নীলাৰ পৰা সাৱধান-যোগেশ ভট্টাচাৰ্য
এলাৰ্ম ঘড়ীটোৰ শব্দত সাৰ পাই সময়টো চালে মৃণাল বৰাই। ছয় বাজি ত্ৰিশ মিনিট। অফিচলৈ ওলাবলৈ এতিয়াও দুই ঘণ্টা সময় আছেই। কম্বলখন আকৌ এবাৰ ভালদৰে উৰি ল’লে বৰাই।
দ্বিতীয়বাৰ সাৰ পাই আকৌ এবাৰ ঘড়ীটোলৈ চালে। ছয় বাজি পঞ্চল্লিশ মিনিট। মাত্ৰ পোন্ধৰ মিনিট শুলেও বৰাৰ ভাৱ হ’ল যেন তেওঁ এঘণ্টামান শুইছে। অফিচ পাবগৈ লাগে চাৰে ন বজাত। গতিকে চাৰে আঠ বজাত ঘৰৰ পৰা ওলাই দিলে বাছত গ’লেও ন বাজি পোন্ধৰ মিনিটত গৈ পাবই। সময়ৰ ক্ষেত্ৰত বৰা সদায় সাৱধান। কিন্তু ঠাণ্ডা বতৰত অলপ শুবলৈ সকলোৰে মন যায়েই। গতিকে আৰু অলপ শুই লওঁ বুলি বৰাই আকৌ কম্বলখন টানি ল’লে।
পিচে তৃতীয়বাৰ সাৰ পাই যেতিয়া টেবুল ঘড়ীটোত সেই একেই ছয় বাজি পঞ্চল্লিশ মিনিটেই দেখিলে তেতিয়াই তেওঁৰ সন্দেহ হ’ল। গাৰুৰ কাষৰ পৰা মোবাইলটো উলিয়াই দেখিলে যে ইতিমধ্যে সৰ্বনাশ হৈয়েই গ’ল। আঠ বাজি পচিশ মিনিট। আৰু পাঁচ মিনিটৰ ভিতৰত ওলাব লাগিব।
মানুহে নোখোৱাকৈ অফিচলৈ যাব পাৰে, কিন্তু প্ৰাতঃকৰ্ম নকৰাকৈ যোৱাটো অলপ কঠিন। গা ধুবও লাগিব, দাঁত ব্ৰাছ নকৰিলেও নহ’ব। যি হয় হ’ব বুলি একে দৌৰে বৰাই বাথৰূমলৈ দৌৰ দিলে। পোন্ধৰ মিনিটৰ ভিতৰত গা পা ধুই ওলাই আহি বিছনাখনৰ কাষত থকা টেবুলখনৰ পৰা মানিবেগ আৰু মোবাইলটো ল’বলৈ গৈ মৃণাল বৰা থমকি ৰ’ল। তেওঁৰ কাণত বাজিবলৈ ধৰিলে আগদিনা অফিচৰ তলৰ দোকানখনত চাহ খাবলৈ যাওঁতে লগ পোৱা বাবাজীজনে কোৱা কথাখিনি-
“বৎস, তুমি বৰ সৎ মানুহ। পিচে সৎ মানুহৰেই বিপদ বেছি। সাৱধানে নচলিলে সহজ সৰল মানুহক আনে খটুৱাব খোজে। তুমি ঈশ্বৰত বিশ্বাস ৰাখি যাবা। গেৰুৱা কাপোৰ এখন লগত ৰাখিবাই। বগা ৰং তোমাৰ বাবে শুভ। কিন্তু নীলাৰ পৰা সাৱধানে থাকিবা।”
এইবুলি বাবজীয়ে মোনাৰ পৰা গেৰুৱা কাপোৰ অকণ উলিয়াই বৰাৰ হাতত বান্ধি দিছিল।
প্ৰথমতে মৃণালে বাবাজীজনক ভণ্ড বুলিয়েই ভাবিছিল। বিশ টকা এটা দি কোনোমতে পলাব খুজিছিল। কিন্তু বাবাজীয়ে একো ল’ব নুখুজি খালি চাহ একাপ খাবলৈ খোজাত সেইটো ধাৰণা সলাই পেলাইছিল। কিন্তু এতিয়া বিছনাত পৰি থকা নীলা ৰঙৰ ব্লেংকেটখন আৰু আকাশী নীলা ৰঙৰ টেবুল ঘড়ীটো দেখি বিশ্বাস হ’ল কিয় বাবাজীয়ে নীলা ৰঙৰ পৰা সাৱধানে থাকিবলৈ কৈছিল।
ব্লেংকেট বিছনাতে এৰি আলমাৰিটো খুলি দেখিলে দুটা নীলা চাৰ্ট ইস্ত্ৰী কৰি থোৱা আছে। সেইদুটা চাইড কৰি দুদিন আগত পিন্ধি যোৱা বগা চাৰ্টটোকে পিন্ধি ল’লে তেওঁ। মোবাইলত চাই দেখিলে ন’ বাজিবলৈ মাত্ৰ পাঁচ মিনিট। বাছত যোৱা প্লেন বাদ দি গাড়ী লৈ যাবলৈ থিৰাং কৰিলে বৰাই। চাবি লৈ ড্ৰয়িংৰূমলৈ ওলাই অহাৰ লগে লগে পাকঘৰৰ পৰা বৰানীৰ চিঞৰ শুনিলে।
: ব্ৰেকফাষ্ট কৰি যোৱা। পুৱাই পুৱাই কষ্ট কৰি এনেই ব্ৰেকফাষ্ট বনোৱা নাই।
মৃণাল বৰা অলপ আচৰিত হ’ল। কেতিয়াও ব্ৰেকফাষ্ট বনাই নোপোৱা মানুহজনীয়ে আজি নিজেই ব্ৰেকফাষ্ট বনাই ৰেডি কৰি থৈছে কিয়। খালি পেটে ওলাই যাবলৈ বৰাই ভাল নাপায়। আজি উপায় নাপাই যাবলৈ ওলাইছিল। কিন্তু ঘৈণীয়েকে ব্ৰেকফাষ্ট ৰেডি কৰি থোৱাই তেওঁ ভালেই পালে। তিনি মিনিট পচিশ চেকেণ্ডৰ ভিতৰত গো গ্ৰাসে ব্ৰেড দুখন আৰু অমলেটটো গিলি চাহৰ কাপটোত এসোহা মাৰিয়েই চকুত পৰিল কাপটোত থকা নীলা ৰঙৰ ফুলৰ ডিজাইনটোলৈ। লগে লগে টেবুলত থকা মটিয়া ৰঙৰ কাপটোত চাহখিনি বাকী ল’লে তেওঁ। সেই মুহূৰ্তত ঘৈণীয়েক সোমাই আহি দেখিলে এটা কাপৰ পৰা আনটোত চাহ বাকী থকা অৱস্থাত। লগে লগে বৰানীৰ মুখৰ পৰা ফিৰিঙতি বৰষিবলৈ ধৰিলে।
: মোৰ বাইদেৱে গিফ্ট দিয়া কাপটোত চাহ খালে নহয় তোমাৰ। তোমাৰ ভনীয়েৰে দিয়াটোতহে খাবা। হেৰৌ, এই চাহ কাপ ভনীয়েৰে বনাই দিছেহি নে মই বনাই দিছোঁ হিচাপ ৰাখিছা নে? আৰু এই কোচমোচ খোৱা বগা চাৰ্টটো কিয় পিন্ধিছা? দুটাকৈ নীলা চাৰ্ট ইস্ত্ৰি কৰি থোৱা নাছিল? হমম, কিয় পিন্ধিবা সেই দুটা? এটা মোৰ মামাই উপহাৰ দিয়া আৰু আনটো ভিনদেৱে উপহাৰ দিয়া বাবে সেইদুটা পিন্ধিলে গা খজুৱাই তোমাৰ।
: নহয় ৰ’বাহে, বেলেগ এটা কাৰণত নীলা দুটা পিন্ধা নাই।
বৰাই আচল কাৰণটো ক’ব নুখুজিলে।
: কি বেলেগ কাৰণ? মই নাজানো বুলি ভাবিছা? এই বগা চাৰ্টডাল তোমাৰ লগৰ ৰঞ্জনদাই দিছিল বুলি কৈছিলা ন? মোৰ সেইদিনাই সন্দেহ হৈছিল, ৰঞ্জনদাই দিছিল নে তোমাৰ অফিচৰ কম্পিউটাৰ অপাৰেটৰ ৰঞ্জনাই দিছিল। যি মন যায় কৰি থাকা। মোৰ কথা এনেও মূৰৰ ওপৰেদি যায় তোমাৰ।
নীলা ফুলবচা কাপটোৰ পৰা এচুমুক চাহ খাওঁতেই যে শনিৰ দৃষ্টি পৰিল সেইটো বৰাই বুজি পালে। কিন্তু বগা চাৰ্টটোৰ বাবে কিয় গালি খালে বৰাই সেইটোহে ধৰিব নোৱাৰিলে। চাহ খাই উঠি চাৰ্টৰ হাতখন কোচাওঁতেহে বৰাই দেখিলে যে হাতৰ বুটাম দুটা নীলা সূতাৰে গাঁঠি থোৱা আছে। লগে লগে দৌৰ মাৰি গৈ সেউজীয়া চাৰ্ট এটা পিন্ধি আহিলেগৈ বৰাই। তাকে দেখি বৰানীৰ মুখত সন্তুষ্টিৰ পোহৰ পৰা যেন বৰাৰ অনুভৱ হ’ল। গাড়ীৰ চাবিপাত আৰু বেগটো লৈ বৰাই বাহিৰলৈ খোজ দিওঁতেই বৰানীয়ে আকৌ মাত লগালে,
: ৰ’বা, গাড়ী লৈ ক’লৈ যোৱা?
: অফিচলৈ দেৰি হৈছে। বাছত গ’লে নাপামগৈ আজি।
: হাৰে, তেনেকৈ নিওঁ বুলি ক’লেই হ’ব নেকি? মই গাড়ী লৈ শ্বপিঙলৈ যাম বুলি যোৱাকালিতেই প্লেন কৰি থৈছিলোঁ। নোৱাৰা গাড়ী নিবলৈ। তোমাক অৱশ্যে অফিচত নমাই থৈ যাব পাৰিম।
বৰাই বৰ এটা বেয়া নাপালে কথাটোত। অফিচৰ তলত পাৰ্কিং নাই আৰু ৰাস্তাৰ কাষত পাৰ্কিং বিচাৰোঁতে দহ মিনিটমান যায়। এতিয়া গাড়ীৰ পৰা নামি গৈ চিধাই অফিচলৈ দৌৰিব পাৰিব। বাবাজীয়ে দিয়া হালধীয়া কাপোৰডোখৰ হাতত মেৰিয়াই লোৱা বাবেই হয়তো শনিৰ কোপদৃষ্টিৰ পৰা কিছু সকাহ পোৱা গৈছে বুলি তেওঁ মনতে ভাবিলে।
গাড়ীত বহি কিছুদূৰ যোৱাৰ পিছত হঠাৎ গাড়ীখন ৰৈ গ’ল। বৰানীয়ে তিনিবাৰ মান চেষ্টা কৰিও ষ্টাৰ্ট কৰিব নোৱাৰি ক’বলৈ ধৰিলে,
: ছেঃ, তেল শেষ হ’ল চাগে।
: আৰে, তেল কেনেকৈ শেষ হ’ব? যোৱা সপ্তাহত ফুল টেংকী ভৰাইছিলোঁ।
বৰাই আচৰিত হৈ ক’লে।
: এবাৰ ফুল টেংকী ভৰালে কেতিয়াও শেষ নহ’ব নেকি? মই কিবা-কিবি কামত গাড়ী লৈ ওলাই গৈছিলোঁ।
বৰানীয়ে লাহেকৈ ক’লে।
: তাৰমানে তেল ভৰোৱা নাই তুমি?
: কি কথা কৈছা? তেল ভৰোৱা কাম মোৰ নেকি? তুমি চেক কৰিব লাগে ন, তেল কিমান আছে গাড়ীত। এনেই গাড়ীখন কিনি চলাই থাকিলেই হয় নেকি? মই ঘৰৰ আটাইবোৰ কামটো চম্ভালোঁৱেই। এতিয়া তেলৰ হিচাপটোও ময়েই ৰাখিব লাগিব নেকি?
বৰাই বুজি নাপালে যে একজেক্টলি কি দোষৰ বাবে তেওঁ ঘৈণীয়েকৰ গালিখিনি শুনিলে। কিন্তু সেই মুহূৰ্তত তেওঁৰ চকুত পৰিল গাড়ীৰ ষ্টিয়েৰিঙডালত লগোৱা কভাৰটোত থকা পাতল নীলা ৰঙৰ আঁচ কেইডাল।
বাবাজীয়ে ঠিকেই কৈছিল। এই নীলা ৰঙটোৱেই যত কূটৰ ঘাই। পিচে হাতত মেৰিয়াই লোৱা হালধীয়া কাপোৰডোখৰে এইবেলিও তেওঁক বচালে। প্ৰায় আধাকিলোমিটাৰ মান দূৰৈত এটা পেট্ৰল পাম্প আছিল। এক মূহূৰ্তও পলম নকৰি বৰাই গাড়ীৰ ডিকি খুলি খালী গেলানটো উলিয়ালে আৰু পেট্ৰল পাম্পলৈ দৌৰ মাৰিলে।
অফিচ গৈ পাওঁতে বহুত পলম হ’ল বৰাৰ। আনদিনা পলমকৈ অফিচলৈ অহা বচে সেইদিনা সকলোতকৈ সোনকালে অফিচ আহিছিল। তেওঁৰ পিন্ধনত আছিল আকাশী ৰঙৰ চাৰ্ট এটা আৰু গাঢ় নীলা জিনছ এটা। বৰাই বুজি পালে যে নীলা ৰঙৰ প্ৰকোপতেই যচ সব গণ্ডগোলবোৰ হ’বলৈ ধৰিছে। নক’লেও হ’ব যে বচৰ পৰা বৰাই অলপ গালি শুনিবলগীয়া হ’ল। দুঘণ্টামান কিবা কিবি ফাইল চেক কৰাৰ পিছত আকৌ আহিল বৰানীৰ ফোন।
: মই অলপ শ্বপিং কৰিলোঁ। কিন্তু পইচা আনিবলৈ পাহৰিলোঁ। তোমাৰ কাৰ্ডখনৰ নাম্বাৰটো কোৱাচোন। বৰাই মানিবেগটোৰ পৰা কাৰ্ডখন উলিয়াবলৈ লৈ দেখিলে যে গোটেই কাৰ্ডখনেই নীলা। পেটিএম কৰিবলৈ লৈ দেখিলে এপ আইকণটোৱেই নীলা। গুগল পে’ৰ আইকণটোও আধা নীলা। নীলা ৰঙৰ পৰা ইমান পৰে জ্বালা পাই এতিয়া আৰু ভুল নকৰিবলৈ সিদ্ধান্ত ল’লে তেওঁ। বৰানীয়ে শ্বপিং কৰি থকা শ্বপিংমলটোৰ নিচেই কাষত থকা বেংকটোত কাম কৰা বন্ধু দিগন্তক ফোন কৰি পইচা অলপ বৰানীৰ হাতত দি আহিবলৈ কৈ বৰাই আকৌ কামত লাগিল। দিনটোৰ বাকী সময়খিনি বৰাই নীলা ৰঙৰ পৰা যিমান পাৰে আঁতৰত থাকিবলৈ চেষ্টা কৰিলে।
সন্ধিয়া ঘৰ গৈ পোৱাৰ লগে লগে দুই তিনি জাই গালি শুনিলে বৰানীৰ পৰা।
: পইচা দিবলৈ তোমাৰ বন্ধুক কিয় পঠিয়াব লাগে তুমি? সি ভাবিব আমাৰ হাতত পইচা নাই বুলি। কাৰ্ডখনৰ নম্বৰটো মোক দিবলৈ টান পোৱা। বেছিকৈ খৰচ কৰিম বুলি ভাবি এইবোৰ কুবুদ্ধি খেলাই থাকা ন?
: নহয় ৰ’বাহে, কাৰ্ডখনৰ অলপ প্ৰব্লেম হৈছিল।
: সেইবোৰ মিছা কথা কৈ লাভ নাই মোক। যি মন যায় কৰি থাকা। মোৰ ভাগৰ লাগিছে দিনটো বজাৰ কৰি কৰি। ভাত খোৱা যদি বনাই ল’বা।
এই বুলি বৰানী বিছনাত উঠিল গৈ। বৰাই চাৰিওপিনে ভালদৰে চায়ো ক’তো নীলা ৰং নেদেখি ভবিলে যে এইবাৰ আকৌ কি খেলিমেলি হ’ল।
নতুনকৈ কিনি অনা ৰঙা ৰঙৰ বেটাৰী দুটা টিভিৰ ৰিমটত ভৰাবলৈ গৈ বৰা আচৰিত হ’ল। ৰিমটটোত অলৰেডি দুটা নীলা বেটাৰী সোমাই আছে। বৰাই নিজেই আগদিনাখন পুৰণি বেটাৰী দুটা খুলি পেলাই দিছিল। হঠাৎ ঘটনাটো বুজি পোৱাৰ দৰে যেন লগাত বৰাই টেবুল ঘড়ীটো খুলি চাই দেখিলে যে তাত এটাও বেটাৰী নাই। বৰাই ভাবিবলৈ ধৰিলে যে পুৱাৰ পৰা নীলা ৰঙে ঘটোৱা বিপদকেইটাত বৰানীৰো সমানে অৰিহনা আছিল। ৰাতিপুৱাই বৰানীয়ে টেবুল ঘড়ীৰ বেটাৰী খুলি টিভিৰ ৰিমটত লগোৱা বাবেহে বৰাৰ ইমানখিনি লটিঘটি হ’ল। বৰানী ঘৰত নাথাকিলে যিকোনো কাপত চাহ খালেও, যিকোনো চাৰ্ট পিন্ধিলেও গালি খাব লগা পৰিস্থিতি নহ’লহেঁতেন। গাড়ীৰ তেল শেষ কৰাজনীও বৰানীয়েই। বচৰ গালিও সেইবাবেই খাব লগা হ’ল।
দিনটোৰ দূৰ্ঘটনাবোৰ মনত পেলাই বিশ্লেষণ কৰি থাকোঁতে হঠাৎ বৰাৰ মগজুত এটা কথাই খুন্দিয়ালেহি। বাবাজীয়ে নীলাৰ পৰা সাৱধানে থকাৰ কথা কওঁতে চাগে নীলা ৰঙৰ কথা কোৱা নাছিল। বৰানীৰ নাম নীলাক্ষি আছিল।
☆ ★ ☆ ★ ☆