ফটাঢোল

ফটাকোটৰ বিয়া আৰু গোঁসানীৰ মুখখন-ডা° প্ৰাঞ্জল জ্যোতি দত্ত

যোৱা বছৰৰ কথা। কৰ’ণা আই তেতিয়া দুদিনমানৰ কাৰণে মাকৰ ঘৰলৈ গৈছে।  গধুলি বিয়া এখন খাবলৈ ওলাইছোঁ সপৰিয়ালে। চেম্বাৰৰ পৰা আহি পোৱাৰ পিছত লৰালৰিকৈ ওলালোঁ। পৰিবাৰ আৰু মা সাজি-কাচি ল’ৰাহালৰে সৈতে সাজু হৈ আছিলেই। অলপ পলম হোৱাৰ কাৰণে গোঁসানীয়ে চিৰ পৰিচিত প’জটো ইতিমধ্যে ল’বলৈ আৰম্ভ কৰিছিলেই। কডো বাহত জুই নিদিওঁ বুলি মই যিমান পাৰি পটাপট কোট পেণ্ট এযোৰ পিন্ধি লৈ ক’লোঁ- 

: এয়া চোৱা, মই ৰেডি। 

সময় বচাবলৈ সদায় কৰি অহাৰ নিচিনাকৈ সোঁতোৰাসোঁতোৰ চোলাটোৰ কেৱল পেটটো ইস্ট্ৰি কৰি ল’লোঁ-কাৰণ সেইডোখৰহে ওলাই থাকিব। বাকী সৱটো কোটৰ তলতে। বচ। পালোঁগৈ বিয়াঘৰ। গাড়ীখন পাৰ্ক কৰি কোবাকোবিকৈ মণ্ডপলৈ খোজ লৈছোঁ। পিছে পিছে মানুহগৰাকী আৰু মা।

: হেৰা, হেৰা-ৰ’বাচোন, শুনাচোন… 

মানুহজনীৰ মাতত ৰৈ দিলোঁ। কি বা হ’ল? ইমানকৈ আটাহ পাৰিছে!

উভতি চালোঁ- চকু টেলেকা কৰি গোঁসানী তেতিয়া ষ্টিল পজিশ্যনত।

: তুমি এইবোৰ কি পিন্ধি আহিলা, হা!পেণ্টটোও বেলেগ আৰু কোটটোও বেলেগ, আৰু নেদেখিলা নেকি- কোটটোৰ পিঠিখন মাজতে এফুটমান ফটা। মই নাযাওঁ, নাযাওঁ দেই তোমাৰ লগত এনেকৈ,

মোবাইলতে পিঠিটোৰ ফটো এখন তুলি দেখুৱালে এওঁ। এৰা হয়তো। ফটা মানে-এডৰা তেনেই। কি কৰা যায়! উভতি যাবও নোৱাৰি। একেবাৰে মণ্ডপৰ মুখ পালোঁগৈ। দুই একে দূৰৰ পৰা আকাৰে ইংগিতে মোলৈ চাই – ‘আহিছে ন, আমিও আহিছোঁ’ জাতীয় ভাব বিনিময় কৰিলেই। তাতে ল’ৰাহাল ইতিমধ্যে আগবাঢ়ি গৈ ৰভাতলেই পালেগৈ। কাঁড় অলৰেডি ধনুৰ পৰা ওলাই গ’লেই। ভাবি চিন্তি শেষত কোটটো খুলি হাততে ল’লোঁ- এনেকুৱা এটা ভাব ফুটাই তুলিব খুজিলোঁ যেন খুব গৰমহে উঠিছে। কোটটো সেইকাৰণে সোলকাই দিছোঁ আৰু। তেলতেলকৈ চোলাটো ওলাই পৰিল। মাজডোখৰ ফিটফাট, খাৰা ইস্ট্ৰি কৰা। কিন্তু চোলাটোৰ হাত, পিঠি এইবোৰৰ অৱস্থা কিনি আজৰি হোৱাৰ পিছত, মোহাৰি পেলাই দিয়া গেলামালৰ বস্তুৰ নাম লিখা  কাগজখনৰ নিচিনা। একদম তেনেকুৱা।

হেই হ’ব আৰু যাঃ,  বিবাহিত মতা মানুহকনো কোনে চায়? মণ্ডপত সোমাই বহিলোঁ। কাষৰ চকীখনতে খুলি থোৱা কোটটোকো বহুৱালোঁ। খাবলৈ মাতিলে। বুফে। কোটটো লৈ খাম কেনেকৈ! কোটটো ঠাইতে এৰি খাবলৈ গ’লোঁ। খাই থাকোঁতেও ভাবি থাকিলোঁ কোটটোৰ কথা। কেনেকৈ বা আছে? খাই বৈ ওলাই আহিলোঁ। ভবাটোৱেই হ’ল। কোটটো নাই থকা ঠাইত। আহল বহল মানুহ এগৰাকী বহি আছে কোটটো  থৈ যোৱা আসনখনত। সুধিবলৈও বেয়া পাইছোঁ মানুহগৰাকীক। বেঁকাকৈ দূৰলৈ গৈ চালোঁ এবাৰ কোটটোতে বহি আছে নেকি আকৌ মানুহ গৰাকী। গঢ়েপিতে নোদোকা মানুহ আছিল। মানুহ গৰাকীক ভেদ কৰি কিবা দেখাৰ সুযোগ নাছিল। ৰৈ থাকিলোঁ। ভাগ্য ভাল আছিল। ‘আহকচোন ভিতৰলৈ’ বুলি কোনোবাই মাতিলেহি মানুহগৰাকীকক।

: এস এতিয়াই যামনে? হেঃ হেঃ .. বহিব পাৰিলোঁহেঁতেন আমি অকণমান,

অৱশ্যে কথাখিনি কৈ থাকোঁতে মানুহগৰাকী উঠি প্ৰায় খোৱা ঘৰৰ কাষ পাইছিলগৈয়ে।

নাছিল- কোটটো নাছিল মানুহ গৰাকীৰ তলত। ক’লৈ গ’ল কোটটো? ছেঃ কি কৰা যায়? সেমেনা সেমেনিকৈ ইফালে সিফালে চালোঁ। নাই ক’তো নেদেখিলোঁ। কাক সোধোঁ! কি বুলিনো সোধোঁ।

এপাকত বিয়াঘৰৰ  পিছফালে কাম কৰি থকা ল’ৰাকেইটাকো চাই আহিলোঁ। কোনোবাই কিজানি পিন্ধি আছে পৰি থকা পাই। নাই, তাতো নাই। কোনেও পিন্ধি থকা নাই। কোটটোক মনতে বিদায়েই দি দিলোঁ। দৰাক মাত এষাৰ লগাই ওলাই আহিলোঁ যাবলৈ বুলি।

: ঔ প্ৰাঞ্জল দা, যায়েই নেকি? ৰ’বচোন, ৰ’ব, 

ঘূৰি চাই দেখিলোঁ বিক্ৰম। দৰাৰ ভায়েক।

: আপোনাৰ কোটটো লৈ নাযায় নেকি? আপুনি খাবলৈ যাওঁতে এৰি থৈ যোৱা দেখি, হেৰাব বুলি মই ভিতৰৰ‌ হেঙাৰত আঁৰি থৈ দিছিলোঁ।..অ’ এটা কথা, পিছফালে ফাটি আছে, চিলাই ল’ব দাদা।

মই  হাঁহি এটা মাৰিব খোজাৰ নিচিনা কৰি ক’লোঁ-

: অ’ থেংক ইউ, থেংক ইউ। মই পাহৰিছিলোঁৱেই। আহোঁ দেই,

বিশ চেকেণ্ড মানৰ ভিতৰতে আমাৰ গোটেই পৰিয়ালটো আহি গাড়ীৰ ভিতৰ সোমালোঁহি।

মায়ে ক’লে-

: অহা মাহত পাৰিলে নতুন চ্যুট এযোৰ চিলোৱাবি,

গাড়ীৰ ভিতৰৰ আইনাখনলৈ চালোঁ। পিছফালৰ ছিটত খিৰিকীৰ কাষত গোঁসানী বহি আছে। মাতবোল নাই। ট-ট চকুহালেৰে খিৰিকীৰ বাহিৰলৈ চাই আছে থৰ লাগি। কাষেৰে পাৰ হৈ যোৱা গাড়ী এখনৰ হেডলাইটৰ পোহৰ এচমকা আহি গোঁসানীৰ মুখত পৰিলহি। চকু চাৎ মৰা পোহৰত দৃশ্যটো বেছি পৰলৈ চাই থকা সম্ভৱ নাছিল। চকুদুটা ঘূৰাই আনি সমুখলৈ ফিক্স কৰিলোঁ। গাড়ীখন ষ্টাৰ্ট কৰি মাক ক’লোঁ-

: বৰকৈ গাজনি মাৰিছে, মা। পটাপট ঘৰ পালেগৈয়ে হ’ল।

 : কি হ’ল অ’ তোৰ- ক’তনো গাজনি মৰা শুনিলি?

 মায়ে  আচৰিত হৈ ক’লে।

: অ’ নাই মৰা নেকি গাজনি? ..মাৰিব মাৰিব লাগি আছে দেখোন মোৰ! মাৰিব চাবি-

কৈ কৈ গাড়ীৰ এক্সেলেটত ভৰিটোৰে আৰু অকণমান জোৰেৰে হেঁচা মাৰি দিলোঁ।


☆ ★ ☆ ★ ☆

6 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা

    মজা!

    Reply
  • অৰবিন্দ গোস্বামী

    কি বুলিনো কওঁ!মোৰ এনেকুৱা কাহিনী কেইবাটাও আছে।পিছে কোটটো চিলালেনে?নে আকৌ এবাৰ বিজুলী ঢেৰেকনি মাৰিবলৈ তেনেকৈয়ে থৈ দিছে।আধা ইস্ত্ৰি কৰি চাৰ্ট পিন্ধাৰ ভাল বুদ্ধি এটা ময়ো শিকিলো,উপকৃত হ’লো দেই।ধন্যবাদ।

    Reply
  • ৰাজু কুমাৰ নাথ

    মজা লটিঘটি দেই

    Reply
  • কৰবী দেৱী

    বহুত হাঁহিলো ।খুব সুন্দৰ লিখনি ।

    Reply
  • Anonymous

    হাহাহা, হৈ যায় কেতিয়াবা ।ভাল লাহিল পঢ়ি

    Reply
  • কমলা দাস

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *