কৌতুক – অভিজিত গোস্বামী
টাউনৰ মাজত বহুত ভিৰ । বহুত মানুহ আজি !!
তাৰ মাজতেই এহাল পতি-পত্নীৰ কাজিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।
কাজিয়াৰ কাৰণ……পত্নীৰ মতে আজিয়েই এখন নতুন গাড়ী কিনিব লাগে। মটৰ চাইকেলত বহি বহি তেওঁৰ হেনো কঁকালৰ বিষ হৈ গৈছে !!
পতি = হ’ব বাৰু !! ঘৰত গৈ চিন্তা কৰিম। তুমি এতিয়া বাইকৰ চাবিটো দিয়া। মানুহবোৰৰ আগত মোক লাজত নেপেলাবাছোন !!
পত্নী = একো নুশুনো মই !! তোমাৰ ওচৰত ইমানবোৰ টকা আছে !! আজি যদি গাড়ী নোলোৱা,মই ভুলতো ঘৰলৈ নেযাওঁ !!
পতি = ল’ম বাৰু !! এতিয়া তুমি চাবিটো দিয়া ।
পত্নী = নিদিও।
পতি = থিক আছে। নিদিয়া যদি মই লকটোকেই ভাঙি দিম আৰু কেবলৰ কানেকচন কৰি ষ্টাৰ্ট দি দিম।
পত্নী = ভাঙি দিয়া। তথাপি মই চাবি নিদিও আৰু তোমাৰ লগতো নেযাও৷
বেচ চাবলগীয়া হৈছিল কাজিয়া খন। মানুহবোৰে বেঢ়ি বেঢ়ি চাইছিল ।#
পতি = থিক আছে। মই তলা ভাঙি ঘৰলৈ অকলেই যাম। তুমি মন গলে আহিবা , নহ’লে নাই !!
পত্নী = গৈ থাকা। মই মাৰ ঘৰলৈকে যামগৈ। তোমাৰ দৰে কনজুচ এটাৰ লগত নেথাকিলেও হ’ব !!
পতিজনে মানুহ এজনৰ সহায়ত লকটো ভাঙিলে আৰু ভিতৰৰ কিবা কে’বল দুডাল যোৰা দি বাইকখন ষ্টাৰ্ট কৰিলে।
তাৰপিছত পত্নীৰ ফালে চাই
ক’লে = তুমি আহিবা নে , মই যাওঁ !!
কেইবাগৰাকী বয়োজেষ্ঠ ব্যক্তিয়ে পত্নী গৰাকীক বুজালে = যোৱাহে ! ইমান সৰু কথাতে কাজিয়া কৰিব নাপাই অ’ !!
তাৰপিছত পত্নী গৰাকীয়ে , অতি সোনকালে বাইক বিক্ৰি কৰি গাড়ী ল’ব বুলি পতিক সৈমান কৰালে।
আৰু
বাইকত উঠি দুয়ো গুচি গ’ল ।
আধাঘণ্টাৰ পিছত ,
সেই ঠাইতেই পুনৰ এটা হুলস্থুল লাগিল।
এটা ল’ৰাই চিঞৰিবলৈ
ধৰিলে = “মোৰ বাইকখন কোনোবাই চুৰ কৰি নিলে ।””
*****