পঞ্চপদী -হেমেন ডেকা
(১)
সন্মুখৰ পথত আছে সুউচ্চ থিয় গৰা!
পৰিলেই শেষ- মুক্তি ইহজগতৰ পৰা৷
ক্ষণিকৰ জিৰণি,
আশংকাৰ পোৰণি;
তথাপি চলি থাকে অবিৰাম লৰাধপৰা৷
(২)
গৃহস্থৰ চেহেৰা হৈছে যেন পেটাল খাহী!
দবনি পিটি খায় তিনি সন্ধ্যা তিনি কাঁহী৷
বিধে বিধে লাগে ব্যঞ্জন,
শ্ৰীমতীয়ে কৰে গৰ্জন;
গালি শুনি শুনি শ্ৰীমানে থাকে মাথোন হাঁহি৷
(৩)
শ্ৰীমতীৰ অন্তৰত হেনো এসাগৰ দুখ!
গিৰিয়েকৰ মাতত নাপালে একোকে সুখ৷
কথাত ৰসেই নাই,
কেৱল বলকি যায়;
শ্ৰীমানে বোলে এয়া তোমাৰ কপালৰে দোষ৷
(৪)
ওলাবই নোৱাৰি,জ্বলিছে বজাৰত জুই!
পেটত গামোচা বান্ধি থাকক আৰামত শুই৷
ৰজাৰ ভেঁকোভাওনা,
প্ৰজাও কুকুৰীকণা;
মৰা গছবোৰ অদ্যাপি আছে আকাশ চুই৷
এইকেইটা পঠিয়ালোঁ৷আপোনাৰ মন:পুত হয় নে নহয় নাজানো৷নতুন লেখা আৰু নাই৷
*****