ফটাঢোল

ফটা প্ৰশ্ন

১. সঞ্জীৱ কুমাৰ মহন্ত

ক) কথাতে কয় …খঙে মূৰৰ চুলিৰ আগ পালেগৈ” বাকীবোৰ জেগা কি নাপায়গৈ বাৰু ??

উত্তৰঃ- মুৰৰ চুলি একেবাৰে top ত থাকে সেইবাবে খঙ জাতীয় তপত বস্তুবোৰ শেষত সেইখিনি ঠায়েই পাইগৈ

খ) ফ্ৰেণ্ড আৰু বেষ্ট ফ্ৰেণ্ডৰ মাজৰ পাৰ্থক্য কিমান ?

ফ্ৰেণ্ডৰ পৰা বেষ্ট ফ্ৰেণ্ড হ’বলৈ কিমানখিনিলৈ আগুৱাব লাগিব ??

উত্তৰঃ- পাৰ্থক্য বহুত। বিশেষকৈ অপজিত লিংগৰ বেষ্টি হবলৈ হলে কোনো কোনো ক্ষেত্ৰত প্ৰিয়জনতকৈয়ো বেছি ওআগুৱাব লাগিব।

২. ধনজিৎ বৰুৱা

চৰাই আৰু ফুল দুবিধতে একে নাম ভাটৌ, কপৌ। ভাটৌ চৰাই ভাটৌ ফুল, 

কপৌ চৰাই কপৌ ফুল। 

ফটহু কাই নামটো আগতে কাৰ আছিল আৰু পাছত আন এবিধক  সেই নামটোকে  কিয় দিলে?

উত্তৰঃ- মোৰ বোধেৰে চৰাইৰ নামটো আগত আহিছে, আৰু সেই চৰাইৰ লগত কিবা মিল দেখি ফুলৰ নাম ৰখা হৈছে। অৱশ্যে এইটো কাম বিশেষকৈ অৰ্কিডৰ ক্ষেত্ৰতহে কৰা হয়, যি এনেদৰে নাম দিয়া আৰম্ভ কৰিছিল, বৰ ধুনীয়া মনৰ মানুহ আছিল তেও।

৩. সুশান্ত কুমাৰ শৰ্মা

পুৰুষৰ বিপৰীতে মহিলা হ’লে মহাপুৰুষৰ বিপৰীতে কি?

উত্তৰঃ শ্ৰীমতী মহিমাময়ী

৪. জয়ন্ত কুমাৰ ডেকা

ঈশ্বৰে জগতক পাপীৰ পৰা উদ্ধাৰ কৰিবৰ বাবে দহবাৰ অৱতাৰ ধৰিলে । মাছৰ পৰা বুদ্ধলৈ , বৰাহৰ পৰা বাওঁনালৈ ।

পিছে এবাৰলৈ নাৰীৰূপে অৱতাৰ কিয় নধৰিলে ? ?

উত্তৰঃ কেলৈ, হৰমোহণ পাহৰিলে হবলা

৫. জয়ন্ত গগৈ

ফটহুকায়ে টপকৈ উত্তৰবোৰ দিব পাৰে। সেয়ে ভাল লাগে। মোক এজনে সুধিছিল প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালোঁ। গতিকে ফটহুকাইলৈ আগবঢ়ালোঁ – ৰস নথকা পকা ফলবিধৰ নাম কি বাৰু ?

উত্তৰঃ কৰ্মফল।

৬. ভূপালী দেৱী

“মুক্ত হস্তে দান কৰক’’ হাত খন যদি মুক্ত হৈ থাকে আমি দান কেনেকৈ কৰিম?

উত্তৰঃ- মেলি দিলে বাগৰি চুচৰিও কিবা এটা ওলাব, পিছে হাতখন মুঠি মাৰি থাকিলে ফুটা কড়ি এটাও নোলায়।

৭. কমলা দাস

“পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ।”

পাৰ চৰাই জনী নদীৰ পাৰলৈকেই কিয় উৰি গৈছিল! বেলেগ ঠাইলৈ কিয় নগল?

উত্তৰঃ- নদীৰ সিপাৰৰ ঘৰটোত থকা একণীয়া পাৰটোৰ লগত অলপ হাৱ ভাৱ আছিল চাগে।

৮. পঙ্কজ নেওগ

অসমীয়াত এষাৰ কথা আছে ’যমে নিলেও নিয়া আৰু জোঁৱায়ে নিলেও নিয়া’৷ জোঁৱাই সকল ইমানেই ভয়ঙ্কৰ নে শহুৰেকৰ ঘৰৰ পৰা নি ঘৈণীক যমপুৰীলৈ নিয়ে আৰু কেতিয়াও মাকৰ ঘৰলৈ আহিবলৈ নিদিয়ে ? কথাষাৰ আজিৰ দিনত প্ৰযোজ্য হয় জানোঁ?

উত্তৰঃ- আচলতে যমে নিয়া মানে সম্পৰ্ক শেষ হোৱাতোহে বুজাইছে, যমৰ শাস্তি বুজোৱা নাই। কিন্তু আজিৰ দিনত সেইটো কথাও প্ৰয়োজ্য নহয়।

৯. নাৰায়ণী নাৰায়ণী

“লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা ।”

ফটহুকাই লাও আৰু লফা লৰাই ৰুৱে বাকীবিলাক কিয় লৰাই নুৰুৱে ?

উত্তৰঃ-  লৰাই দিয়া মানে এঠাইত পুলি কৰি আন এঠাইত ৰোৱা বুজাই। সকলো গছতে সেইটো কাম কৰিব নেলাগে, কিছুমানত আকৌ নকৰিলে গুটিয়ে নেলাগে।

১০. দিগন্ত তালুকদাৰ

ক) আমি খঙৰ ভমকত পাৰা কোনবোৰ গালিক গুৱালগালি বুলি জনা যায়?,

উত্তৰঃ অসমীয়া ভাষাত থকা গোটেইকেইটা গুৱালগালি লিখি দিছিলো উত্তৰত। পিছে সম্পাদকে কাটি দিলে- বোলে এইখন প্ৰাপ্তবয়স্কৰ আলোচনী পাইছা নেকি? 

খ) বন্ধুবোৰে লৰালৰিকৈ কালিয়েই দিম বুলি নিয়া ধনৰাশি ঘূৰাবলৈ স্হিৰ কৰা ‘কালিতো’ কেতিয়াও কিয় নাহে?

উত্তৰঃ অহাকালি বোলা বস্তুটো সদায় ভৱিষ্যততে থাকে। তেও দিব নহয়  অহাকালি, আজি দিয়াৰ কথা এনেয়ো নাছিল

১১. অণিমা দাস

কুলি চৰাই জনীয়ে কাউৰীৰ বাহতহে কণী পাৰে অইন চৰাইৰ বাহত কিয় কণী নাপাৰে?

উত্তৰঃ- কি কয় হে, কুলিক ইমান অকঁ‌ৰা পাইছে? কুলিয়ে কি নেজানে মুৰ্গী বা হাঁ‌হৰ বাঁ‌হত কণী পাৰিলে পিছদিনাই ১০০ টকা প্লেটত বিক্ৰী হৈ তেওলোকৰ ভৱিষ্যত প্ৰজন্মই অমলেটৰ ৰূপ পাব? 

১২. জয়ন্ত দাস

পাপীৰ পিঠাত মন”- কথা হল পাপীৰ যে অকল পিঠাতহে  মন অইন বস্তুৰ প্ৰতি মন নাযায় কিয় বাৰু?

উত্তৰঃ- পিঠা যে অতিকৈ মিঠা

১৩. নৱজিৎ শৰ্মা

ছচিয়েল মিডিয়াত কিছুমান গান, কিছুমান লিখনিৰ আৰম্ভণি তে hearth touching বুলি লিখে। 

কিডনি টাচ্চিং, লিভাৰ টাচ্চিং, এপেন্ডিক্চ টাচ্চিং আদি কিয় নিলিখে বাৰু  ?

উত্তৰঃ-  যত টাচ্চ কৰে তাৰ কথাই লিখিব না। পিছে আজিকালি কিডনী, আঁ‌ঠু, পেট আদিত টাচ্চ কৰা গানো নোলোৱা নহয়।

☆ ★ ☆ ★ ☆

2 Comments

  • কৰবী দেৱী

    বৰ সুন্দৰ প্ৰশ্নোত্তৰ। শলাগ ল’লোঁ।

    Reply
  • কমলা দাস

    প্ৰশ্নত্তোৰ বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *