ফটাঢোল

চকলেট ডে-কৰবী দেৱী

ফুলৰ টাব কিনাৰ উদ্দেশ্যে চিনাকি দোকান এখনত সোমালো। বাইদেউগৰাকী ভীষণ ব্যস্ত। তেখেতে দোকানত ভেৰাইটিছ্ গিফ্টবোৰো ৰাখিছে কিছুদিনৰ পৰা। সেয়ে আজিকালি মৰমলগা ছোৱালীবোৰে ভিৰ কৰে বহুত। সিহঁত ওলাই যোৱাৰ পিছত বাইদেউৰ লগত আলাপত ব্যস্ত হ’লোঁ কিছুপৰ। বাইদেউৱে ক’লে, প্ৰথমে ইমানবোৰ গিফ্ট ৰখা নাছিলোঁ, পিছে এতিয়া বাধ্য। কিমান যে দিৱস আজিকালি। Valentine Day ৰ পৰা ধৰি, Hug Day, chocolate Day, teddy Day আৰু ক’ত কি!

মনত পৰে আমাৰ দিনবোৰলৈ। চুবুৰিৰে এজনীয়ে এবাৰ ক’লে, পুৱাৰে পৰা সি চাইকেলখন লৈ পাঁচবাৰমান অহা যোৱা কৰিছে, কাৰণ হ’ল তাইলৈ বুলি লিখা চিঠিখনৰ উত্তৰ দিবলৈ ছেগ বিচাৰি পোৱা নাই। টিলিং টিলিং চাইকেলৰ বেল বজালেই তাইৰ দেউতাকে ভিতৰৰ পৰা গুজৰি উঠে, কোন এইটো হেৰিয়াৰ পুতেক। তোৰ বাপেৰৰ নাম ক’… (অশ্লীল) গালিও পাৰে। ….. জীয়েকে কি সাহস কৰিব। ভয়তে পেপুৱা লাগে বেচেৰী। আবেলি আহিল মোৰ ওচৰলৈ। মই আছিলোঁ লগৰে এজনীৰ লগত লেকচাৰ মাৰি পদূলিতে। অংক বিষয়টো বৰ টান পাওঁ মই। তাই আকৌ অংকত ভাল। ক’লো, বহীখন দিবি। জানই নহয় মই অংকত কেঁচা। দিলে তাই বহীখন।
কৰিলো অংকবোৰ। পিছদিনা স্কুললৈ যাওঁতে তাক বকুল তলতে দেখি ক’লো, সঘনে টিলিঙা বজাই যাবলৈ মানা কৰিছে। তাঁতিৰ বাঁহৰ খুঁটাটোতে পত্ৰখন থৈ দিবা।

পঢ়াশালিত গ’লোঁ, হ’ম ৱৰ্ক সৱ শুদ্ধ। বাছিলো সেইদিনালৈ পিটনৰ পৰা। তাইক মৰমতে পিছদিনা নগেন খুৰাৰ দোকানৰ বুট ভজা খুৱাম বুলি ক’লো।

পিছে সন্ধিয়াহে জমিছিল….. মৰাটোৱে কথাটো ওলোটাকৈ বুজিলে। ভাবিলে তাই মোক পিয়নৰ
প’ষ্টত এপইন্টমেন্ট দিলে। থৈ গ’ল আমাৰ বাঁহৰ তাঁতিৰ খুটাতে সেই অশনি পত্ৰখন।কাষৰ দাদা এজন ওখ পাখ দীঘল। চাধা মলি মলি মুখত ভৰাব খুজি দাঁতৰ চেপত থকা. নিৰস চাধাখিনি আঙুলিৰে অতাই গুজি দিয়ে তাঁতিৰ বাঁহৰ খুটাটোত।ধৰফৰাই উঠে অনামী পত্ৰখনে।তেনেকুৱাতে তাৰ ভনীয়েকো অহা হওক। মৰতী জনীয়ে আহিয়েই ক’লে” ঐ আজি দিলেনে…..”
লাগি গ’ল ককাকেয়ৰ খেলি মেলি। কোনজনীলৈ দিলে? কোনে দিলে? কাৰণ পত্ৰখনৰ আৰম্ভণি

আছিল “মোৰ……
ইতি আছিল” তোমাৰ……

কি পয়মাল। বিচাৰ আৰম্ভ হোৱাত লৈ ল’লোঁ তাইৰ নাম। বান্ধৱী বচাব খুজি কিমান আৰু ঔকিল খাম। লগে লগে আচামী হাজিৰ। মাকো আহিছিল তাইৰ লগত। সৈ কাঢ়িলে তাই মাকৰ হাতৰ বাঘঢকা, ৰামচৰত ।

পিছদিনা আমাৰ ওপৰত প্ৰতিশোধ লব খুজি অংকৰ ছাৰক তাই ক’লে “ছাৰ, অমুকীয়ে, তমুকীয়ে মোৰ পৰা চাই চাই অংকবোৰ কৰিছিল কালি। চাৰে বোলে তইনো কি ঘোঁৰা ঘাঁহ কাটি আছিলি সিহঁতৰ হাতত বহীখন তুলি দি। আমাক দবা বজোৱাৰ আগতে ভালকৈ ধুলে তাইক। আগদিনা মাকে, পিছদিনা ছাৰে

আমি বোলো কেনে

সেয়াই আমাৰ দিনৰ চকলেট ডে’। ৰামপিটন ডে!

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *