ফটাঢোল

কথাশিল্পী অতনু ভট্টাচাৰ্যৰ সৈতে অন্তৰংগ আলাপ

তেখেতৰ ব্যাপ্তি এজন সু-লেখক হিচাপে৷ এখন প্ৰতিষ্ঠিত আলোচনীৰ সম্পাদক, সাহিত্যৰ ধাৰাটোক পাঠকৰ আৰু অধিক ওচৰ চপাই নিয়া “গল্পকথা” নামৰ অনুষ্ঠানটোৰ স্ৰষ্টা৷ তেখেতৰ গল্প সংকলন “ওভটনি যাত্ৰা আৰু অন্যান্য গল্প”,”নীলাৰ কাৰণে অলপ ভালপোৱা”,”বৰষুণৰ চেতাৰ” “চেঁকুৰ”, “ৰঘূনাথ কাপোৰ পিন্ধা”ৰ পৰা কাব্য সংকলন “সহযোদ্ধা”, “অশ্লীল ৰাতিৰ কবিতা”, “জীৱনৰ ভগ্নাংশ”, আৰু “প্ৰাপ্তি অপ্ৰাপ্তি” লৈ প্ৰতিটো গল্প-কবিতায়ে জীৱন, সুখ-দুখৰ নিৰ্মোহ প্ৰতিফলিত ৰূপ৷ কথাশিল্পী শ্ৰীযুত অতনু ভট্টাচাৰ্যদেৱক লগ ধৰিছিলোঁ, তেখেতৰ জীৱন তথা সাহিত্য যাত্ৰা সম্পৰ্কে কিছু কথা জানিবলৈ৷

ফটাঢোল: নমস্কাৰ। কবি, গল্পকাৰ, গল্পকথক অতনু ভট্টাচাৰ্যৰ বিষয়ে কিছু কথা আপোনাৰ নিজৰ মুখেৰেই জানিবলৈ আজি সুযোগ পাইছোঁ, তাৰ বাবে ফটাঢোলৰ তৰফৰ পৰা ধন্যবাদ জনালোঁ। অলেখ কথাই পাতিবলৈ আছে।  প্ৰথমেই  আপোনাৰ লেখক জীৱনৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল শৈশৱ কাল সামৰি আমাক কওক।

অতনু ভট্ৰাচাৰ্য: মোৰ বোধেৰে  আচলতে কোনো লেখকেই সচেতনভাৱে, সজ্ঞানে নিজৰ যাত্ৰাটোৰ কথা ক’ব নোৱাৰে। তেওঁলোকে অনুমান কৰিব পাৰে। তেওঁলোকক সোধা কিছু প্ৰশ্নৰ উত্তৰত তেওঁলোকে ভাবে যে কোনোবা এটা বিন্দু তেওঁলোকৰ লেখাৰ আৰম্ভণি৷ কিন্তু এই কথাষাৰ মোৰ বৰ এটা বিশ্বাস নহয়। কাৰণ আমাৰ ভিতৰৰ যিটো সৃষ্টিশীল সত্তা বা প্ৰক্ৰিয়া, সেইটো কেৱল চেতন মনটোৰ পৰাই নহয়, আমাৰ অৱচেতন মনৰো কথা থাকে। কেতিয়া আমি কিবা এটা খেলিবলৈ ভাল পোৱা হ’লোঁ, কেতিয়া আমি কিবা এটা গোন্ধ ভালপোৱা হ’লোঁ, কোনটো মুহূৰ্তৰ পৰা আমি বিশেষ এবিধ সাহিত্য বা সংগীত ভালপোৱা হওঁ এই কথাবোৰ বৰ  স্পষ্ট কেতিয়াও নহয়। এইবোৰ মাত্ৰ ঘটি যায়। আৰু ঘটি যোৱাৰ বহুদিনৰ পাছত আমি আৱিষ্কাৰ কৰোঁ যে এইটো বিষয় আমি ভালপাবলৈ লৈছোঁ। বহু বিষয় আমি শৈশৱ বা কৈশোৰত ভালপোৱাৰ পিছতো যে এটা বা দুটা বিষয়ত আমি আগবাঢ়ি যাওঁ, তোমালোকে যি যাত্ৰাৰ কথা কৈছা সেই যাত্ৰাক আৰু বহুতো কাৰকে প্ৰভাৱিত কৰে। মানে মই ক’ব খুজিছোঁ যে মই এজন লেখক নহৈ গায়কো হ’ব পাৰিলোহেঁতেন। বহুকেইটা কাৰকে গোটেই কথাবোৰ নিয়ন্ত্ৰণ কৰে। গতিকে আচলতে মোৰ যাত্ৰাটো কেতিয়া আৰম্ভ হ’ল সেইটো মই নাজানো বুলি কোৱাটোহে সততাৰে কোৱা হ’ব। কিন্তু মই যদি মনত পেলাব খোজোঁ তেতিয়া মই এইটো কথা ক’ব পাৰিম যে শৈশৱতে কিতাপ ভাল পাইছিলোঁ আৰু কিতাপ ভাল পাবলৈ মোৰ কিছুমান সুবিধা আছিল। মই যিটো পৰিয়ালৰ পৰা আহিছোঁ- যদিও আমাৰ পৰিয়ালত কোনো লেখক নাছিল কিন্তু মা আৰু দেউতা দুয়োৰে পৰিয়াল কিতাপ পঢ়া মানুহৰ পৰিয়াল। আমাৰ ঘৰত আন একো নেথাকিলেও কিতাপৰ সমৃদ্ধি আছিল। গতিকে আমি কিতাপ চুই চাবলৈ জানিছিলোঁ, কিতাপৰ গোন্ধ পাইছিলোঁ, লেখকৰ নাম জানিছিলোঁ, কোনখন কিতাপ ভাল সেই কথা লাহে লাহে আমি গম নোপোৱাকৈ শুনা-নুশুনাকৈ ককা, মা দেউতাৰ পৰা গম পাইছিলোঁ। আৰু দেখিছিলো, বিশেষকৈ মাৰ পৰিয়ালত, অসমীয়াৰ লগতে বাংলা আৰু ইংৰাজী কিতাপ যথেষ্ট আছিল। আৰু সেই দুটা ভাষাৰ কিতাপ মানেই ইমান বেছি বৈচিত্ৰ্য। সেই সময়ত আমাৰ অসমীয়া ভাষাত কিতাপৰ পৰিমাণ আৰু বিষয়ৰ ভিন্নতা কম আছিল। সেই বিষয় বৈচিত্ৰ্যৰ কিতাপ দেখি ডাঙৰ হৈছোঁ। এই কথা ক’বলৈ ভাল পাওঁ যে তেনেই সৰু থাকোঁতে মোৰ  ককাদেউতা ৰবীন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে মোক শ্বিলঙত ষ্টেট চেণ্ট্ৰেল লাইব্ৰেৰীলৈ প্ৰায়ে লৈ গৈছিল। মোৰ জন্ম শ্বিলঙত, শৈশৱৰ এচোৱা তাতেই পাৰ হৈছিল। তেতিয়া শ্বিলং অসমৰ ৰাজধানী আছিল। লাইব্ৰেৰীত আমি বুজি নোপোৱা কিতাপো চুই চাইছিলোঁ। সেই যিটো কিতাপ এখন চোৱাৰ উন্মাদনা, ঘৰলৈ আহি কিতাপখনৰ বিষয়ে কথা পতাৰ উত্তেজনা সেইখিনি আজিও ৰোমন্থন কৰি ভাল পাওঁ। আৰু তাৰপিছত  হয়তো এদিন কিবা এটা লিখিবলৈ মন গ’ল, ছন্দ মিলাই কবিতা এটা লিখিলোঁ, কাৰোবাক দেখুৱালোঁ বা নেদেখুৱালোঁ তেনেকৈয়ে এটা যাত্ৰা হয়তো আৰম্ভ হ’ল। কিন্তু এটা স্পষ্ট বিন্দুৰ বিষয়ে ক’ব নোৱাৰিম।

ফটাঢোল: আপোনাক আমি কবি, গল্পকাৰ, গল্পকথক ৰূপত পাইছোঁ, শেহতীয়াকৈ ভ্ৰমণ কাহিনী লেখক হিচাপে দেখিলোঁ যদিও সেইখন কেৱল ভ্ৰমণ কাহিনী বুলি ক’লে ভুল কোৱা হ’ব৷ শৈশৱত আপোনাক সাহিত্যৰ কোনটো শাখাই প্ৰধানকৈ আকৃষ্ট কৰিছিল?

অতনু ভট্টাচাৰ্য: সেই কথাটো দুটা পৰ্যায়ত ভাগ কৰিব পাৰি। লেখক হিচাপে যিটো মোৰ ভূমিকা, সেইটোত ভালপোৱা-বেয়াপোৱা বেলেগ কথা কিন্তু পঢ়ুৱৈ হিচাপে শৈশৱৰ যিখিনি কথা মই অলপ আগতে ক’লোঁ সেই সময়খিনিত সাধাৰণতে এতিয়া কবিতা বুলি ক’লে যিবোৰ কবিতা আমি বুজোঁ তেনেধৰণৰ কবিতা বুজাৰ বয়স আমাৰ হোৱা নাছিল। গতিকে সাধুকথা, গল্প সেইবোৰ ভাল পাবই লাগিব। বিশেষকৈ মোৰ ককাদেউতাই খুব সুন্দৰ গল্প  কৈছিল। তেখেতৰ কথনশৈলী এতিয়াও মোৰ কাণত বাজি থাকে। গতিকে তেওঁ আমাক সেই লোভবোৰ লগাই দিছিল যে কি পঢ়িব লাগে, কি চাব লাগে, কি শুনিব লাগে। গল্পৰ প্ৰতি খুব আগ্ৰহী আছিলোঁ। গল্প মানে সাধু কথা, আমাৰ নিজৰে বুঢ়ী আইৰ সাধু, পঞ্চতন্ত্ৰৰ সাধু, জাতকৰ সাধু, দেশবিদেশৰ সাধু, এণ্ডাৰছনৰ গল্প, আৰব্যৰ এহেজাৰ এনিশাৰ সাধু, গ্ৰীমৰ সাধু, বত্ৰিশ পুতলাৰ সাধু আমি একো এৰা নাছিলোঁ।সেই সময়খিনি এনেকুৱা আছিল যে মোৰ সমসাময়িক  ল’ৰা-ছোৱালীখিনিয়ে কমিকছ্ পঢ়িছিল। ফেণ্টম, মেনড্ৰেক, লোথাৰ আমাৰ শৈশৱক চহকী কৰা এই উপাদানে আমাক কল্পনাৰ জগত এখন গঢ়াত সহায় কৰিছিল। গুহাত থকা এজন বীৰ ফেণ্টমে যিকোনো সময়তে ঘোঁৰাত উঠি আহি কাৰোবাক উদ্ধাৰ কৰিব পাৰে। বীৰোচিত কথাবোৰ। আমি ফেণ্টমৰ দৰে হ’বলৈ বিচাৰিছিলোঁ। সেই কথাবিলাক আছিল ছবিৰ মাজেৰে কোৱা গদ্য। এইবিলাকে আমাক খুব উদ্বুদ্ধ কৰিছিল আৰু মই ঘৰৰ বাকীসকলৰ লগত এই কাহিনীবোৰ আলোচনা কৰিছিলোঁ। ঠিক তেনেকৈ অমৰ চিত্ৰ কথা, চান্দমামাই আমাক আকৰ্ষণ কৰিছিল। ইংৰাজী ভাষাৰ আলোচনী কিছুমানে প্ৰবুদ্ধ কৰিছিল। তাৰপিছত সেই বয়সৰ ল’ৰাই যিমান গভীৰলৈ যাব পাৰে তেনে কিতাপ বিচাৰি বিচাৰি পঢ়িছিলোঁ। গোৱালপাৰা মোৰ নিজৰ ঠাই। মোৰ জীৱনৰ অধিকাংশ সময় তাতে কটাইছোঁ। গোৱালপাৰাৰ  জিলা পুথিভঁৰালত যথেষ্ট সংখ্যক কিতাপ সংৰক্ষিত হৈ আছিল। তাতে বহি প্ৰায়ে একোখন কিতাপ শেষ কৰি আন এখন ঘৰলৈ লৈ আনিছিলোঁ। সেয়া হ’ল সেই পঢ়ুৱৈ হিচাপে কিতাপ ভাল লগাৰ কথা। কিন্তু যেতিয়া লেখক হিচাপে মই এটা অপশ্যন ল’ব লগা হ’ল যে কোনটো দিশেৰে মই যাম, যদি মোৰ লিখিবলৈ মন যায় কোনটো শাখা বাচি ল’ম সেইটো দ্বিতীয় পৰ্যায়ৰ কথা। কিন্তু স্কুলত থাকোঁতে যেতিয়া মই  লিখিবলৈ লৈছিলোঁ মই লিখা প্ৰবন্ধ তিনিদিনীয়া অগ্ৰদূত, অসমবাণী আদি দুই এখন কাকতত প্ৰকাশ হৈছিল। কোনোবাই কোনোবাই মোক ডাঙৰ বয়সৰ মানুহ বুলি ভাবিছিল। মই যে নৱম শ্ৰেণীত পঢ়িছিলোঁ বহুতে গম পোৱা নাছিল বা গম পায়ো বিশ্বাস কৰা নাছিল। তাৰপিছত মই যেতিয়া কটন কলেজলৈ আহিলোঁ তেতিয়া কবিতা আৰু গল্প দুয়োটাই লিখিছিলোঁ। কিন্তু কেনেবাকে ক’ৰবাত কোনোবাই কবিতাৰ কথা বেছিকৈ পাতিবলৈ ল’লে, কবিতাৰ কথাবোৰ চালোঁ, ভাল লাগিল, সমৃদ্ধ হ’লোঁ। কিন্তু তাতো মই স্পষ্টকৈ নেজানো যে কিয় কবিতাৰ প্ৰতি আকৃষ্ট হ’লোঁ। চেতন মনটোৱে বহুত কথা নেজানে, অৱচেতন মনটোতে বহুত কথা থাকি যায়। তেনেকৈ কবিতা লিখিবলৈ ল’লো‍ঁ, বেছিকৈ পঢ়িবলৈ ল’লোঁ, কিন্তু লগতে নন ফিকশ্যন য’ত তথ্য পোৱা যায় তেনে প্ৰবন্ধ পঢ়িবলৈ খুব আগ্ৰহী আছিলোঁ। পৃথিৱীখনৰ ভূগোল বুৰঞ্জী ক’ত কেনেকৈ আছে সেইবোৰ জানিবলৈ সমান্তৰালভাৱে আগ্ৰহী আছিলোঁ। আমাৰ সাহিত্যত চুটিগল্প, উপন্যাস পোৱা গৈছিল। মন কৰিলোঁ যে এচাম ৰুচিবান পঢ়ুৱৈয়ে আৰু কিছু গধুৰ কিতাপ পঢ়ে। যেনে সৌৰভ চলিহাৰ গল্প সকলোৰে ঘৰত নাথাকে। কিন্তু সেইবোৰো যে পঢ়িব লাগে সেয়া কোনোবাই ক’ৰবাত ক’লে৷ পঢ়িলোঁ। লগতে মোৰ মামা ডা° ৰণেন চক্ৰৱৰ্তী– তেখেতে নিজেও ছায়ফিক গল্প লিখিছিল আৰু বিজ্ঞানকেন্দ্ৰীক প্ৰবন্ধ লিখিছিল আৰু কেতিয়াবা সৰু-সুৰা গল্প যেন লগা লেখা লিখিছিল। মূলত: তেওঁ বিস্ময়, ত্ৰিশূল আদি আলোচনীত লিখিছিল। বিজ্ঞান জেউতিতটো লিখিছিলেই। সেই মামাই মোৰ বাবে খিৰিকী এখন খুলি দিলে যিখনেৰে পৃথিৱীৰ বিভিন্ন সাহিত্যৰাজী দেখা পাবলৈ ল’লোঁ। মামাৰ ব্যক্তিগত লাইব্ৰেৰী আছিল। তাত যথেষ্ট কিতাপ আছিল। 

ফটাঢোল: প্ৰথম কবিতা ক’ত প্ৰকাশ পাইছিল? 

অতনু ভট্টাচাৰ্য: স্কুলৰ আলোচনীত ছপা হৈছিল কিন্তু নাম মনত নাই। কটনত পঢ়ি থাকোঁতে তাৰ আলোচনীতো ওলাল। কিন্তু মানবিশিষ্ট আলোচনী হিচাপে “প্ৰান্তিক”ত কটনত পঢ়ি থাকোঁতে প্ৰকাশ পাইছিল- ওলাইছিল, ৮৬-৮৭ চনৰ কথা। কবিতাটো মনত নাই, শিৰোনাম আছিল “পদাতিক”৷ “প্ৰান্তিক”লৈ পঠিওৱা প্ৰথম কবিতাটোৱেই  প্ৰকাশ হৈছিল। “প্ৰান্তিক”ৰ আগতে “ৰংঘৰ”ত ওলাইছিল কিন্তু “ৰংঘৰ”ক সেইসয়ত ছিৰিয়াছ সাহিত্য আলোচনী হিচাপে ধৰা হোৱা নাছিল।

অ’, তাৰ আগতে ছপা আখৰত বুলি ক’লে ৮৪-৮৫ চনত “দৈনিক অসম”ত ওলাইছিল। তেতিয়া মই ১৬/১৭ বছৰীয়া আছিলোঁ। তাৰো আগতে অষ্টম শ্ৰেণীত থাকোঁতে “তিনিদিনীয়া অগ্ৰদূত”ত প্ৰৱন্ধ লিখিছিলোঁ। কলেজৰ প্ৰতিযোগিতাবিলাকত যোগদান কৰিছিলোঁ। হোষ্টেলত থাকিলে যোগদানৰ ঢৌ একোটা আহে। মই গল্প প্ৰতিযোগিতাত যোগদান কৰি পুৰস্কাৰ পোৱা কিতাপ এখন এতিয়াও মোৰ লগত আছে৷  নামটো হ’ল “সমকালীন গল্প।” যিকি নহওক গল্পত পুৰস্কাৰ পালেও গল্প লিখা কামটো মই আগবঢ়াই নাথাকিলোঁ। ভাবিলোঁ আন কাম কৰিব লাগিব। কবিতাতে ভালকৈ মন দিলোঁ। ভালকৈ বুলি দাবী কৰিব নোৱাৰোঁ কিন্তু যি পৰিশ্ৰম কৰিলোঁ বহুবছৰলৈকে কৰি থাকিলোঁ। আৰু কবিতা লিখাৰ ষোল্ল বছৰমান পাছতহে মই গল্প লিখিছোঁ। মানে গল্পৰ দ্বিতীয় ইনিংছ তেতিয়াহে আৰম্ভ হ”ল।

ফটাঢোল: শৈশৱৰ কথা পাতি আছোঁ, ছন্দ মিলাই পদ্য লিখিছিলনে?

অতনু ভট্টাচাৰ্য: পদ্য লিখাটো ধেমালিৰ পৰ্যায়তে থাকি গ’ল। যিহেতু মনত পেলাই দিছা ক’বলৈ ভাল লাগিব যে বাতৰি কাককত প্ৰকাশৰ বাবে পদ্য লিখা নাছিলোঁ। মোৰ বন্ধুকেইজনক কেনেকৈ জোকাব পাৰোঁ তাৰ আহিলা হিচাপেহে পদ্য ব্যৱহাৰ কৰিছিলোঁ। মোৰ দুজনমান বন্ধুক ধেমেলীয়া শব্দৰে আক্ৰমণ কৰিব পৰাকৈ সকলো সৰঞ্জাম মোৰ লগত মজুত আছিল। আনকি মই বন্ধুক জোকাবলৈ কাৰ্টুনো আঁকিছিলোঁ। কমিকছ্ পঢ়ি আইডিয়াবোৰ আছিলেই। আঁকো আৰু সংলাপ দিওঁ। ছবি  বাগৰি বাগৰি গোটেই ক্লাছৰুম ঘূৰি আকৌ মোৰ কাষ পায়হি। খিৰিকীৰে বেলেগ শ্ৰেণীলৈও যায়৷ মানে মই কৰিব খোজা কামটো বিয়পি পৰে৷  আজিৰ দিনৰ ভাষাত ভাইৰেল হয়। এতিয়া বহু  বন্ধুৱে কথাবোৰ মনত পেলাই দিয়ে।

ফটাঢোল: আপুনি সৰুতে দুষ্ট আছিল নে মানে মাৰপিট কৰা ধৰণৰ? এনে কিবা দুষ্টালিৰ ঘটনা যিটো মনত পৰি আপোনাৰ আজিও হাঁহি উঠে।

অতনু ভট্টাচাৰ্য: মাৰপিট নকৰাকৈ দুষ্ট আছিলোঁ। কিন্তু দুষ্টামিবোৰ ক্ৰিয়েটিভ কামত লাগিলে ভাল হয়৷ নহয় জানো?  সদায় যিকোনো কামত দৃষ্টিভংগীত এটা দুষ্টামি থাকিব লাগে। যেনে এটা উদাহৰণ দিওঁ৷  যিটো কথা মই শিক্ষক হৈ থাকোঁতে কৰিছিলোঁ। কেতিয়াবা ক্লাছত সৰু সৰু ল’ৰা-ছোৱালীক ছবি আঁকিবলৈ দি সুধিছিলোঁ যে তেওঁলোকৰ কি আঁকিবলৈ মন যায়। তেওঁলোকে প্ৰায়ে কৈছিল যে প্ৰাকৃতিক দৃশ্য আঁকিব।  বেছিভাগে প্ৰাকৃতিক দৃশ্য বুলিলে পাহাৰ আৰু সূৰ্যটো আঁকে। মোৰ মনত দুষ্টামি এটা খেলাইছিল৷ সিহঁতক মই এনেকুৱা এটা প্ৰাকৃতিক দৃশ্য আঁকিবলৈ দিছিলোঁ য’ত পাহাৰ নাথাকিব। কিন্তু সিহঁত যে অভ্যস্ত নহয় সেই কথাটোৰ মজা ল’বলৈ মই সিহঁতক সেই কামটো কৰাইছিলোঁ। আৰু সেই কথাটোৰ ভাল ফল হ’ল যে সিহঁতে কথাটো নতুনকৈ ভাবিবলৈ শিকিলে। ইমানদিনে প্ৰাকৃতিক দৃশ্য বুলি ক’লে আমি অনেকেই একেটাই  ৰাস্তা বুলি ভাবি আছিলোঁ যে জোঙা জোঙা পাহাৰ থাকিবই লাগিব, সূৰ্যটো তাৰ মাজেৰে ওলাবই লাগিব।  কিন্তু সিহঁতে মোক সুধিলে পাহাৰ কিয় নেলাগে। মই সেই প্ৰশ্নটোকে সিহঁতে সোধাটো বিচাৰিছিলোঁ।  তেতিয়া মই কৈছিলোঁ যে পৃথিৱীত এনে বহুত ঠাই আছে , দেশ আছে য’ত পাহাৰ নাই। তাৰ ল’ৰা-ছোৱালীয়ে কি আঁকিব? ৰাজস্থানৰ বিশাল মৰুভূমিৰ বিস্তৃত অঞ্চল কেৱল বালি আৰু বালি। তাৰে প্ৰাকৃতিক দৃশ্য নহ’ব নেকি, সিহঁতক নতুন কথা এটা  ক’লোঁ। তাত আচলতে মোৰ দুষ্টামিয়েই আৰম্ভ হৈছিল। কিন্তু ই নতুন কথা, চিন্তা এটাৰ সূচনা কৰিলে।  

ফটাঢোল: তেতিয়া সিহঁতে কি আঁকিলে? 

অতনু ভট্টাচাৰ্য: পথাৰৰ আলি এটা, পদুম ফুলি থকা পুখুৰী এটা, ঘৰৰ ওপৰেদি গছ ওলাই থকা, গছৰ ডালত চৰাই  আঁকিলে। কেতিয়াবা বাল্টি এটা, ফুলদানি এটা আঁকিবলৈ দিয়া হয়৷ প্ৰায় সদায় একেধৰণেৰে নিৰ্দেশ থাকে৷ মই ক’লোঁ – বাল্টিটো পৰি আছে তলত, তেনেকৈ আঁকা। সিহঁতে এনেকৈ কৰি কৰি ইমান মজা পোৱা হ’ল যে আন শিক্ষক নাথাকিলে মোক তেওঁলোকৰ ক্লাছলৈ মাতি নিয়ে। আচলতে মোৰ ছাত্ৰ-ছাত্ৰীয়েও ধৰাবন্ধা নিয়মৰ পৰা আঁতৰি চিন্তা কৰাটো বিচাৰোঁ। সিহঁতেও কিছুমান নতুন কথা ভাবিবলৈ আৰম্ভ কৰে। মই আচলতে ভবাৰ ৰাস্তাটো দেখুৱাই দিওঁ।

ফটাঢোল: আপোনাৰ ভাল লগা কবিতাৰ প্ৰসংগলৈ আহোঁ। এই ধৰক আমি কবিতাৰ কথা পাতি আছোঁ, আপোনাৰ  কোনটো কবিতালৈ মনত পৰি যাব, বা এই মুহূৰ্তত  খিৰিকীৰে বাহিৰলৈ চাই দিলে কোনটো কবিতাই অগাদেৱা কৰিব ? 

অতনু ভট্টাচাৰ্য:  কবিতা! সংবেদনশীল মানুহৰ মনৰ ভিতৰত হয়তো বহুতো কবিতা সোমাই থাকে। ধৰা এখন গীটাৰ–  তুমি কোনডাল তাঁৰ চুই দিবা তাৰ ওপৰত নিৰ্ভৰ কৰিব সি কেনেকৈ বাজিব– টিংকৈ বাজি উঠিব নে টংকৈ বাজি উঠিব। কেতিয়াবা নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা মনত পেলাওঁ –

“আয়ে কৈছিল  জুই লৈ  নেখেলিবা/

জুয়ে যদি মোক লৈ খেলে /

মই কি কৰিম আই/”

…মাত্ৰ এইখিনি কথা। অথচ কি সুন্দৰ কবিতা! তেখেতৰ আৰু এটা মোৰ মনত পৰি থাকে,

“লাখুটিত ভৰ দি খুপি খুপি আইতা বিচাৰিছা কি/

মই বিচাৰিছোঁ মোৰ যৌৱনৰ মোৰ সপোনৰ সেই কুৰিটা বছৰ /

বাটৰ ধূলিত আছে কিজানিবা লীন………… 

হীৰুদাৰ কথাতো ক’বই নালাগে। ক’ত কবিতা ক’ত কিয় মনত পৰি থাকে। কিছুমান হয়তো শব্দৰে খেল, শব্দৰ বাবেই ভাল লাগে, অৰ্থটো বিচাৰিবলৈ মনেই নাযায়। এইটো শুনা-

“পিংগল প্ৰত্যুষৰ পল্লৱিত ভৰিৰ আলফুল খোজত মই সাৰ পাই গ’লোঁ/

প্ৰাৰ্থনাৰ প্ৰোজ্বল হাতেৰে কোনে খুলি দিলে মোৰ স্বপ্নৰ নীলিম দুৱাৰ।”

দুটা শাৰী মাত্ৰ। আৰু কিছুমান কবিতাতো  মানুহৰ মুখে মুখে 

“তুমিতো জানাই এই কবিৰ আৰু একো নাই …” এইবোৰ কবিতা। 

“জুইফুলজোপা চুই দিওঁতেই খিলখিলাই উঠিল/ তোমাৰো যে কথা/ 

ৰুমালেৰে বান্ধি নিবা আবেলিৰ কবিতা।”

পাবলো নেৰুদাৰ কবিতা, গালিবৰ কবিতা, ৰুমিৰ কবিতা… গোটেই পৃথিৱীখনৰ ক’ত ক’ত কেনেকুৱা কবিতা। কি কি পৰিস্থিতিত লিখা হৈছিল। এইবোৰ একো একোডাল গীটাৰৰ তাঁৰ বা চেতাৰৰ তাঁৰেৰে যেন সংযুক্ত হৈ থাকে। ওহোঁ, চেতাৰ বুলি নকওঁ সন্তুৰ বুলি ক’ম। এশডাল তাঁৰ আছে৷

ফটাঢোল: আপোনাৰ নতুন কবিতা বহুদিন পঢ়া নাই, বা আপুনিও লিখা নাই৷ কবিতাৰ যাত্ৰাটো কৰবাত স্তব্ধ হৈ ৰৈ গ’ল নেকি?

অতনু ভট্টাচাৰ্য: কবিতাৰ যাত্ৰা বুলিলে আমি প্ৰকৃততে কি বুজোঁ!  মই কথাটো আৰু অলপ গভীৰভাৱে বিশ্লেষণ কৰি ভাল পাওঁ৷ এজন কবিৰ যি সংবেদনশীলতা সেয়া আমি আমাৰ সাহিত্যৰ যাত্ৰাটোত বহন কৰিছোঁনে নাই৷ ধৰা এজন খুব ভাল কবিতা লিখা মানুহ, কিন্তু সাম্প্ৰতিক সময়ত তেওঁ এখন অত্যন্ত বেয়া জগতত সোমাই পৰিছে৷ তেওঁ হয়তো দালালী কৰিছে, ৰাজনৈতিক বাবে প্ৰতিপত্তিশীল হৈ অনৈতিক কাম কৰিছে, মিডিয়াৰ প্ৰভাৱশালী ব্যক্তি, চিণ্ডিকেটৰ হোতা৷ তেওঁৰ হয়তো কবিতা ছপা হৈ আছে৷ এই ক্ষেত্ৰত মানুহজনে কিন্তু কবি সত্তাটোক বহন কৰি ফুৰা নাই, তেওঁৰ যাত্ৰাটো তাতেই শেষ হৈ গৈছে৷ কিন্তু ইয়াৰ বিপৰীতে যদি মানুহজনে কবিতা লিখা নাই কিন্তু সত্তাটোক বহন কৰি আছে, তেন্তে তেওঁৰ যাত্ৰাটো প্ৰবহমান বুলি ক’ব পৰা যায়।মই অন্তত: এনেকৈয়ে বিশ্বাস কৰোঁ৷ যদি সেই  সত্তটোক বহন কৰি থকা যায়, পৰৱৰ্তী পৰ্যায়ৰ যিবোৰ সৃষ্টিশীল কাম- লাগিলে কবিতা নহওঁকেই, অন্য কামতো সেই সত্তাটোৰ প্ৰতিফলন দেখা যাব৷ আজি মই গল্প এটা লিখোঁতে, গল্পৰ চৰিত্ৰবোৰ নিৰ্বাচন কৰোঁতে শব্দৰ বাছনি, চিন্তাৰ বাছনি আদিৰ যোগেদি নিজৰ সত্তাটো বহন কৰি আছোঁ নে নাই পৰীক্ষা কৰি চাব পাৰোঁ৷ মই তেনেকৈয়ে নিজৰ মাজত থকা কবিজনক জীয়াই ৰাখিছোঁ৷ আমি যেতিয়া ক’ৰবাত ভ্ৰমণ কৰিবলৈ যাওঁ, তেতিয়া সেই ঠাইখন চোৱা, মানুহ এজনক চোৱা, মূৰ্তি এটা চোৱাৰ পৰিক্ৰমাটো আমি কবি সত্তাটোত বহন কৰি থাকোঁ৷

 

ফটাঢোল: জীৱনৰ পৰা আপুনি কি বিচাৰে? আপুনি আজি কথা প্ৰসংগত যিটো  কঢ়িয়াই ফুৰাৰ ধাৰণাৰ কথা  ক’লে তাৰ আধাৰত সুধিছোঁ, বৈষয়িক ধাৰণাৰ পৰা আঁতৰি।

অতনু ভট্টাচাৰ্য: (এক মুহূৰ্ত ৰৈ) জীৱনৰ পৰা কি বিচাৰোঁ…ও সেইটো মই লিখিছোঁ… হয়, মইতো লিখিয়েই পেলাইছোঁ আৰুনো কি ক’ম… মই লিখা  কবিতাটোৱেই

আপোনাৰ পৰা মইনো কি বিচাৰোঁ

আপোনাৰ ৰাহি হোৱা অকণমান সুখ

আপোনাৰ বাহী হোৱা এটুপি চকুলো

আপুনি মিচিকিয়াই হাঁহোতে বিৰিঙি উঠা

এচেৰেঙা ৰ’দ

আপুনি উচুপি উঠোঁতে সৰি পৰা অলপ বৰষুণ

সেইখিনিৰ কাৰণেই মোৰ ইমান লৰা-ঢপৰা

সেইখিনিৰ কাৰণেই মোৰ ইমান হাঁহাকাৰ

তাৰ বাহিৰে মইনো কি বিচাৰি আমনি কৰিম

আপোনাক

আপোনাৰ হেৰাই যাব খোজা এটা 

দুপৰীয়াৰ স্মৃতি

কথা দি কথা নৰখা এটা ৰাতিৰ সপোন

সেইখিনি পালেই মই উভতি আহিব পাৰোঁ

সেইখিনি পালেই সাজিব পাৰোঁ

মোৰ জীৰ্ণ সপোনৰ ঘৰ

ফটাঢোল: অৰ্থাৎ সাহিত্যৰ দৃষ্টিৰে সৃষ্টি গল্প বা কবিতা যিয়েই নহওক, আপুনি বহন কৰি থকা সত্তাটো কবি সত্তা! আপোনাৰ যি উৎপত্তি সেয়া কবি সত্তা বুলি ক’ব পাৰি৷

অতনু ভট্টাচাৰ্য: উৎপত্তি বা আৰম্ভণি বুলি আমি ঠিক ক’ব নোৱাৰোঁ কাৰণ তোমালোকে যদি মন কৰা দেখিবা মোৰ বহু কবিতাত, সি নামত যদিও কবিতা, ভিতৰত সৰু সৰু গল্প একোটা আছে৷ “আপোনাৰ পৰা মইনো কি বিচাৰোঁ” শীৰ্ষক যিটো কবিতাৰ প্ৰসংগ উত্থাপন কৰিলা, সেই সৰু কবিতাটো কিয় তোমালোকৰ ইমান ভাল লাগে! যদি ভালকৈ ভাবি চোৱা, তেতিয়া দেখিবা সেই কবিতাটো পঢ়িলে তোমালোকৰ মনলৈ কিছুমান চৰিত্ৰ, কিছুমান সময়, কিছুমান দৃশ্য  মনলৈ আহে৷ তোমালোকে “ভিজুৱেলাইজ” কৰিব পাৰা৷ সেইটো এটা গল্পৰ কাব্য ৰূপ৷ গতিকে মই মূলত: এজন গল্প কোৱা মানুহ৷ গল্প কৈ ভাল পাওঁ৷

ফটাঢোল: আপোনাৰ “আপোনাৰ পৰা মইনো কি বিচাৰোঁ” কবিতাটো লিখাৰ কিবা পটভূমি আছিল নেকি?

অতনু ভট্ৰাচাৰ্য: আচলতে সেই একেই কথা। কবিতাৰ যিটো নিৰ্মাণ প্ৰক্ৰিয়া সেইটো স্পষ্ট নহয়। এইটো অকল মোৰ বাবেই সত্য নহয়, হীৰেন ভট্টাচাৰ্যৰ বাবেও সত্য, ৱৰ্ডছৱৰ্থৰ বাবেও সত্য। কবিতাৰ ঘটনাটো অলৌকিক ধৰণৰ। কেৱল মই এইখিনিলৈকে বুজি পাওঁ যে এজন মানুহে নিজকে ‘টিউনিং’ কৰি ৰাখিব লাগে। ‘টিউনিং’ কৰি ৰাখিলে ক’ৰবাত আঙুলি এটা লাগিলেই সুন্দৰ ঝংকাৰ এটাৰ সৃষ্টি হ’ব। ‘টিউনিং’ কৰা নাথাকিলে বেসুৰা, কৰ্কশ কিবা এটা ওলাব। গতিকে এজন সৃষ্টিশীল মানুহে নিজকে ‘টিউনিং’ কৰি ৰাখিব লাগে যাতে তেওঁৰ ভিতৰলৈ যদি সুৰ এটা আহে সেই সুৰটো ধৰি ৰাখি গান এটা কৰিব পাৰে। যদি শব্দ কেইটামান আহে ধৰি লৈ কবিতা কৰিব পাৰে। এটা ভাব যদি আহিছে, সেইটো ধৰি থৈ গল্প কৰিব পাৰে। এটা যদি মুদ্ৰা আহিছে তেন্তে  নৃত্যৰ লয়লাস ভংগী আনিব পাৰে। ‘টিউনড’ হৈ নাথাকিলে কোনো কবি হ’ব নোৱাৰে। খুব বেছি পৰিশ্ৰম কৰি, ঘঁহি মাজি এইবোৰ কাম কৰা নাযায়৷ এইটো অনবৰতে চলি থকা প্ৰক্ৰিয়া। প্ৰশিক্ষণৰ দ্বাৰা কোনো লেখক হ’ব নোৱাৰে। যদি হ’লহেঁতেন, সাঁতোৰ শিকা স্কুলৰ দৰে এইধৰণৰ কিছুমান স্কুল থাকিলেহেঁতেন। ছবি আঁকিবলৈ শিকোৱা স্কুল অলিয়ে গলিয়ে থাকে। কিন্তু এখন চহৰত বিশ-ত্ৰিশ বছৰত পাঁচজনমানহে চিত্ৰশিল্পী ওলায়। গতিকে কোনো ট্ৰেইনিঙে কাকো ভাল গায়ক, নৃত্যশিল্পী, চিত্ৰশিল্পী কৰিব নোৱাৰে, লেখকটো সৃষ্টি কৰিব নোৱাৰেই। বাকীবোৰ শিকাবলৈ পাঠ্যক্ৰম থাকে, নিৰ্দিষ্ট কৌশল থাকে কিন্তু এইবোৰত তেনে একো নেথাকে। এটা কথা হ’ব পাৰে – ‘টিউনড’ হৈ থকা মানুহ এজনে সজ্ঞানে আনে শিকোৱালৈ ৰৈ নাথাকি নিজে চাব জনা হয়; গছ, ফুল, লতা, নদী, মানুহ, নৰ্দমা… চাব জনা হয়। এই গোটেইখিনি যদি তেওঁ চাব জনা হয়, তেওঁৰ যদি দৃষ্টিটো নিৰ্মাণ হয়, তেনেহ’লে তেওঁ সেই প্ৰক্ৰিয়াটো চলাই নিব পাৰিব।

ফটাঢোল: গল্পকথাৰ ধাৰণাটো কেনেকৈ আহিল? মূলত: কেনেধৰণৰ গল্প আপোনালোকে বাছনি কৰি আহিছে?

অতনু ভট্টাচাৰ্য: গল্পকথাৰ আৰম্ভণি কৰিছিলোঁ ২০০৭ চনত। অৱশ্যে সেয়া আছিল মঞ্চত গল্প কোৱা। কিন্তু সেই যে মই অলপ আগতে কৈছিলোঁ মূলত: মই এজন ষ্ট’ৰী টেলাৰ- গল্পকথক। মই এজন গল্প কোৱা মানুহেই আচলতে। অ’, তাতো এটা কথা আহে, মোৰ এই কথাটোত এনেকুৱা এটা সুৰ ফুটি উঠিব পাৰে যেন মই খুব ভাল গল্প কোৱা মানুহ। সেইটো মই বুজোৱা নাই, কিন্তু মই এজন গল্প কোৱা মানুহ। বন্ধুমহলত যেতিয়া গল্প কওঁ বা সৰু-সুৰা কিছুমান কথা কওঁ তেতিয়া সেইখিনি কথা তেওঁলোকে আকৌ এবাৰ শুনিবলৈ বিচাৰে৷ সেইবোৰ আছিল কিছুমান পৰোক্ষ উৎসাহ।

ফটাঢোল: মানে বন্ধুমহলে আপুনি কথা ক’লে ভাল পায় বুলি গম পাইছিল।

অতনু ভট্টাচাৰ্য: হয়, এই যেনেকৈ আধা কেঁচেলুৱাকৈ জ্যোতি সংগীত গোৱা সৰু ছোৱালী এজনীক মানুহে কৈ কৈ জ্যোতিসংগীত গোৱা কৰি দিয়ে ঠিক মোকো তেনেকৈ (হাঁহি হাঁহি) গল্প ভাল কোৱা বুলি কৈ কৈ গল্প কোৱা মানুহ  কৰি পেলালে৷ সেইটো  এটা কথা হ’ব পাৰে। ২০০৭ চনত এদিন মই এজন বিদেশী লেখকৰ সৈতে  কথা পাতি আছিলোঁ। তেওঁ মোক ক’লে –  “you speak very well” মানে “তুমি কথা ক’লে ‘এডিট’ কৰাৰ দৰকাৰ নাই। কথাখিনি পোনে পোনে ‘প্ৰিণ্ট’ কৰিব পাৰি” বুলি ক’লে। তেতিয়া মই তেওঁক ক’লোঁ যে ভৱিষ্যতে এনেকুৱা হ’ব পাৰে যে মোৰ যদি চাকৰি-বাকৰি একো নেথাকে, মই ৰাস্তাত গল্প কৈ উপাৰ্জন কৰিব পাৰিম। ষ্ট্ৰীট পাৰ্ফৰ্মাৰ থাকে যে, কোনোবাই গীটাৰ এখন লৈ বজাই থাকে। তেতিয়া তেওঁ ক’লে যে ৱেলচ নামৰ দেশখনত তেনেকৈ ৰাষ্টাত গল্প কোৱা মানুহ আছে। তেতিয়া মই ক’লোঁ যে তেনেহ’লে কামটো আৰম্ভ কৰিব পাৰি। যদিও ৰাষ্টাত গল্প কোৱা কামটো আৰম্ভ কৰা নাই, মঞ্চত গল্প কোৱা কামটো তেনেকৈ আৰম্ভ কৰি পেলালোঁ। আৰম্ভণিটো অলপ আকস্মিক আছিল। কৰোঁ বুলি কৰা নাছিলোঁ। মঞ্চত ভাষণ দিবলৈ মাতিছিল। কিন্তু মোৰ ভাষণৰ আগত চাৰিজনমান ভাষণ দিয়া মানুহ আছিল আৰু প্ৰত্যেকজনে দীঘলীয়া ভাষণ দিছিল। দৰ্শক উঠি যাবলৈ ওলাইছিল৷ প্ৰত্যকেই প্ৰায় এঘণ্টাকৈ ভাষণ দিছিল। ময়ো যিহেতু মঞ্চত আছোঁ, দুআষাৰ নক’লেই নহয় বাবে ক’বলৈ লৈ  তেতিয়া মই ভাবিলোঁ যে মই এটা গল্পই ক’ম। আৰু দেখিলোঁ যে যিখিনি মানুহ উঠি যাবলৈ ওলাইছিল তেওঁলোকে গল্পটো শুনিলে৷ আৰু তেতিয়াই মোৰ মনত  ‘ক্লিক’ কৰিলে যে মই মঞ্চত গল্প ক’ব পাৰিম।

ফটাঢোল: ২০০৭ ৰ পৰা গল্পকথাৰ কিমানটা অনুষ্ঠান কৰিছে?

অতনু ভট্টাচাৰ্য: মোৰ আৰু মিতালী দে’ৰ গল্পকথাৰ যুগলবন্দী অনুষ্ঠানটোৱে ২০২২ চনৰ ১৮ ফেব্ৰুৱাৰীত ৫১ নম্বৰ সংখ্যা স্পৰ্শ কৰিলে। ৫০ নম্বৰটো হৈছিল গোলাঘাটৰ দৈগ্ৰোঙত। মিতালীৰ আগতে মই অভিনেত্ৰী ৰুণু দেৱী ঠাকুৰৰ সৈতে পৰিৱেশন কৰিছিলোঁ। ২০০৭ চনত  আৰম্ভণি হৈছিল চতিয়াত। মিতালীৰ লগত  মই ২০১৪ চনৰ পৰা পৰিৱেশন কৰি আহিছোঁ।

ফটাঢোল: গল্পকথা কৰি আহোঁতে কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে?

অতনু ভট্টাচাৰ্য: সময় মিলোৱাটো বৰ ডাঙৰ কথা। কাৰণ আমাৰ দুয়োৰে আন কৰ্মব্যস্ততা আছে, মোৰ চাকৰি আছে৷ সেয়া চম্ভালি লৈহে গল্পকথাৰ অনুষ্ঠান কৰোঁ। বিশেষকৈ মিতালীয়ে তেওঁৰ সংসাৰ সামৰি উঠি যুক্ত হয়। মিতালীৰ বাবে এইটো বেছি কঠিন কাম।

ফটাঢোল: মানুহৰ ৰুচি সলনিৰ ক্ষেত্ৰত আপোনালোকে কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি? যেনে ধৰক ইণ্টাৰনেটৰ বহুল ব্যৱহাৰে বহু কথা সহজ আৰু সুলভ কৰি তুলিছে।

অতনু ভট্টাচাৰ্য: নাই হোৱা। YouTube-ৰ কথাটো সম্পূূৰ্ণ বেলেগ। তেওঁলোকে তথ্যতো দিয়েই লগতে ভিউৱাৰ্চ অৰ্থাৎ দৰ্শকৰ সংখ্যাৰ ওপৰত তেওঁলোক যথেষ্ট নিৰ্ভৰশীল। কিন্তু আমি আমাৰ দৰ্শকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰশীল নহয়। আমাৰ অনুষ্ঠান এটা ৪০/৫০ জন দৰ্শকৰ আগত দাঙি ধৰিব পাৰিলেও হৈ যায়। হয়, আমি বিভিন্ন প্ৰান্তত কৰাৰ কথা ভাবিছোঁ কিন্তু YouTube-ত কৰাৰ কথা ভবা নাই। মানুহক বৰং মবাইল ফোনটোৰ পৰা আঁতৰত ৰাখিবলৈ বিচাৰিছোঁ। কিছুদিনৰ আগতে ড: হীৰেন গোঁহাই ছাৰে মোক সুধিছিল “তোমালোকৰ অনুষ্ঠানবোৰ YouTube-ত চাব পাৰি নেকি?” 

মই ক’লোঁ, “ছাৰ নোৱাৰি।”

ছাৰে সুধিলে, “কিয়?” 

মই ক’লোঁ, “ছাৰ, মই মানুহক ম’বাইলৰ পৰা আঁতৰাবহে খুজিছোঁ।” 

ছাৰে ক’লে, “বৰ ভাল কাম কৰিছা৷”

মানে তেখেত যে সন্তুষ্ট হ’ল সেইটোকে মোক ক’লে৷ মই ভাবোঁ, YouTube-ৰ যোগেদিও বহুত ভাল অনুষ্ঠান চাব পাৰি। কিন্তু জীৱনটো YouTube সৰ্বস্ব হৈ যাব নেলাগে। YouTube, Facebook-ৰ বাহিৰতো যে এখন পৃথিৱী আছে, মানুহে যে ওচৰৰ পৰাও এটা অনুষ্ঠান চাব পাৰে সেইটো বহুত দৰকাৰী কথা। গল্পকথা কওঁতে চৌপাশে যিটো পৰিৱেশ ৰচনা হয় সেয়া মানুহৰ বাবে বহুত দৰকাৰী কথা।

ফটাঢোল: গল্প কথাৰ ক্ষেত্ৰত আৰু কি  পৰিকল্পনা আছে?

অতনু ভট্টাচাৰ্য: গল্প কথাৰ ক্ষেত্ৰত আমি প্ৰায়ে কিছুমান নতুন নতুন কথা ভাবি থাকোঁ আৰু কৰিও থাকোঁ। ইটানগৰত গল্পকথা পৰিৱেশন কৰোঁতে মঞ্চত এগৰাকী অৰুণাচলী লেখিকাক তেওঁৰ গল্প এটা তেওঁৰ কণ্ঠেৰে পাঠ কৰালোঁ। আৰু তেওঁ আৰু মই  মিলি ড: ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্প এটা ইংৰাজীত ক’লোঁ। এই গোটেই কথাটোত বেলেগ ধৰণৰ কেইবাটাও কথা সোমাই পৰিল। এটা সাংস্কৃতিক বান্ধোনৰ কথা আছে, দুখন চুবুৰীয়া ৰাজ্যৰ ভাষা-সংস্কৃতিৰ বিনিময়ৰ কথা আছে। ঠিক তেনেকৈ দুবছৰমানৰ আগতে  ডিফুত গল্পকথাৰ মঞ্চত এগৰাকী কাৰ্বি লেখিকাই কাৰ্বি লোককথা কৈছিল। তেনেকুৱা ধৰণৰ আৰু আয়োজন  কৰা হ’ব। কোকোৰাঝাৰৰ ফালে বড়ো অধ্যুষিত অঞ্চলত বড়ো ভাষাকো গল্পকথাৰ মঞ্চলৈ অনাৰ কথা-বতৰা চলি আছে৷  দ্বিতীয়তে, ইমান দিনে আমি অসমীয়া ভাষাতে দেশ-বিদেশৰ গল্প কৈ আহিছোঁ। লাহে লাহে দেখিছোঁ আমি বেলেগ ভাষাতো গল্পকথা ক’ব লাগিব। কাৰণ ইটানগৰত আমি গল্পকথা অসমীয়া, হিন্দী, ইংৰাজী তিনিওটা ভাষাত কৰিছোঁ। আমি লক্ষ্য কৰিছিলোঁ তাৰ  নৱপ্ৰজন্মই অসমীয়া নাজানে  বা জানিলেও কাম চলাব পৰাকৈহে জানে। 

ফটাঢোল: নিজৰ গল্প কওঁতে অধিক স্বাচ্ছন্দ্য অনুভৱ কৰে নেকি?

অতনু ভট্টাচাৰ্য: নকৰোঁ। সাধাৰণতে মই নিজৰ গল্ল নকওঁ। ক’লেও স্বাচ্ছন্দ্য অনুভৱ একেবাৰে নকৰোঁ। অতি শেহতীয়াকৈ “ৰঘূনাথ, কাপোৰ পিন্ধা” গল্পটো মিতালী দে’ৰ হেঁচাত ক’বলগীয়া হ’ল। প্ৰথমতে অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে মোক ক’লে “এই গল্পটো য’দি আপুনি এতিয়া নকয় কেতিয়া ক’ব? বিশেষকৈ ৰঘূনাথ কাপোৰ পিন্ধা গল্পটো মঞ্চতে কোৱা উচিত।” তাৰ ঠিক পিছতে আমি ডিফুলৈ যাওঁতে ক’লোঁ। আৰু তাৰপিছত বৰপেটাত আৰু  আন কেইবাঠাইতো কোৱা হৈছে।  

ফটাঢোল: এনেকুৱা হৈ গৈছে যে গল্পকথাই পাঠক সৃষ্টিত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। গল্পবোৰ শুনি কিতাপখন কিনি পঢ়িবলৈ বিচৰা পাঠক ওলাইছে।

অতনু ভট্টাচাৰ্য: হয়, নিশ্চয় তেনেকুৱা হৈছে। তপন দাসৰ কেইবাটাও গল্প আমি কৰিছোঁ। অভিনেতা তপন দাসক জনা বহুতে নাজানিছিল যে তপন দাস এজন ভাল গল্পকাৰ। গল্পৰ খবৰ ৰখাসকলে অৱশ্যে জানিছিল। কিন্তু মই আচৰিত হৈছিলোঁ যে আমাৰ বহুত লেখকেও নাজানিছিল। এটাৰ পাছত এটা ভাল গল্প আমি কওঁতে কওঁতে লেখকসমাজৰো বহুতে আচৰিত হৈ কৈছিল – “ইমান ভাল গল্প !” এই কথাটোৱে তপন দাসৰ গল্পৰ কিতাপৰ সমাদৰ বঢ়াত নিশ্চয় সহায় কৰিছে। আৰু আমি যিহেতু মহাবিদ্যালয়সমূহত অনুষ্ঠান কৰোঁ, ছাত্ৰ-ছাত্ৰীসকলে আমাৰ গল্পকথাৰ পৰা নতুন কিতাপ কিনিবলৈ আগ্ৰহী হয় বুলি জনায়। কাণৈ মহাবিদ্যালয়ত এবাৰ আমি গল্পকথাৰ দ্বিতীয়টো প্ৰদৰ্শনী কৰিবলগীয়া হৈছিল। তাতে ছাত্ৰ ইউনিয়নৰ এজন কৰ্মকৰ্তাই  অনুষ্ঠান শেষ হোৱাৰ পাছত মাইক্ৰ’ফ’নৰ সন্মুখলৈ আহি অংগীকাৰ কৰিছিল যে ইমান দিনে কিতাপ নপঢ়ি তেওঁ যি ভুল কৰি আহিছে সেয়া তেওঁ শুধৰাব আৰু কিতাপ পঢ়িব। আচলতে এইবোৰ কথাই গল্পকথাৰ যাত্ৰা আগবঢ়াই নিছে।

ফটাঢোল: এক মুহূৰ্তও নোলোৱা কৈ ভাললগা গল্প বুলি ক’লে কোনটো গল্পৰ কথা মনলৈ আহিব? 

অতনু ভট্টাচাৰ্য: মই কেতিয়াও সেইটো প্ৰশ্নৰ উত্তৰ নিদিওঁ। মোক য’দি কোনোবাই সোধে মোৰ কোনবিধ  ফুল ভাল লাগে, তেতিয়াও মই সহজতে উত্তৰ দিব নোৱাৰোঁ। গোলাপ ফুল  ভাল লাগে; শেৱালি বেলেগ ধৰণেৰে ভাল লাগে, কিন্তু ভাল লাগে। গোলাপৰ ভাল লগাক মই শেৱালিৰ ভাল লগাৰ সৈতে তুলনা কৰিব নোৱাৰোঁ। কেতিয়াবা এটা গল্পৰ লগত অকলে অকলে কান্দিও ভাল লাগে। আকৌ কেতিয়াবা যে গল্পই এটা সুৰসুৰণি তোলে সেই সুৰসুৰণিটো ভাল লাগে৷ গল্পকথাৰ আখৰা কৰোঁতে কেতিয়াবা আমাৰ চকুপানী ওলায়, মাতটো লাগি ধৰে।

ফটাঢোল: আমি আপোনাৰ “জীৱনৰ ভগ্নাংশ” পঢ়িছো,”নীলাৰ কাৰণে অলপ ভালপোৱা” পঢ়িছো৷ শেহতীয়াকৈ “ৰঘূনাথ কাপোৰ পিন্ধা” আৰু “বিষ্ণু মহন্ত আৰু কেইজনমান অচিনাকি মানুহো” পঢ়িছোঁ৷ অতনু ভট্টাচাৰ্যৰ যিকোনো লেখা, সেয়া গল্পই হওক বা প্ৰেমৰ কবিতায়ে হওক, পাঠকে যেন চৰিত্ৰসমূহৰ লগত কথোপকথন কৰাৰ সুযোগ পায়৷ এই যে কথোপকথনৰ ভংগীমা সেয়া “নীলাৰ কাৰণে অলপ ভালপোৱা”ৰ পৰা “ৰঘূনাথ, কাপোৰ পিন্ধা”লৈ অলপ পৰিৱৰ্তন হৈছে৷ আপোনাৰ নিজস্ব অনুভৱ কেনে এইক্ষেত্ৰত৷ 

অতনু ভট্টাচাৰ্য: সামান্য পৰিৱৰ্তন হোৱাটো খুব ভাল কথা নহয়৷ যথেষ্ট পৰিৱৰ্তন হ’ব লাগিছিল৷ সকলো লেখকৰে উত্তৰণ হোৱা উচিত৷ মই “নীলাৰ কাৰণে অলপ ভালপোৱা” যি ধৰণে লিখিছিলোঁ, সেইটো ক’ৰবাত, আন গল্পৰ ক্ষেত্ৰত সলনি হ’ব লাগিব৷ দ্বিতীয়তে গল্পৰ ক্ষেত্ৰত এটা কথা খুব গুৰুত্বপূৰ্ণ৷ বিষয়টোৱে এটা শৈলী নিৰ্ধাৰণ কৰে। “নীলাৰ কাৰণে অলপ ভালপোৱা” গল্পটোত, নীলা নামৰ এজনী অন্ধ ছোৱালীৰ যি হাঁহাকাৰ, তাই দেখা নোপোৱাৰ বাবে তাইৰ যি আৱেগ, সেইটোক গল্প হিচাপে লিখিবলৈ মই যি ভাষা প্ৰয়োগ কৰিছিলোঁ সেই ভাষাৰে বা সেই শৈলীৰে ৰঘূনাথ নামৰ চৰিত্ৰটোক লিখা নাযায়৷ ৰঘূনাথ নামৰ চৰিত্ৰটো লিখোঁতে তাৰ যি আয়োজন, সেইটোৰ বাবে বিশাল পটভূমিৰ আৱশ্যক । 

ফটাঢোল: অসমীয়া সাহিত্যজগতত ব্যংগ সাহিত্যৰ চৰ্চা খুব কম হোৱা সম্পৰ্কত আপুনি কি ক’ব? আপোনাৰ “ৰঘূনাথ কাপোৰ পিন্ধা গল্পটো” আপুনি ছিৰিয়াছ ব্যংগ সাহিত্যৰ ভিতৰত পৰিব বুলি ভাবেনে?

অতনু ভট্টাচাৰ্য: বেজবৰুৱাই তেওঁৰ লেখাৰ মাজেৰেই কৈ গৈছে যে অসমীয়া মানুহে হাঁহিব নেজানে। অৱশ্যে ব্যংগটো এনে এটা বস্তু য’ত মানুহে খোলাখুলিকৈ হঁহাৰ প্ৰয়োজন নাই। এটা সৰু সুৰসুৰণি তুলিও তাৰ মাজেৰে যথেষ্ট ছিৰিয়াছ কথা ভবাৰ সুবিধা আহে। “ৰঘূনাথ, কাপোৰ পিন্ধা” গল্পটোৰ কথা তোমালোকে কৈছা৷ হয় সেইটো এটা ব্যংগ। ব্যংগৰ জৰিয়তে ছিৰিয়াছ সমস্যা এটাক উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। মই ভাবোঁ যে ইয়াত ব্যংগটোৰ বাহিৰে গল্পটো কোৱাৰ অন্য কোনো ৰাষ্টা অন্তত: মোৰ বাবে নাছিল। মানে মই সেই গল্পটো ক’বলৈ সেইটোৱেই  পদ্ধতি ল’ব লাগিব। যেনেকৈ তলা এটা খুলিবলৈ বিশেষ চাবি একোটা থাকে, যিকোনো চাবিৰে যিকোনো তলা খুলিব নোৱাৰি। আৰু এটা কথা আছে, চৰিত্ৰটোৱে নিজেই তেনে ব্যংগ দাবী কৰি লেখকক সহজ কৰি দিছে। যেনে আৰ কে লক্ষ্মণক কোনোবাই  “আপুনি ইমান সুন্দৰ সুন্দৰ কাৰ্টুন কেনেকৈ আঁকিব পাৰে” বুলি সোধোঁতে  কৈছিল – “মোৰ ইমান কষ্ট নহয়। আমাৰ দেশৰ ৰাজনৈতিক নেতা সকলে এনেকুৱা কাম কৰি থাকে যে তেওঁলোকে নিজেই কাৰ্টুনৰ চৰিত্ৰ হৈ দেখা দিয়ে। গতিকে কাৰ্টুন আৰ্টিষ্ট এজনৰ কাৰণে সহজ হৈ পৰে।”

ফটাঢোল: ব্যংগৰ কথা ওলাইছে, আপোনাৰ হাঁহি উঠা কিবা ঘটনা এটাৰ বিষয়ে কওক। 

অতনু ভট্টাচাৰ্য: আচলতে আমাৰ চৌপাশে কিছুমান ঘটনা থাকে। ঠিক ঘটনা নহয় চৰিত্ৰবিলাকে এনে কিছুমান পৰিৱেশৰ সৃষ্টি কৰে য’ত প্ৰাণ খুলি হাঁহিব পাৰি। যেনে এজন মানুহে নিজকে খুব ডাঙৰ লেখক বুলি দেখুৱাই আছে। কিন্তু আচলতে তেওঁৰ লেখাৰ মান তেনেকুৱাও নহয়, চিন্তাচৰ্চাৰ গভীৰতাও নাই কিন্তু দেখুৱাব খুজিছে যে তেওঁ এজন ডাঙৰ  লেখক। সেইবোৰ চাই চাই হাঁহিব পাৰি।

ফটাঢোল: আপুনি সাতসৰীৰ দৰে এখন মানবিশিষ্ট অসমীয়া আলোচনীৰ কাৰ্যবাহী সম্পাদক। সম্পাদনাৰ লগত জড়িত হৈ থাকি অসমীয়া ভাষা সাহিত্যৰ বৰ্তমান আৰু ভৱিষ্যৎ সম্পৰ্কে আপোনাৰ মন্তব্য কি? 

অতনু ভট্টাচাৰ্য: অসমীয়া ভাষাত এখন মানবিশিষ্ট আলোচনী ব্যৱসায়িকভাৱেও সফলতাৰে  চলিলেহেঁতেন যদিহে অসমীয়া ভাষাটো ভালপাওঁ বুলি মুখেৰে কোৱা মানুহখিনিয়ে আলোচনীখন কিনি পঢ়িলেহেঁতেন। কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় যিসকল মানুহে অসমীয়া ভাষাটোক ভালপাওঁ বুলি বৰ বেছিকৈ কৈ থাকে তেওঁলোকতকৈ নোকোৱা মানুহখিনিয়েহে আলোচনীখন বেছিকৈ কিনে। আমাৰ সাতসৰীখন বুলিয়েই নহয়, গৰীয়সী, প্ৰকাশ বা আন আলোচনী আৰু কিতাপ-পত্ৰসমূহো। খুব বেছি ঘোষণা কৰি থকা মানুহ, হঠাতে অসম দৰদী হৈ পৰা মানুহবোৰ, ভাষাটোক ভালপাওঁ বুলি বেছিকৈ কৈ থকাসকলে তেনে নকৰে।

দ্বিতীয়তে,প্ৰতিখন মহাবিদ্যালয়তে ভাষাটোৰ বিভাগ একোটা থাকে। কেইবাজনো অধ্যাপক অধ্যাপিকা থাকে। অসমীয়া ভাষা-সাহিত্যক বিষয় হিচাপে পঢ়ুওৱা শিক্ষক-শিক্ষয়িত্ৰী থাকে, ছাত্ৰ-ছাত্ৰী থাকে। স্নাতকোত্তৰত অধ্যয়ন কৰা, গৱেষণা কৰা ছাত্ৰ-ছাত্ৰীও থাকে। ইমানখিনি মানুহে ভাষাটোক ভালপাওঁ বুলিয়েই হওক বা ভাষাটোৰ প্ৰতি কৰ্তব্য আছে বুলিয়েই হওক যদি আলোচনীকেইখন কিনিলেহেঁতেন!  বাৰু ধৰি ল’লোঁ সকলোৰে কিনাৰ সামৰ্থ নাই। ছাত্ৰ-ছাত্ৰীসকলৰ নাথাকিলেও শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সামৰ্থ থাকে। মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষকসকলৰ দৰমহাৰ নিৰিখ আলোচনীসমূহ কিনিব পৰাকৈয়ে ধাৰ্য কৰা হৈছে। এই অংশটোৰ এচামে কিতাপ আলোচনী  কিনে, পঢ়ে। কিন্তু তেওঁলোকৰ মুখৰ পৰাই গম পাওঁ যে তেওঁলোকৰ একাংশ সতীৰ্থ কিনাৰ প্ৰতি আগ্ৰহী নহয়, আনকি খবৰো নাৰাখে। গতিকে অসমত আলোচনী জীয়াই ৰখাটো সহজ নহয়। কিন্তু অসমত চাৰিখনমান আলোচনী জীয়াই আছে বেলেগ বেলেগ কাৰকৰ কাৰণেহে।

ফটাঢোল: বাৰ্তালাপৰ  তিনিটা খণ্ড কিতাপ আকাৰে  ইতিমধ্যে প্ৰকাশ পাইছে। যথেষ্ট জনপ্ৰিয় হৈ পৰা বাৰ্তালাপৰ আঁৰৰ  কিছু কথা জানিবলৈ বিচাৰিছোঁ। 

অতনু ভট্টাচাৰ্য: প্ৰথমতে আমি কিতাপ উলিওৱাৰ কথা ভবা নাছিলোঁ। “সাতসৰী” আলোচনীখনত আমি শিল্প, সংস্কৃতি, সাহিত্য জগতৰ বিভিন্ন ব্যক্তিৰ সাক্ষাৎ লৈছিলোঁ। সাক্ষাৎ লওঁতে আমি লিখিত প্ৰশ্নৰ সলনি কথা পাতি গৈছিলোঁ আৰু সেয়া ৰেকৰ্ডিং কৰি থৈছিলোঁ। কথা পাতি যাওঁতে মোৰো প্ৰতিক্ৰিয়া থাকিব আৰু সেইমতে সাক্ষাৎকাৰটো আগবাঢ়িব। আৰু কেতিয়াবা আমি বিষয়কেন্দ্ৰীক কৰি কামটো কৰিছিলোঁ য’ত ব্যক্তিগৰাকীৰ সলনি বিষয়টো মুখ্য আছিল। যেনে আমি এবাৰ সৃষ্টিশীলতাক বিষয় হিচাপে লৈ  তিনিগৰাকী মনস্তত্ববিদ আৰু  মনোৰোগ বিশেষজ্ঞক লৈ এটা বাৰ্তালাপ কৰিছিলোঁ। এবাৰ আমি সৃষ্টিশীলতা সম্পৰ্কে কৰিছিলোঁ তিনি গৰাকী বেলেগ বেলেগ ক্ষেত্ৰৰ ব্যক্তিক লৈ লেখক, সংগীত শিল্পী আৰু অভিনেতা। আৰু আমি বোধকৰোঁ অসমৰ শিল্প, সাহিত্য, সাংস্কৃতিক জগতৰ পঞ্চাশজনৰো অধিক ব্যক্তিৰ সাক্ষাৎ লৈছোঁ।  সমাজকৰ্মী, আলোকচিত্ৰশিল্পীৰো লৈছোঁ। আৰু এই কথাখিনি আমাৰ বাবে বৰ দৰকাৰী কথা আছিল কাৰণ অসমীয়া ভাষাত সাক্ষাৎকাৰৰ কিতাপ পাবলৈকে নাই। বাতৰিকাকতত কিছুমান সাক্ষাৎকাৰ ছপোৱা হয়, কিন্তু অধিকাংশই কৃত্ৰিম যেন বোধ হয়। প্ৰশ্নকৰ্তাই কৃত্ৰিমভাবে সোধা প্ৰশ্নৰ উত্তৰো আচলতে তেনেধৰণেৰেই আহে। আচলতে ফৰমেটটোৱেই তেনেকুৱা। বাতৰি-কাকতত যিহেতু ঠাইৰ অভাৱ, গতিকে বহলভাবে সোধা আৰু কোৱাৰ অৱকাশ নেথাকে। কিন্তু আলোচনীত থাকে। গতিকে আলোচনীয়ে সেই কামটো কৰিব পাৰে৷ কিন্তু কিবাকিবি কাৰণত আমাৰ আলোচনীসমূহত সেই কামটো কৰা হৈ থকা নাছিল বা ক’ৰবাত কৰি থকা হ’লেও বিশেষকৈ প্ৰতিষ্ঠিত আলোচনীত কৰাটো পৰিলক্ষিত হোৱা নাছিল। সাধাৰণতে কোনোবাই ডাঙৰ  পুৰস্কাৰ বা সন্মান পোৱাৰ পাছতহে সাক্ষাৎকাৰ লোৱা দেখা যায়৷ কিন্তু আমি ভাবিলো‌ঁ বঁটা-বাহনৰ কথাটো একাষৰীয়াকৈ ৰাখি প্ৰতিষ্ঠিত একোজন স্ৰষ্টাৰ লগত তেওঁৰ সৃষ্টিৰাজী আৰু প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত কথা পাতিম আৰু সেইধৰণেৰে আমি কামবিলাক আগবঢ়াই লৈ গ’লোঁ।

ফটাঢোল: আপোনাৰ শেহতীয়া কিতাপখন “সিংহল সমুদ্ৰ সৈকত”ৰ বিষয়ে নিজেই উল্লেখ কৰিছে যে প্ৰচলিত অৰ্থত এই লেখা ভ্ৰমণ বৃত্তান্ত নহয়। কিতাপখনত নীৰৱতাৰ স্বৰূপৰ বিষয়ে, নীৰৱতাৰ ভাষাৰ বিষয়ে যথেষ্টখিনি কথা কোৱা হৈছে। এই বিষয়ে আপোনাৰ পৰা আৰু অলপ জানিবলৈ আগ্ৰহ আছে।

অতনু ভট্টাচাৰ্য: এইকিতাপখন লিখাৰ আগতে বা ভ্ৰমণ কৰাৰ আগতো, আমি কথা পাতিছোঁ এই বিষয়ে। কিতাপখনতো লিখিছোঁ যে জীৱনৰ এই পৰ্যায়ত আহি আমি কি বিচাৰিছোঁ। এনেইটো আমি জীৱনৰ বেলেগ বেলেগ সময়ত জীৱনৰ পৰা বহুত কিবা কিবি বিচাৰিছোঁ। কিন্তু এই পৰ্যায়ত কেনেকৈ কি বিচাৰিছোঁ, আমাৰ সৃষ্টিশীল জগতখনক কেনেকৈ আগলৈ লৈ যাবলৈ বিচাৰিছোঁ, তাৰে ভিতৰত কিমানখিনি আমাৰ হাতৰ মুঠিত আছে বা কিমানখিনি নাই সেয়াও আমি নাজানো। আমাৰ( মিতালী দে’ আৰু মোৰ)  সৃষ্টিশীল জগত দুখন বেলেগ যদিও আমি একেলগে কাম কৰোঁ, কথাবিলাক পাতোঁ। সংগীতৰ জগতখনৰ কথা যেতিয়া মিতালীয়ে কয় মোৰ এনে লাগে যেন লেখা-মেলা কৰা মানুহ এজনৰ ভিতৰৰ কথাখিনিৰো বহুত মিল আছে। বাট এটা  বহুদূৰলৈকে একেই। মিতালীয়ে খুব সুন্দৰ কথা এষাৰ কয়  যিটো কথা মোৰ মনত লাগি থাকে সেইটো হ’ল যে খুব ভাল সংগীতো আচলতে আৰম্ভ হয় নীৰৱতাৰ পৰা। কোলাহলৰ পৰা সেই সংগীত নহয়। বহু সময়  নীৰৱতাৰ পাছতহে ধ্বনি এটা লাহে লাহে আহে। উকমুকনি  এটা আহে। ক’ৰবাৰ পৰা আহি আহি সি সুৰ এটা হয়। কোনোবাই তাক ধৰোঁ নধৰোঁকৈ ধৰি পেলায়। কোনোবা এটা বাটেৰে আহি কোনোবা সময়ত সুৰটো লয় হয়। লয়টো আৰু সুৰটো  ইমান সূক্ষ্ম হয় যে  কাষেৰে পাৰ হৈ গ’লে অনেকেই  ধৰিবই নোৱাৰে। সেই কথাটো আমাৰ সাহিত্যতো একেই  হয়৷ কত গল্প, কবিতা  আমাৰ কাষেৰে, চকুৰ আগেৰে পাৰ হৈ গৈ আছে। ধৰিব পাৰোঁ জানো? খোপনিটোৱেই নাহে৷ তাৰ মাজৰেই কোনোবা এটা আমাৰ হাতত ৰৈ যায়। মানে সেই যে  কয়  ক্ৰিকেট খেলত কিছুমান কেটছ্ ধৰোঁ বুলি ধৰা নাযায়, হাতৰ মুঠিত বলটো ৰৈ যায়৷ কিছুমান গল্প, কিছুমান গান, কিছুমান কবিতা, কিছুমান সুৰ হাতৰ মুঠিত থাকি যায়। সেই যে  আগতে কৈছিলোঁ  ‘টিউনিড’ হৈ ৰোৱাৰ কথা, সেই টিউনিংটোৰ যাত্ৰা নীৰৱতাৰ পৰা আৰম্ভ হয়।

ফটাঢোল: শ্ৰীলংকালৈ কৰা যাত্ৰা  সেই পথটোৰ অন্বেষণৰ অংশ আছিল নেকি?

অতনু ভট্টাচাৰ্য: নিশ্চয়, আমি যেতিয়া শ্ৰীলংকালৈ গৈছিলোঁ বা তাৰ আগতো ক’ৰবালৈ যাওঁতে, বহোঁতে এনেধৰণৰ কথাবোৰ পাতিছোঁ, ভাগ বটোৱাৰা কৰিছোঁ। আৰু শ্ৰীলংকাখনো এনেকুৱা এখন দেশ ইমান শান্ত, ইমান সৌম্য তাৰ কিছুমান বৌদ্ধস্তুপৰ চৌহদ, বৃক্ষৰ বিশালতা, প্ৰাচীনতা, সেইখিনিয়ে আমি কিমান ক্ষুদ্ৰ সেই অনুভূতি দিয়ে, মনত পেলাই দিয়ে। যেনেকৈ এখন সাগৰে আমাৰ তুচ্ছতাক মনত পেলাই দিয়ে।  শ্ৰীলংকাৰ বহু ঠাই ‘আন-এক্সপ্লৰড’ যেন লাগে৷ মিৰিছাভেটীয়া বৌদ্ধ বিহাৰলৈ যাওঁতে তাৰ বিশাল চৌহদত খোজকাঢ়ি আছোঁ। হঠাতে তাৰে এখন দেৱালৰ পৰা এখন বিশাল অৰণ্য দেখা যায়। ক’ব নোৱাৰাকৈ কেতিয়া যে আমি মানসিকভাৱে অৰণ্যখনৰ মাজত হেৰাই গ’লোঁ। সেই হেৰাই যোৱাৰ অনুভৱ, সেইধৰণৰ  কথা কিছুমান যেন শ্ৰীলংকাই আমাক দিলে।  প্ৰায় দুহেজাৰ বছৰৰ আগত তৈয়াৰী বিশাল ষ্ট্ৰাকছাৰবোৰ ইজিপ্তৰ পিৰামিডৰ বাহিৰে আন ক’তো দেখা নেযায়৷ ধ্বংসস্তুপবোৰৰ মাজেৰে ঘূৰি থাকোঁতে আমাৰ তিনিওজন মানুহৰ অন্বেষণ হয়তো বেলেগ বেলেগ ধৰণৰ  আছিল। প্ৰভাকৰে হয়তো ফটোগ্ৰাফীৰ মাজেৰে, মিতালীয়ে তেওঁৰ সংগীতৰ সুৰৰ মাজেৰে আৰু মই কিহৰ মাজেৰে ময়ো নেজানো কিন্তু কিবা এটাৰ সন্ধান কৰি আছোঁ। আৰু তাৰ মাজে মাজে মিতালীক জোকাই আছোঁ।কিতাপখনৰ পাততো সেয়া আছে। জোকাই থকাৰ পাছমুহূৰ্তত মই সন্ধান কৰিছোঁ মোৰ এই জোকোৱা কাৰ্যক মানুহগৰাকীয়ে কিদৰে  গ্ৰহণ কৰি আছে, মই কেনেকৈ কৰিছোঁ বা প্ৰভাকৰে কেনেকৈ কৰিছে। এই সকলোখিনিৰে সন্ধান  কিতাপখনত বোধকৰোঁ প্ৰকাশ পাইছে।

ফটাঢোল: “সিংহল সমুদ্ৰ সৈকত”ত লিখিছে “মই মাথোঁ শিশুৰ দৰে আদ্ৰ বলুকাত কাঁঠি এডালেৰে কেইটামান আখৰ লিখিলোঁ। অলপ পিছত সাগৰৰ ঢৌৱে মচি নিব, সেই কথা জানিও৷ “মচি নিয়াটো আপোনাৰ /আমাৰ অসহায়তা, লিখাটো কাতৰতা। মচি নিলেও লিখিব লাগিব। আপুনি উল্লেখ কৰা টিউনিংটো থকাৰ বাবে আপুনি দৃষ্টি গঢ়িব পাৰিছে যাৰ বাবে সৃষ্টিশীলতালৈ ৰূপান্তৰ কৰিব পাৰিছে। এই অসহায়তা, কাতৰতাও আপোনাৰ বাবে সকাহৰ আহিলা হৈ পৰিছে নেকি?

অতনু ভট্টাচাৰ্য: হয়, সেই কথাখিনি মোৰ যে নক’লেই নহৈছে। ক’ব পৰাটো সকাহ। সেই মুহূৰ্তত মই নক’লোঁৱেই। মই মাত্ৰ মন কৰিছিলোঁ (কিতাপখন উল্লেখিত সেই কথাটোৰ প্ৰসংগত) কোনে কি কৰি আছে। বাক্যটো মোৰ বাক্য, মোৰ কথা। কিন্তু ই যদি তোমাক স্পৰ্শ কৰিছে, কিবা এটা অনুভৱ কৰাইছে তেন্তে  এই বাক্যটো তোমাৰো বাক্য।

ফটাঢোল: শেষত ফটাঢোল আলোচনীখনৰ পাঠকসকলৰ বাবে এটি বাৰ্তা দিবলৈ অনুৰোধ জনালোঁ।  

অতনু ভট্টাচাৰ্য: মই ভাবোঁ যে বেলেগকৈ বাৰ্তা দিয়াৰ প্ৰয়োজনেই নাই। তেওঁলোক সুন্দৰ গোট এটাৰ সদস্য হৈ আছে। গোটটোৰ এটা স্পষ্ট, সুন্দৰ , সৃষ্টিমূলক  উদেশ্য আছে। আমাৰ ভাষাটোত যিহেতু হাস্য ব্যংগক লৈ বৰ বেছি কাম কৰা হোৱা নাই, প্ৰচলিত ধাৰণাতকৈ পৃথক এটা কামত লাগি থকাটো নিজেই এক মহৎ কাম।

ফটাঢোল: ইমানখিনি সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালোঁ৷

অতনু ভট্টাচাৰ্য: ধন্যবাদ

(সাক্ষাৎকাৰটো যুগুত কৰিলে ময়ুৰী দত্তয়ে৷ সহযোগ কৰিলে দেবজিত শৰ্মায়ে৷ বিশেষ কৃতজ্ঞতা মৃদুল নাথ  আৰু আৰাধনা বৰুৱালৈ)

☆ ★ ☆ ★ ☆

12 Comments

  • ভাল লাগিল কথাবোৰ৷

    Reply
  • Rintumoni Dutta

    বহুত আশাৰে ৰৈ আছিলো, এই সাক্ষাৎকাৰটো পঢ়িবলৈ। ধন্যবাদ ময়ুৰী আৰু দেবজিত, প্ৰিয় সাহিত্যিকজনৰ বিষয়ে জানিবলৈ আমাক এই সুবিধাটো দিয়াৰ বাবে

    মন ভৰি গ’ল

    Reply
  • গীতালি

    খুব ভাল লাগিল। তেখেতে কেৱল কলমেৰেই শব্দৰ মায়াজাল নৰচে, কৈ যোৱা কথাবোৰো দেখোন কবিতাৰ দৰে।

    প্ৰিয় সাহিত্যিকজনলৈ শ্ৰদ্ধা আৰু শুভেচ্ছা

    Reply
  • উৎপল জ্যোতি বৰা

    খুব ভাল লাগিল কথাশিল্পীজনৰ লগত অন্তৰংগ আলাপ পঢ়ি

    Reply
  • “এজন মানুহে নিজকে ‘টিউনিং’কৰি ৰাখিব লাগে”.. কি অৰ্থবহ কথা!

    মই আজিলৈকে পঢ়া সাক্ষাৎকাৰৰ ভিতৰত এইটো অন্যতম ভাললগা সাক্ষাৎকাৰ।

    Reply
  • ৰাজীৱ গগৈ

    খুব ভাল লাগিল সাক্ষাৎকাৰটো

    Reply
  • নয়নজ্যোতি গগৈ

    পঢ়ি ভাল লাগিল৷ সম্বৃদ্ধ হ’লো৷

    Reply
  • প্ৰণামী বৰদলৈ

    ইমান সুন্দৰকৈ কথাবোৰ প্ৰকাশ কৰিছে৷ প্ৰশ্ন আৰু উত্তৰ,অগতানুগতিক আৰু গভীৰতা থকা

    Reply
  • ৰাজশ্ৰী শৰ্মা

    সমৃদ্ধ হ’লো। অন্যতম ভাল লগা সাক্ষাৎকাৰ হৈ ৰ’ব এইটো।

    Reply
  • যুতিকা

    সাক্ষাৎকাৰটি পঢ়ি ভাল লাগিল। সৃষ্টিশীল মনৰ মানুহ টিউনিং ত থকাৰ যি কথা ক’লে সেইয়া চুই গ’ল। আজিলৈকে গল্পকথা ৰ অংশীদাৰ হোৱা নাই, হ’বলৈ পালে ভাল লাগিব। জীৱনৰ পৰা কি বিচাৰো কবিতাটি অপূর্ব।

    Reply
  • ডলী

    বহুত ভাল লাগিল।

    Reply
  • কৰবী দেৱী

    প্ৰিয় সাহিত্যিক গৰাকীলৈ সশ্ৰদ্ধা জ্ঞাপন কৰিলোঁ । তেখেতৰ কলমত প্ৰতিটো শব্দই বাছকবনীয়া সাজে সজ্জিত হৈ পৰিছে। সমৃদ্ধ হ’লো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *