ফটাঢোল

হাঁহ – অমিতাভ মহন্ত

এইফালে সঞ্জীৱৰ ৰূমত খানাৰ যোগাৰ তুংগত৷ সকলোকে দায়িত্ব ভগাই দিয়া হৈছে৷ কলিতা আৰু বৰুৱাই গ্ৰন্থমেলাৰ পৰা বাহিৰে বাহিৰে খানালৈ আহিব৷ বৰঠাকুৰৰ হেনো কিবা হিচাপ নিমিলিল, গতিকেই নাহিল৷ এজ এক্সপেক্টেড্! বাকী সকলো সময়মতে হাজিৰ৷

দেৱজিতৰ ভাগত পৰিছে মছলা বটাৰ দায়িত্ব৷ পোন্ধৰজনৰ মছলা, ধেমালি নহয়৷ এইফালে সাতবজাত তাই সদায় অনলাইন আহে৷ অনলাইন আহিলেই চাগে!

“তুমি অনলাইন নাথাকিলে মোৰ যে কেনেকুৱা অনুভৱ হয় তোমাক বুজাব নোৱাৰিম৷ কিবা যেন বুকুখন গধুৰ গধুৰ লাগে৷ উশাহ লওঁতে কষ্ট পাওঁ জানা৷ কিবা অস্থিৰ অস্থিৰ…”

অন্তৰা, অন্তৰা গোস্বামী! দেৱজিতৰ ক্ৰাশ্ব, ভাবী প্ৰেমিকা, ভাবী পত্নী, মাকৰ ভাবী বোৱাৰী, ভাবী জীয়ৰীৰ ভাবী মাক, ভাবী নাতিৰ ভাবী আইতাক… আৰু ক’ত যে কি৷

ঘটনাটো খুলি মেলি কোৱাই ভাল৷ অন্তৰাৰ সৈতে দেৱজিতৰ পৰিচয় ফেচবুকতেই৷ সুন্দৰী, তাতে বামুণ৷ এনেকুৱা সুন্দৰ এজনী ছোৱালীয়ে যে তাৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট গ্ৰহণ কৰিব সেয়া সপোনৰো অগোচৰ আছিল৷ কিন্তু কৰিলে৷ কৰা বাদেই, এদিন নিজে তাৰ ইনবক্সত মাতো দিলে৷

*** ভালপোৱা

পোৱা নোপোৱাৰ পৰিসীমাৰ
বাহিৰত থকাখিনিৰে
নাম ভালপোৱা!
জীৱন, তুমি সেই সংজ্ঞাটোৰ
একমাত্ৰ উপমা৷ ***

এয়া আছিল দেৱজিতৰ ফেচবুক ষ্টেটাছ৷ তলত বৰঠাকুৰৰ হিচাপী কমেণ্ট৷ “সুন্দৰ”৷ দুয়োটাতে অন্তৰাৰ লাভ ইমোজী৷

– হাই৷
– হা হাই৷
– কবিতাটো পঢ়িলোঁ৷ বৰ সুন্দৰ৷

“বৰ সুন্দৰ”! দেৱজিতৰ চকু চলচলীয়া৷ সি এক সামান্য ফেচবুকীয়া কামলা এডমিন৷ বিজয় মহন্তই কৃপা কৰি এডমিন নাপাতিলে আজি তাক কোনে চিনি পালেহেঁতেন? তাক অন্তৰাৰ দৰে ছোৱালীয়ে মেছেজ কৰিছে! আজি সি হেঁপাহ পলুৱাই কান্দিব৷ বিয়াখন চাগে এইবাৰ হ’বগৈ! হাতত ফোন, ফোনত ফেচবুক, ফেচবুকত মেছেঞ্জাৰ, মেছেঞ্জাৰত অন্তৰা! আৰু কি লাগে জীৱনত৷

কি ৰিপ্লাই দিলে ভাল হ’ব? থেংক ইউ? নাহ, এইটো কমন৷ অন্তৰাৰ মন মগজু হিলাই দিয়া কিবা লিখিব লাগিব৷ তাৰপাছত তাই গোটেই জীৱন তাৰ প্ৰেমত হাবু ডুবু খাব৷ তাইৰ পোষ্ট পঢ়ি সি বুজিছে তাই অসমখনক খুব ভাল পায়৷ ল’ৰা-ছোৱালী হ’লে সিহঁতে জাতীয় বিদ্যালয়তেই পঢ়াব৷

বহুত ভাবি চিন্তি সি ৰিপ্লাই দিলে৷

: চৰি অন্তৰা বা৷ এইটো মোৰ দাদাৰ ফোন৷ দাদা এতিয়া ঘৰত নাই৷

: অহ৷ ক’লৈ গৈছে বাৰু?

: দাদাই গধূলি আমাৰ ইয়াৰে দুখীয়া ছাত্ৰ-ছাত্ৰীবোৰক বিনামূল্যে পঢ়াবলৈ যায়৷ তাৰপাছত এটা পৰিবেশ সংৰক্ষণমূলক এন জি অ’ত কাম কৰে, বনৰীয়া জন্তুৰ সুৰক্ষাৰ বাবে৷ দৰমহাবোৰ সি এনেকৈয়ে খৰছ কৰে বুজিছেনে৷ ৰাতি দহটামানত সি ঘৰলৈ আহিব৷ আহিলে আপোনাক নিশ্চয় ৰিপ্লাই দিব৷ দাদাক নক’ব দেই মই যে তাৰ একাউণ্টৰ পৰা মেছেজ দিছোঁ৷ মই মেচেজবোৰ ডিলিট কৰি থৈছোঁ দেই৷ আপুনি আৰু ৰিপ্লাই নকৰিব দেই৷ বাই বা…

অন্তৰা বুদ্ধিমতী ছোৱালী৷ ৰিপ্লাই দিয়া নাই৷ মাত্ৰ মেছেজত “ৱাও” ৰিয়েক্ট কৰি থৈ দিছে৷ প্লেন নম্বৰ ১ সফল৷

ৰাতি দহটা বিশত দেৱজিতে আকৌ মেছেজ দিলে৷

: ধন্যবাদ৷ খুব ভাল লাগিল আপুনি পঢ়ি ভাল পোৱা বুলি জানি৷

: ইমান পলমকৈ উত্তৰ দিলে যে? ব্যস্ত?

: অলপ কাম আছিল৷

: কি কাম? ক’ব নোৱাৰি?

: নাই বিশেষ নাই৷ ক’ম বাৰু কেতিয়াবালৈ৷

মেছেজত এইবাৰ লাভ ৰিয়েক্ট৷ মা কছম! অন্তৰাই বেছ আগ্ৰহেৰে মেছেজ কৰিছে৷ কিন্তু পূৰ্বৰ ধাক্কাবোৰৰ পিছত দেৱজিত এইবাৰ সাৱধান৷ জুখি মাখি মাইকেল বেভানৰ দৰে সংযমী ইনিংছ খেলি আছে৷ দহমিনিটমান এনেকৈ মেছেজ কৰাৰ পাছত দেৱজিতে লিখিলে,

: আজিলৈ এৰিছোঁ দেই৷ মাক অলপ ৰন্ধাত সহায় কৰি দিওঁ৷ খাই মেলি উঠি আকৌ ভাইটীক পঢ়ুৱাব লাগিব৷ বৰ দুষ্ট হৈছে সি৷ দিনটো ফোন পিটিকি থাকে৷ খঙেই উঠি আহে জানেনে৷ তথাপিও নামাৰোঁ তাক, এই বয়সটো বেয়া, ডাঙৰ হৈ আহিছে যে৷ তাক ভালকৈ বুজালে সি বুজিবই৷

: আপুনি ইমান ভাল৷ ঘৰৰ বাবে ইমান ভাবে!

: এইখিনি কৰিবই লাগিব৷ পিতৃ মাতৃৰ ঋণ শোধ কৰাটো সকলোকে কৰ্তব্য৷ গুড নাইট্৷

ফেচবুক বন্ধ কৰি পাবজিত সোমালে দেৱজিতে৷ মাকে পাকঘৰৰ পৰা চিঞৰিলে,

: নিমখৰ বটলতো দেচোন৷

নুশুনাৰ ভাও ধৰিলে৷ বিৰক্ত হৈ এটা সময়ত নিজেই লৈ যাব নিমখৰ বটল৷

প্ৰায় সদায়েই চাটিং চলিবলৈ ধৰিলে৷ ঘৰৰ একমাত্ৰ সন্তান৷ গুৱাহাটীৰ গণেশগুৰিত ঘৰ৷ দেউতাক ব্যৱসায়ী, মাক প্ৰফেচাৰ৷ যোৱা মাহত এখন ক্ৰেটা কিনিছে৷ তাইক বহুতেই প্ৰপ’জ কৰিছে, কিন্তু তাইৰ ভাল নালাগে৷ তাই বিচৰাজন দেখোন বিচাৰিয়েই নাপায়৷ তাইৰ ড্ৰীম বয়৷

দেৱজিতে মনে মনে হাঁহে৷ আৰু কেইদিনমান যাবলৈ দিয়া সোণজনী৷ যদি তুমি মোক নিজে প্ৰপ’জ নকৰা তেন্তে মোৰ নাম দেৱজিত শৰ্মা নহয়৷

: কি কৰিছে?

: মুভী৷

: কোনখন?

: ফৰেষ্ট গাম্প৷

: ৱাও৷ আচ্ছা মই আপোনাক সোধাই নাই৷ আপুনি ক’ত পঢ়িছিল?

: আই আই এম, কোলকাতা৷ আপুনি ডাক্তৰ ন?

: অ মই গড্৷ আপুনি কোৱা নাই যে আগতে? কিন্তু আই আই এমত পঢ়ি ইয়াতে কি কৰি আছে? আই মীন…

: বুজিছোঁ৷ আচলতে মায়ে ইয়াত থকা বিচাৰে৷ গতিকে এ চি এছ মেইনচৰ বাবে প্ৰিপেয়াৰ কৰি আছোঁ৷ মাক কৈ দিছোঁ, ভেটী খুজিলে মই কিন্তু ইয়াত নাথাকোঁ, চিধাই ষ্টেইটচলৈ গুচি যাম৷

: আমেৰিকা? ৱাহ! কিন্তু আপুনি প্ৰফাইলত কিয় লিখা নাই আই আই এমৰ কথা…

: আচলতে মই নিবিচাৰোঁ কোনো মোৰ প্ৰফাইল দেখি প্ৰেমত নপৰক৷ মই যেনে তাৰ বাবেই মোক ভাল পালে মই সুখী হ’ম৷

: আপুনি আপোনাৰ প্ৰেমিকা কেনে হোৱা বিচাৰে?

: সৌন্দৰ্য্য মোৰ বাবে জৰুৰী নহয়৷ তাই মনেৰে ধুনীয়া হ’ব লাগে৷

: ৱাহ!

…………………………….
…………………………….
…………………………….
…………………………….
: গুড নাইট৷

আচলতে ‘আই আই এম’ নহয় ‘এ আই এম’হে৷ পিছত শ্লীপ অফ কীপেড বুলি কৈ থ’ব৷ এতিয়া কামফেৰা হ’ব লাগে৷ এই ফৰেষ্ট গাম্প, এন জি অ, ফ্ৰি টিউচন এইবোৰ ইম্প্ৰেচ কৰিবলৈহে ভাল৷ বিয়া পাতিবলৈ আই আই এম জৰুৰী৷ এবাৰ প্ৰেমত পৰিলে গছৰ তলতো থাকিব৷

দুমাহ পাৰ হৈ গ’ল৷ মুখফুটাই নক’লেও দুয়ো দুয়োৰে প্ৰেমত পৰিবলৈ বাকী নাই৷ মছলা বটি উঠি দেৱজিত চোফাখনত বহি লৈছে৷ অলপ অলপ বৰষুণ৷ ৰোমাণ্টিক পৰিবেশ৷

: দেবু৷

: কোৱা তৰা৷

: মোৰ কিবা ভাল লগা নাই৷

: কিয়?

: তুমি ইমান ভাল৷ মই তোমাক ফাঁকি দিছোঁ৷

বুকুখন ধিপিংকৈ গ’ল৷ এক্সাপায়াৰী যাবৰ হৈছে৷ এইবাৰ আকৌ কি নতুন কাণ্ড!

: কি হৈছে তৰা?

: মই… মানে মই ধনী নহয়৷

ৰক্ষা৷ ধনী নহয় যদি ভালেই৷

: একো নহয় তৰা৷ ময়ো মিছা মাতিছিলোঁ৷ মই আই আই এম নহয়৷ এ আই এম হে৷ তুমি ইমান ধুনীয়া৷ মই তোমাক হেৰুৱাব খোজা নাছিলোঁ৷

: ইটচ্ ঔকে৷ ময়ো ডাক্তৰ নহয়৷ তোমাক ভাল লাগিছিল৷ হেৰুৱাম বুলি মিছা মাতিছিলোঁ৷

: হোৱাট?

: হয় দেবু৷ ভাল পাওঁ তোমাক৷ ভয় কৰিছিলোঁ হেৰুৱাম বুলি৷

: ময়ো তোমাক হেৰুওৱাৰ ভয়ত মিছা কৈছিলোঁ তৰা৷ মই কাকো ফ্ৰিতে নপঢ়াওঁ৷ সেইদিনা মই আচলতে মাল খাবলৈহে গৈছিলোঁ৷ মোৰ ভাইটী নহয়, ময়েই তোমাক মেছেজ কৰিছিলোঁ৷

: ময়ো ধনী নহয়৷ মিডল ক্লাছ্৷

: মই মাক ঘৰৰ কামত সহায় নকৰোঁ৷

: আমাৰ গাড়ী নাই৷

: মোৰ প্ৰিয় চিনেমা বাগী-৩৷ প্ৰিয় নায়ক চলমান৷

: মোৰ নাম অন্তৰা নহয়৷ ঘৰ শান্তিপুৰত নহয়, গাঁৱত৷

: ষ্টেটাছবোৰ মোৰ নহয়৷ বেলেগৰ৷

: মোৰ মুখত শালমন আছে৷ দাঁতকেইটা সামান্য লেতেৰা!

: তথাপি তোমাক ভাল পাই পেলাইছোঁ অন্তৰা৷ আহিবা মোৰ জীৱনলৈ?

: উম!

: কিবা এটা খোজোঁ?

: উম!

: এটা চুমা দিয়ানা৷

: আস্! আজি না দেবু!

:মোক আজিয়েই লাগে তৰা৷ ভাটী দিয়া যৌৱনে নামানিছে অ’৷

: আজি মই নোৱাৰিম৷ প্লিজ ট্ৰাই টু আন্দাৰষ্টেণ্ড৷

: বাট হোৱাই?

: আজিয়েই ডাক্তৰে দাঁত উঘালিছে জানা৷ এতিয়াও এনাষ্টেছিয়াৰ এফেক্ট যোৱাই নাই৷ ৰিণ্টুদাক কৈছোঁ বিচাৰি বিচাৰি হাঁহৰ কোমল পিচ দিবলৈ!

পুলিবৰৰ পৰা চিনামৰালৈ৷ বিজয় মহন্ত কেৱল দৌৰিছে৷ পাছে পাছে দুই মিটাৰ দূৰত্বত নগা দাখন লৈ সৌৱা দেৱজিত শৰ্মা৷

*****

5 Comments

  • হাঁ হাঁ৷ মজা৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    হাঃ হাঃ !

    Reply
    • কৰবী দেৱী

      হাঃ হাঃ, এনেকুৱা বিলাই হ’লগৈ শেষত ?

      Reply
  • পূৰ্ণময়ী

    কৃষ্ণ ??

    Reply
  • বন্দিতা জৈন

    ??, বিশুদ্ধতা নোহোৱা একাউণ্ট বোৰৰ বাবে এনে হ’ল।বেচেৰা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *