ফটাঢোল

শইকীয়া বৰদেউতাৰ গাড়ী – ডা° পাৰ্থসাৰথি ভূঞা 

আমি স্কুলত থাকোঁতে আমাৰ ঘৰৰ ওচৰতে এজন মানুহ আছিল যাক আমি শইকীয়া বৰতা বুলি মাতিছিলোঁ। তেখেত আছিল সাংঘাতিক কৃপণ। আমি ক্ৰিকেট খেলি থকা অৱস্থাত যদি কেনেবাকৈ তেওঁৰ ঘৰৰ চৌহদত বল পৰিল, সেইটো আৰু নাপাওঁ বুলিয়েই ধৰিব লাগিব। সেয়ে আমাৰ নিয়ম আছিল যে কোনোবাই যদি বলটো উঠাই মাৰি তেওঁৰ ঘৰৰ চৌহদত পেলাই তেতিয়া তেওঁ আউট আৰু লগতে নতুন বলৰ পইচাও তেঁৱেই দিব লাগিব।

বৰতাৰ ঘৰৰ আগেদি মাছ বা পাচলিৰ বেপাৰীবিলাকো মনে মনে পাৰ হৈ গৈছিল। তেওঁক বাহিৰত দেখিলে কিছুমানে আগতেই চাইকেল ঘূৰাই নহ’লে তেওঁ মাতি লৈ যিহে দৰদাম কৰিব, বেপাৰীবিলাকে ত্ৰাহি ত্ৰাহি দেখি যায়।

তেওঁৰ পত্নীৰ হেঁচাত বৰতাই ছেকেণ্ডহেণ্ড এম্বেছেদৰ গাড়ী এখন কিনিবলৈ ঠিক কৰিলে। কেইবাখনো গাড়ী চাই অৱশেষত এখনত দৰদাম মিলাত কিনিলে। তেখেতে আকৌ নিজে গাড়ী চলাব নাজানিছিল, সেয়ে ড্ৰাইভাৰ এজনক ঠিক কৰি গাড়ীখন কিনি আনিলে। গাড়ী লৈ ড্ৰাইভাৰৰ লগত ঘৰলৈ আহি থাকোঁতে মনলৈ আহিল যে, এতিয়াটো নতুন গাড়ী চাবলৈ ওচৰ চুবুৰীয়াও আহিব, গতিকে কিবা এটা লৈ গ’লে ভাল হ’ব। পিচে ইমান টকা খৰচ কৰি গাড়ীখন কিনিলে গতিকে আকৌ মিঠাইত এগাল টকা খৰচ কৰিবলৈ বৰতাৰ মন নগ’ল। সেয়ে ভাবিলে “নকুলদানা” অলপকে লৈ যোৱা যাওক , প্ৰসাদ বুলি ক’ম, লগতে মিঠা মিঠাও লাগিব, গতিকে মিঠাইৰ কামো চলি যাব!

নকুলদানা কিনিবলৈ বজাৰত ৰখোঁতেই লগ পালে তেখেতৰ বন্ধু আমাৰ কাকতিবৰতাক। বৰতাই আকৌ মানুহ পালে বিনামূলীয়া উপদেশকেইটামান দি বৰ ভাল পায়। শইকীয়া বৰতাক ক’লে বোলে, 

: গাড়ী কিনিছা, ভাল কথা, সোনকালে নিজেও শিকি লোৱা, ড্ৰাইভাৰে চলাওঁতে কি কি কৰিছে, তিনিদিনমান চাই যাবা লগতে সুধি যাবা, তাৰপিছতহে শিকিবলৈ নিজে ষ্টিয়েৰিঙত বহিবা। পৰাপক্ষত ড্ৰাইভাৰৰ হাতত গাড়ী অকলে নেৰিবা, বিশ্বাস কৰিব নোৱাৰি, ক’ত কি পাৰ্টছ চেঞ্জ কৰি বেচি দি পুৰণা বস্তু লগাই আনি তোমাক এইটো বেয়া হ’ল, সেইটো বেয়া হ’ল ক’বহি। সাৱধান হ’বা।

উপদেশ আৰু নকুলদানা লগত লৈ বৰতা পুনৰ গাড়ীত বহিল। ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট দিলে, বৰতাই বোলে,

: কি কৰিছা, 

ড্ৰাইভাৰে বোলে,

: এয়া ষ্টাৰ্ট দিলোঁ, চাবিটো সোঁফালে ঘূৰাই দিছোঁ। 

তাৰপিছত গিয়েৰ ডাল নিউট্ৰেলৰ পৰা এক নম্বৰলৈ নিব খুজোঁতে, বোলে এতিয়া? ড্ৰাইভাৰে বোলে,

: গিয়েৰ “চেঞ্জ” কৰিছোঁ। 

বৰতাই উচপ খাই চিঞৰি উঠিল, 

: এই বেটা, গাড়ী ৰাখ, গাড়ী ৰাখ, তই কি সাংঘাতিক বস্তু অ, প্ৰথম দিনাই খোদ মালিকটো বহি থাকোঁতেই “পাৰ্টছ চেঞ্জ” কৰিলি, অকলে  গাড়ী পালে কি অৱস্থা কৰিবি তই?

হুলস্থূল শুনি যেনিবা কাকতিবৰতা আগবাঢ়ি আহি কথাখিনি বুজি, শইকীয়া বৰতাক কেছটো বুজাই দিয়াত কাহিনীৰ অন্ত পৰে!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *