খিৰিকী – কাবেৰী মহন্ত
: ক’ত ঘৰ তোমাৰ?
: তিনিচুকীয়াত
: তিনিচুকীয়াৰ ক’ত?
… …
….
“তাকেই কোৱা!” “মোৰো ঘৰ চাবুৱাত…” চিনাকিটো দিয়েই সশব্দে হাঁহি উঠিছিল শান্তনু। লগৰ ছোৱালীৰ বায়েকৰ বিয়াত লগ পোৱা শান্তনুৰ লগত সেয়া আছিল প্ৰথম দেখাদেখি। তাৰপাছত কেইটামান সাক্ষাৎ আৰু ইতস্ততঃবোধ আৰু লাহে লাহে সহজ হৈ অহা এটা মধুৰ সম্পৰ্ক! গায়ত্ৰীৰ মনৰ কোণত থকা সৰু ঠাইৰ অসহজবোধ শান্তনুৰ হাঁহিৰ শব্দৰ আঁৰত লুকাই গৈছিল।
সেইবোৰ ছবছৰ আগৰ কথা। তেতিয়াৰ শান্তনু আজি এজন ব্যস্ত ব্যৱসায়ী আৰু গায়ত্ৰীৰ স্বামী। এটা মসৃণ প্ৰেমৰ কাহিনী আৰু বন্ধু-বান্ধৱীৰ আগত, সমাজৰ আগত ঈৰ্ষণীয় পৰিসমাপ্তি। এই মধুৰ সম্পৰ্কৰ উপহাৰ হিচাপে তাইৰ ওচৰত আছে জীয়াই থকাৰ অৰ্থ অকণমানি পৰী, সিহঁতৰ তিনিবছৰীয়া সন্তান কুঁহি। সময়বোৰ হাতৰ মুঠিৰ পৰা সৰকি গৈ আছে আৰু আজিকালি শান্তনুৰো ব্যস্ততা বাঢ়িছে। তাইৰো কুঁহিৰ আবদাৰ, অভিমান, মৰমৰ মাজত সোমাই নিজৰ কথাও ভাবিবলৈ সময় নোপোৱাৰ দৰেই হৈছে! হুৱাটছ্এপৰ দৰকাৰী মেচেজতেই সীমাবদ্ধ হৈ ৰৈছে শান্তনু আৰু তাইৰ ‘সফল’ প্ৰেম কাহিনী। কাম, দায়িত্ব, সংসাৰ এইবোৰৰ হেঁচা-ঠেলাত শান্তনুৰ জীৱনৰ ঘড়ীত গায়ত্ৰীৰ বাবে জেগা বিচাৰি নোপোৱা হ’ল। দূৰত্ববোৰ সময়ৰনে মনৰ সেইটো ভাবি গায়ত্ৰী কেতিয়াবা সচকিত হৈ উঠে!
ঘৰৰ বেলকণিৰ পৰা দূৰৰ ৰে’লৰ ট্ৰেকেদি ট্ৰেইনবোৰ পাৰ হৈ যায়। ৰাতিৰ আন্ধাৰত ৰে’লৰ খিৰিকীৰে পলাই অহা পোহৰে তাইৰ মনতো আঁচ মাৰি যায়। ছোৱালীজনী শুই যোৱাৰ পাছতো চকুৰ টোপনিবোৰ ট্ৰেইনখনৰ লগতে নজনা জেগালৈ গুচি যায়। শান্তনু আজিকালি প্ৰায়েই টুৰ’ত যাব লাগে, ঘৰখনত কৰিবলগীয়া কামো সেয়ে কমিছে, কুঁহিৰ ব্যস্ততাৰ পাছত গায়ত্ৰীৰ নিজৰ বাবে কৰিবলগীয়া কামেই নথকাৰ দৰে। কিন্তু এই গতানুগতিকাই তাইক এক খোলাৰ ভিতৰলৈ যেন সোমোৱাই নি আছে … ফেচবুকত দেখা বন্ধু বান্ধৱীৰ উজ্জ্বল হাঁহিবোৰ, জী থকাৰ উচ্চাসবোৰ- এইবোৰে তাইক কেকটাচৰ কাঁইটৰ দৰে বিন্ধে কেতিয়াবা। হাত লাগিলেই বহু দেৰিলৈকে হৈ থকা বিষবোৰ, ভিতৰলৈ নোসোমাই অথচ অনবৰতে পাই থকা কাঁইটৰ খোঁচবোৰ!
ওচৰৰ ফ্লেটটোলৈ দুমাহমানৰ আগতে নতুনকৈ মানুহ এজন আহিছে। পুৰণা ভাল লগা হিন্দী চিনেমাৰ গানবোৰ, জগজিৎ সিঙৰ গজলবোৰ খোলা খিৰিকীৰে সিহঁতৰ ৰূমলৈও উফৰি আহে, লগতে আহে মাজে মাজে হৈ থকা কোনো পাৰ্টিৰ হাঁহিবোৰ! শান্তনুৰ আজিকালি গায়ত্ৰীৰ লগত সশব্দে হাঁহি কথা পতাৰ সময় নাই, তায়ো চাগে কিমান দিন মন খুলি নাই হঁহা! মানুহজনে তাইক দূৰৰ পৰাই সম্ভাষণ জনায়, উজ্জ্বল হাঁহি এটাৰে। গায়ত্ৰীৰ লাজ লাগে, কি যে ৰূপত থাকে তাই, সাধাৰণ নাইটিটো আৰু ফণিয়াবলৈ পাহৰা অবিন্যস্ত চুলিৰে সৈতে যেন পৃথিৱীত সকলোতকৈ অৱহেলিত তায়েই!
কুঁহিৰ জন্মৰ পাছৰ পৰাই শান্তনুৰ কামৰ ব্যস্ততা বাঢ়িল, কমিল মাথোঁ ঘৰখনত কটোৱা সময়। কেতিয়াবা গায়ত্ৰীৰ এনে লাগে শান্তনু আৰু তাইৰ সম্বন্ধ ৰে’লৰ ট্ৰেকৰ দৰেই, কুঁহিৰ বাবেহে যেন বান্ধ খাই আছে সমান্তৰালকৈ! সময়বোৰ সিঁচৰতি হৈ পৰি ৰৈছে ট্ৰেকৰ মাজৰ শিলৰ দৰেই টান টুকুৰা টুকুৰকৈ।….. খালী সময়বোৰত কথাবোৰ পাকঘূৰণি খাই এটা এটাকৈ খহি পৰে বুকুৰ মাজত, খহি পৰা কথাবোৰ যেন শান্তনুৰ হাঁহিৰ শব্দতকৈও তীব্ৰ! প্ৰতিবাৰেই অনুভৱ হয় মোচোকা মৰা এটা বিষ, বিষবোৰ অপ্ৰতিৰোধ্য হৈ উজাই আহি নাকৰ পাহিবোৰক কঁপাই দিয়েহি। গায়ত্ৰীৰ নিজৰ চিনাকি হেৰাই যাব খোজে এই সময় আৰু বিষৰ চাকনৈয়াত।
ৰাতিৰ বৰষুণজাকৰ পানীডোঙাত হালিকা চৰাই এহালে খেলি আছে, ৰাস্তাৰ কাষৰ আমগছজোপাৰ পাতবোৰ ৰ’দত জিলিকি উঠিছে। কুঁহি শুই থাকোঁতেই গায়ত্ৰীয়ে প্ৰয়োজনীয় কামবোৰ কৰি আজৰি হৈ লৈছে। পাতল লিপষ্টিক অলপ সানি চকুদুটাতো নামমাত্ৰ কাজল সানি লৈছে তাই। মবাইলৰ নটিফিকেশ্যনৰ শব্দত চাহৰ কাপটো লৈয়েই তাই অনুমান কৰিলে হয়তো শান্তনুৰে মেচেজ। ব্যস্ততাৰ বাবে আৰু দুদিনমানৰ বাবে আহিব নোৱাৰাৰ গতানুগতিক মেচেজ পঢ়ি তাইৰ অভ্যাস হৈ গৈছে, থাকক নিজৰ ব্যস্ততাৰ মাজত, সজাই লওক নিজৰ কমফৰ্ট জ’ন, তাৰপৰাই তায়ো আজুৰি ল’ব সময়বোৰ!
খিৰিকীবোৰ খুলি দিলে গায়ত্ৰীয়ে। সোমাই আহক সংগীতৰ ছন্দবোৰ, এপিয়লা গজলৰ আমেজবোৰ অথবা শ্বায়েৰীৰ মিঠা টুকুৰাবোৰ!
*****
1:02 pm
ভাল লাগিল বহুত। বৰ্তমানৰ জীৱন এনেকুৱাই সকলো।
10:21 pm
ধন্যবাদ ডলী পঢ়াৰ বাবে
3:56 pm
ভাল লাগিল পঢ়ি
10:21 pm
পঢ়াৰ বাবে ধন্যবাদ বাইদেউ
7:25 pm
বৰ সুন্দৰ লিখনি। বাস্তৱিক।
10:22 pm
অশেষ ধন্যবাদ
9:07 pm
ভাল লাগিল পঢ়ি । অলপ দীঘল কৰিব পাৰিলিহেঁতেন , নকৰিলি ।
10:23 pm
অঁ, চুটি হল
9:12 pm
বৰ ভাল লাগিল
10:24 pm
অশেষ ধন্যবাদ দেই
9:51 pm
ভাল লাগিল, এটি সুন্দৰ আৰম্ভণি তথা যোগাত্মক আশা শেহৰ শাৰীকেইটাত ফুটি উঠিছে৷ মোৰ ক্ষেত্ৰত যিকোনো সৃষ্টিমূলক লেখা পঢ়িলেই শেষৰ ফালে তাৰ পৰা এটা আশাজনক বাৰ্তাৰ আশা কৰোঁ সদায়ে৷ ধন্যবাদ৷
10:24 pm
❤❤??
12:00 am
ভাল লাগিল৷
10:39 pm
ধন্যবাদ ?
4:45 pm
ভাল লাগিল।
10:40 pm
ধন্যবাদ ?