ফটাঢোল

মূল বাংলা গল্প-অভ্যাস,লেখক- অজ্ঞাত: অনুবাদ-সুস্মিতা দাস

এখন দামী ৰেষ্টুৰেণ্টত বহি আছোঁ অকলে অকলে। কাষৰ  টেবুলখনত  বহা দুজনী ষোড়শী গাভৰুৰ অতি উৎসাহী কথোপকথন আৰু  খাদ্যৰ অর্ডাৰ দিয়া কাৰ্য্য‌ই মোৰ চকু আৰু মনযোগ সেইফালে বাৰে বাৰে আকৰ্ষিত হৈছিল। দুটা ১০ ইঞ্চি পিজ্জা, তিনিটা ফ্রাইড চিকেন, তিনিটা থাই চুপৰ লগতে বিভিন্ন খোৱা বস্তু তাৰ নাম মই ভালকৈ নাজানো, আকৌ আইচক্ৰীমো অর্ডাৰ দিছে, যিটো আইচক্ৰীম এটাৰ দাম ম্যেনুত মিলাই চাওঁতে  ৬৫০ টকা লিখা আছে দেখিলোঁ।

মোৰতো ইমান দামী ৰেষ্টুৰেণ্টত খোৱা অভ্যাস নাই গতিকে এই বিলাসী খাদ্যৰ দাম আৰু নামবোৰৰ জ্ঞানৰ অভাৱ আছে অলপ। আনকি ধাৰণাও নাই বুলি ক’লেও ভুল কোৱা নহ’ব। তেওঁলোকৰ অৰ্ডাৰবোৰ মোৰ হাতত থকা ম্যেনুকাৰ্ডখনৰ লগত মিলাই হিচাপ কৰি চালোঁ বিল প্ৰায় ৪০০০ টকাৰ ওপৰত হ’ব। মই আচৰিত হৈ ভাবিবলৈ ধৰিলোঁ দুটা টিউচন কৰি নিজৰ সময় তথা বুদ্ধি খৰচ কৰি মই মাহৰ শেষতো ইমান টকা নাপাওঁ, যিমান ইহঁত দুয়োজনীয়ে এটা সন্ধিয়াতে খৰছ কৰি আছে। তেওঁলোকক ম‌ই লক্ষ্য কৰি আছোঁ  যদিও এই কথা তেওঁলোকক গম পাবলৈ দিয়া নাই। মই অৰ্ডাৰ কৰা কফি ইতিমধ্যে মোৰ টেবুলত আনি দিলে ল’ৰা এজনে। যিমান পাৰোঁ সিখন টেবুলৰ কথা শুনি আছোঁ আৰু কফি খাই আছোঁ। ৰঙা কুৰ্টি পিন্ধাগৰাকীয়ে বাৰে বাৰে নিজৰ হাতত থকা দামী মোবাইলটোত সময় চাই আছে। এটা সময়ত তাই ক’লে আৰু পোন্ধৰ বিশ মিনিটত ল’ৰাটো আহি পাব লাগে। সিয়ো ৰঙা টি-চাৰ্ট পিন্ধি আহিব। বগা দীঘল চোলা পিন্ধা ছোৱালীজনী কাহিনী ভাগৰ নায়িকাৰ লগৰ ছোৱালী বুলি অনুভৱ হ’ল মোৰ। কথাপকথন শুনি এনে লাগিল যেন কোনো ল’ৰাক প্ৰথম লগ কৰিবলৈ আহিছে আৰু আচল নায়িকা সেই ৰঙা কুৰ্টি পিন্ধি থকা ছোৱালীজনী।

বান্ধবী : ঐ ল’ৰাটোৰ নাম কি অ’?

নায়িকা : প্ৰদীপ

: তোৰ লগত কেনেকৈ চিনাকি হ’ল আৰু কি কৰে সি?

: গুৱাহাটীলৈ আহিছে পঢ়িবলৈ। লগৰ এটাৰ লগত ফোনত কথা পাতোঁতে সি চিনাকি কৰাই দিছিল এদিন, তেতিয়াৰ পৰাই চিনাকি। ই গাঁৱৰ পৰা আহিছে ইউনিভাৰ্ছিটিত পঢ়িবলৈ। একেবাৰে অকৰা মূৰিয়া ল’ৰা অ’, আগতে চাগে কোনো ছোৱালীৰ লগত বন্ধুত্ব কৰাতো দূৰৰ কথা, কথাও পাতি পোৱা নাই চাগে।

: মানে আজি দকছি খাম, ইয়াহুওও মজ্জা হ’ব।

: উমম আজি তাক মজা দেখুৱাম, সেইবাবেইতো তোকো লগত আনিছোঁ।

: মজা পিছত দেখুৱাবি। তাৰ ইমান টকা আছেতো নে দুখীয়া ঘৰৰ ল’ৰা খবৰ লৈ আহিছতো। নহ’লে পিছত আমিহে এসেকা নাপালেই হ’ল।

: বাদ দেনা এইবোৰ কথা, এতিয়া এইবোৰ চিন্তা কৰা সময় নহয় সি নিজেই কৈছে মোক ভালপায় বুলি। লগতে ময়ো তাৰ সুৰত সুৰ মিলাই love you too কৈ দিলোঁ। সি একেবাৰে প্ৰেম সাগৰত উপঙি ফুৰা যেন লাগিছিল তেতিয়া। 

: ঠিক আছে ঠিক আছে। সি আহি যদি দেখে আমি ইমান অৰ্ডাৰ দিলোঁ খং নকৰিবনে, আৰু ইমান টকা জানো থাকিব তাৰ লগত?

: মই কৈছোঁ আজি আমি খুব খাম। খোৱাত এনেও মোৰ অলপ দুৰ্বলতা আছে, প্ৰেম কৰিলেতো খুৱাব লাগিবই। সি যেন এইবোৰত কৃপনালি নকৰে।

: হাঃ হাঃ, বেচেৰাটোলৈ মৰমহে লাগি আছে আহিয়েই ভাবিব কিহে পাইছিল এই প্ৰেম জালত পৰিবলৈ।

: সি কেতিয়াও মোৰ ফোন ৰিছিভ নকৰে অলপ পিছতেই কল কৰে নিজে। আজি এতিয়া ফোন কৰি আছোঁ কিয় যে উঠোৱা নাই সিহে জানে। আহক আজি দেখুৱাম মজা তাক।

: ঐ চা, অৰ্ডাৰ দিয়া বস্তু আহি গ’ল তোৰ হিৰো এতিয়াও আহি নাপালে যে, ইমান টকা দিবলৈ মোৰ লগত কিন্তু সিমান টকা নাই দেই কৈ দিলোঁ তোক।

মই মন কৰিলোঁ ল’ৰাটোক ঠগিবলৈ অহা ছোৱালীজনীৰ মুখত এতিয়া বিৰক্তি আৰু ভয়ৰ ৰেখাডাল ভালকৈ ফুটি উঠিছে। 

: আজিলৈকে কিমানক এনেকৈ ঠগিলোঁ আজিলৈকে এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলোঁ, ই সম্পূৰ্ণ একঘণ্টা দেৰি কৰিছে কি যে কৰি আছে সি?‌ ওচৰত পালে এতিয়া তাৰ মূৰটো ফালি দিলোঁহেঁতেন। আমি খায়ো আজৰি হ’মেই এতিয়া পিচে বিলৰ কি হ’ব? সি বিল দিব বুলি ইমান অৰ্ডাৰ কৰিলোঁ এতিয়া কি হ’ব?  তয়ো কৈছ তোৰ হাতত টকা নাই, সঁচা কথা ক’বলৈ গ’লে ইমান টকা মোৰ হাততো নাই অ’।

কফিৰ বিলটো দিবলৈ কৰ্মচাৰী ভাইটিটোক মাতি আনি বিলৰ টকাৰ লগতে ৫০/- টকা এটা তাৰ হাতত দি মই ছোৱালী দুজনীৰ ওচৰেদি মনৰ আনন্দত সুহুৰি মাৰি আঁতৰি আহিলোঁ।

মনটো বৰ পাতল যেন লাগিছে  নীলা ৰঙৰ চাৰ্টটো পিন্ধি ছোৱালী দুজনীতকৈ আধা ঘণ্টা আগত আহি মই অধিৰ আগ্ৰহেৰে বহি আছিলোঁ তাইক surprise দিম বুলি, ভালপোৱাৰ নামত ইমান ডাঙৰ অভিনয় কৰিব পাৰি বুলি মোৰ জীৱনত মই শুনা নাছিলোঁ। আজি নিজেই surprised হৈ গ’লোঁ। লাহেকৈ মোবাইলৰ পৰা চিমখন খুলি ডাষ্টবিনত পেলাই ৪০০০/- টকাটো আৰু  গোটেই জীৱন সুৰক্ষাৰ নামত এই চিম বিসৰ্জন দিবই পাৰি বুলি আঁতৰি আহিলোঁ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *