ফটাঢোল

কৌতুক-আদিত্য জ্যোতি বৰঠাকুৰ

মানুহ এজনে..
নিজৰ অফিচৰ বন্ধু এজনক…
ৰাতি সাজ খাবলৈ লগত লৈ আনিলে….!
তাকো অফিচ ছুটিৰ পাছত ৭ বজাত…!
আৰু নিজৰ পত্নীক আগতীয়াকৈ কোনো খবৰ নিদিয়াকৈ….!
পত্নীয়ে…
বন্ধু জনক দেখাৰ লগে লগে… !
তেওঁৰ আগতেই…
নিজৰ মানুহ জনক চিঞঁৰি চিঞঁৰি…
কব লাগিল..!!
পত্নী — মোৰ চুলিকোচা চোৱা…! একেবাৰে জপৰা হৈ আছে…..!
গাউন পিন্ধিয়েই আছো…..!
মেক-আপ চেক আপো একো কৰা নাই….!
আৰু ঘৰৰ অৱস্থা চোৱা….!!
উফফফ ! মোৰ আজি ইমানেই ভাগৰ লাগি আছে যে মই ৰাতিৰ ভাত সাজ ৰান্ধিব নোৱাৰিম…..!!!
কি ভাবি নো…!
তুমি তোমাৰ বন্ধুজনক….!
ঘৰলৈ মাতি লৈ আনিলা…..???
তাকো মোক একো নোসোধা কৈ…????
পতি — দেহা, ইমান গৰম নহবা চোন…!
এই বুৰ্বকে বিয়া পাতিবলৈ হাবাথুৰি খাই আছে….!
মইহে কলো….
তাৰ আগতে “DEMO” এটা চাই ল’…!!!!!

☆ ★ ☆ ★ ☆

One comment

  • দেৱীভক্ত উপাধ্যায়।

    ডেমো বৰ চাকচেচফূল হৈছে। পলাই পত্ৰং দিব বৰলা বিলাকে। ভাল লাগিল।