লিমাৰিক-স্বপ্নালী কলিতা
১//
সমাজত লেখকৰ অভাবেই নাই
দ-বাম সকলোতে বিচাৰিলেই পাই
কাৰোবাৰ বিলাসিতা
চিৰিয়াচ্ নো কেইটা
কথা ক’লে লাগে লেঠা দুখো লাগে হায়।
২/
নাম এটা কমাবলৈ বৰ মান যায়
কিছুমানে য’তে ত’তে খুঁটিয়াই চায়
চকুমুদি গুটি মাৰে
ভাবি থাকে য’তে পৰে
সাহিত্যৰ ৰূপৰস বড়ি কৰি খায়।
৩/
চৰকাৰী চাউল আনি চোতালত থৈ
মাতিলেহি হেৰা বুলি ঘৈণীক লাহেকৈ
অৰুণোদয় আঁচনি
আলাসতেই বাচনি
কণা বিধাতাই চালে চকু মেলি অই।
৪//
বলেনৰ পানীটুপি খোৱা বেছি হৈছে
ঘৈণীয়ে বোলে তেনেই ৰসাতলে গৈছে
মহাধোদ হ’ল হায়
চৰকাৰী টকা পায়
কঁকালৰ খোঁচনিটো হাফ এটা থৈছে।
☆ ★ ☆ ★ ☆