ফটাঢোল

অতিথি-দিগন্ত কুমাৰ ভট্টাচাৰ্য‌‌‌

: বিয়া পাতি নিজকে ধ্বংস কৰিবলৈ গৈ আছ, ভাই। তই পুৰা মানুহটোকে সলনি কৰি দিব তোৰ ঘৈণীয়ে, নাকত ধৰি ঘূৰাব….কম ছলনাময়ী নে এই নাৰী জাতিটো!’ -সেয়া আছিল ৰুমমেট অৰূপৰ মাৰাঠী বন্ধু সাগৰলৈ সাৱধান বাণী।

অৰূপৰ কথা শুনি মই চাৰে ছয় ফুট উচ্চতাৰ সদায় ‘জিম’লৈ যোৱা বিশালাকাৰৰ সাগৰক বিয়াৰ পিছত ঘৈণীয়েকে নাকত ধৰি ঘূৰোৱা ছবিখন কল্পনা কৰি সশব্দে হাঁহিলোঁ।

: হ’লেও তোৰ সাহস মানিব লাগিব। আমি ভাই এতিয়াও মাহৰ পোন্ধৰ দিন মান পাছতেই আনৰ পৰা ধাৰ কৰিবলগীয়া হয়। মাহৰ শেষত এতিয়াও পাঁচহাজাৰমান ‘মাইনাছ’ত চলে। তই যে আৰু এজনীৰ খৰচ সহিব প্ৰিপেয়াৰ্ড হৈ আছ, শুনি মোৰেই ভয় লাগিছে – মই ক’লোঁ।

সাগৰে হাঁহিলে।

সাগৰ আমাৰ সহকৰ্মী। সাগৰ আছিল ভেজিটিৰিয়ান ফেমিলিৰ। ঘৰত আমিষ নচলে। হোষ্টেলত মাংস খাই জুতি পালে। নন-ভেজ খাদ্য তাৰ প্ৰিয় হৈ পৰিল। পুনে মহানগৰৰ আমি থকা ৰুমলৈ (বিয়াৰ আগতে সদায় ভাৰাঘৰটোক ‘ঘৰ’ নুবুলি ‘ৰুম’য়েই বোলা যায়!) প্ৰায়েই আহে শনি-দেওবাৰে, মাছ-মঙহৰ জুতি লয়। আগতে সি মাছ ফ্ৰাই খাই ভাল পাইছিল। আমাৰ লগত মাছৰ জোল খাবলৈও শিকিলে। চাকৰি পোৱাৰ দুবছৰ পিছতেই তাৰ বিয়াও ঠিক হ’ল।

সাগৰৰ বিয়া হৈ গ’ল। কিছুদিন পাছতে চাকৰি সলনি কৰি আন এটা কোম্পেনীলৈ গ’ল। খা-খবৰো নোপোৱা হ’লো লাহে লাহে। এবছৰমান পাৰ হৈ গ’ল।

এদিন পুৱা হঠাতে সি ফোন কৰি আমাক মাতিলে-‘তই আৰু অৰূপ আজি আমাৰ ঘৰলৈ ‘ডিনাৰ’ৰ কাৰণে আহ। মোৰ ‘ৱাইফ’কো দেখাই নাই, এবছৰৰ বেছিয়েই হৈ গ’ল।’

এনেকৈ কোনোবাই ভাত খাবলৈ মাতিলে কিমান যে ভাল লাগিছিল তেতিয়া! ভাত ৰন্ধা কষ্টৰ পৰা মুক্তি, লগতে বিধে বিধে সুস্বাদু ব্যঞ্জন!

আমি সিদিনা দিনত অ’ফিচত একোৱেই নাখালোঁ। সন্ধিয়াতেই সাগৰৰ ঘৰলৈ ৰাওনা হ’লোঁ দুয়ো।

: আচ্ছা, ‘ৱাইন’ থাকিব নে বাৰু? লগত মূৰ্গীৰ ঠেং ফ্ৰাই?’- অৰূপ মোৰ পিছফালে বাইকত।

: বেছি আশা নকৰিবি ভাই।’

: কিন্তু পঠাৰ মাংস থাকিবই, মই জানো। মাৰাঠীসকলে খুউব ভাল ৰান্ধে, একদম ৰঙাকৈ! লগত চাগে ‘চুৰমাই’ মাছ ভঁজা থাকিব….আস:!’ অৰূপে জিভাৰে অদ্ভূত শব্দ এটি কৰি কৈ গৈছে। মই বেছি নাভাবিলোঁ।

সাগৰৰ ঘৰ পালোঁ। এক গোমা পৰিৱেশ! ড্ৰয়িংৰুমত বহিলোঁ।

: এছেজ ছিৰিজ চলি আছে। ইংলেণ্ড-অষ্ট্ৰেলিয়া। খেলৰ ছেনেলটো লগাচোন’- অৰূপে কোৱাৰ লগে লগে সাগৰে ষ্টাৰ স্পোৰ্টছ্ লগালে। হঠাতে ওচৰৰ পাকঘৰটোৰ পৰা ধাম, ধুমকৈ বাচনৰ শব্দ হ’ল। সাগৰ পুনৰ ‘জিটিভি’লৈ আহি গ’ল।

: এওঁ মানে এই দুখন ছিৰিয়েল ‘মিছ’ নকৰে যে

জিটিভি’ত প্ৰেমৰ কাহিনী আৰম্ভ হ’ব আৰু। ভিতৰৰ পৰা সাগৰৰ ঘৈণীয়েক আহি ধুপুচকৈ ওচৰৰ চোফাখনতে বহিল।

: মই যে কৈ থাকোঁ…মোৰ বৰ ভাল বন্ধু, অসমৰ….।

: নট নাউ..ব্ৰেকত’ – সাগৰৰ ঘৈণীয়েকৰৰ কথাত থতমত খালোঁ আমি। মনে মনে ৰ’লোঁ তিনিও। ছিৰিয়েল চলি আছে। মই কাঁহ এটি মাৰিবলৈও ভয় খালোঁ, কিজানিবা ‘ছিৰিয়েল’ চোৱাত কিবা ব্যাঘাতেই জন্মে ‘ভাবিজী’ৰ! সাগৰৰ মুখৰ মাত নাই। ‘ফেমিনা’ এখন লৈ পৃষ্ঠা লুটিয়াইছে। অৰুপে মোলৈ চাই ইংগিত দিলে-‘মই কৈছিলোঁ নহয়, নাৰীয়ে কেনেকৈ আউল লগায় জীৱনত!’

ছিৰিয়েল শেষ হ’ল। ঘৈণীয়েক আকৌ পাকঘৰলৈ গ’ল। চিনাকী হোৱাৰ আগ্ৰহ দেখুৱাও নে নাই, ভাবিবই নোৱাৰিলোঁ।

:বন্ধ বাৰ এটাত আলহী আহিলে ভাল – হিন্দী-মাৰাঠীত তাই ভিতৰৰ পৰা ভোৰভোৰাইছে। মই সাগৰলৈ চালোঁ। সি তলমূৰ কৰি আছে। খং উঠিল মোৰ। মই অৰূপলৈ চাই বুজাবলৈ চেষ্টা কৰিলোঁ-‘ই হে আমাক মাতিছে শুক্ৰবাৰ এটিত। নহ’লে আমি আহো জানো!

: নাহোঁ, নাহোঁ’- অৰূপেও বুজালে।

অৱশেষত সাগৰে ডাইনিং টেবুললৈ মাতি নিলে আমাক। ঘৈণীয়েকে প্লেট চাৰিখন আৰু কন্টেইনাৰ এটা আনি থলে। তাৰ পৰা দুটাকৈ ইডলি সকলোৰে প্লেটত ৰাখিলে। ‘আৰু নেক্সট বা কি আনিব?’ বুলি ভাবি থাকোতেই ঘৈণীয়েকে ক’লে-‘লেটচ্ ষ্টাৰ্ট!’

আমি বুজি নাপালোঁ দুটা ইডলি কেনেকৈ-কিহেৰে খাওঁ!

: আচলতে আমি শুক্ৰবাৰে একেবাৰে কম খাওঁ। ডায়েটিচিয়ানৰ পৰামৰ্শ, দুটা ইডলি, বচ!’- সাগৰৰ কথা শুনি অৰূপে তালৈ এনেকৈ চালে যেন বুজাব বিচাৰিছে-‘একোৱেই যদি নাখাৱ, আমাক কিয় মাতিছ তেনেহ’লে শুক্ৰবাৰে?’

মোৰ কাঁহ উঠিল। শুকান ইডলি ডিঙিত লাগিছে।

: ইউ ড’ন্ট লাইক ইডলি?’- ঘৈণীয়েকে সুধিলে।

: নো নো, বিৰাট ভাল পাওঁ। আমাৰ তাতো পোৱা যায়, ‘কেটলি মুখত দিয়া পিঠা’ বুলি কওঁ আমি। মোৰ ফেভৰিট!’

: বিয়াৰ পিছত কি মানুহ কি হৈ যায় ও ভাই! ই ইডিয়টটো চিকটাও হ’ল,আগতে আমাৰ ৰূমলৈ আহি কিমান খাইছিল বেটাই…সকলো ঘৈণীয়েকৰ কাৰণেই!’- অৰূপে ফুচফুচাই ক’লে মোক।

আমি এটাৰ আধাও শেষ কৰিব পৰা নাই।

এনেতে সাগৰ আৰু ঘৈণীয়েক উঠি গ’ল পাকঘৰলৈ। অলপ পিছতে ‘ছাৰপ্ৰাইজ!’- বুলি চিঞৰি দুয়োৱে বিবিধ বাচনত বিধে বিধে ব্যঞ্জন লৈ আহিল। আমি সঁচাকৈ স্তম্ভিত হ’লোঁ। চিকেন ফ্ৰাই, কোলহাপুৰী চিকেন কাৰী, মটন খিমা, পোলাও..আৰু ক’ত কি! আমি চকুৰে জ্বলক-তবক দেখিলোঁ। শেষত সাগৰে ফ্ৰীজটো খুলি ‘ৱাইন’ৰ বটল এটা আনি অৰূপৰ হাতত দিলে।

: তহঁতে পৰ্ক খাই ভাল পাৱ নহয়? এওঁ ইউ-টিউব’ত চাই চাই ‘চাইনিজ পৰ্ক-ফ্ৰাই’ ৰান্ধিছে। আমি কিন্তু নাখাওঁ হা..’। সাগৰৰ কথা শুনি অৰূপে যেন আনন্দতে কান্দিহে দিব, এনে লাগিল।

: আৰু তহঁতে মই সলনি হৈছোঁ বুলি ভাবিছিলি ন? আৰু ‘নাৰী’য়েই এই চবৰ মূল? আমিও জানো যে-‘অতিথি দেৱো ভৱ!’- সাগৰে অৰূপৰ পেটত মিহিকৈ ঘোঁচা এটি মাৰিলে। ঘৈণীয়েকে হাঁহি হাঁহি সকলোৰে প্লেটত বস্তুবোৰ বিলাই গ’ল।

মই ক’লোঁ- ‘খোৱাৰ পিছত যে খায় ‘মিঠা’, সেই ‘ছুইট ডিছ’ আজি যে খাব নোৱাৰিম ভাই। তহঁত দুটাই ইমান মিঠা লগাই দিলি একেবাৰে, হজম নহ’ব!

☆ ★ ☆ ★ ☆

3 Comments

  • জমনি৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷

    Reply
  • নাজিয়া হাচান

    অভাৰ খানা খোৱাই নাৰীয়ে ইমপ্রেচন সঠিক জেগাত বহালেগৈ দেই শেষত।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *