ফটাঢোল

ডলী ক্ৰিয়েশ্যনৰ চৌবিশতম নিবেদন :জিমি দ্যা ৰোমিঅ’-ডলী তালুকদাৰ

কাহিনী, চিত্ৰনাট্য, পৰিচালনা, সংলাপ, নৃত্য, সংগীত ডলী তালুকদাৰ।

প্ৰযোজনা: বিজয় মহন্ত

একচন: বিজয় মহন্ত

মুৱা: বিজয় মহন্ত

ছবিৰ বেনাৰ: যোগেশ ভট্টাচাৰ্য, চন্দন বৰী

অভিনয়ত:

বিজয় মহন্ত, অভিজিত গোস্বামী, জয়ন্ত দাস, দেৱজিত শৰ্মা, হেমন্ত কাকতি, চৈয়দা ফৰিজা আৰ্ফিন, আৰাধনা বৰুৱা, ৰিমঝিম বৰঠাকুৰ।

নৱাগতা বিভা গোস্বামী।

হেমন্ত কাকতি: স্থানীয় নেতা (হাজৰিকা)

চৈয়দা ফৰিজা: মাইনী (হাজৰিকাৰ পত্নী তথা ফুড ব্লগাৰ)

জয়ন্ত দাস: মৃণাল হালৈ

নীলাক্ষি কাকতি: বীণা (হালৈ পত্নী)

বিভা গোস্বামী: মমী ( হালৈৰ জীয়েক)

অভিজিত গোস্বামী: বিকি 

বিজয় মহন্ত: জিমি

দেৱজিত শৰ্মা: সোন

আৰাধনা বৰুৱা: ( হাজৰিকাৰ জীয়ৰী  জুলী)

ৰিমঝিম বৰঠাকুৰ: ( হাজৰিকাৰ জীয়েক ৰুলী)

বিশেষ ভূমিকাত (অতিথি শিল্পী)

কাবেৰী মহন্ত: মল্লিকা ( মাইনীৰ বান্ধবী)

তবিবৰ ৰহমান: নগেন( হাজৰিকাৰ ৰান্ধনী)

পদ্মলোচন ভৰদ্বাজ: বব ( চিকিউৰিটি ইনচাৰ্জ)

 


১ম দৃশ্য

 

স্থানীয় নেতা হাজৰিকাৰ ঘৰ দেখুৱাব প্ৰথমতে। প্ৰকাণ্ড বাংলোৰ সমুখত ফুলনি এখন আৰু সেউজীয়া লন। বিভিন্ন ৰঙৰ ফুল ফুলি থাকিব। কেমেৰাই লাহে লাহে  গেটলৈ ঘূৰিব। চাৰিজন চিকিউৰিটি তাত থাকিব বন্দুক লৈ। পুণৰ কেমেৰা বাংলোৰ ভিতৰলৈ নিব। এটা ডাঙৰ নোমাল কুকুৰে দৌৰি যাব চিৰিৰে বগায়। দৰ্জা এখন আধা খোল খাই যাব। দুজনী ছোৱালী শুই থাকিব প্ৰকাণ্ড বিছনাত। কুকুৰটোৱে ভুকি দিব কাষত গৈ। এজনী ছোৱালী সাৰ পাব ( আৰাধনা বৰুৱা, চৰিত্ৰ জুলী) আৰু দুচকু মেলি হাঁহি মাৰি কুকুৰটোক সাৱতি ল’ব।

ক্ল’জআপত দেখুৱাব ইজনী ছোৱালীক। হাজৰিকাৰ যঁমজ কন্যা জুলী আৰু ৰুলী।

জুলী: গুড মৰ্ণিং মাই দিয়েৰ টমী। 

টমী: ভুক ..ভুক….ভুক..

জুলী: উঠিছোঁ, বাবা উঠিছোঁ।

জুলীয়ে কাষত শুই থকা ছোৱালীজনীক মাতিব।

“ৰুলী উঠা। আঠ বাজিল। কলেজ নোযোৱা?”

ছোৱালীজনীয়ে গাৰু এটা কাণত হেঁচি দিয়ে। জুলীয়ে গাৰুটো আঁতৰাই দিয়ে। টমীয়ে বিছনাত উঠি চেলেকি দিয়ে তাইৰ গালখন। ছোৱালীজনীয়ে হাঁহি মাৰি টমিক সাৱতি লৈ চুমা খায়। ক্ল’জআপত দেখুৱাব তাইক( ৰিমঝিম বৰঠাকুৰ)।

জুলী নামে বিছনাৰ পৰা আৰু ৱাচৰূমলৈ গৈ ফ্ৰেচ হৈ আহে। ৰূমত আহি কলিং বেল বজাই দিয়ে। লগে লগে এজন ল’ৰা আহে ( তবিবৰ ৰহমান)।

“য়েচ মেডাম।”– ল’ৰাজনে কয়।

জুলী: নগেন, মোৰ ব্ৰেকফাষ্ট ৰেডি কৰা। মই পাঁচ মিনিটত আহি আছোঁ।

ৰুলী: মোৰো কৰা।

নগেন: ঔকে মেডাম। কি কি বনাম কওক।

জুলী:  ফ্ৰেঞ্চ টোষ্ট, অমলেট, ফ্ৰেচ জুচ। এণ্ড ফ্ৰেচ ফ্ৰুট টিফিনত দিবা আৰু ৱাৰ্ম ৱাটাৰ বটলত ৰেডি কৰিবা। যোৱা সোনকালে কৰা। মোৰ দেৰী হ’ব।

নগেনে ৰুলীৰ ফালে চায়।

ৰুলী: মোৰো একেই। জানাই আমাৰ পচন্দ একেই। পৃথিৱীলৈও আমি একেলগেই আহিছোঁ।

নগেনে হ’ব বুলি কৈ যাবলৈ ওলাওঁতে   জুলী আৰু ৰুলীয়ে কোৱা শুনে..

“আজি ইমান সোনকালে সাৰ পালোঁ টমীৰ বাবে”

“আঠ বজাত উঠি সোনকালে হ’ল। কি এলেহুৱা ছোৱালী অ,'”

নগেনে তলত চিকিউৰিটি ইনচাৰ্জ “বব”ক( পদ্মলোচন ভৰদ্বাজ)  লগ পায়।

বব: কি হ’ল? কোন এলেহুৱা?

নগেন: সৰু মালিকনী দুজনী আকৌ। সোনকালে উঠিলে বোলে আঠ বজাত।

বব: মনে মনে থাক। ডাঙৰ মেডাম আহিছে। ডাঙৰ মানুহৰ আঠ বজাতহে ৰাতিপুৱায়।

নগেন: হয় দিয়া।

চিৰিৰে নামি আহে এজনী ধুনীয়া মহিলা। পিন্ধনত পাটৰ কাপোৰ আৰু ডিঙিত সোণৰ নেকলেচ। খোপাত গোলাপ ফুল।

এওঁ মাইনী হাজৰিকা ( চৈয়দা ফৰিজা আৰ্ফিন)। হাজৰিকাৰ পত্নী।

তেওঁ কাষলৈ অহাত ববে সাৱধান প’জেৰে থিয় হৈ “গুডমৰ্ণিং মেম” বুলি কয়।

নগেনে চালাম কৰে।

মাইনী: ব্ৰেকফাষ্ট বনালা মোৰ? আৰু বেবীৰ কাৰণে? চাৰে কি খাব? চাৰ আহিলনে জগিঙৰ পৰা?

নগেন: চাৰে বোলে  ভাত আৰু আলু পিটিকাহে খাব আজি। কালি মিটিঙত গৈছিল যে স্কুলৰ! তাত বোলে বহুত জ্বলা দিয়া মাংস খাইছিল। পেটটো ভুৰ -ভুৰ- ভাৰ- ভাৰ কৰি আছে। জগিং কৰা নাই চাৰে। কোনোবা আহিছে সমষ্টিৰ পৰা। অফিচ ৰূমত কথা পাতি আছে।

মাইনী: ইমান কৈছোঁ এই মিটিংবোৰত গ’লে বেছিকৈ নাখাবলৈ। নামমাত্ৰ মুখত দিলেই হ’ল। কিন্তু ক’ত শুনিব কথা?

মাইনী বহে আৰু জুলী ৰুলীও  আহি ডাইনিঙত বহে। মাইনীয়ে ঢাকি থোৱা বাটিৰ পৰা প্লেটত সিজোৱা বীণ চাৰি টুকুৰা, গাজৰ চাৰি টুকুৰা আৰু ব্ৰকলী দুইপিচ লয়। তাতে অলপ জালুক  গুড়ি আৰু অলিভ অইল চটিয়াই লয়। ৰুলীয়ে  টোষ্ট এখন, আপেল এটুকুৰা আৰু জুচ গিলাচ খায়। জুলীয়ে আপেল এপিচ, জুচ এগিলাছ খায়।

জুলী: মাম্মী, মই যাওঁ। চিকিউৰিটি মোৰ কাৰণে গাড়ী ৰেডি কৰিবলৈ কোৱা।

ৰুলী: ময়ো  যাওঁ। মোৰ ফ্ৰেণ্ডে মোক পিক কৰিব। বাই…

মাইনী: বব,মোক মাৰ্চিদিজখনৰ চাবি আনি দিয়া নগেন। মোৰ এটা শ্বো আছে। আজি মই নিজে চলাম। ড্ৰাইভাৰ নালাগে।

বব: ওকে মেম।

এনেতে  হাজৰিকা সোমাই আহে। আৰু মাইনীৰ মুখামুখি হয়।

হাজৰিকা: ক’ত যোৱা?

মাইনী: মোৰ কুকিং শ্বো এটা আছে। এজন ডাঙৰ অতিথি আহিব আমাৰ শ্ব’ত শিকাবলৈ। তুমি আজি কোনো মিটিং নাৰাখিবা। ৰেষ্ট কৰা। পেট বেয়া বুলি শুনিলোঁ।

হাজৰিকা: মিটিং কেঞ্চেল কৰিব নোৱাৰোঁ মই। পুৱা ভেদাইলতাৰ ৰস খাইছিলোঁ ভাল পাইছোঁ। নগেন এতিয়াও অলপ দিবি ৰস পিচি।

মাইনী: হেৰি নহয় নগেন? ভেদাইলতা পিচি ৰস উলিওৱা ৰেচিপিটো মোক দিবিছোন? নেক্সট শ্বোত শিকাম।

নগেন: মোকো নিবনে শ্বোত?

মাইনী: তোক কেলেই নিম? মই শিকাম আকৌ।

মাইনীয়ে বাহিৰলৈ গপগপাই যায় আৰু গাড়ীত বহে।

হাজৰিকা: মই গা ধুবলৈ যাওঁ। তই ভাত বাঢ় আৰু বাইদেউক সোনকালে ৰেচিপীটো দিবি ভেদাইলতাৰ ৰস উলিওৱা।

হাজৰিকা যোৱাৰ ফালে নগেনে মুখমেলি চাই থাকে।

বব: ভেদাইলতাৰ ৰসৰ ৰেচিপীটো মোকো দিবাছোন? তুমি কিবা বেলেগ কায়দাত ৰস উলিওৱা নেকি?

নগেন: অঁ। মই কুঁহিয়াৰ পেৰা মেচিনত ৰস উলিয়াও।

ববে হাঁহে।

 

 ২য় দৃশ্য

 

হোটেল “Food Mafia” ৰ পাৰ্কিং এৰিয়াত ৰঙা হুণ্ডাই কাৰ এখন সোমাব। গাড়ীখনৰ ভিতৰৰ পৰা দুজন ল’ৰা নামিব। এজন হৃষ্ট পুষ্ট চেহেৰাৰ আৰু আনজন অলপ পেটুৱা। দুয়োৰে গাত দামী পোচাক, চকুত চানগ্লাছ। হৃষ্ট পুষ্ট চেহেৰাৰ ল’ৰাজনে গাড়ীৰ চাবিৰ ৰিংটো পকাই পকাই গৈ থাকিব লিফ্টৰ ফালে। পিছে পিছে পেটুৱা ল’ৰাজনে মোবাইল টিপি টিপি গৈ থাকে।

লিফ্টৰ ওচৰ পোৱাত মাত দিব ল’ৰাজনে চিঞৰে…

“আৰে জিমি নাহ কিয় বে? কিমান মোবাইলত লাগি থাক?” 

(কেমেৰাই ল’ৰাজনৰ চেহেৰা দেখুৱাব। অভিজিত গোস্বামী)

 “গৈছো ৰহ বিকি”  বুলি কৈ লগে লগে জিমি দৌৰি আহিব ( বিজয় মহন্ত)।

জিমি: অঁ অঁ…যিয়ে লিখা নিদিয়ে আমাৰ বিহুৰ আলোচনীত সেইজনৰে ফটো এডিত কৰি দিবি। যেনে সেই যে আমাৰ ইঞ্জিনীয়াৰ ৰিণ্টু দত্তৰ জীয়েকজনী বাৰ্বী নামৰ তাইক বয়ফ্ৰেণ্ডৰ লগত বহি হোটেলত চাহ খাই থকা ফটোখন দিম  বুলি ক’বি। ক্লাচ নকৰি পিৰিতি কৰি থকা মজা বাপেকে দিব ভালকৈ। আৰু তাইৰ লগৰ অনামিকা, জয়শ্ৰী সিহঁতো থাকিব।আলোচনীৰ বেটুপাতত সিহঁতৰে ফটো দিম বুলি ক’বি। চাবি লিখা যদি জমা নিদিয়ে ভয়তে।

বিকিয়ে মুখমেলি চাই থাকে। জিমি আহি লিফ্টেতেৰে ওপৰৰ ৰেষ্টোৰালৈ যায়।

বিকি: কি কৈ আছ তই? কাৰ ফটো দিবি বেটুপাতত? 

জিমি: আৰে, বিহুলৈ এটা মাহ আছে। এতিয়ালৈ কোনেও লিখা দিয়া নাই ভালকৈ। মোক কি কৰিবলৈ সম্পাদক পাতিছিলি অ’ তহঁতে। 

বিকি: হাঃ…হাঃ… সেইবুলি তই ফটো দিবি নেকি লেখাৰ জাগাত? আহিব আহিব লিখা। চিন্তা নকৰিবিচোন।

জিমি: চিন্তা নকৰিম নেকি? আৰু সেই দত্তৰ জীয়েকজনী তাই বেছি সমৰ্থন কৰিছিল মিটিঙত। মইহে সম্পাদক হোৱাৰ যোগ্য বোলে। লগৰ কেইজনীও কম নহয়। গতিকে লিখা নিদিলে বয়ফ্ৰেণ্ডৰ কথা বাপেকক লগাই দিম বুলি ধমকি দিছোঁ।আৰু ফেচবুকৰ পুৰণি ফটোবোৰ খাণ্ডি কমেণ্ট কৰিম লগতে আলোচনীত দিম কৈছোঁ।

বিকি: মানুহ মাৰিবি দেই। পুলিচৰো কোব খাবি তই। লগতে মোকো কোব খুৱাবি তোৰ লগত থাকোঁতে।

এনেতে ফোন বাজে জিমিৰ।

জিমি: হেল্ল’…কি…লিখা জমা দিব কাইলৈ? সঁচানে? অঁ, যদি লিখা জমা দিয়া, নকৰোঁ সেইবোৰ। এনেও ধুনীয়া ছোৱালীৰ মনত দুখ নিদিওঁ মই। কি…মন্ত্ৰী চাৰৰ জীয়েকে কবিতা লিখে। মাতিছে মোক?  মই যাম আনিবলৈ। বাই…থেংকিউ।

ফোনটো থৈ জিমিয়ে কঁপিবলৈ ধৰে।

বিকি: কি হ’ল দোস্ত? ইমান কঁপিছ যে?

জিমি: কাম হৈ গ’ল? বাৰ্বী, অনামিকা, জয়শ্ৰী সকলোৱে লিখা জমা দিব কাইলৈ। আৰু…আৰু…

বিকি: আৰু…কি?

জিমি: মন্ত্ৰীৰ জীয়েকেও দিব। তাই বোলে কবিতা লিখে। 

বিকি: কোনজনীয়ে দিব? তেওঁৰ দুজনী জীয়েক। জুলী আৰু ৰুলী।

জিমি: এজনীয়ে কবিতা লিখি দিলেই হ’ল! মাতিছে মোক। তয়ো যাব লাগিব মোৰ লগত ভাই। দেখিলি মোৰ আইডিয়াই কাম দিলে। 

জিমি: আজি মোৰ ফালৰ পৰা ট্ৰিট। কি খাবি ক? 

জিমি আৰু বিকিয়ে অৰ্দাৰ দিয়ে খানাৰ। কেমেৰাই ৰেষ্টোৰাখনৰ চাৰিওফালে ঘূৰাই শেষত দৰ্জাৰ কাষত থকা একুৰিয়ামটো দেখুৱাব।

 

 ৩য় দৃশ্য

 

দুমহলীয়া ঘৰ এটা দেখুওৱা হয়। সমুখত দুখন গাড়ী থাকে। ডাঙৰ লোহাৰ গেটখন খুলি ৰঙা গাড়ী এখন সোমাই আহে। গাড়ীৰ পৰা বিকি আৰু জিমি নামি আহে। দুয়ো তলৰ মহলাত থকা ঘৰটোৰ পাৰ্ট এটাত বেল বজায়। দৰ্জা খুলি দেখাত সৰু যেন লগা ক্ষীণ-মিণ হাফপেন্ট পিন্ধা ল’ৰা এটা আহে। ( দেৱজিত শৰ্মা)।

জিমি: হাই সোণ।

সোণ: তহঁত দুয়ো! ইমান পুৱাতে আহিলি যে? 

জিমি: চাহ খালিনে?

বিকি: ব্ৰেকফাষ্ট খালিনে?

সোণ: আজি মোৰ অফিচ বন্ধ। শুই উঠিছোঁহে মাত্ৰ।

জিমি: হেইয়া! মই তোক কোৱা নাছিলোঁনে? সোণে একো খোৱা নাই বুলি। ( জিমিয়ে হি কৈ গোটেই দাঁত উলিয়াই হাঁহে)

সোণৰ খং উঠা দেখা যাব কিন্তু মুখত সেমেকা হাঁহি মাৰি দুয়োকে ভিতৰলৈ মাতে।

বিকিয়ে খিৰিকীৰে বাহিৰলৈ একেথৰে চাই থাকে। জিমিয়ে গৈ কুটকুটায় দিয়ে পিছফালে। বিকি জাঁপ মাৰি উঠে।

বিকি: কি  কৰ অ’! যেতিয়াই তেতিয়াই ধেমালি কৰ যে?

জিমি: তই বাহিৰলৈ যে একেধ্যানে চাই আছ সেইবাবে ভাবিলোঁ উশাহ ঘূৰাব পৰা নাই নেকি? ভাকুটকুটাই দিলে বোলে উশাহ ঘূৰি আহে।

সোণ: ঐ আহ চাহ খাহি। দুয়ো চুপতি মাৰি থাকিব নালাগে।

বিকি: হেৰি অ’ সোণ! তহঁতৰ মালিকৰ জীয়েকজনীয়ে আজি লনত খোজ কাঢ়া নাই নেকি? আই মিন জগিং।

সোণ: তোক কিয় লাগে? চুপচাপ চাহ খা।

জিমি: সুদা কাটা বিস্কুট দিলি যে? মই আকৌ তই ৰুটি বনাবি বুলিহে ভাবিছিলোঁ! ঘৰতো নাখালোঁ একো।

সোণ: মই অকলশৰে থকা ল’ৰাজনে কি ৰুটি বনাম? তহঁতে ঘৰত থকা কেইজনে মোক মাতি খুৱাবহে লাগে।

বিকি: ঐ বাদ দে এইবোৰ। সোণ তই সাউতকৈ গা ধুই ৰেডি হ। আমি এঠাইলৈ যাব লাগে। 

সোণ: ক’লৈ যাব লাগে? 

জিমি: আসাআ …..তই আগতে সাজু হ। গম পাবি নহয় গ’লে। এনেকুৱা ঠাইত নিম পুৰা ডিঙিলৈ অহাকে খুৱাব চাই থাক।

সোণে গা ধুবলৈ বাথৰূমত সোমায়। বিকি, জিমি বহি থাকে আৰু কাষতে টেবুলত থকা চিনেমাৰ আলোচনী এখনৰ পাত লুটিয়াই থাকে। হঠাতে ওপৰৰ পৰা ধামকৈ কিবা পৰাৰ শব্দত দুয়ো চক খায়।

ওপৰৰ পৰা এগৰাকী মহিলাৰ মাত শুনা যায়। 

“অ’ পেট বেয়া লাগি অফিচ নোযোৱাটো বাহানাহে! আচল কথা বেলেগ। লাজ নালাগে আপোনাৰ একমাত্ৰ ঘৈণীজনীক মিছা ক’বলৈ। খেল চোৱাৰহে বাহানা এইবোৰ”।

আকৌ ধামকে শব্দ হয়।

সোণ ওলাই আহে ৰেডি হৈ। বিকি আৰু জিমিয়ে তাৰ ফালে চায়। সোণে হাঁহে।

সোণ: মালিকে আজি আকৌ চুটি লৈছে অফিচৰ পৰা। আজি ক্ৰিকেট আছে যে। মালিকনীয়ে দিনটো টিভি চাব নাপাব আজি। ধামকৈ যে শব্দ শুনিছ? সেয়া বগৰাই দিছে চকীৰ পৰা খুৰাক খুৰীয়ে।

বিকি আৰু জিমিয়ে হাঁহে। তিনিও ওলাই আহে। বিকি আগতে আহে। বাৰাণ্ডাৰ পৰা নামিব খোজোতেই বিকিৰ  ছোৱালী এজনীৰ লগত মুখামুখি হয়। কোনোমতে খুন্দা লগাৰ পৰা ৰক্ষা পৰে। এই চৰিত্ৰটো কৰিব বিভা গোস্বামী।

বিকি: আই এম চৰী। দেখা নাছিলোঁ মই।

“ইটচ অকে”  বুলি ছোৱালীজনীয়ে কয় আৰু ওপৰলৈ উঠি যায়। বিকিয়ে চাই থাকে তাইৰ ফালে। ছোৱালীজনীয়ে দুটা চিৰি বগাই পিছলৈ চায় আৰু বিকিৰ চকুৱে চকুৱে পৰে।

সোণে আহি মাত লগায় “মমী কি খবৰ”। তাই ভাল বুলি  ওপৰলৈ উঠি যায়।

সোণ: বিকি, ভৰিত শিপা গজিল নেকি? মাক নামি অহাৰ আগতে ব’ল। মোৰ কোব খাব মন নাই।

গাড়ীখন ওলাই যাব বাহিৰলৈ  তিনিও।

 

৪ৰ্থ দৃশ্য

 

হাজৰিকাৰ ঘৰত শ্বুটিং চলি থাকিব। কেমেৰাৰ সমুখত তেওঁৰ পত্নীয়ে ভেদাইলতাৰ ৰস বনোৱাৰ ৰেচিপী শিকাই থাকিব। তেওঁৰ বৰ জী ৰুলীয়ে ( ৰিমঝিম বৰঠাকুৰ) পৰিচালনা কৰে। একশ্যন কোৱাৰ লগে লগে তেওঁ ডায়লগ ক’ব।

সমুখত বহি তেওঁৰ সৰু জীয়ে শ্বুটিং টমিক কোলাত লৈ চাই থাকিব।

মাইনী: হেল্ল’ ভিউৱাৰ্চ! আই এম বেক। ইয়’ৰ হোষ্ট এণ্ড দোস্ত মাইনী। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা সহজ ৰেচিপীৰ লগতে পেটৰ অসুখ হ’লে কৰা ঘৰুৱা উপায়। সেয়া হ’ল ভেদাইলতাৰ ৰস।

কাট…কাট…বুলি ৰুলীয়ে কয়।

ৰুলী: মাম্মী! Are you sure?  তুমি সঁচাকৈ এইটো শিকাবা আজি?

মাইনী: য়া..বেবী! একদম চিম্পল হয়। মোৰ টাইমো বাচিব। মোৰ অলপ শ্বপিঙলৈ যাব লগা আছে বাবে এইটোকে ঠিক কৰিলোঁ।

ৰুলী: ঔখে! মোৰ কোনো প্ৰবলেম নাই যদি তোমাৰ প্ৰবলেম নাই। নাউ ষ্টাৰ্ট…..একশ্যন।

জুলী: মাম্মী….ৰুলী জল্দি কৰানা? মোৰ কাম আছে। তোমালোকৰ কাম চাই থাকোঁতে মোৰ দেৰী হ’ব।

মাইনী: আমি আৰম্ভ কৰোঁ। হেই গাইজ, মই মাইনীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আনিছোঁ এটা মজেদাৰ ৰেচিপী। আৰু মই আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী অতিথি জনপ্ৰিয় চুপাৰ মডেল ” মল্লিকা”ক।

লগে লগে মল্লিকা নামৰ সুন্দৰী মডেল গৰাকী আহিব নমস্কাৰ দি। (কাবেৰী মহন্ত)

মল্লিকা: নমস্কাৰ দৰ্শক। হাই মাইনী কি খবৰ? তোমাক বহুত ধুনীয়া লাগিছে দেই।

মাইনী: তোমাকো বহুত বিউতিফুল লাগিছে। একদম মল্লিকা শ্বেৰাৱটৰ দৰে।

মল্লিকা: ইচ…..কি যে কোৱা নহয়? তোমাক যে দুজনী কলেজত পঢ়া ছোৱালীৰ মাক যেন একেবাৰে নালাগে দেই। চিক্ৰেটটো কি?

মাইনী: সেই চিক্ৰেটটো ক’বলৈয়ে আজি তোমাক মাতিছোঁ। লগতে দৰ্শকেও জানিব।

মল্লিকা: মই বহুত এক্সাইটেদ হৈ আছোঁ। সোনকালে কোৱানা?

মাইনী: বাৰু আমি আৰম্ভ কৰোঁ দেই। মল্লিকা স্বাগতম মোৰ শ্ব’লৈ।

মাইনীয়ে শ্বটটো দি বহি যায়।

জুলীয়ে আহি মাকৰ মেকআপ ঠিক কৰে। 

আকৌ মাইনী যায় শ্বট দিবলৈ। লগতে মল্লিকা।

কিছু আঁতৰত নগেনে থিয় হৈ থাকে।

মাইনী: প্ৰথমতে আপোনালোকে ভেদাইলতা পাত কেইখিলা মান চিঙি আনিব। মোৰ সহকাৰী চেফে পাতখিনি ইতিমধ্যে আনিছে।

নগেন পাত কেইখিলা লৈ আহা।

নগেনে পাত থকা সৰু খৰাহীটো দেখুৱাব। ৰুলীয়ে ক্ল’জআপত পাতবোৰ দেখুৱাব।

মল্লিকাইও পাতবোৰ লাৰিব।

মাইনী: তাৰ পিছত ধুব লাগিব ভালকৈ। ধুলি বালি থাকিব পাৰে। চাফ চিকুণতা মেইনতো। 

মল্লিকা: ৰাইট। আমি সকলো খোৱা বস্তু ধুইহে খাব লাগে। বাৰু তাৰপিছত মাইনী?

(নগেন ধুই দিয়ে আৰু কেমেৰাত কেৱল পাতবোৰ ধোৱাহে দেখুৱাব। মাইনীয়ে হাত দুখন তিয়াই ল’ব আৰু খৰাহীটো নগেনৰ হাতৰ পৰা আনি কেমেৰাৰ সমুখত কেৰাহীলৈ থিয় হ’ব আৰু হাতখন মচিব। মিক্সিটোৰ কাষলৈ যাব আৰু পাতবোৰ মিক্সিত ভৰাব। আৰু নগেনক পিচিব দিব। ভেদাইলতাৰ গোন্ধ বিয়পিব আৰু আৰু জুলীয়ে নাকত সোপা দিব। ৰুলীয়েও নাক কোঁচাই শ্বুটিং কৰিব। মাইনীয়ে নাকত সোপা দি ৰুলীক কেমেৰা বন্ধ কৰিবলৈ ক’ব। লগতে মল্লিকাই ৰুমাল নাকত দিব। 

(নগেনে হাঁহে)

ৰুলী: কি হ’ল মাম্মী( খঙেৰে)। কিয় বাৰে বাৰে ষ্টপ কৰি আছা? এডিট কৰি থাকিব নোৱাৰোঁ পিছত মই ইমান।

জুলী: ইউ, ইমান বেয়া গোন্ধাইছে। মাম্মী তুমি এইটো ৰেচিপীহে পালানে? মোৰ টমীও পলাল মোৰ কোলাৰ পৰা। ইচ… ( নাকত সোপা দিয়ে)।

মাইনী: মই গম নাপাওঁ ন ইমান গোন্ধায় বুলি। নগেনেহে পিচে এইবোৰ। আৰু তোমালোকৰ পাপাই যে কেনেকৈ খায় এইবোৰ। ৰুলী বেবী লাষ্ট পাৰ্টটো ফিনিশ্ব কৰোঁ আহা। উফ…মোৰ যে উশাহ বন্ধ হ’ব আৰু।

মল্লিকা: মাইনী, সোনকালে কৰানা? মোৰ শ্বুটিং আছে বেলেগ।

ৰুলীয়ে পুণৰ কেমেৰা অন কৰে।

নগেনে বাতিত ৰসখিনি উলিয়াই দিয়ে। 

মাইনী: দৰ্শক সকল চাওঁক আমাৰ ভেদাইলতাৰ ৰস তৈয়াৰ হৈ গ’ল। এতিয়া ইয়াত সামান্য নিমখ দি পেটৰ অসুখ হ’লে খালী পেটত যদি কেইচামুচমান খাই দিয়ে, তেন্তে আৰাম পোৱা যায়।

মল্লিকা: উম…ৰংটো ভাল হৈছে।

মল্লিকাই দুচামুচ খাই দেখুৱাই ৰস। আৰু থামচ আপ দিয়ে।

নগেন: আৰু মাগুৰ মাছ, শিঙি মাছেৰেও বনাই খাব পাৰি। শৰীৰৰ বাবে উপকাৰী আদি কওক।

ৰুলী: কাট….কাট…নগেন তুমি কিয় মাতিছা মাজত।

নগেন: নহয়, মই মেডামক কৈছোঁহে। অকল ৰস নাখায়টো। মানুহে পিছত লাজ দিব কমেণ্টত। মেডামে কমেণ্ট নপঢ়ে বাবে গম নাপায়।

জুলী: তুমি ইমান ক’ব নালাগে। মাম্মীয়ে হেণ্ডেল কৰিব সেইটো। মাম্মী ষ্টাৰ্ট কৰা। আৰু কমেন্ট কোনে পঢ়িব বাৰু। হুহ…

( আকৌ শ্বুটিং হয়)

মাইনী: দৰ্শক আপোনালোকে মাগুৰ মাছ, শিঙি মাছ বা আলুৰেও জোল বনাই খাব পাৰে। ছালৰ বাবেও উপকাৰী। 

মল্লিকা: মোৰ ঘৰত প্ৰায়ে এনেদৰে থলুৱা খাদ্য ৰন্ধা হয়। 

(মল্লিকাই ওপৰতে কোৱা বাবে মাইনীয়ে মুখখন বেঁকা কৰি দিয়ে)

মাইনী: আজিলৈ আহোঁ। অহা খণ্ডত মই মাছেৰে ভেদাইলতাৰ জোল বনোৱা দেখুৱাম মোৰ আইতাই ৰন্ধা পদ্ধতিত। বাই….বাই…।

শ্বুটিং শেষ হয়। মাইনীয়ে চোফাত বহে। মল্লিকাই কফি একাপ খাই যায়গৈ।

এনেতে হাজৰিকা আহে সোমায়। পিছে পিছে বব আহে।

দুয়ো চাৰিওফালে এবাৰ চাই নাকেৰে কিবা অনুমান কৰে। হাজৰিকাক নগেনে পানী এগিলাচ দিয়ে।

হাজৰিকা: মল্লিকা যেন লাগিল বাহিৰত ওলাই যোৱা গাড়ীখনত?

মাইনী: উম! তাই আহিছিল মোৰ কুকিং শ্ব’ত।

হাজৰিকা: মোক লগ নকৰাকৈ যাবলৈ দিলা যে? অলপ বহাব লাগিছিল।

মাইনী: এহ যাবলৈ দিলোঁ। বৰ বেছি দেখুৱায়। শ্বুটিং আছে বোলে? আৰু আপোনাৰ কি কাম আছে তাইৰ লগত? মোৰ ফ্ৰেণ্ডক বেছি পাত্তা দিব নালাগে।

হাজৰিকা: ভেদাইলতাৰ গোন্ধ পাইছোঁ দেখোন? যদি পিচিছা ভালেই হ’ল। সমষ্টিৰ মানুহ এজনে শিঙি আৰু কাৱৈ মাছ দি গৈছে। শিঙি মাছৰ জোল বনাব দিবা নগেনক আজি দুপৰীয়া।

জুলী আৰু ৰুলী: আমি নাখাওঁ দেই। আমাৰ বাবে চিকেন বনাবা।


মাইনী: নগেন বেবীহঁতৰ বাবে চিকেন মচালা আৰু পোলাও বনাবি। মোৰ বাবে চিকেন চ্যুপ আৰু ৰুটি এখন। আৰু চাৰৰ বাবে তেওঁ কোৱাটো বনাবি। কেৱল বনাওঁতে ভিডিঅ কৰি থ’বি। পিছত মই বেকগ্ৰাউণ্ডত ভইচটো দিম। ববে ৰেকৰ্ডিং কৰিব আৰু তই ৰান্ধি যাবি। 

নগেন: হ’ব মেডাম।

এনেতে বাহিৰৰ পৰা বব আহে।

বব:  চাৰ ল’ৰা তিনিজন আহিছে। কিবা জৰুৰী কথা আছে বোলে? বাহিৰতে বহিবলৈ দিছোঁ।

হাজৰিকা:  উফ….ঘৰত আহি জিৰাবও নাপাওঁ দুই মিনিট। ডনেশ্যন  নিবলৈ আহিছে চাগে? খেদিবও নোৱাৰোঁ ভোটৰ কথা আছে।

বব: চাৰ, আপোনাক নহয় জুলী মেডামকহে বিচাৰিছে।

মাইনী, জুলী আৰু ৰুলীয়ে মুখলৈ চাই ইজনীয়ে সিজনীক।

হাজৰিকা: কি? সিহঁতে মোৰ বিৰুদ্ধে জুলীক থিয় কৰাব বিচাৰিছে নেকি নিৰ্বাচনত? জুলী মা তই কি তলে তলে মোৰ বিৰোধী দলত যোগদান কৰিছ নেকি?

জুলী: কি যে কোৱা পাপা? চাগৈ মই মাতি পঠোৱা ল’ৰাজন আহিছে? বব তেওঁলোকক আনটো ড্ৰয়িং ৰূমত বহুৱাচোন। মই গৈ আছোঁ।

মাইনী: মোৰো দেৰী হৈছে। অলপ বজাৰলৈ যাওঁ। বব তুমি মোৰ লগত ব’লা। ড্ৰাইভাৰক গাড়ীখন উলিয়াবলৈ দিয়া। 

মাইনী আৰু বব ওলাই যায়। হাজৰিকাই পেপাৰখন পঢ়িবলৈ ধৰে।

জুলী: ৰুলী মই যে ল’ৰাটোৰ লগত কথা পাতিম সাহিত্যৰ বিষয়ে তুমি সেইখিনি ভিডিঅ কৰাচোন। মই ফেচবুকত দিম।

ৰুলী: ওকে।

হাজৰিকা: ময়ো যাম নেকি? সাক্ষাতকাৰ এটা দিওঁ নহ’লে?

ৰুলী: নালাগে পাপা। তুমি গ’লে জুলীৰ টেলেণ্টে মূল্য নাপাব। তোমাৰ খাতিৰত কবিতা চপোৱা বুলি ক’ব আৰু ডনেশ্যনো খুজিব পাৰে।

কেমেৰাই আনটো কোঠা দেখুৱাব। বিকি, জিমি আৰু সোণ বহি থাকিব। 

জুলী সোমাব। পিছে পিছে নগেনে মিঠাই আৰু চৰ্বতৰ ট্ৰে লৈ আনে।

তিনিও থিয় হয় আৰু নমস্কাৰ দিয়ে।

জুলী: আহিলে? আপোনালোকৰ মাজৰ জিমি কোনজন? মোক যে ফোন কৰিছিল?

জিমি: নমস্কাৰ! ম..ম..মইয়ে জিমি। আলোচনীখনৰ সম্পাদক। আপুনি লেখা দিম কৈছিল?

(জুলীক থৰ লাগি চাই থাকে)

জুলী: হয়। মই কবিতা আৰু গল্প দিম দুটা। কিন্তু তাৰ আগতে মোৰ সৰু ইণ্টাৰভিউ এটা লওকচোন।

জিমি: কিহৰ ইণ্টাৰভিউ?

জুলী: মানে মই কেতিয়াৰ পৰা লিখিবলৈ ল’লোঁ, মোৰ কবিতা আৰু গল্পৰ বিষয় কি etc. ৰ’ব মোৰ ভনীজনীক মাতিছোঁ। 

জুলীয়ে ৰুলীক মাতে আৰু ৰুলীয়ে কেমেৰাটো লৈ সোমায় আহে। জিমিয়ে ৰুলীকো থৰ লাগি চাই থাকে। 

জুলী: সোধকচোন প্ৰশ্ন? ৰুলী ৰেকৰ্ড কৰা।

বিকি: মেম, এইয়া সোণ আমাৰ বন্ধু। তেওঁ এখন জনপ্ৰিয় আলোচনী 

“ফটাঢোল”ৰ লগত জড়িত। তাৰ বাবে সাক্ষাতকাৰ এওঁ লয়। সোণ প্ৰশ্নকেইটা ৰেডি কৰ?

সোণ: মই জিমিক দিছোঁ প্ৰশ্নবোৰ। জিমিয়ে প্ৰশ্ন সোধ?

জিমিয়ে ৰ লাগি জুলী আৰু ৰুলীক ভেবা লাগি চাই থাকে। বিকি আৰু সোণৰ মাত নুশুনিব। সোণে লাহেকৈ জিমিক চিকুটি দিয়ে।

ৰুলী আৰু জুলীয়ে হাঁহে।

জিমিয়ে লাজ পাই সেমেনা সেমেনি কৰে।

জিমি: তহঁতে সোধ। মোৰ লাজ লাগে।

হাজৰিকাৰ ঘৰৰ পৰা তিনিও ওলাই আহে।

জিমিয়ে ৰাস্তাত বিকি আৰু সোণক কয়…

” দুয়োজনী ইমান সুন্দৰী। চায়েই থাকিবৰ মন যায়”।

সোণ: দুয়োজনীকে বেছি চালে বিপদতো পৰাৰ চাঞ্চ আছে।

 

৫ ম দৃশ্য

ড্ৰয়িং ৰূমৰ চোফা এখনত হালৈয়ে বহি থাকে। চকু টিভিত আৱদ্ধ( জয়ন্ত দাস)। আনফালে ডাইনিং টেবুলত বহি পত্নী বীণাই( নীলাক্ষি কাকতি) পাচলি কাটি থকাৰ পৰা খঙেৰে চাই থাকে হালৈক। মাজে মাজে তেওঁ কিবা কৈ থাকে কিন্তু হালৈয়ে নুশুনে। এবাৰ তেওঁ “চিক্স” বুলি চিঞৰ মাৰি দিয়ে। বীণায়ে হঠাত চোঁ মাৰি আহি টিভিটো অফ কৰি দিয়ে আৰু হালৈ বহি থকা চেয়াৰখনৰ ওচৰলৈ আহে যদিও হালৈ আগতে উঠি লৰ মাৰে বাৰান্দালৈ। বীণায়ে  ঠেলা মাৰি দিয়ে চকীখন। খঙত ফোঁপাবলৈ ধৰে তেওঁ।

বীণা: খেল খেল কেবল খেল। খেলৰ বাবে চুটিও ল’ব পাৰে। কিন্তু মোৰ প্ৰয়োজনত বা মোৰ মাৰ ঘৰত যাবলৈ হ’লে তেওঁৰ অফিচৰ কামে শেষ নহয়। 

এনেতে বাহিৰৰ পৰা জীয়েক মমী সোমাব। 

মমী: অ’ মা তুমি কিয় ইমান চিঞৰিছা? তলৰ ভাৰা থকা সোণদাহঁতৰ ৰূমলৈকে শুনা গৈছে। তেওঁৰ বন্ধু দুজনো আহিছে। ইমান লাজ পাইছোঁ।

বীণা: কিহৰ লাজ অ’? বাপেৰক কথা শুনালে বেয়া পাৱ? তয়েই আপত্তি কৰ দেখোন ক’তো ফুৰিব নাপাৱ বুলি?

হালৈয়ে বাহিৰৰ পৰা লাহেকৈ মাত দিয়ে।

হালৈ: হ’ব দিয়া? কিমান চিঞৰা আৰু? মানুহে শুনিলে কি ক’ব তোমাৰ মাতটোৰ কথা?

বীণা: কি ক’ব মোৰ মাতৰ কথা? কিমান দিনৰ পৰা কৈ আছিলোঁ অলপ ফুৰিবলৈ যাওঁ এদিন। দিনটো বাহিৰতে কটাওঁ। কিন্তু তেওঁৰ সময় নাই। খেল থাকিলে  চুটি কিন্তু পুৰা ল’ব। আৰু মমী তই আজিকালি সোণৰ ৰূমৰ কাষত কি কৰি থাক? 

মমীয়ে থতমত খায়।

মমী: ক’তনো দেখিলা কি কৰা? কাষৰ ৰূমটোত মই গান ৰিৱাজ কৰোঁ দেখোন?

বীণা: আৰু সোণৰ ৰূমত সেই দুজন ল’ৰা কিয় আহে ইমান? তই তাৰে শকত ল’ৰাজনৰ লগত ইমান কথা কিয় পাত? মই লক্ষ্য কৰি আছোঁ। বাপেকৰ মন কাণটো নায়েই।

মমী: এনেই দোষ নিদিবাচোন মা। মই গানৰ লগতে গল্প লিখিবলৈ চেষ্টা কৰি আছোঁ। সেই শকত ল’ৰাজনৰ নাম বিকি। সি মোৰ লগত তবলা বজাব গান গাওঁতে। আৰু গল্পৰ বানানবোৰ চাই দিয়ে। আৰু ইমানো শকত নহয় দিয়া সি।

এনেতে বিকি আৰু জিমিয়ে যাবলৈ ওলোৱা খিৰিকিৰে দেখা পায় হালৈয়ে।

হালৈ: কোনজন বিকি ইয়াৰে?

সেই গাড়ী চলাব যে খুজিছে ভোকোলোকো চেহেৰাৰটো নে হাতত কিতাপ লৈ থকা পেটুলা ল’ৰাটো?

মমী: ভোকোলোকো চেহেৰাৰজন দিতা…আ ( মমীয়ে লেনিয়াই কয়)।

বীণা কাষত অহাত দুয়ো মনে মনে থাকে।

বীণা: গান, গল্প লিখিবি পিছত। আগতে পৰীক্ষাৰ বাবে পঢ়া শুনা কৰ। নম্বৰ কমিলে তোৰ ফুৰা চকা চব বন্ধ আৰু বাপেৰৰ খেল চোৱা।

হালৈ: আই অ’। ভালকে পাছ কৰিবি দে।তোৰ হাততে মোৰ খেল চোৱাৰ ভাগ্য।

বীণাই বেলনা মাৰিডাল হালৈৰ গালৈ দলি মাৰি দিয়ে।

হালৈ: আয়ু..মৰিলোঁ দে।

 

   ৬ ষ্ঠ দৃশ্য

জুলী আৰু জিমিয়ে ৰেষ্টুৰেণ্ট এখনত বহি থাকে। জুলীয়ে মুখখন ফুলাই থাকে। জিমিয়ে কিবা বুজাই থাকে। 

জুলী: তুমি সোনকালে কিবা কৰা। নহ’লে পাপাই গম পালে সুদাই নেৰে।

জিমি: মোৰ  তোমাৰ দেউতাৰ আগত গ’লেই হাত ভৰি কঁপে জানানে? মইতো সদায় বিচাৰোঁ যাবলৈ।

জুলী: কিহৰ কঁপনি উঠে? এনেয়ে বৰ সাহসী দেখোন তুমি? দেখা নাই বিকিয়ে কেনেকৈ মমীৰ দেউতাকক পতালে?

জিমি: সাহস আছে কিন্তু তোমাৰ দেউতা ইমান ডাঙৰ নেতা যে তেওঁৰ আগত সাহস মৰি যায় মোৰ।

হঠাতে জিমিৰ ফোন বাজে। জুলীয়ে চকামকাকৈ দেখে। তাই ফোনটোৰ ফালে হাউলি চাব খোজোঁতে জিমিয়ে ততাতৈয়াকৈ ফোনটো লয়। ফোনটো ৰিচিভ কৰি “পিছত কথা পাতিম। এতিয়া ব্যস্ত।” বুলি কয়।

জুলীয়ে অলপ সন্দেহৰ চাৱনীৰে চায়।

জুলী: ৰুলীয়ে কিয় ফোন কৰিছে জিম?

জিমি: না…নাই। ৰুলীয়ে কিয়নো  কৰিব ফোন?

জুলী: তেন্তে ৰুলীৰ নাম কিয় আহিছে?

জিমি: ধেই ৰুলী নহয় অ’। ৰুবী মোৰ পেহীৰ ছোৱালীজনী। তায়ো লিখিছে গল্প মেগাজিনত।

জুলী: কিন্তু মই ৰুলীৰ মোবাইলত তোমাক কল কৰা দেখিছোঁ দুদিন। কিয়?

জিমি: নাই নাই। মই কল কৰা নাছিলোঁ। তুমি বুলি ভুলতে তাইক কল কৰিছোঁ।

জুলী: ৰাতি যে গুড নাইট দিয়া মেচেজ কৰি; সেইটোও মোৰ নং বুলি ভুলতে নে?

জিমি: মাজে মাজে কথা পাতোঁ। মানে দেউতাক পতাব নোৱাৰিলেও ভনীয়েৰাকে পতাব চেষ্টা কৰিছোঁ হ’ব লগা খুলশালী বুলি। তাই ডাঙৰ যিহেতু অলপ তাইৰ কথা শুনিব পাৰে ন? 

আকৌ ফোন বাজে জিমিৰ। জিমিয়ে ফোনটো কাটি দিয়ে। জুলীক ৰ’ব দি বাথৰূমলৈ যায় কোবাকোবিকৈ।

বাথৰুমত সোমাই জিমিয়ে ৰুলীক ফোন কৰে।

জিমি: হাই জান! কিয় ফোন কৰি আছানো?

ৰুলী: তুমি পাহৰিলা নেকি আজি যে আমি লগ ধৰাৰ কথা আছিল? মই ৰৈ আছো এঘণ্টা ধৰি।

জিমিয়ে জিভা কামুৰি দিয়ে। তাৰ মনত পৰে ৰুলীক লগ ধৰাৰ কথা দিছিল।

জিমি: মনত আছে জান। মই মানে আলোচনীৰ সম্পাদকৰ লগতে সাংস্কৃতিক সম্পাদকো যে। গায়ক মাতিবলৈ আহিছোঁ। জুবিন দাক মাতিম আমাৰ বিহুত। তেওঁৰ লগত কথা পাতি আছোঁ।

ৰুলী: ক’ত? জুবিনদাৰ ঘৰত নেকি? ময়ো যাওঁ নেকি?

জিমি: না..না..। মই তেওঁক ৰেষ্টুৰেন্টতহে লগ ধৰিছো। হোটেল Soolin Grand ত। তুমি নোৱাৰিবা আহিব।

ৰুলী: হোৱাট? ময়ো তাতে আছোঁ তোমালৈ ৰৈ। তলত গাড়ী পাৰ্ক কৰি আছোঁ। তুমি কোনখন টেবুলত আছা? মই ওপৰলৈ গৈ আছোঁ। মই জুবিনদাৰ লগত চেলফী মাৰিম আৰু অট’গ্ৰাফো ল’ম।

জিমি: মৰিলোঁ।  ভগৱান বচোৱা মোক।

ৰুলী: কি? কিয় বচাব লাগে। চেলফীহে মাৰিম। মাস্ক পিন্ধিয়ে ফটো উঠিমটো।

জিমি: তেওঁ বহুত ব্যস্ত আৰু বহুত ফেন আহি আগুৰি আছে তেওঁক। ইমান ভীৰত নালাগে দেই। মই তোমাক ৰিস্ক ল’ব নিদিওঁ। এদিন লৈ যাম। প্লীজ তুমি তলতে ৰোৱা মই আহি আছোঁ। 

কথাখিনি শেষ কৰি  জিমি ৱাশ্বৰূমৰ পৰা ওলায় আৰু বাহিৰত জুলী ৰখি থাকে। জিমিয়ে চক খাই উঠে।

জুলী: শুইছিলা নেকি? কি কৰিছিলা? কাৰোবাৰ লগত কথা পতা যেন পাইছিলোঁ?

জিমি: উফ…তোমাৰ কেৱল সন্দেহ। মোৰ পেট ভাল নহয় অ’ সোণ। ব’লা তোমাক থৈ আহোঁ।

 জুলীয়ে সন্দেহেৰে চায়।

জিমি: কচম কৈছোঁ। 

জুলীক দৌৰাদৌৰিকৈ আনটো গেটেৰে উলিয়াই কেব বুক কৰি পঠাই দিয়ে জিমিয়ে। 

ৰুলীয়ে ওপৰলৈ যায় ৰেষ্টোৰাৰ। ভিতৰত জিমিক নেদেখি বাহিৰলৈ আহে। তলত  জিমিক ৰেষ্টোৰাৰ চিৰিত উঠা দেখি আচৰিত হয়।

ৰুলী: তুমিতো কৈছিল ওপৰত থকা ৰেষ্টোৰাখনত আছিলা? এতিয়া তলত থিয় দি আছা যে?  আৰু কাক কেবত উঠালা?

জিমি: জুবিনদাক বিদায় দিলোঁ। 

ৰুলী: জুবিনদা কেবত আহিছে যে? তেওঁৰ গাড়ী কি হ’ল?

জিমি: তেওঁৰ গাড়ীখন চাৰ্ভিচিঙত দিছে গেৰেজত। সেয়েহে কেবত আহিছে কেবত গৈছে। বাৰু বাদ দিয়ানা এইবোৰ। ইমান দিনৰ মূৰত লগ পালোঁ। ব’লা কফিকে খাওঁ।

দুয়ো বহে। 

ৰুলী: মই কথা এটা সুধিব আহিছোঁ তোমাক।

জিমি: কি কথা? জুলীৰ লগত তোমাৰ কি চলিছে? তাইক তুমি কিয় ফোন কৰা? মেচেজো কৰিছা বহুত দিন।

জিমি: মই কিয় কৰিম ফোন?

চাগৈ তুমি বুলি ভুলতে তাইক কৰা গৈছে।

ৰুলী: তুমি মোৰ নাম্বাৰ নাজানা নেকি? জুলীক ফোন কৰা যে? আৰু কিহৰ গুডনাইট দিয়া সদায় মেচেজ কৰি?

জিমি: তুমি মোক বিশ্বাস নকৰা ন? মোৰ প্ৰেমৰ ইমান অপমান? খুলশালী বুলিহে খবৰ লওঁ। তাই পতিলেহে বাকীবোৰক পতাব পাৰিম। তুমি কিয় নুবুজা?

এনেতে ৱেইটাৰ এজন আহে।

(কিছু সময়ৰ বাবে যোগেশ ভট্টাচাৰ্য অতিথি শিল্পী ৰূপত)

ৱেইটাৰ: চাৰ অৰ্ডাৰটো দিয়ক। আপুনি….(জিমিক দেখি উচপ খায়)।

জিমিয়ে নজনাৰ দৰে থাকে।

ৱেইটাৰ: চাৰ, সেইখন টেবুলত যে খাইছিল তাৰে বিলো দিমনে লগতে? আৰু বাই…

জিমি: বাই দি গ’ল মোৰ  লগৰ জন। তুমি বিল আনিবা।

ৱেইটাৰ: নহয় মানে বাই….( ৰুলীক চায়)

জিমি: বাই দ্যা ৱে…তোমালোকৰ স্পেচিয়েল ম্যেনু কি আজি?

(হাতৰ টিপত এশ টকা দিয়ে)  

ৱেইটাৰজনে বুজি পাই আঁতৰি যায়)।

ৰুলী: সোনকালে তুমি মাম্মীক আমাৰ কথা কোৱা। আৰু জুলীক বেছি ফোন নকৰিবা। আলোচনীৰ বাবে লিখা বিচাৰি কৰিছিলা বেলেগ কথা। এতিয়া নালাগে। বেছি কথা পাতিলে তুমি তাইৰ ক্ৰাচ হৈ যাব পাৰা ন?

জিমি: মামীক কোৱাতকৈ তোমাৰ মাক ক’লে বেছি ভাল হ’ব নেকি? মিছামিছি তোমাৰ মামীয়েৰাক কিয় মাতিব লাগেনো?

ৰুলী: অহ…মাম্মী মানে মাৰ কথা কৈছোঁ। আমি তেনেকৈয়ে মাতোঁ।

জিমিয়ে মনে মনে থাকে আৰু ৰুলীয়ে খাই থকা চেণ্ডুইচ টুকুৰাৰ ফালে চাই থাকে ভয়ে ভয়ে।

 

৭ম দৃশ্য

 

জিমি আৰু বিকি সোণৰ ৰূমত বহি থাকে। জিমিয়ে তলমূৰকৈ বহি থাকে। বিকি আৰু সোণে অলপ খঙত থাকে।

বিকি: আৰু কৰ দুজনীক একেলগে প্ৰেম। বিহুৰ আলোচনীৰ সম্পাদক হৈ সি প্ৰেমিকহে ওলাল।

সোণ: ৰোমিঅ’, মজনুতকৈও ওপৰত গ’ল। হেৰৌ তই নিজকে ৰজা বুলি ভাবিছিলি নেকি? এখন ৰাজ্যৰ দুজনী ৰাজকুমাৰীক আনিবি?

জিমি: কি কৰোঁ। প্ৰেম কৰা নহয় হৈ যাই নিজে। মোৰো তেনে হ’ল।

সোণ: আয়ু…মোৰ প্ৰেমিক চৰাইটো। হৈ গ’ল।

বিকি: তাকেই অ’। লোকে দুজনীকৈ পতালে আৰু তোৰ যে এজনীও নাই। দুখেই লাগে।

সোণ: হেই , মনে মনে থাক। মই এইবোৰ ঝামেলাত নফছোঁ দেই। দেখিছ নহয় লোকৰ অৱস্থা। পিচে তয়ো কোনদিনা পিটন খাৱ ঠিক নাই। লগতে মোকো খেদা খুৱাবি যে চিওৰ।

বিকি: মোৰ টেনশ্যন নাই। মই মাক   দেউতাক দুয়োকে ফিটিং কৰিছোঁ। ইয়াৰ দৰে ভাবিছ নেকি?

সোণ: এনে কি যাদু কৰিলি? খুৰাৰ কথা যেনতেন কিন্তু খুৰী যি দাংকাটি চাবলৈয়ে ভয় লাগে।

জিমি: কেনেকৈ? মোক বচাই দে। আৰু প্ৰেম নকৰোঁ দুজনীৰ লগত। এজনীয়ে বাপেকৰ লগত কথা পাতিব দিছে আনজনীয়ে মাকৰ লগত। কি কৰোঁ?

বিকি: আৰে পাৰ্টনাৰ! মই দেউতাকক কৈছোঁ মই ক্ৰিকেটৰ ভক্ত আৰু জিলাভিত্তিত বহুবাৰ খেলিছোঁ। বচ বাপেক খুচ।

সোণ: আৰু খুৰীক কি ক’লি?

বিকি: মাকক কৈছোঁ মই ল’ৰা হ’লেও খেলত ৰাপ নাই। মই টিভিৰ ৰিয়েলিটি শ্ব’, কুকিং শ্ব’ চাই বৰ ভাল পাওঁ। লগতে মোৰ ফুৰিবলৈ বৰ চখ। বচ মাক খুচ।

সোণে আচৰিত হৈ চাই থাকে।

“দোস্ত! মানিলোঁ তোক” সোণে কয়।

 হঠাতে জিমিৰ মুখখন উজ্বলি উঠে।

জিমি: মোৰ এটা আইদিয়া আহিছে।

সোণ: কি?

জিমি: মই বাজীগৰ চিনেমাৰ শ্বাহৰুখ খানৰ দৰে কৰোঁ নেকি? শ্বাহৰুখে যে শিল্পা চেট্টিক বগৰাই দিছিল পাহাৰৰ পৰা তলত তেনেকে এজনীক বগৰাই দিওঁ নেকি?

বিকি আৰু সোণ একেলগে:

বলীয়া হৈছ? জেলৰ ভাত খাবৰ মন তোৰ? তই মৰিলে মৰ আমাক নামাৰিবি।

বিকি: পাহাৰৰ পৰা পেলাইছিলনে বিল্ডিঙৰ পৰা?

সোণ: হেই মনে মনে থাক। এটা বলীয়া হৈছেই আৰু আনটোও হ’ল।  তহঁত দুয়ো ওলাই যা মোৰ ঘৰৰ পৰা। জিমি যি কৰ কৰি থাক। যা ইয়াৰ পৰা।

দুয়ো যায়।

 

৮ম দৃশ্য

 

জিমি হাজৰিকাৰ ঘৰত বহি থাকে। হাজৰিকাও লগত থাকে। কাষত জুলী বহি থাকে। নগেনে চাহ আনি দিয়ে।

হাজৰিকা: বাৰু তোমাৰ নামটো কি? তুমি কি কৰা?

জিমি: মোৰ নাম জিমি কলিতা। গুৱাহাটীতে ঘৰ। এম.এ.পাচ কৰি এতিয়া…

জুলী: পাপা এওঁ লেখক। গল্প লিখে ভাল। সম্পাদক হিচাপে কাম কৰে।

হাজৰিকা: কোনখন পেপাৰৰ সম্পাদক তুমি?

জিমি: আলোচনীৰ সম্পাদক মই।

হাজৰিকা: কোনখনৰ? মই মানে পঢ়োঁ দুখনমান।

জিমি: কুলি- কেতেকী, বিহু গ’লে বিনাবা কাক, ৰঙালী, বসন্তৰ গান আদি বহুতো আলোচনী মই সম্পাদনা কৰিছোঁ বিহুৰ সময়ত।

হাজৰিকা: মানে? এইবোৰ আলোচনীৰ নাম শুনা নাই দেখোন? 

জিমি: চাৰ, এইবোৰ আলোচনী বিহুৰ সময়ত বিহু সমিতিয়েহে উলিয়ায় বছৰত এবাৰকৈ।

হাজৰিকা আৰু জুলীয়ে দুয়োৰে মুখলৈ চায়। জুলীৰ মুখ ক’লা পৰে। হাজৰিকাই তেওঁৰ মিটিঙত যাব লাগে বুলি কৈ উঠি যায় ভিতৰলৈ।

জুলীয়ে “মোৰ কাম আছে তুমি যোৱাগৈ” বুলি ভিতৰলৈ যায়।

জিমি গুচি আহে।

 

  ৯ম দৃশ্য

 

বিকিয়ে জিমি আৰু সোণক মিঠাই খাবলৈ মাতে ঘৰলৈ। সোণ আগতে বিকিৰ ঘৰত বহি থাকে। জিমি আহি পায় আৰু হাতত এটা টোপোলা।

বিকি: জিমি, মোৰ বন্ধু এইয়া মিঠাই খা। মোৰ বিয়া আঘোনত ঠিক হ’ল। অহা মাহত আঙঠি পিন্ধাম মমীক।

জিমি: ভাই, আগতে মই অনা মিঠাই খা দুয়ো। মোৰো ভাল খবৰ আছে।

বিকি: কি? তই দুয়োজনীকে বিয়া পাতিবি নেকি?

জিমি: না..না…দুয়োজনীৰে পৰা ৰক্ষা পৰিলোঁ তাৰে মিঠাই।

জিমিয়ে হাজৰিকা আৰু জুলীৰ লগত হোৱা কথাবোৰ কয়। জুলীয়ে যে তাৰ লগত দেউতাকে বিয়া নিদিয়ে বাবে তাই বিয়া হ’ব নোৱাৰে সেইকথা লিখি দিয়া মেচেজটো দেখুৱায়।

ফ্লেচবেকত ৰুলী আৰু মাকৰ লগত হোৱা কথা খিনি দেখুৱাব।

ৰুলী, জিমি আৰু মাক বহি থাকে বাহিৰৰ লনত।

ৰুলী: মাম্মী এইয়া জিমি। তোমাক কৈছিলোঁ যে?

মাইনী: জিমি তোমাৰ কথা ৰুলীয়ে কৈছে। বৰ ভাল পালোঁ তুমিও এক্টিং কৰা বুলি শুনি। কি কি চিৰিয়েল, চিনেমাত অভিনয় কৰিছানো? তোমাৰ ইউ টিউব চ্যেনেল আছেনে?

জিমি: মই বহুত চিৰিয়েল, চিনেমা আৰু ষ্টেজৰ নাটকত অভিনয় কৰিছোঁ।

মাইনী: ৱাহ! কি কি ধৰণৰ ? তোমাৰ বোলে ভিডিঅগ্ৰাফীটো বহুত চখ আছে?

জিমি: মই হিৰোৰ বহুত বন্ধুৰ মাজৰ এজন হৈছোঁ, ৰজাৰ পিছফালে থিয় হোৱা চিপাহি, ৰাণীৰ দোলাভাৰী। আৰু ভিডিঅ মানে টিকটক, ৰীল বনায়ে থাকোঁ।

মাইনী: কি?

ৰুলী: তুমি কি কৈছা? মানে তুমি কোনো ফিল্ম বা টিভি শ্বো নকৰা নেকি?

জিমি: উহু…

মাইনী: জিমি মোৰ কাম এটা আছে। মই যাওঁ। তুমি চাহ খাই যাবা। ৰুলী তুমি যে মুম্বাই চিনেমাৰ  ডাইৰেকশ্যনৰ কোৰ্চ কৰিম কৈছিলা কেতিয়া যাবা?

ৰুলী: মাম্মী মই অহা মাহতে যাম। তুমি পাপাক ক’বা। 

মাইনী: ওকে। মই ভিতৰলৈ যাওঁ।

ৰুলী: জিমি তুমি শুনিলাই নহয় সকলো। মই মুম্বাইলৈ যাম।

জিমি: হয়। বহুত ভাল সিদ্ধান্ত লৈছা। মোৰ শুভকামনা থাকিল। বাই।

সকলো বাস্তবত আহিব।

জিমি: বাচি গ’লোঁ ৰে দুয়োজনীৰ পৰা।

বিকি আৰু সোণে একেলগে ক’ব

” দুয়োজনী বাচিল তোৰ পৰা আৰু তই মাৰ খোৱাৰ পৰা। হাঃ হাঃ হাঃ।”

 

          সমাপ্ত॥

☆ ★ ☆ ★ ☆

6 Comments

  • জয়ন্ত দাস

    হা হা বঢ়িয়া চিনেমা৷ জিমি ভাল বাছিল, নহলে ভনিয়েককে সতিনী পাতিব লাগিলহেঁতেন৷ ময়ো বৰ ভাল জোৱাই এজন পালোঁ৷ এই বীণা জনীহে ভাল নহয়৷ পটাগুটি আৰু বেলনা মাৰিৰ ভয়ত ভালকৈ খেল এখনো চাব নোৱাৰোঁ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ মজা!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *