ৰং নাম্বাৰ – উৎপলা কৌৰ
ৰাতিপুৱাৰ পৰা ৰূহীৰ গাত তৎ নাই৷ সোনকালে শুই উঠি যোৱা সপ্তাহত বিক্ৰমৰ লগত গৈ শ্ব’ৰূমৰ পৰা কিনা ৰঙা টপটো আৰু পালাজ’ পেণ্টটো ইস্ত্ৰি মাৰিথৈ বাথৰূমত সোমাল৷ বহুদেৰি গাধুলে, ছেম্পুও কৰিলে৷ আজি বৰ বিশেষ দিন তাইৰ বাবে৷ সাজ-সজ্জাত কোনো খুটি-নাটি এৰিব নোখোজে তাই, আফটাৰ অল ফাৰ্ষ্ট ইম্প্ৰেছন ইজ দা লাষ্ট ইম্প্ৰেছন!
এসপ্তাহ মান হৈছে তাই নতুন মুৰ্গা এটা জালত পেলাইছে৷ খুউব “মালদাৰ“ বোলে! হয়তো! ধুনীয়া আৰু ধনী ল’ৰাবোৰ তাইৰ বাবে একোটা ’মুৰ্গা’ই! সি যে বেছ ধনী তাৰ কথা-বতৰা, ভাৱ-ভংগীতে গম পায়৷ দেউতাকে খুউব ডাঙৰ চৰকাৰী চাকৰি কৰে৷ একমাত্ৰ পুতেকৰ পকেট সেয়ে অনবৰতে ’গৰম’!
এসপ্তাহমান আগতে ৰং নম্বৰত লগা ফোনকল্ এটাৰে দুয়োৰে কথোপকথন আৰম্ভ হৈছিল৷ সেই যে আৰম্ভণি শেষ হ’বলৈ নিদিয়াকৈ কেনেকৈ ৰাখিব লাগে তাই জানে, মিচ্ কল দি দি যেতিয়াই তেতিয়াই কথা পাতি পাতি তাক (মানে ডেকা ল’ৰাক) কেনেকৈ প্ৰেমত পেলাব লাগে ৰূহীয়ে সেই কৌশলবোৰ এইজনাৰ লগতো খটুৱাই একেবাৰে পাগল কৰি তুলিছে! এসপ্তাহৰ দিন-ৰাতি একাকাৰ কৰি কথাপতাৰ ফলস্বৰূপে আজি তাই তাৰ লগত সোণাপুৰৰ ফালে “ডেট“ত যাব৷ তাৰ লগত তাইৰ প্ৰথম ’ডেট’৷ সেয়ে কোনো কথাত ইম্প্ৰেছন বেয়া হোৱাৰ ’ৰিস্ক’ তাই ল’ব নোৱাৰে৷ দহমান বজাত সিহঁত ওলাই যাব আৰু ৰাতি ঘূৰি আহিব৷ সেয়ে আজি তাই মাকে চিঞৰি চিঞৰি গছৰ পাত সৰুওৱাৰ আগতেই নিজে নিজে উঠিল বিছনাৰ পৰা৷
’ষ্ট্ৰেইট’ আৰু ’হাইলাইট্’ কৰা চুলিখিনিত ব্ৰাছ মাৰি মাৰি আইনাখনত নিজকে চাই তাই ভাবিলে দেখিবলৈ ভাল ন’হলেও কেৱল বাক্ চতুৰতাৰ বাবেই তাই বহুতক নচুৱাই থাকিব পাৰিছে৷ খুড়াকৰ উপাৰ্জনেৰে চলা বিধবা মাক আৰু খুৰীয়েকৰ আগতে কাজিয়া হ’লে খুড়ীয়েকে তাইক “কাউৰী“ বুলি গালি পাৰিছিল৷ পেটৰ ভাত মুঠিৰ বাবে সকলো ধৰণৰ অপমান নীৰবে সহ্য কৰি থাকিবলগীয়া হোৱা মাকৰ নিৰ্লিপ্ত মুখখনে তাইক সকলো অপমান নীৰবে গিলি থ’বলৈ শিকাইছিল আৰু গাভৰু হোৱাৰ পাছত সমাজ, লাজ বোলা বস্তুটোক বুঢ়া আঙুলি দেখুৱাব পৰাকৈ তাই কঠোৰ আৰু বেপেৰুৱা হৈ পৰিছিল৷ ক’লা, ক্ষীণ দীঘলীয়া মুখ, জপৰা চুলি গাঁতলৈ সোমোৱা চকুহালক কঢ়িয়াই থকা দেহটোলৈ অৱধাৰিত ভাৱেই যৌৱনে ভূমুকি মাৰিছিল৷ নাৰীৰ যৌৱনৰ ক্ষমতা অপাৰ! ওঁঠেৰে বেঁকা ক্ষীণ হাঁহি এটাবাগৰি গ’ল তাইৰ৷
ফোনতেই যদি প্ৰেম চলি থাকিলে হয় আজন্ম তাইৰ প্ৰেমিক হৈ থাকিল হয় তাইৰ সংস্পৰ্শত অহা সকলো পুৰুষ৷ তাইৰ কণ্ঠত মোহিনী দিছে ভগৱানে৷ কিন্ত লগ পোৱাৰ পাছতহে ল’ৰাবোৰে লাহে লাহে আঁতৰি যাব খোজে তাইৰ পৰা, তাইৰ ভাষাত “কাটি খাব“ খোজে৷ বহু ল’ৰাই বিছৰাৰ দৰে তাইৰ মুখত সৌন্দৰ্য নাই৷ পুষ্টিহীনতাত ভোগা শৈশবৰ চাপ বিউটি পাৰ্লাৰেও গুচাব পৰা নাই তাইৰ মুখৰ পৰা!
ডিঅদাৰেণ্টটো দেহৰ আগফাল-পিছফাল, গলধন একাকাৰ কৰি আধামিনিটমান সময় মাৰি বাৰাণ্ডাত ৰৈ থকা খুড়ীয়েকৰ অস্তিত্ব উলাই কৰি তাই পেঞ্চিল হিলৰ খট্ খট্ শব্দ কৰি ওলাই হ’ল৷ তাইৰ ফোনটো বেয়া হোৱাৰ কাৰণে বিক্ৰমে মানে তাইৰ আগৰ বয়ফ্ৰেণ্ডজনে তাইক তাৰ পুৰণা ছেমছাঙৰ স্মাৰ্ট ফোনটো দিছিল কিছুদিন ব্যৱহাৰ কৰিবলৈ৷ কিন্তু ফোনটো লোৱাৰ কিছুদিন পাছতেই তাইৰ ৰোহনৰ লগত চিনাকি হ’ল৷ ফলত ফোনটো তাই একেবাৰে নিজৰ কৰি ল’লে৷ এবাৰ তাইৰ হাতত পৰাৰ পাছত বস্তু সতকাই পোৱা টান৷ অৱশ্যে সিও উভটাই নুখুজিলে৷
নতুন ফৰ্চুনাৰখন লৈ ঠিক দহ বজাত ৰোহন গণেশগুৰিৰ হনুমান মন্দিৰৰ ওচৰত ৰৈ তাৰ শেহতীয়া মডেলৰ আইফোনটোৰে ফোন লগালে “ক’তপালা হানী?“
এইবিলাক ক্ষেত্ৰত সি খুউব টাইম মেইনটেইন্ কৰে৷ নতুন ’ব’ম্ব’ এটা পটাইছে সি এসপ্তাহমানৰ পৰা৷ বম্ব মানে তাহাঁতৰ বন্ধুমহলত চলা ’ধুনীয়া ছোৱালী’ৰ সমাৰ্থক শব্দ৷ তাৰ বন্ধু বিক্ৰমে দিছিল তাক তাইৰ নম্বৰটো৷ জানিবুজি সেই “ৰংনম্বৰত“ সি ফোন লগাইছিল এদিন৷ তাৰ পাছৰ পৰা সি বিচৰা ধৰণেই তাইৰ সৈতে কথা বতৰা পাতি এটা মিঠা সম্পৰ্কৰ গঢ় দিবলৈ সক্ষম হৈছে৷ এসপ্তাহৰ আগৰ কথা সেয়া৷ কাতিমাহৰ খাওঁ খাওঁ ৰ’দ৷ আজিকালিৰ ৰ’দৰ চোক চাই জেঠ মাহেই নে আহিন, কাতি ধৰিবই নোৱাৰি৷ ৰঙা টপ, পালাজ’ পেণ্ট পিন্ধি তাৰ নতুন প্ৰেমিকা ৰৈ আছে তালৈ৷ সিও তাই কোৱা সেই নিৰ্দিষ্ট ঠাইকণতে ৰৈ আছে৷ ফোনটো কথা হৈছে এইমাত্ৰ৷ সি ধৰিবহে পৰা নাই, কোনজনীনো ৰূহী৷ আকৌ টিট্ কৈ বাজি ফোন কল এটা কাটি গ’ল৷ ৰূহীৰ মিচ্ কল৷ সি ফোন লগালে পুনৰ৷
“কিমান দেৰি ৰখিম আৰু? আহানা জল্দি৷ ইম্মান গৰম! “
“মই তোমাক দেখা নাই, মোৰ AS01 M 000* নাম্বাৰৰ বগা ফৰ্চুনাৰখন দেখিছা যদি আহি যোৱা৷ “
কাষতে থিয় হৈ থকা, তেতিয়াৰ পৰা তালৈ ’খাওঁ খাওঁ’ নজৰ দি থকা ছোৱালী এজনী গাড়ীৰ আগৰ চিটত আহি সাউৎকৈ বহিল৷
“ইচ্ বহুত দেৰি কৰিলা পাই! ব’লা এতিয়া …খুড়াৰ অফিচ এইফালেই…“
ৰোহনে গাড়ীৰ ক্লাট্চ এৰিলে লাহে লাহে……কেৰাকৈ ৰূহীলৈ চালে৷ গাৰ বৰণ তেনেই অনুজ্জ্বল, ক্ষীণাংগী চকু গাঁতলৈ সোমোৱা এজনী ছোৱালী৷ ৰুমাল এখন উলিয়াই মুখখনত থপথপাইছে আছে তাই লাহে লাহে৷ মনটো হতাশ হৈ পৰিছে তাৰ৷ তাইৰ লগত কথা পাতি তাইৰ বিষয়ে যিটো ধাৰণা তাৰ মনত গঢ় লৈছিল তাৰ সম্পূৰ্ণ বিপৰীত৷ বহুবিধ সুস্বাদু ব্যঞ্জনেৰে ভাত এসাঁজৰ কল্পনা কৰি থকা ব্যক্তি এজনৰ আগত নিম্নমানৰ নিৰামিষ ভাত এসাঁজ আনি আগত দিলেহি যেনে লাগিব তাৰ মনটোও ঠিক তেনেই লাগিছে৷ কি যে কৰা যায় এতিয়া!
ৰুমালখন ভাঁজ কৰি কৰি তাই ৰোহনলৈ কেঁৰাকৈ চালে, “তামাম দেখোন ই! ইয়াক যেনেতেনে ৰাখিবই লাগিব৷ ইয়াৰ লগত মোক দেখিলে জ্বলি জ্বলি মৰিব মিলিহঁত৷ “ আকৌ এটা হাঁহি বাগৰিল তাইৰ ওঁঠেদি! বিলাসী গাড়ীখনৰ ভিতৰত তীব্ৰভাবে চলি থকা এ.চিটোৱে শীতল কৰি থোৱা ঠাণ্ডা পৰিবেশটোৰ দৰেই তাইৰ মনটোও শীতল হৈ পৰিল৷
গণেশগুৰিৰ পৰা গাড়ী আগবাঢ়ি ছয়মাইল পালেগৈ৷ এইবাটচোৱা দুয়ো নীৰব৷ ৰোহনে একো কোৱা নাই কাৰণে তাইৰো আগতীয়াকৈ আৰম্ভ কৰিবলৈ মন যোৱা নাই৷ সি ফোনত লগাই কথা পাতি পাতি লাহে লাহে গাড়ী চলাইছে৷
“অ’ পাপা…মই অকণ ফ্ৰেণ্ডৰ লগত…ন’ পাপা এতিয়া যাব নোৱাৰিম…কি ড্ৰাইভাৰ নাই? ……অ’কে অ’কে পাপা……এম্ কামিং…
“
ফোনটো থৈ ৰূহীৰ ফালে চাই সি ক’লে৷ “আই এম চ’ৰী ডিয়েৰ…আজি আৰু যোৱা নহ’ব৷ পাপাক এয়াৰপ’ৰ্ট ড্ৰপ কৰিব যাব লাগিব৷ অলপ ইমাৰ্জেনচি য়ু ন’৷ প্লীজ ড’ণ্ট মাইণ্ড হা৷ বেলেগ দিনা কেতিয়াবা..“
খানাপাৰাত গাড়ী ঘূৰাই গণেশগুৰিত য’ৰ পৰা উঠাইছিল তাতে তাইক নমাই দিলে সি৷ হাতখনেৰে তাইলৈ নোচোৱাকৈ ফুটপাথত আগৰ স্থানতে ৰৈ থকা তাইক বিদায়সূচক ইংগিত দি সি গুছি গ’ল৷
“কি মক্কেল বে তই! কাৰ নম্বৰ দিছিলি? যেনেতেনে কাটি খুৱাই থৈ আহিছোঁ “
সিমূৰত বিক্ৰমৰ ৰখাব নোৱাৰা হাঁহি৷ যেন সি জানিছিলই তেনেকুৱা ফোন এটা আহিবই ৰোহনৰ পৰা তালৈ৷
উৎকট গৰমত ফুটপাথত থিয় হৈ খঙত জ্বলি থাকিল ৰূহী কিছু দেৰি৷ কিন্তু তাইৰ খঙতকৈ যে প্ৰখৰ কাতি মাহৰ ৰ’দ!
মাতটো যিমান পাৰি কোমল কৰি তাই বিক্ৰমক ফোন লগালে
“হানী, ক’ত আছা? ইম্মান দিন তোমাৰ খবৰ নাই!“
এনেকুৱা প্ৰত্যাখান আজিলৈ কিমান যে পাইছে তাই৷ কি নো কথা? তাইৰ দেউতাক অকালতে ঢুকাই তাইক আৰু মাকক নৰকসদৃশ জীৱন এটা দি থৈ গ’ল৷ সেয়া তাইৰ দোষ নহয়৷ ছালখন ক’লা কৰি ভগবানে দিছে৷ সেয়াও তাইৰ দোষ নহয়৷ নিজৰ দোষ নোহোৱাকৈ ভুগাইছে ভাগ্যই তাইক৷ সেই ভাগ্যক নস্যাৎ কৰি তাই জীৱনটো ভোগ কৰিব, লাগিলে তাইক ’বেয়া ছোৱালী’ বুলিয়েই মানুহে থু নেপেলাওক কিয়৷ সেই থু পেলোৱা মানুহঘৰৰ পুৰুষজনে অথবা আদৰৰ পুত্ৰই মনে মন তাইক গাড়ীত উঠাই লৈ ফুৰে, দেউতাকৰ ক’লা টকাই গৰম কৰি ৰখা পকেট তাইৰ ওচৰত উন্মোক্ত কৰি দিয়ে অথবা তাইৰ বাবে তথাকথিত সমাজৰ ভদ্ৰ “মাক-দেউতাক’ক ফাঁকি দিয়ে তেতিয়া তাই মনে মনে সেই ভদ্ৰতাৰ ওপৰত থু পেলায়৷ ফুটপাথত থকা কাপোৰৰ দোকানৰ টিৰ্পাল এখনৰ তললৈ গৈ তাই মোবাইলটো খৰ খৰকৈ স্ক্ৰল কৰিবলৈ ধৰিলে আন কাৰোবাৰ ফোন নম্বৰ বিচাৰি৷
★★★★