ফটাঢোল

প্ৰেমৰ ন’বেল্ বঁটা-যোগানন্দ মহন্ত 

মোৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ফটা ঢোলটো বাজি শেষ নহওঁতেই গাঁৱৰ মূৰৰ তিনিআলিৰ গুমটি দোকান এখনৰ সমুখতে গাঁও এৰি যোৱাৰ মোৰ ফেৱাৰওৱেল্-মিটিংখনো  হৈছিল l সমনীয়া লগৰীয়াবোৰে থিয়ৈ থিয়ৈ পতা মিটিং । …আৰু তাৰ পাছতে এদিন নামঘৰীয়া দদাইদেউৱে নামঘৰত সন্ধিয়া ডবা কোবাবলৈ সোমাওঁতেই চান্স বুজি মৰমলগা স্মাৰ্ট বিহু নাচনী জীয়েক এজনীয়ে বায়েকহঁতেও গম নোপোৱাকৈয়ে  ফুল-বচা, পিন-মৰা ৰুমাল এখনো মনে মনে নঙলামুখতে মোক দি থৈয়েই ঘৰৰ ভিতৰলৈ দৌৰি গৈছিলে… ! …তাৰ এদিনমান পাছতে  বাছত উঠি নগৰত সৰহদিন থকাকৈ গুচি যাব লগীয়া হৈছিল কলেজত পঢ়িবলৈ । দুকুৰি বছৰৰো সিপাৰৰ/আগৰ সেই দিনবোৰত তেতিয়া মনটোও ফাগুনৰ পছোৱাই অনবৰতে কঁপাই,কোবাই, লৰাই, হিলাই আছিল । গাঁৱৰ হাইস্কুলখনলৈ অহা-যোৱা কৰোঁতে আকৌ মূৰত টেপ-টেপকৈ নাৰিকল তেল এসোপা সানি ভাল ল’ৰাৰ ইমেজ্ এটাৰ বোৱতী নৈ এখন জিলিকাই-বোৱাইহে  চাইকেলত অহা-যোৱা কৰিছিলোঁ । নগৰত গৈ দেখিলোঁ …উৱা…!…নগৰৰ ল’ৰাবোৰৰ দেখোন চুলিবোৰ টেপটেপীয়া হৈ নাথাকেই, একদম ফৰফৰীয়া হৈ চুলিবোৰ উৰি থাকে কঁহুৱা বনৰ নিচিনাকৈ ! কিবা ধুনীয়া গোন্ধোৱা ৰং-বিৰঙৰ পনীয়া চাবোন এবিধ মূৰত সানি সানি ফেনাই ফেনাই গা-মূৰ ধোৱে …! পনীয়া ফেনাই থকা চাবোন কিনিবলৈ মোৰ নিচিনা গাঁৱলীয়া দুখীয়া কেইটাৰ তেতিয়া সন্বলো কম আছিল আৰু  লাজেও ধৰিছিল কিবা এটা…। গোটা…চপৰা চাবোনকে চুলিত, গাত ঘঁহি ঘঁহি, ধুই-মেলি যেনেতেনে কাম চলাইছিলোঁ । ভাগ্যে নতুনকৈ অহা লগৰীয়া দুটামান আছিল, যিকেইটা মোতকৈও আৰু  অলপ কম মডাৰ্ণ আছিল আৰু  হোষ্টেলত ৰাতিপুৱা চাহৰ লগত দিয়া বেকাৰীৰ বিস্কুটকো তেতিয়ালৈকে পিঠা বুলিয়েই কৈছিল আৰু ‘পিঠা এটা দিয়কচোন’ বুলিয়েই খুজিছিলেও ! নগৰীয়া হোৱাৰ পাছত আচল বতাহজাক বলিছিল বা গাত লাগিছিল ৰাতি হোষ্টেলৰ ডাইনিং-হলতহে ।

“…উঠ…উঠ…নতুন ল’ৰাবোৰ চব্ বেঞ্চৰ ওপৰত উঠ…! ওৱান্…টু…থ্ৰি…।” হোষ্টেলৰে চিনিয়ৰ্ কোনোবা দাদা দাদা এটাই কমাণ্ড্ দিছিল, …আৰু আমি গিৰ্ গিৰ্ কৰি লাজে-লাজে, ভয়ে-ভয়ে নতুন কইনাবোৰৰ দৰে সন্তৰ্পণে হোষ্টললৈ নতুনকৈ  অহাবোৰে বেঞ্চত উঠি থিয় হৈ আছিলোঁ…।

“নাম ক…!”

” ………. ।”

“কলেজলৈ ৰাতিপুৱাই যাৱ যে… গৈ কি কৰ ? ঢোল বজাৱগৈ নেকি …?”

“ক্লাছ কৰোঁ…।”

“অ’…তই বেটা মানে প্ৰফেছাৰহে…কলেজত মানে তই ক্লাছহে কৰ.. পঢ়াৱ…তাৰমানে…! মই আকৌ তই ষ্টুডেণ্ট বুলি ভাবি ভুলেই কৰিছিলোঁ নহয়…! কি পঢ়াৱ তই…?”

“নহয় …মই পঢ়ো…।”

“কলেজত গৈ পঢ়িবলৈ তোক কোনে কৈছে … ?ঐ…বুৰ্বক…কলেজত পঢ়িব নালাগে নহয়… । প্ৰফেছাৰক দৰ্মহা দিয়ে কাৰণেহে প্ৰফেছাৰে উপায় নাপাই কলেজত পঢ়াই পঢ়াই মৰে…তই মই আকৌ মিছামিছিকৈ বিনা-পইচাতে কিয় পঢ়ি মৰিম । আৰামত থাকিম ।কোনো দৰকাৰ নাই পঢ়াৰ ।নপঢ়িবি তই… । তই এতিয়া স্কুলত  অ..আ..ক..খ পঢ়ি থকা সৰু পোৱালী নহৱ নহয় । তই ডাঙৰ হ’লি এতিয়া…কলেজীয়া হ’লি…। কি পঢ়িব লাগে কিতাপত গোটেইবোৰ কথা লিখা আছেই । আখৰ চিনি পাৱই…! পৰীক্ষাৰ দুদিনমান আগত কিতাপখন মেলি পঢ়ি দিবি…চাফা…! বচ্ হৈ গ’ল । কলেজত তই  এতিয়া তোৰ নিজৰ কৰিবলগীয়া দৰকাৰী কামবোৰ কৰ । গবেষণাৰ কাম কৰ…! তেতিয়াহে তোৰ দোপতদোপে উন্নতি হ’ব …। গবেষণাৰ টপিক্ আমি  ঠিক কৰি দিম …।…তই মাত্ৰ কাম কৰি যাবি…!  কচোন…তহঁতৰ ক্লাছত কেইজনী ছোৱালী আছে …?”

“হিচাপ কৰা নাই…!”

“কি কৰি থাক তেন্তে ? ক্লাছৰ ছোৱালীবোৰৰ নামবোৰ      

জাননে নাই ?”

“দুজনীমানৰহে জানো ।”

“আটাইতকৈ ধুনীয়া    

ছোৱালীজনীৰ নাম কি…    

ক…!”

“নামটো নাজানো…!”

” মানে বেটা তই  ছোৱালীজনীক  ধুনীয়া বুলি জান…কিন্তু তাইৰ নামটো তই নাজান…কি ট্ৰেজেডি… ! গতিকে…যা.. সেই  ছোৱালীজনীয়েই তোৰ ৰিচাৰ্ছৰ টপিক্…। তই কালিৰ পৰা ৰিছাৰ্চত লাগি যাবি…। আমি চিনিয়ৰবোৰ তোৰ ৰিছাৰ্চ-গাইড্ । তই এটা প্ৰফৰ্মা বনাই আমাক মাত্ৰ  দেখুৱাই ল’বি । তাত ছোৱালীজনীৰ নাম থাকিব, ওখ নে চাপৰ…মানে কিমান হাইট্, ৰং কেনেকুৱা, হাঁহি কেনেকুৱা, চকুৰ পাক কেনেকুৱা, চকুৱে হাঁহে নে নাই,নাকটো কেনেকুৱা, মাতটো কেনেকুৱা, ওচৰলৈ গ’লে নাকত লগা গাৰ গোন্ধটো পদুম…গোলাপ…বকুল…নাৰ্জি…ৰজনীগন্ধা…কিহৰ নিচিনা । অলৰেডি প্ৰেমৰ মেগনেটিক্ ফিল্ডৰ ভিতৰত আছে নে বাহিৰত আছে…। প্ৰেমৰ মেগনেটিক ফিল্ডৰ ফ’ৰ্চ কেনেকুৱা । তোৰ কিয় ভাল লাগিছে তাৰ ওপৰত এটা ডিটেইলছ্ পেৰাগ্ৰাফ্ । তই যদি তাইক  প্ৰ’পজ কৰ আৰু যদি তাই ইয়েছ কয় তোৰ কেনেকুৱা লাগি যাব তাৰ ওপৰত এটা ডিটেইলচ্ পেৰাগ্ৰাফ্ আৰু তাই ন’ ক’লে তোৰ কেনেকুৱা লাগিব তাৰ ওপৰতো  এটা ডিটেইলচ্ পেৰাগ্ৰাফ্… । হ’ব ?”

“হ’ব…!”

“…আৰু … তই এক্টিং কৰিব পাৰনে নাই…?”

“ভাওনাত ভাও লৈছোঁ গাঁৱৰ নামঘৰত…।”

“হিন্দী চিনেমা চাৱনে নাই ?”

“চাওঁ…।”

“ধৰি ল তই অমিতাভ বচ্চন…আৰু হোষ্টেলৰ বাৰাণ্ডাৰ ওচৰত থকা শাৰী শাৰী আমলখি গছবোৰৰ কোনোবা এজোপা ধৰি ল  ৰেখা…আৰু তাই কাশ্মীৰৰ টিউলিপ গাৰ্ডেনত চাল্  দি  আছে…তই ভাত খাই উঠি গৈ ডাইনিং হলৰ পৰা তাইক দেখি একদম দৌৰি দৌৰি গৈ আমলখি-ৰেখাজনীৰ লগত এঘণ্টা কন্টিনুৱাচ প্ৰেমৰ অভিনয় কৰিব লাগিব…। আমি গীটাৰত ৰোমাণ্টিক গান বজাই থাকিম…নন্ ষ্টপ্…! পাৰিবিনে…?”

“পাৰিম…!”

“অ’…ই বেটা মানে পুৰা প্ৰেমিক…! ঐ…ঐ…তোক আৰু এটা নাম দিলোঁ আজিৰ পৰা… প্ৰেমানন্দ…! বুজিছ ?  এতিয়া বাৰু ঠিক আছে… ভাত খা…আৰু চিধা আমলখি-ৰেখাৰ ওচৰলৈ একদম দৌৰি যা …! চাবি কিন্তু পুৰা ৰোমাণ্টিক এক্টিং কৰিব  লাগিব…! হ’ব ?”

“হ’ব…!”

“…আৰু প্ৰেমৰ সাৰ্থক গবেষণা আৰু সফল অভিনয়ৰ বাবে দিয়া হ’ব  আমাৰ হোষ্টেলৰ ফালৰ পৰা ‘প্ৰেমৰ ন’বেল্ বঁটা’…!”

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *