ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

কথাবোৰ ঠিক ক’ৰপৰা আৰম্ভ কৰিলে ভাল হ’ব ঠিক ভাবি পোৱা নাই। ফটাঢোল গোটটি জন্ম হোৱাৰ পৰাই আজিলৈকে পাঁচটা বছৰ পাৰ হৈ গ’ল। আলোচনীখন উলিওৱাৰ কথা চলি থকা সময়তেই ৰিণ্টুমণি দত্তদা,হেমন্ত কাকতি দাক আটাইখিনি চমজাই দিছিলোঁ। সঁচাই ক’বলৈ গ’লে আলোচনীখন উলিওৱাৰ ক্ষেত্ৰত তেওঁলোকৰ আৰু আলোচনী টিমৰ ওচৰত কৃতজ্ঞ সদায়েই। বহুত দিনৰ পৰাই ৰিণ্টুদাই সম্পাদক হ’বলৈ কৈ আছিল, সময়ৰ অভাৱৰ অজুহাত দেখুৱাই পিছুৱাই আছিলো যোৱা দুবছৰ মান ধৰি। পিছে এইবাৰ বন্ধুবৰ দেবজিত শৰ্মাই টানকৈ নেলু চেপাদি চেপি ধৰাত সম্পাদক হ’বলৈ কোনোমতে হয়ভৰ দিলোঁ। অফিচৰ ব্যস্ততা, ঘৰুৱা ব্যস্ততাৰ মাজত ভবামতে সময় দিবলৈ সক্ষম নহ’লো। কিন্তু সকলো কাম নিয়াৰিকৈ পৰিচালনা কৰাত আলোচনী গোটে সহায় কৰিলে। তাৰ বাবে সম্পাদনা সমিতিৰ সদস্য সকলৰ প্ৰতি সদায়েই ঋণী হৈ থাকিম।

আলোচনীখন উলিয়াবলৈ প্ৰয়োজনীয় বৰ্ণাশুদ্ধি খিনি কৰি দিয়াৰ বাবে আমাৰ বৰ্ণাশুদ্ধি টীমলৈ আন্তৰিক ধন্যবাদ জনালোঁ। বেনাৰখন আৰু অন্যান্য অলংকৰণৰ কামখিনি নিয়াৰিকৈ কৰি দিয়াৰ বাবে আৰাধনা বৰুৱা, দিগন্ত কুমাৰ ভট্টাচাৰ্য্য দাদা, চন্দন বড়িলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।  ফটাপ্ৰশ্ন খিনি যুগুতাই দিয়া বাবে যোগেশ ভট্টাচাৰ্য্য আৰু ৰাজশ্ৰী শৰ্মালৈ ধন্যবাদ। লেখাসমূহ আপলোডিঙৰ ক্ষেত্ৰত ৰিণ্টুমণি দত্ত দা, দেবজিত শৰ্মা, ৰিমঝিম বৰঠাকুৰৰ সহায়ৰ কাৰণেও কৃতজ্ঞ।

এইমাহত আমাৰ আলোচনীৰ বাবে সাক্ষাৎকাৰ হৈছিল জনপ্ৰিয় গল্পকাৰ শ্ৰী যুত অটনু ভট্টাচাৰ্য্য দেৱৰ। সাক্ষাৎকাৰ টি যুগুতাই সাজু কৰি দিয়া বাবে আমাৰ ময়ুৰী দত্ত বা, মিতালী দে আৰু দেবজিত শৰ্মাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

ফটাঢোলৰ সমূহ প্ৰশাসকসকললৈ এইচেগতে ধন্যবাদ জনালোঁ।

আলোচনীখন সমৃদ্ধ কৰি তোলা সকলো লিখকলৈ ধন্যবাদ জনালোঁ।

বিজয় মহন্ত

সম্পাদক,ফটাঢোল ই-আলোচনী
পঞ্চম বৰ্ষ,অষ্টম সংখ্যা

☆ ★ ☆ ★ ☆

5 Comments

  • আদিত্য

    এই মানুহকেইটা নোহোৱা হ’লে আলোচনীখন প্ৰতিমাহে উলিয়াবলৈ সচাঁই চিন্তা হ’লহেতেঁন ।

    Reply
  • Anonymous

    text

    Reply
  • Aravinda Goswami

    এই আটাইকেইগৰাকী ব্যক্তি সঁচাই সদায় ধন্যবাদৰ পাত্ৰ।’সংখ্যাটোৰ আঁৰৰ কথা’—-মোৰ প্ৰিয়।ভাল লাগে কথাবোৰ।

    Reply
  • কৰবী দেৱী

    খুব সুন্দৰকৈ সম্পাদনা কৰিলে সংখ্যাটি। আপোনালোক সকলোৰে সন্মিলিত প্ৰচেষ্টাৰ শলাগ ল’লোঁ। এনেকৈয়ে বিশেষ হৈ ৰওক “ফটাঢোল” ই – আলোচনীখন।
    অভিনন্দন জনালোঁ।

    Reply
  • কাবেৰী মহন্ত

    গোটেই টীমটো সঁচাকৈয়ে শ্ৰদ্ধাৰ, ইমান নিয়াৰিকৈ কাম বোৰ কৰি আছে!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *