াওক এতিয়া।মই যাওঁ।

এইবুলি খঙেৰে দেৱজিত শৰ্মাই প্ৰস্থান কৰে।

উপৰোক্ত কথাবাৰ্তা হৈছিল দেৱজিত শৰ্মা আৰু বিজয় মহন্ত নামৰ দুজন ব্যক্তিৰ মাজত।

দেৱজিত শৰ্মা—-দেখাত ধুনীয়া গঢ়ৰ। বিয়া-বাৰু নাই কৰোৱা কিন্তু কোনটো ক্ষণত সেইভাগিও হৈ যায় তাৰ কোনো নিশ্চয়তা নাই। ভাৰতীয় কোনো বেটচমেনে বেটিং কৰি থাকোঁতে আপুনি ছিক্সাৰ মাৰিব মাৰিব বুলি ভাবি আছে, কিন্তু বেটচমেনে ছিক্স নামাৰি ডিফেন্সহে খেলি আছে—-কথাষাৰ ঠিক তেনেকুৱাই। অৱশ্যে খেলুৱৈ যে পাকৈত, তাত সন্দেহ নাই। যেতিয়া ছিক্সাৰ মাৰিব—-সেইটো বল দুনাই খেলিবলৈ নাপায়, কাৰণ বলেই হেৰাব। দুদিনমানৰ আগতে দৰাৰ সখি হৈ আখৰাও কৰিছে।

বিজয় মহন্ত। বিবাহিত কিন্তু এজন উচ্ছৃংখল প্ৰৌঢ় ব্যক্তি। মানুহজনৰ কাৰবাৰবোৰ দেখিলে যিকোনো মানুহৰ মূৰ গৰম হৈ যাব। এই বয়সতো লোকৰ ঘৰত মাংস ৰন্ধাৰ গোন্ধ পালে গৈ বহি থকা মানুহ। মুঠতে গৃহস্থই ‘বিজয়, ভাত কেইটামান খাই যোৱা’ বুলি নোকোৱালৈকে উঠি নহা মানুহ। নিজকে সাহিত্যিক বুলি কৈ ভাল পায় যদিও নিজৰ ফেচবুক প্ৰফাইলত মাছৰ ফটো দিয়েই সন্তোষ লভে।

এইবাৰ সৌভাগ্য নে দুৰ্ভাগ্যবশতঃ নাজানো, তেওঁক আলোচনী এখনৰ সম্পাদক পাতি দিয়া হ’ল। অৱশ্যে দুৰ্নীতি, কেলেংকাৰী এইবোৰত সিদ্ধহস্ত বুলি তেওঁক সকলোৱে জানে যদিও কাক কেনেকৈ মেনেজ কৰি তেওঁ সম্পাদকৰ আসনত বহিল সেয়া একমাত্ৰ তেৰাইহে জানে। এসময়ৰ প্ৰখ্যাত হাঁহ চোৰৰ আলোচনীৰ সম্পাদকলৈ প্ৰমোচন হোৱাত কোনো কোনোৱে মুখ টিপি হাঁহিলে। চকুচৰহাই গৰিহণা দিলে।

এক বিশ্বস্ত সূত্ৰৰপৰা পোৱা খবৰ অনুসৰি কিছুমান মানুহে বোলে তেওঁক ভালো পায় আৰু এই ভাল পোৱা ব্যক্তিসকলেই বোলে তেওঁক মানুহটো অলপ ভাল হওক বুলি সম্পাদক পাতি দিলে। পিচে হিতে বিপৰীতহে হ’লগৈ।সম্পাদকৰ আসনত বহিয়েই বিজয়ে তাহানি কংসই উগ্ৰসেনক বন্দী কৰি ৰাজপাটত বহি গিৰ্জনি মাৰি হঁহাৰ দৰে হাঁহিবলৈ ধৰিলে। হয়তো তেওঁ নিজকে কোনোবা ৰাজ্যৰ ৰজা হ’লোঁ‌ বুলি ভাবিলে নেকি! সম্পাদক হৈয়ে লেখকসকলক ভীতি প্ৰদৰ্শন কৰা আৰম্ভ কৰিলে——-

: লেখা দিয়ক, নহ’লে ফটো ইডিট কৰি লাষ্ট পে’জৰ মডেল বনাই দিম।

কথা হ’লনে? লেখকসকলো জ্বলি-পকি উঠিল বোলে এনেকৈ নহ’ব। হাতত বাটি লৈ খালী ভৰিৰে খোজকাঢ়ি আহি লেখা ভিক্ষা নিবিচাৰিলে আমিও লেখা নিদিওঁ।আমি কত ঘৰৰ মানুহৰ গালি খাই আলোচনীলৈ বুলি কিবা এটা লিখোঁ, সেয়া আমিহে জানো! কাগজ-কলম লৈ বা মোবাইলটো হাতত লৈ বগলীয়ে মাছৰ বাবে খাপ পিতি থকাৰ দৰে অমি কত খাপ পিতি বহি থাকিব লাগে—প্লট, শব্দ, বাক্যৰ গাঁথনি বিচাৰি! নহ’ব….
নিলিখোঁ যাঃ!বিজয়ে যি কৰে কৰক। দৰকাৰ হ’লে সন্মানহানিৰ গোচৰ তৰিম।

লেখকসকলৰ এই ৰুদ্ৰমূৰ্তি দেখি আলোচনী টিমত হাহাকাৰ লাগিল। কোনেও লেখা নিদিয়ে, কি হ’ব এতিয়া!
বিজয়ৰ শুভাকাংক্ষীসকলে প্ৰমাদ গণিলে।

ইফালে ভাবি ভাবি বিজয়ৰো অৱস্থা তথৈবচ। যিকেইজনে বিজয়ক সম্পাদক পাতি দিছিল, সেইকেইজনে ৰাস্তাত বিজয়ক দেখিলেও নমতা হ’ল।ইফালে ফটো ইডিট কৰিম বুলি ফিটাহি মৰা বিজয়ে এইটোও নাজানে যে আলোচনী টিমত ফটোৰ কামবোৰ কোনে কৰে। কেৱল সেয়াইনে—-কোনে ডিজাইনিং কৰে, কোনে আপলোডিং কৰে, কোনে বৰ্ণাশুদ্ধি কৰে….একোৱেইতো নাজানে! ইফালে আলোচনীখন প্ৰকাশ নহ’লেও মানুহে কমখন কুৎসা ৰটনা কৰিবনে?কথাষাৰ অহুকাণে পহুকাণে শ্ৰীমতী মহন্তৰ কাণত পৰাত শ্ৰীমতী মহন্তয়ো বিজয়ক ঘৰৰ পৰা বাহিৰ কৰি দিলে বোলে—সৰ্বাঙ্গসুন্দৰ আলোচনী উলিয়াব নোৱাৰিলে ঘৰলৈ নাহিব। মাহিলি পইচাকেইটা দি থাকিলেই হ’ল।আপুনি ভাল আলোচনী এখন নুলিয়ালে মই শইকীয়ানী, বৰুৱানীহঁতৰ আগত কেনেকৈ ফুটনি মাৰিম?

তেতিয়াৰপৰা ১৫ দিন বিজয় ভাড়াঘৰত। সম্পাদক হৈ নিজকে ৰজাহেন বোধ কৰা বিজয় ধুপুচকৈ আকাশৰ পৰা মাটিত পৰিলহি।

২৮ ফেব্ৰুৱাৰী। বিজয়ে হাফপেণ্ট আৰু কাটা গেঞ্জী এটা পিন্ধি ভাড়াঘৰৰ বিচনাত পৰি আছে। কাষৰ টেবুলত ঢাকনি খোলা নোধোৱা প্ৰেচাৰ কুকাৰ এটা। কোঠাটোৰ ইমূৰৰপৰা সিমূৰলৈ ওলোমাই থোৱা এডাল ৰছীয়ে কোঠাটোক যেন ভাৰত পাকিস্তানত বিভক্ত কৰিছে।ৰছীডালত ওলমি আছে দুটা ফটা জিন্স, দুই-তিনিটামান লেতেৰা চোলা আৰু দুখন গামোচা যি দুখনে এই পোন্ধৰ দিনত নিজৰ ৰং হেৰুৱাই এনে ৰঙলৈ পৰিবৰ্তন হৈছে যে সি কোনো ৰঙৰ ভিতৰতেই নপৰে। মজিয়াত পৰি আছে চিগাৰেটৰ টুকুৰা আৰু এটা চুকত পৰি আছে এডাল আধা জ্বলা মহ খেদোৱা কইল। বিজয়ৰ চকু অমৰা গুটিহেন হৈ ৰঙা পৰিছে। হয়তো নিদ্ৰাহীনতা, হয়তো কান্দোনৰ বাবে…..কোনে জানে! চিন্তাক্লিষ্ট মুখমণ্ডল, আউলি-বাউলী চুলিখিনি যেন চুলি নহয়, নাৰিকলৰ গুচোৱা বাকলিহে। বিজয়ে ফোনটো হাতত ল’লে আৰু কাৰোবালৈ ফোন লগালে——-

: হেল্ল’….যোগেশ…কাম এটা কৰিব…….

: আপ জিচ নম্বৰ পৰ কল কৰ ৰহে হে, ৱ’ অভী ব্যস্ত হে।কৃপয়া থ’ৰী দে’ৰ বাদ ডায়েল কিজিয়ে…টুঁত।

বিজয়ে আচৰিত হৈ ফোনটো কাণৰ পৰা আঁতৰাই ফোনটোলৈ চালে। মাতটো দেখোন যোগেশৰে! মানে ই জানি বুজি এনে কৰিছে।

বিজয়ে এইবাৰ অন্য এজনলৈ ফোন লগালে।

:হেল্ল’….কাকতিদা….মই…..

: বন্দে মাতৰম্…….বন্দে মাতৰম্…..সুজলাম্ …..টুঁত।

বিজয়ে এইবাৰ জাঁ‌প মাৰি উঠি বহিল। আৰে! হৈছে কি!মাতটোতো কাকতিদাৰে….ৰেডিঅ’ চেণ্টাৰৰ দৰে বন্দে মাতৰম্ গাইছে যে! মাতটো কাকতিদাৰ বুলি বিজয় এইবাবেই নিশ্চিত হ’ল যে ইমান বেসুৰাকৈ বন্দে মাতৰম্ কাকতিদাৰ বাহিৰে কোনেও গাব নোৱাৰে।

বিজয়ে এইবাৰ অন্য এগৰাকী টিম মেম্বাৰলৈ ফোন লগালে।

: হেল্ল’…..প্ৰণীতা বাইদেউ…..শুনকচোন……

: ৱেলকাম টু আৱাৰ টুৱেণ্টি ফ’ৰ আৱাৰ ইন্দেন ৰিফিল বুকিং চিষ্টেম……ডিয়েৰ কাষ্টমাৰ….টুঁত।

এইটোওতো প্ৰণীতা বাইদেউৰে মাত হয়। এইবোৰ আচলতে কি চলিছে ভাবি ভাবি বিজয় প্ৰায় পগলা হোৱাৰ নিচিনা হ’ল। জৌচতে মূৰটো তিনিবাৰ মজিয়াত খুন্দিয়াবলৈ উদ্যত হ’ল কিন্তু সাহসৰ অভাৱত সেইটোও কৰিব নোৱাৰিলে।

নাই…ডলীলৈ ফোন কৰা যাওক। তাই চিনেমা লিখে নহয়!চিনেমাৰ কথা উলিয়াই ডলীৰ লগতে কথাখিনি আলোচনা কৰি কিবা এটা সমাধান উলিয়াব লাগিব।

: হেল্ল’……….

: আপুনি ডায়েল কৰা নম্বৰটো অস্থায়ীৰূপে সেৱাত নাই।টুঁত।

পুনৰ বিজয়ে ৰাজশ্ৰীলৈ ফোন লগালে।

: মিলে চুৰ মেৰা তুমহাৰা….ত’ চুৰ বনে হামাৰা। টুঁত।

এইটোতো ৰাজশ্ৰীৰে মাত। বিজয়ে ভাবিলে। বিজয় নিশ্চিত হ’ল যে তেওঁ সদায় নিজৰ শুভাকংক্ষী বুলি ভাবি থকা মানুহবোৰে তেওঁক আজি বিশ্বাসঘাতকতা কৰিছে।সকলোৱে প্ৰি-প্লেনিং কৰি তেওঁক ফচাইছে। নীলাক্ষিলৈও ফোন এটা কৰিব নেকি! তেওঁ মনতে ভাবিলে। না…..লাভ নাই। পিচে কৰি চোৱাতনো আপত্তি কিহৰ! পৃথিৱীত ভাল মানুহ এতিয়াও আছে বাবেই পৃথিৱীখন বৰ্তি আছে—–তেওঁ কোনোবাই কোৱা শুনিছিল। বিজয়ে ফোনটো বিচনাতে থৈ সেৱা এটা কৰিলে——‘এইবাৰ যাতে কিবা এটা হয় আৰু! হে প্ৰভু…ৰক্ষা কৰিবা।মজিয়াতে বহি বিজয়ে বিচনাৰ পৰা ফোনটো হাতত লৈ গভীৰ উৎকণ্ঠাৰে নীলাক্ষীলৈ ফোন লগালে।

আহ! উঠাইছে ফোনটো। বিজয়ৰ মনটো ভাল লাগি গ’ল।

: এয়া আকাশবাণী গুৱাহাটী….ক্ষন্তেক পিছতে সৈন্যবাহিনীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

ইয়াৰ পিছতে ৰেডিঅ’টো ঘেৰঘেৰাই থকাৰ দৰে আৱাজ কিছুমান আহি থাকিল। বিজয়ৰ বুজিবলৈ বাকী নাথাকিল যে নীলাক্ষিয়ে ফোনৰ স্পিকাৰৰ ওচৰত সঁচাই ৰেডিঅ’ বজাই দিছে…কাৰণ সেয়া কোনো পুৰুষৰ কণ্ঠস্বৰহে আছিল। ফোনটো কাণৰপৰা আঁতৰাই বিজয়ে এক বিকট চিঞৰ মাৰি মজিয়াত শুই পৰিল।

১ মাৰ্চ। পুৱা দহ বাজিছে। এনেতে আগদিনাই বেহুঁ‌চ হৈ পৰি থকা বিজয়ৰ মূৰটো সামান্য লৰিল। তাৰ পিছত চকু মেল খালে। বিজয়ে কথাবোৰ মনৰ ভিতৰতে জুকিয়াবলৈ চেষ্টা কৰিলে।

আলোচনীৰ কাম একো নহ’লগৈ। সকলো শেষ। কালি মই বেহুঁ‌চ হৈ পৰি গ’লোঁ‌। জাঁ‌প মাৰি উঠি বিজয়ে মোবাইলত সময়টো আৰু তাৰিখটো চালে। মনলৈ গান এটা আহিল…..

নায়ক হ’ব খুজি খলনায়ক হ’লোঁ‌, কিনো…….

বিজয়ৰ আৰু একো ভাবিবলৈ মন নগ’ল। বিজয়ে ওপৰত মকৰা জালে ক’লা কৰি পেলোৱা ফেনখনলৈ চালে। নাই, এইখনত কামটো নহ’ব। এইখনলৈ চালে ওলোটা গাতে সৰি পৰিব যেনহে লাগে।

কি কৰোঁ কি কৰোঁ বুলি ভাবি ভাবি বিজয়ৰ মনলৈ এটা নাম আহিল। ধেই! এইটো নাম কালি কিয় মনলৈ নাহিল।এইজন মানুহকে নিজৰ দুখৰ কথাখিনি কৈ পৰৱৰ্ত্তী পদক্ষেপ কি ল’ব লাগিব….সুধিব পৰা যাব।

: হেল্ল’ ৰামানুজদা……..

: অ’ বিজয়, মই গণেশগুৰিত ট্ৰেফিক জাৰ্মত ফচি আছোঁ‌। পিছত ফোন কৰি আছোঁ‌। পিচে তোমাক অভিনন্দন জনাইছোঁ‌। ধুনীয়া আলোচনী প্ৰকাশ কৰিলা। পুৱাই চালোঁ‌, একদম মন ভাল লাগি গ’ল…….বাই।

ৰামানুজৰ কথাকেইটা শুনি বিজয়ৰ দেহাৰ মাজেৰে যেন ৬০০ ভল্টৰ কাৰেণ্ট পাৰ হৈ গ’ল। এনে কাৰেণ্ট প্ৰথমতে তাহানি শ্ৰীমতী মহন্তক দেখোঁতেহে লাগিছিল। এয়া কি শুনিলে বিজয়ে! কিন্তু এয়া কেনেকৈ সম্ভৱ! বিজয়ে মনতে ভাবিলে যে তেওঁ সপোন দেখা নাইতো! বিজয়ে কোঠাটোৰ চাৰিওফালে মূৰ ঘূৰাই চালে। না….সকলো ঠিকেই আছে। তেওঁ বাস্তৱতে আছে। কোনো সপোন-চপোন দেখা নাই।

বিজয়ে লগে লগে ফেচবুক গ্ৰুপটো খুলি চালে।হয়, সিদিনাখন—- ‘আলোচনী এইবাৰ নহ’লগৈ’— বুলি কৈ থৈ যোৱা দেৱজিত শৰ্মাই আলোচনীৰ লিংক শ্বেয়াৰ কৰিছে।লিংকটোত ক্লিক কৰি আলোচনীত নিজৰ নামটো দেখি বিজয়ে হাঁহিব নে কান্দিব একো বুজি নাপালে। শ্ৰীমতী মহন্তলৈ ফোন এটা লগাব নেকি! না…তেওঁ বিশ্বাস নকৰিব। তেওঁক নিজে আলোচনীত নিজৰ নামটো দেখুৱাব পাৰিলে অলপ বেছি ভাল লাগিব। সেয়ে বিজয়ে ততাতৈয়াকৈ দহদিনমান নুধোৱা গা টো চাবোনেৰে ঘঁহি ঘঁহি ধুই চাফা হৈ আহিল।

আজি বিজয় ঘৰলৈ ঘূৰি যাব। যোৱাৰ আগতে আলোচনীখনত নিজৰ নামটো আকৌ এবাৰ চালে। বাঃ! সম্পাদক বিজয় মহন্ত। এখন সৰ্বাঙ্গসুন্দৰ আলোচনীৰ সম্পাদক……। কম কথানে? আজি ৰত্নাকৰ বাল্মিকী হ’ল। না…না…ৰত্নাকৰ বাল্মিকী হ’ব পাৰে কিন্তু বিজয় বিজয়েই হৈ থাকিব। ইচ্ছা কৰিও বিজয়ে নিজৰ স্বভাৱ এৰিব নোৱাৰে। কিন্তু মানুহৰ দৃষ্টিত তেওঁ আজি এখোপ ওপৰলৈ উঠিল।

অলপ উৎসাহ কৰি বিজয়ে শিতানবোৰো খুলি চালে।বহুত লেখা আহিছে। মানে সকলোৱে মিলি তেওঁক…….।
ধেই! কি অৱস্থা হৈছিলগৈ। কি কি ভাববোৰ যে মনলৈ আহিছিল!

এনেতে বিজয়ৰ লেখা এটা চকুত পৰিল, ‘এখন আলোচনীৰ সম্পাদকৰ কাহিনী।’ কোনোবা অৰবিন্দ গোস্বামীয়ে লিখিছে।

এইজন বা আকৌ কোন লেখক! কোন সম্পাদকৰ কথা লিখিছে বা! মোৰে কথা লিখিছে নেকি? না…মোৰ কথা কিয় লিখিব! মইতো কোনো বিখ্যাত সম্পাদক নহয়!—বিজয়ে মনতে ভাবিলে।

তথাপি তেওঁ লেখাটোৰ প্ৰথম কেইটামান শাৰী পঢ়ি চালে।অলপ পঢ়িয়েই বিজয়ে বুজিলে যে লেখাটোত দেখোন তেওঁৰ কথাই লিখিছে। বিজয়ে পঢ়ি গ’ল………।

আৰে! তেওঁ আলোচনীৰ সম্পাদক হৈ কি দশা হ’ল গোটেইসোপাই লিখি দেখোন তেওঁক বৰ্বাদ কৰি দিলে।বিজয়ে যি অকণমান সন্মান আশা কৰি বহি আছিল,সেয়াও শেষ। খং আৰু দুখত বিজয়ে এইবাৰ কান্দি কান্দি চিঞৰি উঠিল——–

: নাপায় নাপায় হেৰৌ নাপায়। এটা মানুহকে সকলোৱে ইমান অত্যাচাৰ কৰিব….না….না……পা….।”

শেষৰ ‘য়’ টো উচ্চাৰণ কৰাৰ আগতেই বিজয় বেহুঁ‌চ হৈ পৰিল।

*****

4 Comments

  • ডলী

    হা হা। ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ !

    Reply
    • কৰবী দেৱী

      হাঃ হাঃ উৰহী গছৰ ওৰ বাহিৰ হৈ গ’ল। প্ৰতিটো শাৰীয়ে আমোদ দিলে সঁচাকৈ।
      যি কি নহওক সঁচাকৈ সৰ্বাঙ্গসুন্দৰ আলোচনী এখন সম্পাদনা হ’ল ?।

      Reply
  • ৰাজশ্ৰী শৰ্মা

    একেবাৰে মিলিছে???

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *