এই যে ২৪ ঘণ্টাত এটা আহ্নিক গতিৰ দিন সম্পন্ন হয়, ৭ টা দিনত এটা সপ্তাহ বা ৩০ দিনত এক মাহ! সময়ৰ এই জোখ-মাখবোৰত আমি কেতিয়াবা নিজকে এবাৰলৈ হ'লেও প্ৰশ্ন কৰিছোঁনে, যোৱা মাহটোত, যোৱা সপ্তাহত বা কালিৰ দিনটোত মই কেইবাৰ হাঁহিলোঁ! নিশ্চিতভাবে আপুনি বা মই দুখৰ, কষ্টৰ নতুবা জীৱনৰ সংঘৰ্ষৰ কথাবোৰক লৈ যিমানবাৰ নিজৰ লগত আলোচনা কৰিলোঁ বা চিন্তা কৰিলোঁ, হাঁহিব পৰা ক্ষণবোৰক লৈ খুব কমেই আত্মবিভোৰ হ'লোঁ৷ অথচ পুৱাৰ পৰা ৰাতি চকুৰ পতা জাপ খোৱালৈকে এই জীৱন যাত্ৰাৰ সংঘৰ্ষবোৰ কেৱল সুখৰ সন্ধানতে নহয় জানো! কথাখিনিৰ এইবাবেই অৱতাৰণা কৰিবলগীয়া হৈছে যে ফটাঢোল নামৰ ই-আলোচনীখনে চাওঁতে চাওঁতে পাঁচটা বছৰ অতিক্ৰম কৰিলে৷ কেৱল হাস্য ব্যংগকে মূল আধাৰ হিচাপে লৈ সাহিত্যৰ যাত্ৰা এটা বৰ্তাই ৰখা কিমান কঠিন কাম, সেয়া আলোচনী বা সম্পাদনা গোটৰ লগত জড়িত সকলতকৈ আন কোনে ভালদৰে উপলব্ধি কৰিব পাৰিব৷ সামাজিক তথা ডিজিটেল মাধ্যমত ইণ্টাৰনেটৰ ব্যাপক প্ৰসাৰৰ লগে লগে সাহিত্য চৰ্চাৰ সংখ্যাও বৃদ্ধি পালে৷ ইমানদিনে বহু লেখকৰ গুণগত মানসম্পন্ন লেখা যিবোৰ পূৰ্বে ছপা মাধ্যমত প্ৰকাশৰ ক্ষেত্ৰত বিভিন্ন কাৰকে সমস্যাৰ সৃষ্টি কৰি আহিছিল, কোনো সমস্যা নোহোৱাকৈ পাঠকৰ কাষ চাপি যোৱাৰ সুবিধা পালে৷ নতুন লেখকৰ লগতে, পাঠক সমাজৰো সৃষ্টি হ'ল৷ সুবিধা হ'ল, পাঠকৰ নিজস্ব অভিজ্ঞতাক লেখকে পোনপতীয়াকৈ উপলব্ধি কৰাৰ৷ ঠিক তেনে এক প্ৰেক্ষাপততে জন্ম হৈছিল, হাস্য ব্যংগ ফেচবুকৰ গোট 'ফটাঢোল'ৰ৷ প্ৰথমে গোট আৰু পাছলৈ একমাত্ৰ অসমীয়া হাস্য ব্যংগ ই-আলোচনী ফটাঢোলৰ৷ প্ৰশ্ন হ'ব পাৰে সামাজিক মাধ্যমত বহু গোটে পূৰ্বৰে পৰা ভিন্ন বিষয়ক লৈ সাহিত্য চৰ্চা কৰি আছে, তেনে ক্ষেত্ৰত ফটাঢোল গ্ৰুপৰ প্ৰাসংগিকতা কিমান? দুটা সৰু কাহিনীৰ অৱতাৰণা কৰিব খুজিছোঁ, এই প্ৰসংগতে৷ সঁচা কথা ক'বলৈ গ'লে হাঁহিবৰ বাবে ধৰ্ম, জাত-পাত, ধনী দুখীয়া একোৰে প্ৰয়োজন নহয়৷ নিষ্পাপ শিশুটোৰ পৰা আলৰ বৃদ্ধলৈকে নিজৰ সমল বিচাৰি পাব পৰা বিষয়ত সকলোৱে হাঁহে বা হাঁহিব পাৰে৷ এইযে আমি হাঁহোঁ, চিকিৎসক বা মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰাও শৰীৰ তথা মনৰ বাবে খুবেই উপযোগী৷ ঋণাত্মক চিন্তাৰ পৰা মুক্ত কৰাৰ আৰম্ভ কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱালৈকে হাঁহিৰ গুৰুত্ব অপৰীসীম৷
১) কেইবছৰমান আগৰ কথা৷ এগৰাকী আত্মীয়ৰ এক বিশেষ দুৰাৰোগ্য ব্যাধিৰ চিকিৎসাৰ বাবে অসমৰ এখন আগশাৰীৰ চিকিৎসালয়লৈ প্ৰায়ে যাব লগীয়া হৈছিল৷ প্ৰায়ে মুখামুখি হৈছিলোঁ চিন্তাক্লিষ্ট মুখবোৰৰ৷ কাৰোবাৰ পিতৃ, কাৰোবাৰ মাতৃ, কোনো পৰিয়ালৰ উপাৰ্জন কৰা মূল মানুহজনেই চিকিৎসা কৰি জীৱনটোৰ ম্যাদ বৃদ্ধি কৰিবলৈ আপ্ৰাণ প্ৰয়াস কৰিছে৷
এদিনৰ কথা, চিকিৎসকৰ বাবে কোঠাৰ বাহিৰত অপেক্ষা কৰি থকাৰ সময়তে চকু পৰিল এটি কণমানি শিশুৰ ওপৰত৷ অভিভাৱকৰ সৈতে আমাৰ দৰেই চিকিৎসকৰ বাবে অপেক্ষাৰত৷ কাষতে থকা চিকিৎসকৰ সহায়কাৰীজনৰ লগত কথা প্ৰসংগত গম পালোঁ, সেই শিশুটিও লিভাৰৰ এটি জটিল ৰোগত আক্ৰান্ত৷ কৰুণ দৃষ্টিৰে শিশুটিলৈ এবাৰ চাওঁতেই চকুত চকু পৰিল ডাৱৰৰ ফাকেৰে বিৰিঙি উঠা এচমকা ৰ'দৰ দৰে সি এটি মিঠা হাঁহিৰে প্ৰত্যুত্বৰ দিলে৷ ভাষা আৰু ভাববোৰ যেন ক'ৰবাত পলকতে হেৰাই গ'ল৷ যাক লৈ পিতৃ মাতৃৰ লগতে চিকিৎসকো সম্ভৱ উদ্বিগ্ন, সি (নিশ্চিতভাৱে যন্ত্ৰনা ভোগ কৰি আছিল) হাঁহিবলৈ পাহৰা নাই৷
আজি এই মুহূৰ্তত মনলৈ আহিছে, আমিও নিজৰ ভিতৰৰ শিশুটিক জীয়াই ৰাখি নিৰ্মল ভাবে হাঁহিব নোৱাৰোঁ জানো!
২) দ্বিতীয়তো কাহিনী আমেৰিকাৰ বিখ্যাত সাংবাদিক নৰ্মান কাজিনৰ৷ তেখেতৰ চিকিৎসকে প্ৰায় হাত দাঙি ঘোষণা কৰি দিলে, "খুব বেছি ছয় মাহ বাচি থাকিব, এনেকুৱা ঘটনাবোৰত পাঁচশৰ ভিতৰতে কেতিয়াবাহে এজন ৰোগী জীয়াই থকা দেখা যায়"।
এইখিনি সময়তে নৰ্মান কাজিনে চিন্তা কৰি এইটোৱেই পালে যে খং, হতাশা আৰু দুঃচিন্তাই তেখেতৰ আয়ুস কমোৱাত যথেষ্ট ভূমিকা পালন কৰিছে৷ এইবাৰ তেখেতে ধনাত্মক চিন্তাৰে এঘড়ী যুঁজ দিয়াৰ পৰিকল্পনা কৰিলে৷ তেখেতে কেটন, ফিল্ড, চাৰ্লি চেপলিন আৰু মেক্স ভাতৃদ্বয়ৰ যিমানবোৰ ব্যংগাত্মক চিনেমা আছে সকলোবোৰ আনি চাবলৈ আৰম্ভ কৰিলে৷ সমান্তৰালকৈ কমিক কিতাপো পঢ়ি গ'ল৷ তেখেতৰ বন্ধু, আত্মীয়-স্বজনক দঢ়াই দঢ়াই কোৱা আছিল, যদি বাটে-ঘাটে তথা দৈনন্দিক জীৱনত কিবা ৰসাত্মক ঘটনা চকুত পৰে বা নিজৰ লগতেই ঘটে, সেয়া অনতিপলমে নৰ্মান কাজিনৰ লগত ভগাই ল'বলৈ৷ তেখেতৰ অসুখৰ তীব্ৰতা ইমানেই বেছি আছিল যে বিষৰ প্ৰকোপত শুবলৈ পোৱাটো প্ৰায় অসম্ভৱ আছিল৷ কিন্তু দৈনিক দহ মিনিটকৈ হ'লেও হঁহাৰ অভ্যাস কৰাটো ইমানেই ফলপ্ৰসু হৈছিল যে কেইবাঘণ্টাও কোনো সমস্যা নোহোৱাকৈ তেখেত শুব পাৰিছিল৷
তেখেত ক্ৰমশঃ আৰোগ্য হৈ সম্পূৰ্ণ সুস্থ হোৱাই নহয়, বিশ বছৰৰো অধিককাল ইয়াৰ পাছত জীয়াই আছিল৷
এয়াই হাঁহিৰ উপকাৰিতা৷ আপোনাক বা মোক সুখী কৰি ৰখোৱাৰ লগতে সু-স্বাস্থ্যৰে জীৱনটো যাপন কৰিবলৈ হাঁহিৰ গুৰুত্ব অপৰিসীম৷ সেই উদ্যেশৰে এক সদা প্ৰাসংগিক অনুষ্ঠান 'ফটাঢোল' গোট আৰু আলোচনীখন৷ জীৱনটোত ঘটি থকা সৰু বৰ ঘটনাক হাস্য ৰসৰ মাজেৰে উপস্থাপন আৰু নিৰ্মল ৰসস্বাদন কৰি মানসিক প্ৰশান্তি লাভৰ এক নিৰৱচিন্ন প্ৰয়াস 'ফটাঢোল'৷
হাঁহক, হঁহুৱাওক আৰু জীৱনটো উদযাপন কৰক৷
11:03 am
Magazine খুলিয়েই সম্পাদকীয়টো উলিয়াই লৈছো৷ বহুত পজিটিভ সম্পাদকীয়৷ ভাল লাগিল৷
11:09 am
সম্পাদকীয় পঢ়িলোঁ । বৰ ভাল লাগিল পঢ়ি ।
11:17 am
বৰ ভাল লাগিল পঢ়ি সম্পাদকীয় টো।
11:36 am
ভাল লাগিল
11:28 am
ভাল লাগিল ।
11:32 am
সম্পাদকীয় গুৰুগম্ভীৰ সঁচাই চিন্তা কৰি চাবলৈ বাধ্য হ’লো৷ ফটাঢোলৰ এই যাত্ৰা অটুট থাকক, মানুহে আকৌ হাঁহক৷ বহুত ভাল লাগিল পঢ়ি৷ আলোচনীখন মোৰ এনেয়েও প্ৰিয়৷
12:07 pm
হাহিঁবোৰ এইদৰেই বিয়পি পৰক এজনৰ পৰা আনজনলৈ ।সুন্দৰ সম্পাদকীয় ।
12:25 pm
হাঁহৰ মাংসৰ দৰেই হাঁহিবোৰ কেওফালে বিয়পি পৰক, তাৰেই কামনা।
সুন্দৰ সম্পাদকীয়
12:26 pm
ৱাহ ৷ বঢ়িয়া ?
12:43 pm
বৰ সুন্দৰ কথা ক’লা। মানুহে হতাশা, খঙতকৈ হাঁহি, আনন্দৰে ধনাত্মক চিন্তাৰেহে জীৱন সুন্দৰ কৰিব পাৰে।
2:08 pm
হাঁহি সোচঁৰা ৰূপ ধাৰণ কৰক৷ সম্পাদকীয় ভাল লাগিল৷
2:34 pm
ধন্যবাদ
6:34 pm
মননশীল। বৰ ভাল পালোঁ বিজয় দা।
5:46 pm
খুব সুন্দৰ বাৰ্তা ।সঁচাকৈ হাঁহিয়েই হৈছে জীৱনৰ মহৌষধি।
10:34 pm
খুউব ভাল লাগিল, পজিটিভিটিৰ বাবে
7:19 am
আজিৰ দিনটোৰ শুভাৰম্ভ আপোনাৰ লেখাটো পঢ়ি কৰিলোঁ৷ এনেকুৱা কথাবোৰে জীৱন উদযাপন কৰিবলৈ শিকাই৷ খুব ভাল লাগিল দাদা❤️ ধন্যবাদ৷
7:32 pm
সুন্দৰ ভাবগধুৰ সম্পাদকীয়
9:04 am
হাঁহিৰ উপকাৰিতা ভাল লাগিল।সুন্দৰ সম্পাদকীয়। অভিনন্দন